সমললৈ যাওক

ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)"
ছাকিৰাৰ একক এলবাম-ৰ গীত
মুক্তি পায় মে' ৭, ২০১০ (2010-05-07)
বাণীবন্ধন হয় ২০১০
প্ৰকাৰ পপ[1], ৱল্ড, আফ্ৰো-ফিউশন
লেবেল এপিক
লেখক ছাকিৰা, জন হিল, ফ্ৰেছলয়গ্ৰাউণ্ড, গোল্ডেন চাউণ্ডছ
প্ৰযোজক ছাকিৰা,জন হিল
ছাকিৰা
সাঁচ:Sale el Sol track listing
সংগীত ভিডিঅ’
"ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা)" ইউটিউবত

ৱাকা ৱাকা (দিচ টাইম ফৰ আফ্ৰিকা) (ইংৰাজী: Waka Waka (This Time for Africa)) এটা বিশেষ ধৰণৰ গীত। কলম্বিয়া আৰু বিশ্বৰ অতি জনপ্ৰিয় গায়িকা আৰু গীতিকাৰ ছাকিৰাই দক্ষিণ আফ্ৰিকাৰ বেণ্ড গ্ৰুপ ফ্ৰেছলিগ্ৰাউণ্ডৰ সৈতে গীতটি পৰিৱেশন কৰে। এই গীতটিয়ে‍ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপ ফুটবল খেলৰ আনুষ্ঠানিক গীত হিচাপে মৰ্যাদা লাভ কৰিছিল। ইয়াৰ বাহিৰেও গীতটি স্পেনিছ ভাষাত পৃথকে ৰচনা কৰা হৈছে। তাত গীতটিৰ শিৰোনাম থোৱা হৈছিল ৱাকা ৱাকা (এস্তো এচ আফ্ৰিকা)।[2]

প্ৰেক্ষাপট

[সম্পাদনা কৰক]

ৱাকা ৱাকা গীতটি আফ্ৰিকান সৈন্যৰ পৰম্পৰাগত জামিনা মিনা (জাংগালিৱা) গীতটি‍ৰ আধাৰত ৰচনা কৰা হৈছিল। মাকোছাই ১৯৮৬ চনত কেমেৰুণৰ গোল্ডেন চাউণ্ড বেণ্ড গ্ৰুপৰ বাবে এই গীতটি গাইছিল।[3]

শ্বাকিৰা-জন হিলৰ সুৰ আৰুজন হিলৰ সহ-পৰিচালনাত ৱাকা ৱাকা গীতটি ৰচিত হৈছিল।[4] ট্ৰেকটোত সংযুক্ত সুৰ ১৯৮৬ চনৰ কেমেৰুণৰ বেণ্ড ডাল গোল্ডেন চাউণ্ডৰ জামিনা মিনা (জাংগালিৱা) গীতৰ পৰা লোৱা হৈছে।[5] আফ্ৰিকান-কলম্বিয়ান বাদ্যযন্ত্ৰ, ছ’কা বিট আৰু দক্ষিণ আফ্ৰিকান গীটাৰৰ সহযোগত পৰিৱেশন কৰা এই গীতটিয়ে সকলোৰে মন মুহিছিল।[6][7] গীতটোৱে আফ্ৰিকান সুৰ-লয়ত তৰঙ্গায়িত ছন্দৰ জৰিয়তে আয়োজক মহাদেশখনৰ গতি আৰু শক্তি প্ৰদৰ্শন কৰিছে।[8] শ্বাকিৰাৰ নিম্নমুখী জি৩-ৰ পৰা উচ্চ মাত্ৰাৰ এ৫-ৰ স্তৰত কণ্ঠৰ স্বৰেৰ সৈতে‍ সামঞ্জস্য ৰাখি‍ ডি মেজৰ লয়ৰ সহযোগত সুৰাৰোপিত কৰা হয়। বৰ্তমান সময়ৰ স্বাক্ষৰ ব্যৱহাৰ কৰি গীতটি সন্নিৱে‍শ কৰা হৈছে। ইয়াত প্ৰতি মিনিটত ১২৮ বিট ব্যৱহাৰ কৰা হৈছে। শ্বাকিৰাৰ নিম্নমুখী জি৩-ৰ পৰা উচ্চ মাত্ৰাৰ এ৫ স্তৰত কণ্ঠৰ স্বৰৰ সৈতে‍ সামঞ্জস্য ৰাখি‍ ডি মেজৰ লয়ৰ সহযোগত সুৰাৰোপিত কৰা হৈছে।[9]

গ্ৰহণযোগ্যতা

[সম্পাদনা কৰক]

২০১০ চনৰ ১১ মে’ত এই গীতটিয়ে মুক্তি লাভ কৰিছিল। ডিজিটেল ডাউনলোডৰ পাছতেই এই গীতটোৱে ইতিবাচক সঁহাৰি লাভ কৰে। সংগীতপ্ৰেমী শ্ৰোতা আৰু দৰ্শকৰ পৰা গীতটিয়ে ভাল সমাদৰ লাভ কৰে। ইয়াৰ ফলত এই গীতটিয়ে‍ বিশ্বজুৰি অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছিল।[4]

সেই সময়ত ৱাকা ৱাকা গীতটি বিপুলভাৱে‍ বিক্ৰী হৈছিল। বিশ্বজুৰি এই গীতটিৰ চল্লিশ নিযুততকৈও অধিক কপি বিক্ৰী হয়। ফলত ই ডিজিটেল যুগৰ সৰ্বাধিক বিক্ৰী হোৱা আৰু দ্ৰুত বিক্ৰী হোৱা বিশ্বকাপৰ থিম গীত হিচাপে পৰিগণিত হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.bbc.co.uk/blogs/chartblog/2010/06/shakira_waka_waka_this_time_fo.shtml
  2. Anderson, Sara D (2010-04-30). "Shakira Records Official Song for 2010 FIFA World Cup". Aolradioblog. Archived from the original on 2018-06-30. https://web.archive.org/web/20180630081136/http://www.aolradioblog.com/2010/04/27/shakira-records-official-song-2010-fifa-world-cup/.
  3. "Zangalewa : Shakira n’a pas plagié…Zangalewa Sets the Record Straight on Copyrights of "Waka Waka"". CameroonEchos. 2010-06-13. Archived from the original on 2010-06-18. https://web.archive.org/web/20100618122818/http://www.cameroonechoes.com/cameroonechoes/2010/05/zangalewa-shakira-na-pas-plagi%C3%A9zangalewa-sets-the-record-straight-on-copyrights-of-waka-waka.html আহৰণ কৰা হৈছে: 2025-06-04.
  4. 1 2 "Shakira's Records Official Fifa World Cup 2010 Song". Shakira.com. 2010-04-30. Archived from the original on 2010-04-30. https://web.archive.org/web/20100430093345/http://www.shakira.com/news/title/shakira-records-official-fifa-world-cup-2010-song.
  5. "Zangalewa - the original song from which Waka Waka borrows chorus". World2010Cup.com. May 2, 2010. Archived from the original on May 7, 2010. https://web.archive.org/web/20100507095321/http://www.world2010cup.com/news/194/zangalewa-the-original-song-from-which-waka-waka-borrows-chorus.html আহৰণ কৰা হৈছে: June 4, 2025.
  6. "Shakira Unveils 'Waka Waka (This Time For Africa)'". MTV. 2011-01-07. Archived from the original on 2010-06-24. https://web.archive.org/web/20100624075029/http://www.mtv.com/news/articles/1638066/20100429/shakira.jhtml আহৰণ কৰা হৈছে: 2025-06-04.
  7. "Shakira and Freshlyground sing Official FIFA World Cup song". Fifa.com. 2010-05-08. http://www.fifa.com/worldcup/archive/southafrica2010/news/newsid=1205344//.
  8. "Shakira's soccer anthem doesn't impress some fans". Thedailyinquirer. 2010-05-05. Archived from the original on 2010-05-07. https://web.archive.org/web/20100507092649/http://www.ctv.ca/servlet/ArticleNews/story/CTVNews/20100503/shakira-anthem-soccer-100503/20100503.
  9. "Digital Sheet Music – Shakira – Waka Waka (This Time for Africa)". Music notes.com. Sony/ATV Music Publishing. 2010-07-20.