সমললৈ যাওক

ৱাকেৰানা ফ্ৰাইনোডাৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Walkerana phrynoderma
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Amphibian
বৰ্গ: Frog
পৰিয়াল: Ranixalidae
গণ: Walkerana
প্ৰজাতি: W. phrynoderma
দ্বৈৰাশিক নামকৰণ
Walkerana phrynoderma
(Boulenger, 1882)
সমাৰ্থক
  • Rana phrynoderma Boulenger, 1882
  • Indirana phrynoderma Boulenger, 1882

ৱাকেৰানা ফ্ৰাইনোডাৰ্মা (ইংৰাজী: Walkerana phrynoderma) হ'ল দক্ষিণ ভাৰতৰ কেৰেলাৰ পশ্চিম ঘাট আৰু তামিলনাডু ৰাজ্যৰ আনাইমালাই পাহাৰৰ স্থানীয় ভেকুলী প্ৰজাতি। এই প্ৰজাতিটো মুন্নাৰ, এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান, ভালপাৰাই চাহবাগিছা, আনাইমালাই বাঘ সংৰক্ষিত বনাঞ্চল, গ্ৰাছ হিলছ ৰাষ্ট্ৰীয় উদ্যান আৰু পালনী পাহাৰত থকাৰ কথা জানিব পৰা গৈছে। [2] ই গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ অৰণ্যৰ পাত-আৱৰ্জনাত থকা অতি বিৰল স্থলজ ভেকুলী প্ৰজাতি। জীৱিকাৰ বাবে‍ মানুহে‍ কাঠ সংগ্ৰহ কৰাৰ ফলত হোৱা বাসস্থান সংকোচনে‍ এই প্ৰজাতিটোৰ প্ৰতি ভাবুকি কঢি়য়াই আনি‍ছে।[1] ই "শীৰ্ষ ১০০ বিৱৰ্তনশীলভাৱে সুকীয়া আৰু বিশ্বব্যাপী বিপন্ন উভচৰ প্ৰাণী"ৰ ভিতৰত অন্যতম প্ৰাণী।[3][4][1]

এই ভেকুলীবিধ আনাইমালাই পাহাৰ আৰু ইলাচী পাহাৰৰ কাষৰীয়া অঞ্চলত দেখা গৈছে। ই নিশাচৰ আৰু স্থলজ। সমুদ্ৰপৃষ্ঠৰপৰা ১২০০ৰপৰা ১৯০০ মিটাৰ উচ্চতাৰ নৈৰ ওচৰৰ অৰণ্য আৰু ঘাঁহনিত ইয়াক পোৱা গৈছে।[1]

এই ভেকুলীবিধৰ লালুকীবোৰ পানীত নাথাকে। বৰঞ্চ ইহঁতে নেজ আৰু পিছফালৰ ভৰি ব্যৱহাৰ কৰি তিতা শিল আৰু শেলুৱৈৰ ওপৰেৰে যাতায়াত কৰে আৰু আন লালুকীতকৈ কম বয়সতে বৃদ্ধি পায়।[1]

আই.ইউ.চি.এন.-এ এই ভেকুলীবিধক বিপন্ন বুলি শ্ৰেণীভুক্ত কৰিছে কাৰণ ইয়াৰ বিচৰণক্ষেত্ৰ সীমিত। এই বিচৰণক্ষেত্ৰত কিছু সংৰক্ষিত উদ্যান অন্তৰ্ভুক্ত কৰা হৈছে, সেইবোৰ হ'ল আনাইমালাই বাঘ সংৰক্ষিত বনাঞ্চল, এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান আৰু পৰমবিকুলাম বাঘ সংৰক্ষিত বনাঞ্চল। ওচৰৰ কৃষি‍পামৰপৰা নিৰ্গত কীটনাশকৰ পানীয়ে‍ কিছু ভাবুকিৰ সৃষ্টি কৰাৰ লগতে পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ লগত জড়িত কাৰকে ইয়াৰ বাসস্থানলৈ‍ ভাবুকি কঢ়িয়াই আনিছে। বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনক এই ভেকুলীবিধক প্ৰজনন কৰিবলৈ প্ৰয়োজনীয় বাৰিষাৰ পৰিৱৰ্তনক সম্ভাৱ্য ভাবুকি বুলি গণ্য কৰিছে৷[1]

এই ভেকুলীবিধত বিজ্ঞানীসকলে বেট্ৰাক’চাইট্ৰিয়াম ডেণ্ড্ৰ’বেটিডিছ (Batrachochytrium dendrobatidis) নামৰ ভেঁকুৰবিধ পৰ্যবেক্ষণ কৰা নাই যদিও ইয়াক সম্ভাৱ্য ভাবুকি বুলি গণ্য কৰিছে৷ বেট্ৰাক'চাইট্ৰিয়াম ডেণ্ড্ৰ'বেটিডিছে ভেঁকুৰৰ ৰোগ চাইট্ৰাইডিঅ'মাইক'ছিছৰ সৃষ্টি কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 সাঁচ:Cite IUCN
  2. Frost, Darrel R. (2014). "Indirana phrynoderma (Boulenger, 1882)". Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History. http://research.amnh.org/vz/herpetology/amphibia/Amphibia/Anura/Ranixalidae/Indirana/Indirana-phrynoderma আহৰণ কৰা হৈছে: 1 June 2014.
  3. Kanagavel, A.; S. Parvathy; A. P. Chundakatil; N. Dahanukar; B. Tapley (2018-12-31). "Distribution and habitat associations of the Critically Endangered frog Walkerana phrynoderma (Anura: Ranixalidae), with an assessment of potential threats, abundance, and morphology.". Phyllomedusa. Belo Horizonte খণ্ড 17: 21–37. doi:10.11606/issn.2316-9079.v17i1p21-37.
  4. সাঁচ:BioRef