ৱাণ্ডা ৰুটকিভিচ
| ৱাণ্ডা ৰুটকিভিচ | |
|---|---|
পোলেণ্ডৰ পাদদেশত বগাই যোৱা ৱাণ্ডা ৰুটকিভিচ Sudetes (১৯৬৮) | |
| জন্ম | ৱাণ্ডা ব্লাস্কিভিচ ৪ ফেব্ৰুৱাৰী, ১৯৪৩ Plungė, লিথুৱেনিয়া। |
| মৃত্যু | ১৩ মে', ১৯৯২ (৪৯ বছৰ) কাঞ্চনজংঘা, নেপাল। |
| ৰাষ্ট্ৰীয়তা | পোলিছ |
| পেচা | পৰ্বতাৰোহী |
| জনা যায় | সফলতাৰে বগাই যোৱা প্ৰথম মহিলা K2। |
ৱাণ্ডা ৰুটকিভিচ ( ইংৰাজী: :Wanda Rutkiewicz;পোলিছ উচ্চাৰণ: [/ˈvanda rutˈkʲevitʂ/] ৪ ফেব্ৰুৱাৰী ১৯৪৩ – ১২–১৩ মে' ১৯৯২ ) এগৰাকী পোলেণ্ডৰ পৰ্বতাৰোহী আৰু কম্পিউটাৰ অভিযন্তা আছিল।[1] তেওঁ K2 ৰ শিখৰত উপনীত হোৱা প্ৰথম মহিলা আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা তৃতীয় মহিলা (প্ৰথম ইউৰোপীয় মহিলা)।[2][3]
প্ৰাৰম্ভিক জীবন
[সম্পাদনা কৰক]ৱাণ্ডা ৰুটকিভিচৰ জন্ম লিথুৱেনিয়াৰ প্লুংগেত এটা শিক্ষিত পোলেণ্ডৰ পৰিয়ালত হৈছিল । তেওঁৰ পিতৃ জিবিগনিউ ব্লাস্কিভিচ কমিউনেল বিল্ডিং প্ৰজেক্টছ ব্যুৰোৰ অভিযন্তা আছিল। জিবিগনিউ খেলধূলাতো খুব আগ্ৰহী আছিল আৰু সাঁতোৰ, গুলীচালনা আৰু জুডো খেলত দক্ষ আছিল । আনহাতে তেওঁৰ মাতৃ মাৰিয়াই পশ্চিমীয়া সংস্কৃতিৰ বিষয়ে পঢ়ি আৰু হিমালয় ভ্ৰমণ কৰি ভাল পাইছিল।[4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁলোকৰ পৰিয়ালে পোলেণ্ডলৈ যাবলৈ সিদ্ধান্ত লয়, প্ৰথমে লানকাটলৈ গুচি যায় আৰু তাৰ পিছত দক্ষিণ-পশ্চিম পোলেণ্ডৰ পুনৰুদ্ধাৰ কৰা ভূখণ্ডৰ ৱ্ৰকল চহৰত স্থায়ীভাৱে বসবাস আৰম্ভ কৰে। শিশু অৱস্থাত তেওঁ ঘৰতে পঢ়া-শুনা কৰিছিল, কিন্তু ১৯৪৯ চনত প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত পঢ়িবলৈ আৰম্ভ কৰে আৰু “জোস্কা” বেটেলিয়নৰ ১৮ স্কাউট দলত যোগদান কৰে।[5] যেতিয়া ৱাণ্ডাৰ বয়স মাত্ৰ পাঁচ বছৰ আছিল, যুদ্ধৰ পিছৰ ৱ্ৰ'কলত তেওঁ আৰু তেওঁৰ বন্ধুসকলে বিস্ফোৰণ নোহোৱা বোমা এটা পাই অগ্নিকুণ্ডত পেলাই দিছিল। যাৰ ফলত বিস্ফোৰণ হৈ তেওঁৰ সাত বছৰীয়া ভাতৃ জেৰ্জি নিহত হৈছিল।[4]
ৰুটকিভিচ আছিল এগৰাকী বহু ক্ৰীড়া খেলুৱৈ। প্ৰাথমিক বিদ্যালয়ত থাকোঁতে তেওঁ প্ৰতিদিনে ক্লাছ আৰম্ভ হোৱাৰ আগতে নিজৰ স্কুলৰ প্ৰশিক্ষকৰ সৈতে দৌৰাৰ অনুশীলন কৰিছিল। তেওঁ লং জাম্প, ডিস্কাছ থ্ৰ’, হাই জাম্পৰ প্ৰশিক্ষণ লৈছিল। ১৯৬১ চনত পোলেণ্ডৰ ইউনিভাৰ্চিটি ক্লাব চেম্পিয়নশ্বিপত শ্বট পুটত সোণৰ পদক লাভ কৰে। পলিটেকনিক প্ৰতিষ্ঠানৰ ছাত্ৰী হিচাপে তেওঁ একাডেমিক স্প’ৰ্টছ ইউনিয়ন (AZS Wrocław)ত যোগদান কৰে, য’ত তেওঁ ভলীবল খেলিবলৈ বাছি লয়। ১৯৬৪ চনত টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত পোলেণ্ডক প্ৰতিনিধিত্ব কৰাৰ সম্ভাৱনা আছিল যদিও, তেওঁ কিন্তু ইয়াৰ পৰিৱৰ্তে পৰ্বত আৰোহণৰ পথ বাছি লৈছিল।[4] ৱ্ৰক্ল' প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযন্তা হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।[6]
ৰুটকিভিচে জুনক মটৰচাইকেল নামৰ পোলেণ্ডত নিৰ্মিত এখন গধুৰ মটৰচাইকেল চলাইছিল, আৰু এই কাৰ্য্যই পৰোক্ষভাৱে তেওঁৰ পৰ্বতাৰোহণৰ আগ্ৰহ বৃদ্ধি কৰিছিল। ১৯৬১ চনৰ এটা গ্ৰীষ্মৰ দিনত মটৰচাইকেল খনৰ ইন্ধন শেষ হৈ যোৱাত তেওঁ ৰাস্তাৰে পাৰ হৈ যোৱা মানুহবোৰক সহায় বিচাৰি হাত জোকাৰিবলৈ ধৰিলে। সেই সময়ত সহায় কৰিবলৈ ৰৈ গৈছিল এজন মটৰ চাইকেল আৰোহী,যি জনে দুবছৰ ধৰি আৰোহণ কৰি থকা এজন সহকৰ্মী বগডান জাংকোভস্কিৰ সৈতে যাত্ৰা কৰি আছিল। এই আকস্মিক সাক্ষাৎকাৰৰ ফলত তেওঁলোকে ফেলকন পৰ্বতমালাৰ Janowice Wielkie (পোলিছ: Góry Sokole) অঞ্চলত একেলগে পাহাৰ আৰোহণ কৰিবলৈ আৰম্ভ কৰে।
পৰ্বতাৰোহী জীৱন
[সম্পাদনা কৰক]তেওঁৰ প্ৰথম বৃহৎ অভিযান আছিল আন্দ্ৰেজ জাৱাডাৰ সৈতে পামিৰ পৰ্বতমালালৈ, যিটো পুৰুষ পৰ্বতাৰোহীসকলৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক নথকাৰ ফলত অপ্ৰীতিকৰ বুলি বিবেচনা কৰিছিল।[7]
ঘূৰি অহাৰ পিছত তেওঁ নিজৰ অভিযানৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰে, য’ত আছিল কেইবাটাও সম্পূৰ্ণ মহিলাৰ অভিযান আৰু তেওঁৰ মূক নেতৃত্ব শৈলীৰ বাবে পৰিচিত হয়।[7] ১৯৭৮ চনৰ ১৬ অক্টোবৰত তেওঁ প্ৰথম পোলেণ্ডৰ মহিলা, তৃতীয় মহিলা (১৯৭৫ চনত জুনকো টাবেই আৰু ফাণ্টোগৰ পিছত) আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী ইউৰোপীয় মহিলা হিচাপে পৰিগণিত হয়।[8] ৰক্তহীনতাত ভুগিও তেওঁ এই আৰোহণ সম্পন্ন কৰিবলৈ সক্ষম হৈছিল। আচলতে তেওঁ আইৰণৰ বেজী লগত লৈ ফুৰিছিল, যাতে তেওঁ বগাই যোৱাৰ সময়ত সচেতন হৈ থাকিবলৈ হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।[4] ১৯৭৯ চনত ৰুটকিভিচে লগ পোৱা তেওঁৰ দেশবাসী কাৰ্ডিনেল কেৰল ৱ’টিলাক পোপ জন পল দ্বিতীয় হিচাপে ঘোষণা কৰাৰ দিনাই তেওঁ মাউণ্ট এভাৰেষ্টত উপস্থিত হয়। পোপে তেওঁলোকৰ সাফল্যৰ বিষয়ে কয়, "ভাল প্ৰভুৱে এইটো বিচাৰিছিল--যে আমি একেদিনাই ইমান ওপৰলৈ উঠি যাওঁ।"[4] ১৯৮৬ চনত লিলিয়ান আৰু মৰিছ বেৰাৰ্ডৰ নেতৃত্বত চলা এটা সৰু অভিযানৰ অংশ হিচাপে পৰিপূৰক অক্সিজেন অবিহনে তেওঁ K2 সফলতাৰে বগাই যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। অৱতৰণৰ সময়ত দুয়োজন বেৰাৰ্ডৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ জয় বিনষ্ট হয় আৰু সেই গ্ৰীষ্মকালত K2 ত মৃত্যু হোৱা ১৩ জন পৰ্বতাৰোহীৰ ভিতৰত দুজন হৈ পৰে।[9]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Martina Gugglberger (24 April 2016). "Wanda Rutkiewicz – crossing boundaries in women's mountaineering". Sport in Society খণ্ড 20 (8): 1059–1076. doi:10.1080/17430437.2016.1175139.
- ↑ ""Wyglądała, jakby wróciła z Księżyca". 30 lat temu Rutkiewicz stanęła na K2" (pl ভাষাত). www.tvp.info. 23 June 2016. https://www.tvp.info/25894910/wygladala-jakby-wrocila-z-ksiezyca-30-lat-temu-rutkiewicz-stanela-na-k2.
- ↑ "Strona 3 Pruszkowskiej Drużyny Harcerskiej". 3pdh.pruszkow.zhp.pl. Archived from the original on 26 January 2021. https://web.archive.org/web/20210126043514/http://3pdh.pruszkow.zhp.pl/wandarutkiewicz.html। আহৰণ কৰা হৈছে: 15 November 2019.
- 1 2 3 4 5 S.A, Telewizja Polska (2020-05-13). "Życie pod górę. 28 lat od śmierci Rutkiewicz" (pl ভাষাত). sport.tvp.pl. https://sport.tvp.pl/48018063/wanda-rutkiewicz-28-rocznica-smierci-kim-byla-wanda-rutkiewicz। আহৰণ কৰা হৈছে: 2020-11-24.
- ↑ Kamińska, Anna (2017). Wanda : opowieść o sile życia i śmierci : historia Wandy Rutkiewicz (Wydanie pirwsze সম্পাদনা). প্ৰকাশক Kraków: Wydawnictwo Literackie. ISBN 978-83-08-06357-6. OCLC 994267404.
- ↑ Wolski, Włodzimierz (2012). 60 lat Wydziału Elektroniki Politechniki Wrocławskiej. প্ৰকাশক Wrocław: Oficyna Wydawnicza Politechniki Wrocławskiej. পৃষ্ঠা. 38. ISBN 978-83-7493-693-4.
- 1 2 Michael Keller (23 August 2017). "Death Before Failure: Wanda Rutkiewicz & The Golden Age of Polish Mountaineering". Culture.pl. https://culture.pl/en/article/death-before-failure-wanda-rutkiewicz-the-golden-age-of-polish-mountaineering। আহৰণ কৰা হৈছে: 15 June 2018.
- ↑ Jordan, p. 40
- ↑ Jordan, pp. 84–94