ৱানচোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱানচোৱা
ৱানচোৱা
ৱানচোৱা উৎসৱ
পালন কৰে তিৱা জনগোষ্ঠী
প্ৰকাৰ কৃষিভিত্তিক লোক-উৎসৱ

ৱানচোৱা তিৱা জনগোষ্ঠীৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক লোক-উৎসৱ। ইয়াক পিঠাগুড়ি খুন্দা উৎসৱ বুলিও জনা যায়। জুন-জুলাই মাহত সচৰাচৰ মঙলবাৰৰপৰা বৃহস্পতিবাৰলৈ এই উৎসৱ তিৱা বসতিপ্ৰধান অঞ্চলত পালন কৰা হয়। তিৱাসকলৰ মাজত আমচাই, মাৰ্জং, ৰংখাই, আমলি, আমখা, আমৰি আদি বিভিন্ন ফৈদ আছে। সকলোবোৰ ফৈদে একেদিনাই এই উৎসৱটো পালন নকৰে। প্ৰতি পাঁচ বছৰৰ মূৰে মূৰেহে এই ৱানচোৱা উৎসৱটো নিৰ্দিষ্ট ফৈদবোৰে পালন কৰে আৰু যিটো ফৈদে এই উৎসৱটো পাতে সেই ফৈদৰ লোকসকলেহে ইয়াত অংশগ্ৰহণ কৰিব পাৰে।[1]

বিৱৰণ[সম্পাদনা কৰক]

ৱানচোৱা অনুষ্ঠান আৰম্ভ কৰাৰ আগেয়ে তেওঁলোকৰ ইষ্ট দেৱতাক সন্তুষ্ট কৰিবলৈ এটা গাহৰি উৎসৰ্গা কৰা হয়। এই উৎসৱ পালন কৰা হয় চামাদি (ডেকাচাং)ৰ প্ৰধান মুৰব্বী চাংদলৈৰ চোতালত। এই উৎসৱত পিঠাগুড়ি খুন্দিবৰ বাবে চাংদলৈৰ চোতালত প্ৰায় ২০/২১টা মান উৰল পুতি থোৱা হয়। আনহাতে যিসকল পাণ্ঠাই পিঠাগুড়ি খুন্দিব, তেওঁলোকে অইন এঘৰত ধুতি, তাগলা (জেকেট) আৰু খেনাছ (পাগুৰি) এই পৰম্পৰাগত পোছাক পৰিধান কৰে। নিৰ্দিষ্ট সময়ত তেওঁলোকক চাংদলৈৰ ঘৰলৈ আদৰণি জনোৱা হয়। পাণ্ঠাসকল চাংদলৈৰ চোতালত উপস্থিত হ’লে দুগৰাকীমান যুৱতীয়ে তেওঁলোকক বাঁহৰ চুঙাত জু (মদ) আপ্যায়ন কৰে আৰু কিছুমানে উৰালৰ চাৰিওফালে খ্ৰাম (ঢোল), পংশী (বাঁহী) বজাই থাকে। [2] চাংদলৈৰ ঘৰৰ ভিতৰৰপৰা অইন এটা পাঠাৰ দলে ইজনে সিজনৰ কঁকালত ধৰি নাচি নাচি স্তুতি গীত গাই চোতাললৈ ওলাই আহে আৰু তেওঁলোকৰ লগত পূৰ্বৰ পাণ্ঠাৰ দলটোৱেও লগ হৈ উলৰ চৌদিশে ঘূৰি ঘূৰি নাচিবলৈ ধৰে। নাচৰ শেষত পাণ্ঠাসকলে উৰলৰ ওপৰৰপৰা কলপাত গুচাই তিয়াই থোৱা চাউলবোৰ খুন্দিবলৈ ধৰে চাংদলৈৰ চোতালত সমবেত একে ফৈদৰ আন আন লোকসকলেও তেতিয়া এই পিঠাগুড়ি খুন্দাত ভাগ লয় আৰু আনন্দত মতলীয়া হৈ ইজনে আনজনৰ গালৈ পিঠাগুড়ি ছটিয়াই আৰু গালে মুখে সানে। তাৰ পাছত পিঠাগুড়ি খুন্দাৰ বাবে ৰখা অৱশিষ্ট চাউলখিনি প্ৰত্যেকৰে মাজত অলপ অলপকৈ বিতণ কৰা হয়। ইয়াক লক্ষ্মী ঘৰলৈ নিয়া বুলি কয়। পিঠাগুড়ি খুন্দা শেষ হোৱাৰ পাছত উৰলৰ মাৰিবোৰ চোতাললৈ দলিয়াই দি ৱানচোৱা উৎসৱৰ সামৰণি মাৰে। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী (২০১৪). ৱানচোৱা. পৃষ্ঠা. ৫৭৬. 
  2. মনোজ আগস্তি (২০০৭). ৱানচোৱা. পৃষ্ঠা. ১২.