ৱান থাউজেণ্ড ডলাৰ
ৱান থাউজেণ্ড ডলাৰ (এহেজাৰ ডলাৰ) হ'ল আমেৰিকান লিখক অ’ হেনৰীৰ এটা চুটিগল্প, য’ত সাধাৰণ অপ্ৰত্যাশিত উপসংহাৰ দেখা পোৱা যায়। ১৯০৮ চনত এই চুটিগল্পটো দ্য ভইচ অৱ দ্য চিটি সংকলনত প্ৰকাশ কৰা হৈছিল।[1] ১৯১৮ চনত এই চুটিগল্পৰ আধাৰত পাঁচ ৰিলৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।[2]
সাৰাংশ
[সম্পাদনা কৰক]যুৱক ববি জিলিয়ানৰ বাবে তেওঁৰ ককাক চেপ্টিমাছ জিলিয়ানে ১০০০ ডলাৰ উইল কৰি থৈ গৈছিল। যদিও বৃদ্ধ জিলিয়ানৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় আধা মিলিয়ন ডলাৰ কিন্তু তেওঁৰ মতে ববি এজন অপচয়কাৰী যুৱক হোৱা বাবে এই সামান্য পৰিমাণৰ ধন এৰি থৈ গৈছিল। এই ১০০০ ডলাৰ কেৱল এটা পৰীক্ষা আছিল, ববিয়ে এই ধন কেনেকৈ খৰচ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ অধিক ধন পাব নে নাপাব সেয়া নিৰ্ভৰ কৰিব। উইলৰ চৰ্ত অনুসৰি, ধন খৰচ কৰাৰ পিছত ববিয়ে লিখিতভাৱে খৰচৰ হিচাব উকিল টলমেনক জমা দিব লাগিব। যদি টলমেন সন্তুষ্ট হয়, তেন্তে ববিয়ে অতিৰিক্ত ৫০,০০০ ডলাৰ পাব। কিন্তু ববিয়ে সেই লিখিত একাউণ্ট জমা নিদিয়ালৈকে ক’ডিচিলৰ এই গুপ্ত চৰ্ত তেওঁৰ আগত প্ৰকাশ কৰিব নোৱাৰিব।
ববিয়ে কেইবাজনো লোকৰ পৰামৰ্শ বিচাৰিলে, কিন্তু সন্তোষজনক উত্তৰ নাপালে। পাছত তেওঁ ককাকৰ ঘৰত থকা ৱাৰ্ড মিছ হেডেনৰ কথা জানিব পাৰিলে। তেওঁক কেৱল ১০ ডলাৰ আৰু এটা আঙঠি দিয়া হৈছিল। ববিয়ে তেওঁৰ ওচৰলৈ গৈ ১০০০ ডলাৰ মিছ হেডেনক দিয়ে আৰু নিজৰ খৰচৰ লিখিত একাউণ্ট তৈয়াৰ কৰে।
টলমেনৰ কাষত খাম জমা দি অহা সময়তে ববিক ক’ডিচিলৰ কথা জনোৱা হয় যে, যদি তেওঁ ধন সঠিকভাৱে খৰচ কৰিছে তেন্তে ৫০,০০০ ডলাৰ পাব, নহ'লে মিছ হেডেনে সেই ধন লাভ কৰিব। ববিয়ে লগে লগে খামটো উলিয়াই টুকুৰা টুকুৰা কৰি পেলায় আৰু একো নোকোৱাকৈ গুচি আহে।[1]
ব্যাখ্যা
[সম্পাদনা কৰক]কিছুমান বিশ্লেষক মতে এই ঘটনাই ববিৰ হৃদয় আৰু চৰিত্ৰত পৰিৱৰ্তন আনিছিল। এজন অপচয়কাৰীৰ পৰা সি এজন মিতব্যয়ী ব্যক্তি হিচাপে পৰিণত হৈছিল। এটা ব্যাখ্যাত কোৱা হৈছে, ববিয়ে চুকত পেঞ্চিল বিক্ৰী কৰা এজন অন্ধ লোকৰ পৰা পৰামৰ্শ লৈছিল, যাৰ বেংক একাউণ্টয ববিৰ ১০০০ ডলাৰ অতিক্ৰম কৰিছিল।[3]
শেষত দেখা যায় যে ববিয়ে নিজৰ ধন মুক্তমনে মিছ হেডেনক দিয়ে, যিজনে ককাকৰ পৰা প্ৰায় একো পোৱা নাছিল। এই নিস্বাৰ্থ কাৰ্যই তেওঁৰ ককাকৰ ৫০,০০০ ডলাৰৰ উত্তৰাধিকাৰ পাওতে সহায় কৰিলে।
কিছুমানৰ মতে অ' হেনৰীৰ এই গল্পটো তেওঁৰ "দ্য গিফ্ট অৱ দ্য মেজাই" গল্পটোৰ বিপৰীত ৰূপত ধৰা যায়, কিয়নো ইয়াত ববি আৰু মিছ হেডেন দুয়ো পক্ষই কোনো ক্ষতি নোহোৱাকৈ উপকৃত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 One Thousand Dollars by O. Henry. August 31, 2019. https://americanliterature.com/author/o-henry/short-story/one-thousand-dollars। আহৰণ কৰা হৈছে: August 31, 2022.
- ↑ "Catalogue of Copyright Entries: Motion Pictures". 1918. https://books.google.com/books?id=Uy1VkdgcIrgC&dq=%22one+thousand+dollars%22+1918+film+O.+Henry&pg=PA701.
- ↑ "A Summary and Analysis of O. Henry's 'One Thousand Dollars'". 30 April 2022. https://interestingliterature.com/2022/04/o-henry-one-thousand-dollars-summary-analysis/। আহৰণ কৰা হৈছে: August 31, 2022.