সমললৈ যাওক

ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড
One Hundred Years of Solitude  
লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ
শিৰোনাম Cien años de soledad
অনুবাদক গ্ৰেগৰী ৰাবাচা
দেশ আৰ্জেণ্টিনা
ভাষা স্পেনিছ
প্ৰকাৰ
  • যাদুকৰী বাস্তৱবাদ
  • পাৰিবাৰিক আখ্যান[1]
প্ৰকাশক এডিটৰিয়েল চুদামেৰিকানা
প্ৰকাশ মে' ১৯৬৭
ইংৰাজীত
প্ৰকাশ
১৯৭০
পৃষ্ঠা সংখ্যা ৪২২
অ.চি.এল.চি নং 17522865

ৱান হাণ্ড্ৰেড ইয়েৰ্ছ অৱ চলিটিউড (স্পেনিছ: Cien años de soledad, অসমীয়া অৰ্থ: নিঃসংগতাৰ এশ বছৰ) হৈছে কলম্বিয়াৰ লেখক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ ১৯৬৭ চনৰ এখন উপন্যাস। ইয়াত বুয়েনদিয়া পৰিয়ালৰ বহু প্ৰজন্মৰ কাহিনী বৰ্ণনা কৰা হৈছে, যাৰ মূল পুৰুষ জোচে আৰ্কাডিঅ’ বুয়েনদিয়াই মাকোণ্ডো নামৰ এক কাল্পনিক চহৰৰ প্ৰতিষ্ঠা কৰিছিল। এই উপন্যাসখনক প্ৰায়েই বিশ্ব সাহিত্যৰ অন্যতম সৰ্বশ্ৰেষ্ঠ কৃতি হিচাপে আখ্যা দিয়া হয়।[2][3][4][5] ২০০৭ চনৰ মাৰ্চ মাহত কাৰ্টাহেনা ডি ইণ্ডিয়াছত অনুষ্ঠিত হোৱা চতুৰ্থ স্পেনিছ ভাষাৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ইয়াক স্পেনিছ ভাষাৰ অন্যতম গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল।[6][7]

কিতাপখনৰ যাদুকৰী বাস্তৱবাদী শৈলী আৰু ইয়াৰ বিষয়বস্তুৱে ১৯৬০ আৰু ১৯৭০ চনৰ লেটিন আমেৰিকান বুম সাহিত্য আন্দোলনৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধিত্বমূলক উপন্যাস হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই শৈলীটো ইউৰোপীয় আৰু উত্তৰ আমেৰিকীয় আধুনিকতাবাদৰ লগতে কিউবাৰ 'ভেংগাৰ্ডিয়া' (Avant-Garde) সাহিত্য আন্দোলনৰ দ্বাৰা প্ৰভাৱিত আছিল।[8]

১৯৬৭ চনৰ মে' মাহত বুয়েনছ এয়াৰছত এডিটৰিয়েল চুদামেৰিকানাৰ দ্বাৰা প্ৰথম প্ৰকাশ পোৱাৰ পিছৰে পৰা, কিতাপখন ৪৬টা ভাষালৈ অনূদিত হৈছে আৰু ইয়াৰ ৫ কোটিতকৈও অধিক কপি বিক্ৰী হৈছে।[9][10][11][12] গাৰ্চিয়া মাৰ্কেজৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি (magnum opus) হিচাপে বিবেচিত এই উপন্যাসখন আজিও বহুলভাৱে সমাদৃত আৰু স্পেনিছ সাহিত্যৰ লগতে সমগ্ৰ বিশ্ব সাহিত্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ কৃতি হিচাপে পৰিগণিত হৈছে।[13][2][4]

২০২৪ চনত, কিতাপখনক একে নামৰ এখন অনুমোদিত দূৰদৰ্শন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হয়, যাৰ কাৰ্যবাহী প্ৰযোজক আছিল গাৰ্চিয়া মাৰ্কেজৰ পুত্ৰদ্বয় আৰু ইয়াক নেটফ্লিক্সত মুক্তি দিয়া হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Martin, Gerald (April 26, 2012). The Cambridge Introduction to Gabriel García Márquez. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 50. "One Hundred Years of Solitude is a family saga, or indeed, if one prefers, a postmodernist parody of a family saga."
  2. 1 2 "The 50 Most Influential Books of All Time". Open Education Database. 26 January 2010. https://oedb.org.
  3. "The Greatest Books". thegreatestbooks.org. https://thegreatestbooks.org আহৰণ কৰা হৈছে: 2020-07-22.
  4. 1 2 Writers, Telegraph (23 July 2021). "The 100 greatest novels of all time". https://telegraph.co.uk.
  5. "100 must-read classic books, as chosen by our readers". Penguin. 26 May 2022. https://penguin.co.uk.
  6. "Agradecimiento" (Spanish ভাষাত). Congresos Internacionales de la Lengua Española. https://congresosdelalengua.es আহৰণ কৰা হৈছে: 31 August 2024.
  7. Tovar, Guillermo (22 March 2007). "Gabriel García Márquez será el personaggio central del IV Congreso de la Lengua" (Spanish ভাষাত). El Mundo (Spain). EFE. https://elmundo.es.
  8. Martin, Gerald (1984). "Boom, Yes; 'New' Novel, No: Further Reflections on the Optical Illusions of the 1960s in Latin America". Bulletin of Latin American Research খণ্ড 3 (2): 53–63. doi:10.2307/3338252. https://jstor.org.
  9. "Esto es lo que sabemos de la serie de 'Cien Años de Soledad' que producirá Netflix". culturacolectiva.com. 29 September 2020. https://culturacolectiva.com.
  10. "The magician in his labyrinth". The Economist. 2017-09-06. https://economist.com.
  11. Bell-Villada, Gene H. (2002). Gabriel García Márquez's One Hundred Years of Solitude: A Casebook. Oxford University Press. ISBN 0-19-514455-4.
  12. One Hundred years of Solitude, by Gabriel García Márquez, 2003, Harper Collins: New York, আই.এচ.বি.এন. 0-06-088328-6, post-script section entitled: 'P.S. Insights, Interviews & More' pp. 2–12
  13. "Ediciones conmemorativas". http://rae.es.