সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা



অসমীয়া ৱিকিপিডিয়াত ২০২৫ চনৰ ১৬ মে’ৰ পৰা-৩০ মে’লৈ এক পোখালি বিস্তাৰ সম্পাদনা মেলাৰ আয়োজন কৰা হৈছে। এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত থকা অতি চমু প্ৰবন্ধসমূহ বিস্তাৰ কৰা বা বহলাই লিখা হ’ব।

প্ৰবন্ধৰ তালিকা

বিস্তাৰ কৰা প্ৰবন্ধ

অংশগ্ৰহণ

নিয়মাৱলী

  • এই এডিটাথন সকলোৰে বাবে মুকলি। ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব।
  • প্ৰবন্ধসমূহ ১৬ মে’ৰ পৰা-৩০ মে’, ২০২৫ৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ কৰিব লাগিব। (মন কৰিব, প্ৰতিযোগিতাখনিৰ আৰম্ভণি হ’ব ১৫ মে’ৰ ৰাতি ১২ বাজি পাৰ হোৱাৰ লগে লগে। )
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে নিৰপেক্ষ হিচাপে বিস্তাৰ কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • জমা দিয়া প্ৰবন্ধত অতি কমেও ৩০০ শব্দ নতুনকৈ যোগ দিলে গ্ৰহণ কৰা হ’ব আৰু ১ নম্বৰ দিয়া হ'ব। অনুবাদৰ ক্ষেত্ৰত সম্পূৰ্ণকৈ অনুবাদ কৰিলে অতিৰিক্ত ১ নম্বৰ যোগ হ’ব।
  • প্ৰবন্ধসমূহৰ পোখালি টেগ কেৱল এই সম্পাদনা মেলাৰ বিচাৰকেহে আঁতৰাব পাৰিব।
  • ওপৰত দিয়া তালিকাত অন্তৰ্ভুক্ত নোহোৱা নতুন পোখালি পৃষ্ঠাও এই প্ৰতিযোগিতাৰ অধীনত বিস্তাৰ কৰি জমা দিব পাৰিব।

প্ৰবন্ধ জমা কৰক

প্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি বিস্তাৰ কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।

পুৰস্কাৰ

ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।

সমন্বয়ক

বিচাৰক

অংশগ্ৰহণকাৰীসকল‎

  1. কন্দৰ্পজিৎ কল্লোল  (বাৰ্তা) 18:52, 15 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. পৱন বৰ্মন (বাৰ্তা) 19:05, 15 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. দিম্পল দাস (বাৰ্তা) 03:50, 16 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. ফেৰদৌস07:49, 16 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. Pranamikaadhikary (বাৰ্তা) 17:13, 16 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. দিব্য দত্ত (বাৰ্তা) 08:49, 18 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. নৰুনা বৰুৱা (বাৰ্তা) 16:32, 18 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. BhuyanBhaskar (বাৰ্তা) 08:16, 19 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. কুমুদ ঘোষ (বাৰ্তা) 10:14, 20 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Human Anubhav (বাৰ্তা) 18:04, 21 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. Dipankar Das (বাৰ্তা) 21:33, 26 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ফলাফল

ফলাফল
স্থান সদস্য
প্ৰথম স্থান কন্দৰ্পজিৎ কল্লোল
দ্বিতীয় স্থান দিম্পল দাস
তৃতীয় স্থান কুমুদ ঘোষ

বিচাৰকৰ টোকা

অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৫ত সকলো অংশগ্ৰহণকাৰীকে মূল্যৱান সময় দি প্ৰবন্ধবোৰ সম্প্ৰসাৰণ কৰাৰ বাবে অশেষ ধন্যবাদ! সামগ্ৰিকভাৱে এই পোখালি মেলাত উৎকৃষ্ট মানৰ কাম হোৱা পৰিলক্ষিত হৈছে। বিচাৰকসকলৰ কিছু পৰ্যবেক্ষণ আৰু মতামত তলা দিয়া হ’ল:

  1. কিছুমান ক্ষেত্ৰত একেটা প্ৰবন্ধ বিশদভাৱে সম্প্ৰসাৰণ কৰা হৈছে, যিবোৰ একেলগে ৩-৪টা পোখালি বিস্তাৰৰ সমতুল্য। এনেধৰণৰ কামেৰে পোখালি বিস্তাৰৰ মূল উদ্দেশ্যত মনোনিৱেশ কৰাৰ বাবে সম্পাদকসকলক ধন‍্যবাদ।
  2. বহুতো প্ৰবন্ধৰ পোখালি বিস্তাৰ কৰাৰ পিছতো, প্ৰতিযোগিতাৰ নিয়ম অনুসৰি মুঠ শব্দৰ সংখ্যা কম হোৱা বাবে নম্বৰ দিয়া নগ’ল। কিন্তু বিচাৰকসকলে এই অৱদানসমূহ লক্ষ্য কৰিছে আৰু আপোনালোকৰ কামৰ শলাগ লৈছে।
  3. কেইটামান প্ৰবন্ধ যান্ত্ৰিক অনুবাদেৰে সৃষ্টি কৰা যেন অনুমান হৈছিল আৰু তেনে অনুবাদৰ পিছত বিশেষ একো সংশোধন কৰা হোৱা নাছিল। বাক্যৰ গাঁথনিবোৰ ইমানেই অসংগঠিত আৰু ভুল অৰ্থ প্ৰকাশ কৰিছিল যে ই পোখালি বিস্তাৰৰ সলনি অতিৰিক্ত সমস্যাৰহে সৃষ্টি কৰিছিল। তেনে অনুবাদৰ পৰা বিৰত থকা ভাল।
  4. প্ৰবন্ধবোৰ সম্প্ৰসাৰণ কৰাৰ সময়ত তথ্যসূত্ৰৰ ওপৰত গুৰুত্ব দিব লাগে, যাক বহু সময়ত অৱজ্ঞা কৰা দেখা গৈছিল। তদুপৰি তথ্যসূত্ৰ সংযোগ কৰোঁতে ঠায়ে ঠায়ে কিছুমান ত্ৰুটিও থাকি গৈছিল। তেনেবোৰ ত্ৰুটি বিস্তাৰ কৰাৰ সময়তে সংশোধন কৰা উচিত।
  5. কিছুমান প্ৰবন্ধ, যেনে বহু-ঈশ্বৰবাদ, জ্ঞানতত্ত্ব, দ্বন্দ্ববাদ, চুফীবাদ আদি প্ৰতিযোগিতা চলি থকাৰ মাজত সৃষ্টি কৰা হৈছিল। এনে প্ৰবন্ধ চলি থকা পোখালি বিস্তাৰ প্ৰতিযোগিতাত জমা নিদি পিছৰ পোখালি বিস্তাৰ মেলাত জমা দিয়া উচিত।

বিচাৰকৰ টোকা ইমানেই। এই মেলা আয়োজন কৰাৰ বাবে সমন্বয়কসকলক বিশেষ ধন্যবাদ!