ৱিকিপিডিয়া:আলোকচিত্ৰ প্ৰতিযোগিতা, ২০২১/নিয়মাৱলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

English | +

অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা, ২০২১
বিৱৰণ নিয়মাৱলী পুৰস্কাৰ প্ৰতিযোগী বিচাৰক ফলাফল

অসমীয়া ৱিকিপিডিয়াত অসম বিষয়ক উন্নত মানৰ আলোকচিত্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে উন্নত মানৰ আলোকচিত্ৰক উদগনি দি তথ্যসমৃদ্ধ আলোকচিত্ৰ বিষয়ক জাগৰণ সৃষ্টি কৰা। গোলকীয়ভাৱে অসমৰ যিকোনো বিষয়ৰে চিত্ৰসমূহ যিহেতু এতিয়াও সহজলভ্য নহয়, সেই অভাৱ দূৰ কৰি অসমৰ বিভিন্ন দিশ সম্পৰ্কে বিশ্ববাসীক অৱগত কৰোৱাতো এই প্ৰতিযোগিতাৰ ঘাই লক্ষ্য।

সময়সীমা: ৫ জানুৱাৰী, ২০২১ - ২০ জানুৱাৰী, ২০২১ (সমাপ্ত)

ছবি আপলোড কৰক

[অংশগ্ৰহণ কৰিবলৈ ইয়াত ক্লিক কৰক!]

প্ৰতিযোগীসকলে তলত #~~~~ লিখি নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।

নিয়মাৱলী


  • ৫ জানুৱাৰী, ২০২১ৰ পৰা ২০ জানুৱাৰী, ২০২১ লৈকে আপল'ড কৰা আলোকচিত্ৰসমূহ প্ৰতিযোগিতাৰ অন্তৰ্ভূক্ত বুলি গণ্য কৰা হ'ব।
  • এই প্ৰতিযোগিতাৰ বাবে ৱিকিপিডিয়া কমনছত আলোকচিত্ৰ দাখিল কৰিবলৈ আপুনি প্ৰথমে সদস্যভুক্ত হ’ব লাগিব। আপুনি যদি অসমীয়া ৱিকিপিডিয়াৰ সদস্য নহয়, তেন্তে অনুগ্ৰহ কৰি প্ৰথমে অসমীয়া ৱিকিপিডিয়া ৰ এই লিংকত গৈ সদস্যভুক্তি কৰক। এই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হ’লে log-in help ৰ পৃষ্ঠাত চকু ফুৰাব পাৰে।
  • ইয়াৰ পিছতে আপুনি লগ-ইন কৰি ৱিকিমিডিয়া কমনছৰ Upload Wizard পৃষ্ঠাত আলোকচিত্ৰ দাখিল কৰিব পাৰে।
  • আলোকচিত্ৰখন সম্পৰ্কে অসমীয়া বা ইংৰাজী ভাষাত স্পষ্ট ভাষাৰে সংক্ষিপ্ত বৰ্ণনা এটা থাকিব লাগিব।
  • প্ৰতিযোগীয়ে একাধিক আলোকচিত্ৰ আপলোড কৰিব পাৰিব।
  • এজন ব্যক্তিৰ এখন চিত্ৰহে পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা হ'ব।
  • চিত্ৰসমূহৰ আকাৰৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই যদিও ৬৪০x৩৬০ পিক্সেলৰ হ’লে ভাল। প্ৰয়োজনতকৈ ডাঙৰ আৰু অস্পষ্ট ৰূপত থকা সৰু ফাইল আপলোড নকৰিব।
  • আপলোডৰ বাবে .png অথবা .jpg যিকোনো এটা এক্সটেনছন ব্যৱহাৰ কৰিব পাৰিব।
  • আলোকচিত্ৰ ৰঙীন অথবা ক’লা-বগা হ’ব লাগিব।
  • প্ৰতিযোগিতাৰ বাবে আপলোড কৰা প্ৰতিখন আলোকচিত্ৰ Assamese Wikipedia Photography Competition 2021ৰ সৈতে সংযোগ কৰিব লাগিব।
  • আলোকচিত্ৰসমূহৰ নাম ইংৰাজী লিপিত লিখিলে গোলকীয় ব্যৱহাৰৰ বাবে সুবিধা হয়। নগাঁৱৰ ধাননি পথাৰৰ আলোকচিত্ৰ দিলে নামটো কেমেৰাত থকাৰ নিচিনাকৈ DSC002.jpg ৰ সলনি ‘View of a paddy field in Nagaon’ জাতীয় হ’ব লাগে।
  • আলোকচিত্ৰখনৰ কোনো কাল্পনিক অথবা কলাত্মক নামৰ প্ৰয়োজন নাই।
  • প্ৰতিযোগীয়ে আপলোড কৰা প্ৰতিখন আলোকচিত্ৰ creative commons attribution share alike অনুজ্ঞাৰ অন্তৰ্ভূক্ত হ’ব। এবাৰ আপলোড কৰাৰ পাছত প্ৰতিযোগীয়ে এই অনুজ্ঞা উঠাই ল’ব নোৱাৰিব। আলোকচিত্ৰখন ৱিকিমিডিয়াৰ বিভিন্ন কৰ্মত প্ৰয়োজনানুসাৰে ব্যৱহাৰ কৰা হ’ব।
  • আলোকচিত্ৰখন ছেল্ফি হ’ব নোৱাৰিব অথবা আলোকচিত্ৰ শিল্পীজন ফ্ৰেমৰ ভিতৰত থাকিব নোৱাৰিব।
  • ইতিকিংসূচক, যৌনগন্থী, পক্ষপাতদুষ্ট অথবা সামািজকভাৱে গ্ৰহণ-অযোগ্য আলোকচিত্ৰ দিব নোৱাৰিব। এনে ক্ষেত্ৰত মতান্তৰ হ’লে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচনা কৰা হ’ব।
  • অতিৰঞ্জিতভাবে ডিজিটেল এফেক্ট ব্যৱহাৰ কৰিব নোৱাৰিব।
  • আলোকচিত্ৰসমূহৰ দৃশ্যমান অংশত কোনো ৱাটাৰমাৰ্ক, কপিৰাইট মাৰ্ক, শিল্পীৰ নাম বা প’ষ্ট−প্ৰডাকছ্‌নৰ সময়ত যোগ দিয়া অংশ থাকিব নোৱাৰিব। আলোকচিত্ৰত তাৰিখ আৰু সময়টো থাকিব নোৱাৰিব। চিত্ৰখন কম্প্ৰেছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব যাতে ছবিৰ প্ৰয়োজনীয় ডিটেইলছ কমি নাযায়।
  • নিম্নতম দহজন প্ৰতিযোগী হ'লেহে প্ৰতিযোগিতাৰ নিৰ্ধাৰিত প্ৰথম পাঁচটা পুৰস্কাৰ প্ৰদান কৰা হ'ব, এনেক্ষেত্ৰত উদগনি মূলক বঁটা সমূহ প্ৰদানৰ পৰা বিৰত থকা হ'ব।
  • আলোকচিত্ৰৰ মানদণ্ডৰ লগতে গুৰুত্ব আৰু দুৰ্লভতাৰ ওপৰতো নিৰ্বাচিত হ'ব পাৰে।