ৱিকিপিডিয়া:এটা একাউণ্টৰ বাবে অনুৰোধ কৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা একাউণ্টৰ বাবে অনুৰোধ পৃষ্ঠালৈ স্বাগতম
বহু ক্ষেত্ৰত, ব্যৱহাৰকাৰীসকলে ৱিকিপিডিয়াত একাউণ্ট তৈয়াৰ কৰিব নোৱাৰে।
  • ভেৰিফিকেশ্যন স্তৰত পূৰ কৰিবলগীয়া কেপচা (CAPTCHA) ছবি সম্পন্ন কৰোতে হোৱা অসুবিধা।
  • ব্যৱহাৰকাৰী নাম নিৰ্বাচন কৰোতে একে নামৰ অন্য ব্যৱহাৰকাৰী থকা বাবে হোৱা সমস্যা।

একাউণ্ট সৃষ্টি কৰিব নোৱাৰাৰ ফলত কিছুমান সমস্যাৰ সৃষ্টি হয়, তেনে ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে এটা একাউণ্ট সৃষ্টিৰ অনুৰোধ কৰিব পাৰে। এই কাম কৰিবলৈ, তলৰ নিৰ্দেশাৱলী অনুসৰণ কৰি, আপুনি অনুৰোধ কৰা নাম যাতে ব্যৱহাৰকাৰী নামৰ নীতিৰ লগত সংঘাতপূৰ্ণ নহয় এই বিষয়টো নিশ্চিত কৰক। উল্লেখযোগ্য যে সাধাৰণতে আপুনি কেৱল এটা ৱিকিপিডিয়া একাউণ্ট ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ ইতিমধ্যে এটা একাউণ্ট আছে, তেনেহ'লে আপুনি আপোনাৰ পাহৰি যোৱা গুপ্তশব্দ পুনৰ উদ্ধাৰ বা আপোনাৰ ব্যৱহাৰকাৰী নাম সলনি কৰিব পাৰে।

নিৰ্দেশাৱলী:

১)তলত উল্লেখিত লিংকটোৰ পৃষ্ঠাৰ ঘৰসমূহ পূৰণ কৰক। ২) অনুৰোধ কাৰ্য সম্পন্ন হোৱাৰ পিছত আপুনি আপোনাৰ ই-মেইল খুলি চাওক। সাধাৰণতে, অনুৰোধ কাৰ্য কেই মিনিটমানৰ ভিতৰতে সম্পন্ন হয়, কিন্তু কেতিয়াবা কিছু সমস্যাৰ বাবে অলপ বেছি সময় লাগিব পাৰে। কেইবা ঘণ্টাৰ পিছতো ই-মেইল নেপালে আপোনাৰ "স্পাম" ফল্ডাৰ পৰীক্ষা কৰিবলৈ নেপাহৰিব। ৩) এবাৰ আপোনাৰ একাউণ্ট সফলভাবে তৈয়াৰ হ'লে, আপুনি আপোনাৰ লগ ইন লিংকযুক্ত এটা ই-মেইল পাব। ইয়াৰ জৰিয়তে আপুনি লগ ইন কৰি নতুন গুপ্তশব্দ তৈয়াৰ কৰিব পাৰিব।



অতিৰিক্ত তথ্য

টোকা

  • অনুগ্ৰহ কৰি বুজিবলৈ চেষ্টা কৰক যে ইয়াত একাউণ্ট পুনৰুদ্ধাৰ বা মচি পেলোৱাৰ কাৰ্য কৰা নহয়। যদি আপুনি আপোনাৰ গুপ্তশব্দ পাহৰিছে আৰু আপুনি আপোনাৰ একাউণ্ট এটা ই-মেইল ঠিকনা দি গত লগোৱা নাই, তেনেহ'লে আপোনাৰ একাউণ্ট পুনৰোদ্ধাৰ কৰা সম্ভৱ নহয়। আপোনাৰ একমাত্ৰ বিকল্প হৈছে এটা নতুন একাউণ্ট সৃষ্টি কৰা আৰু আপোনাৰ পুৰণা ব্যৱহাৰকাৰী নামৰ বাবে অনুৰোধ কৰা।