এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লোকগাথাত কুইয়াৰ ব্যক্তিত্ব বিষয়ৰ ওপৰত গুৰুত্ব দিব।
লোকগাথা – বিশ্বৰ বিভিন্ন অঞ্চলৰ লোকগাথা, যাৰ ভিতৰত আছে লোকউৎসৱ, লোকনৃত্য, লোকসংগীত, লোকাচাৰ, লোকখেল, লোকখাদ্য, লোক পৰিধান, সাধুকথা, লোকনাট্য, লোককলা, লোকধৰ্ম, শ্ৰুতিকথা আদি, যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।
লোকগাথাত নাৰী – যাৰ ভিতৰত আছে লোকগাথা আৰু লোক-সংস্কৃতিত নাৰী আৰু কুইয়াৰ ব্যক্তিত্ব (যেনে: লোক শিল্পী, লোক নৃত্যশিল্পী, লোক গায়ক, লোক সংগীতজ্ঞ, লোক খেলুৱৈ, উপাখ্যানত নাৰী, লোক-কাহিনীত যোদ্ধা নাৰী, ডাইনী আৰু ডাইনী হত্যা, সাধুকথা ইত্যাদি), যদিও ই এইসমূহৰ ভিতৰতে সীমাবদ্ধ নহয়।