ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতঅসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি। অসমীয়া ভাষাৰ গঢ় আৰু ধ্বন্নি বৈশিষ্টসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাওঁফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ। অসমীয়া ভাষা প্ৰধানকৈ ইণ্ডো-ইউৰোপীয় বা ভাৰত-ইউৰোপীয় পৰিয়ালৰ শতম শাখাৰ পৰা বিকাশ হৈছে৷ শতম শাখাৰ এটা প্ৰধান ভাগ আছিল 'আৰ্য' বা 'ভাৰত-ইৰানীয়'৷ এই আৰ্যভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা ১০ম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়৷ অসমীয়া ভাষাৰ বিকাশ প্ৰক্ৰিয়াক ড° বাণীকান্ত কাকতিয়ে তিনিটা ভাগত ভাগ কৰিছে: প্ৰাচীন অসমীয়া- চতুৰ্দশ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈ, মধ্যযুগীয় অসম- সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ আৰম্ভণিলৈ, আধুনিক অসমীয়া- ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ৷ খৃষ্টীয় পঞ্চম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা হিন্দু ৰজাসকলৰ তাম্ৰফলিসমূহতেই প্ৰাচীন অসমীয়া লিখিত সাহিত্যৰ নিদৰ্শন পোৱা যায়৷ ইয়াৰ পিছত ক্ৰমে ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰুচৰিত, বুৰঞ্জীসাহিত্য আদিৰ পিছত সৃষ্টি হোৱা অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে অসমীয়া ভাষাই এটা পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে৷ (বাকী অংশ পঢ়ক...)