সমললৈ যাওক

ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পুতলা শিল্প (ইংৰাজী: Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়। ব্যৱহৃত কেঁচামালৰ ওপৰত ভিত্তি কৰি অসমীয়া পৰম্পৰাগত পুতলাসমূহক চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি - পোৰামাটিৰ পুতলা, কুঁহিলাৰ পুতলা, বাঁহ-বেত বা কাঠৰ পুতলা আৰু কাপোৰ বা কাপোৰ-বোকাৰে নিৰ্মিত পুতলা। এইবোৰৰ বাহিৰেও পৰম্পৰাগত পুতলা নিৰ্মাতাসকলে দেৱ-দেৱী, জীৱ-জন্তুৰ মূৰ্তিও ব্যৱহাৰ কৰে। অসমৰ পৰম্পৰাগত মাটিৰ পুতলাসমূহ হীৰা আৰু কুমাৰসকলে তৈয়াৰ কৰে। পুতলা সমূহ সাধাৰণতে দৰা-কইনাৰূপী মানৱ চৰিত্ৰ, ৰজা-ৰাণী, মাতৃ-শিশু, চকাযুক্ত গাড়ী, জীৱ-জন্তুৰ আকৃতিৰ, ক্ষুদ্ৰ ৰূপৰ ঘৰুৱা কামত ব্যৱহৃত সঁজুলি, বল, বাদ্যযন্ত্ৰ, ফল-মূল আৰু পাচলিৰ আকৃতি ইত্যাদি নানা ধৰণৰ হোৱা দেখা যায়। ধুবুৰী জিলাৰ মৃৎ শিল্পৰ বাবে জনাজাত আশাৰীকান্দি পোৰামাটি বা টেৰাকোটাৰ পুতলাৰ বাবে বিখ্যাত। পুতলা শিল্পত উৎপাদিত কিছুমান পুতলা অসমৰ অন্যতম উল্লেখযোগ্য পৰিৱেশ্য কলা পুতলা নাচত ব্যৱহাৰ কৰা হয়। ইয়াত বিতংকৈ পঢ়ক