ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৪০

টিংকল ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ। মূলতঃ ইংৰাজী ভাষাত প্ৰকাশিত আলোচনীখন হিন্দী, অসমীয়া, মালায়ালম আদিকে ধৰি নানা ভাৰতীয় ভাষালৈ অনুবাদ হয়। প্ৰতিষ্ঠাপক সম্পাদক আছিল অনন্ত পেই। তেখেত শিশুসকলৰ মাজত পেই খুড়া নামেৰে জনাজাত আছিল। তেখেত জনপ্ৰিয় অমৰ চিত্ৰ কথা চিৰিজৰো প্ৰতিষ্ঠাপক। টিংকলৰ প্ৰথম সংখ্যা প্ৰকাশ পাইছিল ১৯৮০ চনৰ এপ্ৰিল মাহত। এতিয়ালৈকে আলোচনীখনৰ ৫০০ তকৈও অধিক সংখ্যা প্ৰকাশ পাইছে। যোৱা দুটা দশক ধৰি আলোচনীখনে ভাৰতৰ শিশুসকলৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। আনকি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীও এজন টিংকল প্ৰেমী আছিল।ইয়াত বিতংকৈ পঢ়ক