ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam) (এই শব্দটোৰ বিষয়ে উচ্ছাৰণ ; জন্ম ১৫ অক্টোবৰ ১৯৩১) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰশাসক যিজন ভাৰতৰ ৰাষ্ট্ৰপতি আছিল| কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল| তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ন হয়| ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল| কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল। (বিতং ভাৱে পঢ়ক........)