ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/অক্টোবৰ-২০১৫/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

যোৱা ফেব্ৰুৱাৰী মাহৰ শেহৰ ফালৰ এটা দিন। মই তেতিয়া তেজপুৰৰ জি আই এম টি ৰ ছাত্ৰ। শ্ৰেণীত ফাৰুক আজিজ ছাৰ আহি ক'লে অসমীয়া ৱিকিপিডিয়াৰ এটা কৰ্মশালা হ'ব। অসমীয়া ৱিকিপিডিয়াৰ কাম কৰাৰ কথা বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু নাজানিছিলোঁ কি দৰে কৰিম, শিকাবলৈও মানুহ নাই।

২৮ ফেব্ৰুৱাৰী,২০১৫। মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালালৈ আগ্ৰহেৰে গ'লোঁ। শ্ৰীযুত বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আহিল সমল ব্যক্তি হিচাবে। আগ্ৰহবোৰ বাঢ়ি গ'ল। মহাবিদ্যালয়ৰ পৰা গৈ হোষ্টেল পাই ৰ'ব নোৱাৰিলোঁ। অপৰিপক্ক জ্ঞানেৰে আৰম্ভ কৰিলোঁ এটি প্ৰবন্ধ, নকছাৰি। কৰাৰ পাছত নিতুল বৰা ডাঙৰীয়াই শুধৰাই দিলে, শিকাই দিলে কিছুমান কথা। তেনেকৈয়ে আৰম্ভণি। ফে'চবুকৰ নিচা আঁতৰিল, ৱিকিপিডিয়াত নিচা লাগিল। আবেলিৰ কলেজৰ পৰা অহাৰ পাছত শোৱাৰ সময়খিনি লেপটপটো খুলি ৱিকিপিডিয়াৰ কামত লাগোঁ, ৰুমমেটে ভাবে কি হ'ল ইয়াৰ। উধাই-মুধাই যি মনলে আহে তাকে লিখোঁ। ইঞ্জিনিয়াৰিং বিষয়ৰ কিবা কিবিও লিখিব চেষ্টা কৰিলোঁ (অনুবাদ আচলতে)। লগৰখিনিকো আগ্ৰহী কৰিবলৈ চেষ্টা কৰিলোঁ, দুই এজনে লিখিলে। তাৰ মাজতে মাৰ্চ মাহত "প্ৰতিভাবান ন-সম্পাদকৰ পদক" পালো, আৰু আগ্ৰহ বাঢ়িল।

মাজতে পৰীক্ষা আদিৰ কাৰণে কাম কমি গ'ল। তাৰ পিছত আকৌ আৰম্ভ। লগতে আৰু এটা কাম কৰিম বুলি ল'লোঁ, আন দহজনকো ৱিকিপিডিয়ান হিচাপে অনা। দুই এজনক ক'লোঁ, আগ্ৰহ দেখুৱালে। এনেদৰে আগবাঢ়িল এই যুদ্ধ, অসমীয়া ভাষা প্ৰযুক্তিকৰণৰ এই যুদ্ধ। ডাঙৰ সকলে শিকাই গ'ল, কামত আগ্ৰহ বাঢ়ি গ'ল। দিব্য দত্ত দা, মঞ্জিল কোঁৱৰ দা, জলি বা, প্ৰভাকৰ শৰ্মা নেওগ ছাৰ, ফাৰুক ছাৰ আদিয়ে শিকাই গ'ল, অনুপ্ৰেৰণা দিলে, কাম কৰি গ'লোঁ। নিজৰ কামৰ বাবে অসমৰ বাহিৰত থাকিব লগা হ'ল, তথাপি আজৰিত ফে'চবুকৰ সলনি ৱিকিপিডিয়াতহে নিচাটো বাঢ়িল। এই যুঁজ অব্যাহত থাকিল, অন্য এক ভাষা আন্দোলনৰ বাবে।

জয়তু অসমী। জয় আই অসম।

ৰাম কিংকৰ মহন্ত