ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/আগষ্ট-২০১৭/ৰাম নাথ কোৱিন্দ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ নতুন ৰাষ্ট্ৰপতি

ৰাম নাথ কোৱিন্দ (জন্ম: ১ অক্টোবৰ, ১৯৪৫) এজন ভাৰতীয় ৰাজনীতিবিদ, দলিত নেতা আৰু অধিবক্তা। বৰ্তমান তেখেত ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপেএনডিএ জোঁটৰ পৰা নিৰ্বাচিত হৈছে। কোৱিন্দ ২০১৫-২০১৭ চনত বিহাৰৰ ৰাজ্যপাল আছিল। তেখেতক ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ভাৰতৰ মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰোৱায়।

ৰাম নাথ কোৱিন্দৰ ১৯৪৫ চনৰ ১ অক্টোবৰ তাৰিখে উত্তৰ প্ৰদেশকানপুৰৰ দেহাতত জন্ম হৈছিল। তেখেতে কানপুৰৰ দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। কানপুৰৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেখেত অসামৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিল্লীলৈ যায়। তৃতীয় প্ৰয়াসত তেখেত এই পৰীক্ষাত কৃতকাৰ্য হয়। পিছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিৰ্বাচিত নোহোৱাৰ বাবে তেওঁ ইয়াত অংশ গ্ৰহণ নকৰি আইনৰ অনুশীলন আৰম্ভ কৰে। ১৯৭১ চনত তেখেত দিল্লীৰ উকীল সন্থাত পঞ্জীভূক্ত হয়। তেওঁ ১৯৭৭ চনৰ পৰা ১৯৭৯ চনলৈ দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল আৰু ১৯৮০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেত চৰকাৰৰ স্থায়ী পৰিষদ ৰূপে ভাৰতৰ উচ্চতম ন্যায়ালয়ত সেৱা আগবঢ়াইছিল। ১৯৭৮ চনত তেখেতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰূপে স্বীকৃতি পায়। তেখেতে ১৯৯৩ চনলৈ দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰায় ১৬ বছৰ আইনৰ অনুশীলন কৰিছিল।

কোৱিন্দ‌ই ১৯৯১ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। তেখেত ১৯৯৮ চনৰ পৰা ২০০২ চনলৈ বিজেপিৰ দলিত মৰ্চাৰ সভাপতি আৰু সৰ্ব ভাৰতীয় কুলি সমাজৰ সভাপতি আছিল। লগতে তেখেত পাৰ্টিৰ ৰাষ্ট্ৰীয় বক্তা ৰূপেও কাম কৰিছিল। ১৯৯৪ চনৰ এপ্ৰিল মাহত তেখেত উত্তৰ প্ৰদেশৰ পৰা ৰাজ্য সভালৈ নিৰ্বাচিত হয়। তেখেতে ২০০৬ চনলৈ ১২ বছৰ কাল ৰাজ্য সভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰে। ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চায়ে (এন ডি এ) কোৱিন্দক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। ২০ জুলাইত তেখেত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হয়।