ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৬/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

২০১২ চনৰ কথা। তেতিয়া মই ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ৰসায়ন বিজ্ঞানৰ এক প্ৰকল্পৰ বাবে কিছু অতিৰিক্ত তথ্যৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। বন্ধু এজনৰ পৰামৰ্শত পোনপ্ৰথম বাৰৰ বাবে দেউতাৰ মোবাইলত ইণ্টাৰনেটৰ সংযোগলৈ ৱিকিপিডিয়াৰ পৃথিৱীখনলৈ প্ৰৱেশ কৰিছিলোঁ। তাৰ আগতে তথ্য সংগ্ৰহ কৰিবলৈ সাধাৰণতে বিভিন্ন কিতাপৰ সহায় লৈছিলোঁ। পিছে বহু ক্ষেত্ৰত এখন কিতাপ বিচাৰি উলিয়াই তথ্য সংগ্ৰহ কৰা কামটো অলপ সময় খৰচী। ৱিকিপিডিয়াত তাতকৈ বহু সহজতে বিভিন্ন নিৰ্ভৰযোগ্য তথ্য অনায়াসে পাব পাৰি। সেয়ে ৱিকিৰ প্ৰতি সাংঘাতিক ভাবে আসক্ত হৈ পৰিলোঁ। কিন্তু তেতিয়া ঘাইকৈ ইংৰাজী ৱিকিৰ লগত জড়িত আছিলোঁ। অসমীয়া ভাষাৰো ৱিকিপিডিয়া আছে বুলি বহু পলমকৈ ২০১৩ চনৰ শেষৰ ফালে ফেচবুকৰ জনপ্ৰিয় গোট "অসমীয়াত কথা-বতৰা"ৰ পৰা গম পালোঁ। আৰু তেতিয়াৰে পৰা এজন পাঠক হিচাপে অসমীয়া ৱিকিৰ লগত জড়িত হৈ আছোঁ।

পিছে পাঠক হিচাপে অনুভৱ কৰিলোঁ যে বহুতো দৰকাৰী প্ৰবন্ধ অসমীয়া ৱিকিত নাই আৰু ইংৰাজী ৱিকিতো অসম বিষয়ক বহু প্ৰৱন্ধ নাই বা থাকিলেও অসম্পূৰ্ণ হৈ আছে। সেয়ে ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ মনত ইচ্ছা জাগি উঠিছিল। কিন্তু এই বিষয়ে একো জ্ঞান নথকাৰ বাবেই হওঁক বা আন কিবা কাৰণতে হওঁক এই বিষয়ে একো কৰিব পৰা নাছিলোঁ।

সি যি কি নহওক, ২০১৫ চনৰ ৭ নবেম্বৰত ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ একাউণ্ট এটা খুলিলোঁ। সৰু সুৰা কিছুমান সম্পাদনা কৰাৰ পিছত ১১ নবেম্বৰত প্ৰথম বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰৱন্ধটো সৃষ্টি কৰিলোঁ। তাৰ পিছৰে পৰা আজৰি সময় পালে ৱিকিত নতুন প্ৰৱন্ধ লিখা মোৰ হবি হৈ পৰিল! এটা দুটাকৈ এতিয়ালৈকে প্ৰায় ৫৮ টা প্ৰৱন্ধ সৃষ্টি কৰিলোঁ আৰু যিমান পাৰোঁ কৰি গৈ থাকিম। মাজে মাজে হোৱা সম্পাদনা মেলা বোৰত অংশগ্ৰহণো কৰিছোঁ। মুঠতে এই তিনি মাহতে ৱিকিপিডিয়াৰ বহুতো নজনা কথা শিকিলোঁ।

বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূর্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়।

যিহেতু মই অসমীয়া ৱিকিপিডিয়াত যোগদান কৰা মাত্ৰ তিনি মাহ হৈছে, সেয়ে এতিয়াও বহু কথা শিকিবলৈ আছে। এই ছেগতে বিভিন্ন ক্ষেত্ৰত সততে বহুমূলীয়া দিহা-পৰামৰ্শ দিয়া দিব্য দা আৰু গীতাৰ্থ দাক ধন্যবাদ জনালোঁ লগতে ৱিকিৰ আন অভিজ্ঞ সদস্য সকলো ধন্যবাদৰ পাত্ৰ। অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ এজন সদস্য হিচাপে গৌৰৱ অনুভৱ কৰোঁ।

শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে…

"চিৰ চেনেহী মোৰ ভাষা জননী"

"জয় আই অসম" -অজয় দাস (বাৰ্তা) ৫ ফেব্ৰুৱাৰী, ২০১৬