ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৯/সম্পাদকীয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

নমস্কাৰ ৱিকিপিডিয়ান সকল! শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ কাম-কাজ ক্ষিপ্ৰতাৰে আগবঢ়া দেখি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ লগতে ফেচবুক, টুইটাৰ আৰু ৱাটছএপতো সক্ৰিয়তা বাঢ়িছে। এই চেগতে উদ্যোক্তা সকললৈ ধন্যবাদ থাকিল। ইণ্টাৰনেটত অসমীয়া সমল পাবলৈ টান। কেতিয়াবা ভাবিলে আচৰিত লাগে যে প্ৰায় ১৩ নিযুত মানুহে দৈনন্দিন কথা বতৰাত ব্যৱহাৰ কৰা অসমীয়া ভাষাৰ অনলাইন সমল ইমান কম কিয়! এই অভাৱ ৱিকিপিডিয়া আৰু ৱিকিউৎসই বহু পৰিমানে পূৰণ কৰিব পাৰিব বুলি বিশ্বাস আছে। কিন্তু সক্ৰিয় স্বেচ্ছাসেৱকৰ অভাৱ এতিয়াও আগৰ দৰেই আছে। সেয়ে শামুকীয়া গতিত আগবঢ়া অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ কাম কাজৰ অগ্ৰগতি দেখিলে ভাল লাগে।

ৱিকিৰ উপযোগিতাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্তমান ৱিকিপিডিয়া সামগ্ৰিক ভাৱে এক বৃহৎ তথ্যৰ ভঁৰাল। স্থানীয় বিষয় সমূহ বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ৱিকিয়ে বহু পৰিমানে সহায় কৰে। এজন বিদেশীৰ বাবে স্থানীয় তথ্য আটাইতকৈ প্ৰয়োজনীয়। কিন্তু ইয়াৰ সুবিধা অসমীয়া সমাজে সঠিকভাৱে লব পৰা বুলি ভাব হয়। উদাহৰণ স্বৰূপে অসম বিষয়ক ইংৰাজী ৱিকিত প্ৰবন্ধৰ সংখ্যা নিচেই তাকৰ। সেইদৰে অসমীয়াত লিখা প্ৰবন্ধৰ সংখ্যাও কম। ছাত্ৰ সমাজে এই ক্ষেত্ৰত আগ ভাগ লব পাৰে। তেওঁলোকে নিজৰ পাঠ্যক্ৰমৰ বিষয় এটাকে বাছি যদি ইংৰাজীৰ পৰা অসমীয়ালৈ বা অসমীয়াৰ পৰা ইংৰাজীলৈ তৰ্জমা কৰে, বিষয়টোক আয়ত্ত কৰাৰ লগতে দুয়োটা ভাষাত দখল বাঢ়িব। এতিয়া প্ৰশ্ন হয় আমি ছাত্ৰ সমাজক ৱিকিপিডিয়াত অৱদান আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিম কেনেকৈ? ইয়াৰ বাবে সক্ৰিয় সদস্যয়েই আগ ভাগ লব পাৰে। তেওঁলোকে বিদ্যালয়-মহাবিদ্যালয়ত ৱিকি হবি ক্লাব খুলিব পাৰে। লগতে মাজে সময়ে আন সক্ৰিয় সদস্যৰ সহায়ত আলোচনা চক্ৰ আদিও অনুষ্ঠিত কৰিব পাৰে। এসময়ত শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, তেজপুৰ জিআইএমটি, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত ৱিকি হবি ক্লাৱ আছিল। এতিয়া আছে নে নাই জ্ঞাত নহয়।

স্বেচ্ছাসেৱক সকল হৈছে ৱিকিপিডিয়াৰ চালিকাশক্তি। গতিকে স্বেচ্ছাসেৱকৰ সংখ্যা বঢ়াবলৈ সঠিক কাৰ্যপন্থা হাতত লোৱা প্রয়োজনবোধ কৰোঁ। বৰ্তমান সময়ত অসমত ‘কুৱৰা’ই বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে। তাৰ পৰাও শিক্ষা লোৱা উচিত যে কেনেকৈ নৱপ্ৰজন্মক ৱিকিৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি। সি যি কি নহওঁক, নতুন বছৰৰ আৰম্ভণি ভালেই হৈছে। এতিয়াৰ দৰে যেন এই গতি ধাৰা সদায় অব্যাহত থাকক তাৰে আশা থাকিল। শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনাৰে… - অজয় দাস (বাৰ্তা), ২৯ জানুৱাৰী, ২০১৯ (ইউ.টি.চি.)