ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০১৭

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Wiki patrika banner2.jpg Wiki patrika.jpg
মে', ২০১৭

উল্লেখনীয় কাম

Wikipedia-logo-v2.svg এপ্ৰিল মাহৰ অন্তত অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ৪৫৫৩টালৈ বৃদ্ধি পালে

Wikisource-logo.png এপ্ৰিল মাহৰ অন্তত ৱিকিউৎসত লেখাৰ সংখ্যা ১২৭১টালৈ বৃদ্ধি পালে

শ্ৰদ্ধাৰ্ঘ্য: ড°দিলীপ কুমাৰ বৰুৱা

ড° দিলীপ কুমাৰ বৰুৱা (১৯৪৪- ২৮ এপ্ৰিল, ২০১৭) অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়।

দৰং জিলাৰ ছিপাঝাৰত জন্মগ্ৰহণ কৰা বৰুৱাৰ পিতৃ-মাতৃ আছিল সত্যনাথ বৰুৱা আৰু স্বৰ্ণলতা বৰুৱা। পিতৃ চাকৰিসূত্ৰে ছিলঙলৈ বদলি হোৱাত বৰুৱাই শৈশৱকাল তাতে পাৰ কৰে। ১৯৫৭ চনত ছিলঙৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ঊত্তীৰ্ণ হৈ তেখেতে ছেইণ্ট এন্থনীজ কলেজৰ কলা শাখাত নামভৰ্তি কৰে। ১৯৫৯ চনত তেখেতে কটন কলেজৰ অৰ্থনীতিৰ স্নাতক শাখাত নাম লগায়। তাৰ পৰা উত্তীৰ্ণ হৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰে।

শিক্ষাজীৱন সাং কৰি ১৯৬৬ চনত তেখেতে কটন কলেজৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে আৰু ১৯৮৯ চনলৈকে ইয়াত কাম কৰে। তাৰ পাছত তেখেতে খানাপাৰা, গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত যুটীয়া সঞ্চালকৰূপে যোগদান কৰে। ১৯৯২ চনত তেখেত পুনৰ কটন কলেজলৈ ঘূৰি যায়। ২০০০ চনত এই মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লাভ কৰি তেখেতে ২০০১ চনত হাফলং মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগত ২০০৯ চনলৈকে অতিথি অধ্যাপক হিছাপে কাৰ্যনিৰ্বাহ কৰে। তেখেত দ্বিতীয় অসম ৰাজ্যিক বিত্তীয় আয়োগ আৰু সপ্তম দৰমহা আয়োগৰো সদস্য আছিল।

দিলীপ কুমাৰ বৰুৱাই ১৯৬৭ চনত কটন মহাবিদ্যালয়ত অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কুইজ প্ৰতিযোগিতা পাতি পৰিচালনা কৰে। ১৯৮৫ চনত তেখেতে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত অসমৰ টেলিভিজন জগতত কুইজ প্ৰতিযোগিতাৰ সূত্ৰপাত ঘটায়। উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰৰ পাঠ্যপুথিৰ লগতে তেখেতে কেইবাখনো কুইজৰ কিতাপো লিখিছে।

৭৩ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেখেতে মৃত্যুবৰণ কৰে।

যোৱা মাহত সৃষ্ট প্ৰবন্ধ (অসমীয়া ৱিকিপিডিয়া)

যোৱা মাহৰ অন্তৰ্ভুক্তি (অসমীয়া ৱিকিউৎস)

অন্যান্য

S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক

অসমীয়া তাৰিখ আৰু চন

অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰপত্ৰিকাৰ মালিকক জনোৱা হয় যে অসমীয়া তাৰিখটোৰ লগত চনটোৰ সামঞ্জস্য নাই। ভাস্কৰাব্দ বৰ্ষ ১৪২৪ চলি আছে । কুমাৰ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা আছিল। অসমীয়া বামুন। হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰি বঙ্গৰাজ শশাংকক আগপিছ দুইফালৰ পৰা বাঁহ দিছিল। অসমীয়া বহাগ, জেঠ, আহাৰ আদি মাহবোৰ ভাস্কৰাব্দ বৰ্ষমতেহে। গতিকে তাৰিখটোৰ লগত ভাস্কৰাব্দ বৰ্ষটো উলায় থকাটোহে সমীচিন হ'ব। JBDVIJASDVI (talk) 19:10, 28 June 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক[উত্তৰ দিয়ক]