ৱিকিপিডিয়া:পৰম বীৰ চক্ৰ এডিটাথন/নীতি
অৱয়ব
- মূল প্ৰকল্পটো ৱিকিপিডিয়াত হ’ব যদিও ৱিকিডাটাত থকা তথ্য আৰু বিৱৰণো ইয়াৰ লগতে আপডেট কৰিব পৰা যাব।
- সম্পাদনা মেলাৰ সময় ১৫ ছেপ্টেম্বৰৰ পুৱা ০০:০০ বজাৰ পৰা ২০ ছেপ্টেম্বৰ, নিশা ১১:৫৯:৫৯ বজালৈ। এই সম্পাদনা মেলাৰ অধীনত এই সময়ছোৱাত আগবঢ়োৱা অৱদানহে গ্ৰহণ কৰা হ’ব।
- সম্প্ৰসাৰিত বা নতুন প্ৰবন্ধৰ ন্যূনতম ৩০০০ বাইট বা ৩০০ শব্দ থাকিব লাগিব।
- সম্পূৰ্ণ যান্ত্ৰিক অনুবাদৰ দ্বাৰা সৃষ্টি কৰা প্ৰবন্ধসমূহ গ্ৰহণ কৰা নহ'ব। মেচিন অনুবাদ ব্যৱহাৰ কৰিলেও এয়া ভাষিকভাৱে সঠিক হ’ব লাগিব।
- প্ৰবন্ধৰ তালিকাৰ পৰা প্ৰবন্ধটো বাছনি কৰিব পাৰিব।
- কপিৰাইট উলংঘা আৰু উল্লেখযোগ্যতাৰ সমস্যা থাকিব নালাগিব আৰু স্থানীয় ৱিকিপিডিয়াৰ নীতি অনুসৰি প্ৰবন্ধটোৰ সঠিক উল্লেখযোগ্যতা থাকিব লাগিব।
- যিসকল অংশগ্ৰহণকাৰীয়ে অন্ততঃ এটা হ'লেও প্ৰবন্ধ সৃষ্টি কৰে তেওঁলোকক আয়োজকৰ ফালৰপৰা ই-চাৰ্টফিকেট প্ৰদান কৰা হ’ব।
- এই সম্পাদনামেলাৰ বাবে Universal Code of Conduct অনুসৰণ কৰা হ'ব।