ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ছেপ্টেম্বৰ,২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শেৱালি ফুল
শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইল্যাণ্ড ৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইল্যাণ্ডেৰ কাঞ্চনাবুৰি প্ৰদেশেৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে। শেৱালি ফুল দুৰ্গা পূজাত ফুলা দেখা যায়।

আলোকচিত্ৰ শিল্পী: বৰুণ পাবৰাই
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...