ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ডিচেম্বৰ,২০২৫
অৱয়ব
| কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Kaziranga National Park) অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুুুুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। ২০০৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে সংৰক্ষিত বনাঞ্চল (reserve forest) হিচাপে এশ বছৰ অতিক্ৰম কৰে। ১৯০৫ চনত কাজিৰঙাক 'সংৰক্ষিত বনাঞ্চল' হিচাপে স্বীকৃতি দিয়া হৈছিল। আলোকচিত্ৰ:গৌতম ডেকা পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহ – অধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া... |