ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/3

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

আই.পি ঠিকনা আৰু নতুন লেখা[সম্পাদনা কৰক]

আই.পি ঠিকনাৰে লিখা লেখাবোৰৰ বিষয়ে আমি এটা সিদ্ধান্ত লোৱা উচিত হ'ব নেকি? আনহাতে যিসকলে আই.পি ঠিকনাৰে লেখা আৰম্ভ কৰিছে তেওঁলোকক এটা একাউণ্ট খুলিবলৈ অনুৰোধ কৰিলোঁ৷

লগতে, সততে দেখা যায় নতুন সদস্য একোজনে এটা নতুন প্ৰবন্ধ আৰম্ভ কৰি ভাল পায়৷ এইটো এটা ভাল আৰম্ভণি৷ কিন্তু কেৱল এটা-দুটা শাৰীৰে এটা নতুন প্ৰবন্ধ সৃষ্টি কৰি প্ৰৱন্ধৰ সংখ্যা বৃদ্ধি নকৰি প্ৰথমে হাতত পৰ্যাপ্ত তথ্য গোটাইহে পৃষ্ঠাটো আৰম্ভ কৰা উচিত হ'ব যেন লাগে৷ নতুন সদস্যসকলে তেওঁলোকে ভালপোৱা আৰু হাতত মজুত থকা পৰ্যাপ্ত তথ্যৰে লেখা একোটা আৰম্ভ কৰিলে আমাৰ প্ৰবন্ধৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ সেই প্ৰবন্ধসমূহ সম্পাদনা কৰাৰ অতিৰিক্ত সময়ৰ পৰাও আমি বাচিব পাৰিম৷ কাৰণ বহু চমু প্ৰবন্ধ এনে কাৰণতে তেনেদৰেই পিছলৈ থাকি যোৱা দেখা গৈছে৷ কিবা সমস্যা বা অসুবিধা হ'লে (আই.পি ঠিকনাৰেই হওঁক লাগিলে) প্ৰথমে "ৰাইজৰ চ'ৰা"ত আলোচনা কৰিবলৈ বা সুধিবলৈ অনুৰোধ কৰিলোঁ৷

Anjal Borah 09:40, 19 জানুৱাৰী 2012 (UTC)

ইয়াত মই কালি প্ৰস্তাৱ এটা দিছিলোঁৱেই http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_(%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9) Gitartha.bordoloi 09:50, 19 জানুৱাৰী 2012 (UTC)

ঠিকে আছে৷ তোমাৰ কথাখিনি এতিয়াহে দেখিলোঁ৷ নতুন সদস্যসকলে কথাটো মন কৰিলেই হ'ল৷ হাতত পৰ্যাপ্ত তথ্য থাকিলে নতুন প্ৰবন্ধ লিখক, নাথাকিলে নতুন প্ৰবন্ধ আৰম্ভ কৰিব নালাগে৷ প্ৰথমে সদস্যসকলে http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:ShortPages থকা চুটি লেখাবোৰ বহলাব পৰা তথ্য নিজৰ হাতত আছেনেকি চাই ল'লে ভাল হ'ব যেন লাগে৷ Anjal Borah 10:02, 19 জানুৱাৰী 2012 (UTC)

নীলমণি ফুকন[সম্পাদনা কৰক]

ইয়াত ককা নীলমণি ফুকনৰ প্ৰবন্ধ লিখা আছে৷ কিন্তু আধুনিক কবি নীলমণি ফুকনৰ বিষয়ে আছেনে নাই ধৰিব পৰা নাই৷ কাৰণ অসমীয়া সাহিত্য লেখাটোত আধুনিক কবিৰ শিতানত থকা নীলমণি ফুকনত ক্লিক কৰিলেও ককা নীলমণি ফুকনহে ওলাই৷ এজনক ককা নীলমণি কৰিলে ভাল হ'বনে নীলমণি ফুকন (ককা) কৰিলে ভাল হ'ব? বিষয়টো আপোনালোকৰ দৃষ্টিৰ বাবে আগবঢ়ালোঁ৷ Anjal Borah 07:27, 28 জানুৱাৰী 2012 (UTC)

মোৰ বোধেৰে নীলমণি ফুকন (ককা) ৰাখক। ৱিকিপিডিয়াৰ বাকী লেখনী বিলাকৰ শীৰ্ষত 'সন্মানজনক সম্বোধন' আদি সাধাৰণতে ৰখা নহয়, কিন্তু দুজন ব্যক্তিৰ মাজত দ্ব্যৰ্থতা দূৰীকৰণৰ বাবে বন্ধনীৰ ভিতৰত বিশেষ চিনাকী সূচক শব্দটো ব্যৱহাৰ কৰিলে দুয়োটা নিয়মকে ৰক্ষা কৰা হ'ব। উদ্দীপতালুকদাৰ 11:55, 5 ফেব্ৰুৱাৰী 2012 (UTC)
মই ইতিমধ্যে নীলমণি ফুকন (কনিষ্ঠ) আৰু নীলমণি ফুকন (জেষ্ঠ) হিচাপে দুটা পৃথক প্ৰবন্ধ কৰি ৰাখিছোঁ৷ চাবা৷ লগতে চকুত পৰা অন্যান্য পৃষ্ঠাটো এনেদৰে নামৰ পিছত (কনিষ্ঠ), (জেষ্ঠ) লগাই ৰাখিছোঁ৷

Anjal Borah 06:27, 6 ফেব্ৰুৱাৰী 2012 (UTC)

ক্লীন-আপ টেগৰ বিষয়ে[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ প্ৰৱন্ধাৱলীত ক্লীন-আপ টেগ লগোৱাৰ বিষয়ে এটা কথা মনলৈ আহিছে। ভালদৰে চাবলৈ গ'লে প্ৰতিটো প্ৰৱন্ধতে অধিক উন্নয়নৰ থল আছে। সেয়ে, এনে টেগ লগোৱাৰ সময়ত 'আলোচনা' পৃষ্ঠাত নিৰ্দিষ্ট কৰি দিয়া ভাল নেকি যে "প্ৰৱন্ধটোত কমেও আৰু এইখিনি কথা যোগ দিয়কঃ ...."। বিশেষ ক্লীন-আপ নিৰ্দেশ যেনে তথ্য উৎস নোহোৱা, ভাষা সলনি আদিৰ বাবে থকা টেগ য'ত প্ৰয়োজন, ত'তে ব্যৱহাৰ কৰা হওঁক। কিন্তু ইয়াৰ পাছতো কিছুমান কনফিউজন ৰৈ যায়। তেনে কথাবিলাক অলপ বহলাই লিখিলে সুবিধা হ'ব। ঠিক কেনেকুৱাকৈ আগবঢ়াটো টেগ লগোৱাজনে বিচাৰিছে, সেইটো বুজিলে এটা দিশত আগবাঢ়িবলৈ সুবিধা হয়। নহ'লে উন্নয়নৰ বাবে বিশেষ সুবিধা নহয়। উদ্দীপতালুকদাৰ 17:56, 11 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিফাণ্ড[সম্পাদনা কৰক]

বন্ধুসকল, আমাৰ এটা ফাণ্ড মানে বেংক একাউন্ট খুলিবৰ হ'ল, লগতে চান্দাও উঠাবৰ হ'ল। যোৱাবাৰ কটন ৱিকিসন্মিলনত প্রায় ৫০০০ টকা খৰচ হ'ল, শ্রুতিমালা ভন্টী আৰু মধুচন্দা বাই এহেজাৰকৈ দিলে, মৰমৰ বিষ্ণু-জ্যোতী-গীতাৰ্থ-উদ্দীপ-নূপূৰ হঁতে ব্যক্তিগত দায়িত্ব পালন কৰিলে।

ভাল বাৰু। মোৰ মূল কথা হ'ল আমি আমাৰ ৱিকিখনৰ বাবে এটা বেংক একাউন্ট খুলিব লাগে। তাৰ বাবে প্রাথমিক ১ নে ২ হেজাৰ কি লাগে আছোঁ মই। বাকী ডেকাহঁতে ধন ১. ২. ৫,১০০...... যাৰেপৰা যেনেকৈ পাৰে গোটাওক। পইচা লাগিবই। কালিলৈ নলবাৰী বা ডিব্রুগড়লৈ যাবলৈ গীতাৰ্থ, বিষ্ণু উদ্দীপ হঁতক যি পাৰোঁ TA/DA কিবা দিব নেলাগিব নেকি?

কি কয় আপোনালোকে? মই দ্বিজেন মহন্ত দাদাক ধনভঁৰালী পদৰ বাবে অনুৰোধ কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ (talk) 18:54, 16 জুলাই 2012 (UTC)

(Rough Eng trans: Topic - wikifund:

Friends, its time to open a fund, meaning probably a bank account. Kotton wikimeetup needed INR 5000 approx. Sisters Shrutimaka and Madhuchanda ba had donated INR 1000 each. (I don't want to tell anyone how much I had, Jyoti, pl keep it secret). Lately I came to know that Nitul also had donated INR 500 - thanks. And jyoti and others burnt their fuel in Guwahati heat.

My point is: I don't know how, we need a wikifund. I am offering initial 2000. Youngstars will collect whatever possible: INR 1. 2. 3.......10000 (hehe). But the practical issue is that whenever there is a wikimeetup, we need fund for hall, stationary, tea, whatever TA DA we can offer to volunteers like jyoti, bishnu....etc

প্রভাকৰ শৰ্মা নেওগ (talk) 06:31, 17 জুলাই 2012 (UTC)

আইনমতে বেঙ্ক একাউণ্ট খুলিবলৈ হ’লে পঞ্জীকৰণ হোৱা দৰকাৰ। কথাটো বিচাৰ কৰি চাব।

--বিৰাজ কুমাৰ কাকতি (talk) 05:01, 17 জুলাই 2012 (UTC)

trans: we need to legally register.

--সদস্য:Biraj (talk) 05:01, 17 জুলাই 2012 (UTC)


মই বিৰাজদাৰ লগত একমত৷ পঞ্জীয়ন অবিহনে আমি ৱিকিৰ নামত একাউণ্ট খুলিবলৈ নিশ্চয় অসুবিধা হ'ব৷ তথাপি আমাক একাউণ্ট এটা লাগে৷ পইচাও লাগে৷ প্ৰস্তাৱটো সমৰ্থন কৰিছোঁ৷ কেনেদৰে কি নামত ক'ত খোলাৰ কথা ভবা হৈছে বিশদভাৱে জনালে সুবিধা হ'ব৷-- Anjal Borah (talk) 05:20, 17 জুলাই 2012 (UTC)
trans: I agree with biraj. however, we need money. how do we do it?

Anjal Borah (talk) 05:20, 17 জুলাই 2012 (UTC)

নেওগৰ প্ৰথমভাগ সমৰ্থন জনালো। আমাক ফাণ্ড এটা লাগে। কিন্তু তাৰপাছৰ অংশত সমৰ্থন জনাব নোৱাৰো।কাৰণ মই সেই দায়িত্ব লবলৈ অপৰাগ।Anjal Borahই ঠিকেই কৈছে। ‌‌‌দ্বিজেন মহন্ত (talk) 06:03, 17 জুলাই 2012 (UTC)
Friends, I am talking with Indian wikimedians, lets see what they suggest. প্রভাকৰ শৰ্মা নেওগ (talk) 06:31, 17 জুলাই 2012 (UTC)
বঢ়িয়া, এই কথাটো মই ব্যক্তিগত ভাবে ১০জুনত অনুষ্ঠিত বৰ্ষপুতিতে উলিয়াইছিলো। বোলো হেৰি নহয়, অনুষ্ঠাটো হল বাৰু, পিছে ইয়াৰ খৰচপাতিবোৰ কোনে, কেনেকৈ কৰ পৰা বহন কৰিছে। জ্যোতিয়ে বোলে আমিবোৰেই এতিয়া চলাই আছো, বোলো বৰ বেয়া কথা হৈছে, ইয়াতে কথাটো সকলোকে জনাই মাহেকীয়া বৰঙণি কিবা এটা ধাৰ্য্য কৰি দিলে ভাল আছিল, পাছত চিন্তা কৰিম বুলি কৈছিল, বিষয়টোৰ গুৰুত্ব বুজিয়েই মই মোৰ ফালৰ পৰা ব্যক্তিগত ভাবে ৫০০ টকা এখিলা দি আহিছিলো। তাৰ পাছৰ পৰা সেই বিষয় উলিওৱা দেখা নাই। আপুনি বৰ ভাল প্ৰস্তাব আগবঢ়ালে। ৰাইজে এতিয়া নখ জোকাৰাহে কথা আৰু।

নিতুল বৰা (talk) 21:40, 17 জুলাই 2012 (UTC)

Borah, I've given 2000, Madhuchanda mam 1000, Shrutimala sister 1000, and you 500. I don't know what kids did, but at least they ran around Guwahati organizing all - is it less? I am sure that no As wikipedian will misappropriate wikimoney. I know, kids had some fun (probably with your 500), but why not? And at least I'll never ask the kids for any account. I have "good faith" on them. Come on folks. Show some courage.

প্রভাকৰ শৰ্মা নেওগ (talk) 17:36, 17 জুলাই 2012 (UTC)

মোৰ আগৰ মন্তব্যটো ওলোটাকৈ নুবুজে যেন। ৱিকিফাণ্ডত মোৰ সমৰ্থন আছে। একাউণ্ট এটা খুলি আগ বাঢ়ক। পোৱালিহঁতৰ পৰা ল’ব নালাগে, আমি অলপ-চলপ হাত উজান দিলেই হ’ব।
Please, do not misunderstand my previous comment. I have full support in raising a fund for the wikipedia. Please, go ahead and open an account. It is not needed to ask contribution from the kids, we can contribute a little.

বিৰাজ কুমাৰ কাকতি (talk) 19:57, 17 জুলাই 2012 (UTC)

বঢ়িয়া সকলোৱে হাত উজান দিলে সকলো কামেই সম্ভৱ। আপোনালোক গুৱাহাটী বাসী কেইজনে আগভাগ ললে ভাল হয় কামটোত, মানে মই কব বিচাৰিছো, একাউণ্টটো গুৱাহাটীতে খুলি সদস্য সকলক একাউণ্ট নম্বৰ দি দিলেই আমি দুৰণিবতীয়া সকলে সেই একাউণ্ট নম্বৰত ধন জমা দিব পাৰিম। মাত্ৰ তাৰ আগতে কি হিচাপত ধন দিব লাগিব, যেনেঃ- মাহিলী নে, বছেৰেকীয়া সেয়া জনালেই হল। দ্বিজেন মহন্ত ককাইদেউ একেবাৰে উপযুক্ত কোষাধক্ষ । সকলোৱে সমৰ্থন কৰক ৰাইজ। তেখেতে নোৱাৰিম বুলি কবই। কোনেনো বাৰু মোক বিষয় বাব দিয়ক বুলি উবযাছি কব, দুই এক আজুহাত দেখুৱাবই। হাঃ হাঃহাঃ মোৰ কথা হল কামটো হৱ লাগে, সকলো সদস্যই অভিজ্ঞ, সকলোৰে ওপৰত আমাৰ বিশ্বাস আছে। ফাণ্ডৰ হিচাপ আমি পৰীক্ষা কৰিবলৈ নিবিচাৰো, কিন্তু আমাৰ ৱিকিপিডিয়াৰ লক্ষ্যত উপনীত হোৱাতোহে উদ্দেশ্য। ৰাইজ আগবাঢ়ক, আৰু মন্তব্য নিদিও, একেবাৰে সকলোবোৰ গাই দিছো। কি সিদ্ধান্ত লোৱা হল জনালেই হল।

--নিতুল বৰা (talk) 02:00, 18 জুলাই 2012 (UTC)

I also don't need any account statement about Assamese wikifund, at least at this infant stage of the wiki. I trust my fellow wikians. I can't operate the fund staying in a far place like Silchar. Further, I don't support for making a committee, because it might contribute towards centralizing the wiki, which is against wiki principles. So we need an active volunteer, who will open a second account devoted to the wiki, we'll all deposit some amount per month on that account. When somebody needs any money for wiki, he'll ask that person, and he'll give. However, we must all agree that if the account maintainer says no, then its a NO. Similarly, if he says yes, than its a YES, NO QUESTIONS ASKED. Lets keep the spirit of GOOD FAITH. IS THERE SUCH A COURAGEOUS VOLUNTEER?

প্রভাকৰ শৰ্মা নেওগ (talk) 00:12, 18 জুলাই 2012 (UTC)


I have a suggestion regarding this. To cover the expense related to Assamese wikimedia outreach programs prepeare a grant request and submit it to Wikimedia India chapter or Wikimedia Foundation. I remember chapter already gave some funds for 10th Anniversary. If you plan for more programs prepare a plan and then submit another grant request.--Shiju Alex (WMF) (talk) 07:29, 18 জুলাই 2012 (UTC)


To open an account we need to get registered first. As registration process takes time so for the time being we can open an SB account on somebody's name and use it for Ass-Wiki fund. But this may create problem for that person to justify that account to the IT department while submitting IT returns. I support the idea as i personally discussed about it with Uddip Talukdar and Santanu Kausik Baruah at 10th Ass-Wiki Anniversary meet-up.

ত্ৰিদীৰ কুমাৰ বৰুৱা (talk) 00:55, 23 জুলাই 2012 (UTC)


Can't two volunteers come forward and open an SBI SB joint account so that we can deposit money whenever needed or on a periodic basis? At least I have faith on all Assamese wikipedians. Registering might lead to centralization - which is against wikipedia principles. People, please remark on this. প্রভাকৰ শৰ্মা নেওগ (talk) 00:30, 24 জুলাই 2012 (UTC)

I concur with Shiju.Currently chapter is following rembursement model for grants. Please do help to improve the current model or rebursement. Please do check the wmin:SIG framework, SIGs (maybe Assamese SIG) are suppose bring up financial year plans and budgets,so that fund dissemenation will be easier --Naveenpf (talk) 03:31, 26 জুলাই 2012 (UTC)

বেটুপাতৰ "নিৰ্বাচিত প্রবন্ধ/চিত্র, আপুনি জানেনে" আদিৰ নিৰ্বাচন আৰু সংৰক্ষণ (Archiving)[সম্পাদনা কৰক]

বেটুপাতৰ "নিৰ্বাচিত প্রবন্ধ/চিত্র, আপুনি জানেনে" আদিৰ নিৰ্বাচন আৰু সংৰক্ষণ (Archiving) অৰ বাবে আমি এলানী নিয়ম বা প্রট'কল প্রচলন কৰা উচিত। মোৰ মতে ইং-ৱিকি বা বং-ৱিকিৰ নিয়মবিলাক আমি সম্যক পৰিমাণে পালন কৰিব পাৰোঁ। বৰ ষ্ট্রিক্ট হোৱাতো বৰ উচিত নহ'ব যেন লাগে।

  • "আপুনি জানেনে" বিলাক শেহতীয়া প্রবন্ধসমূহৰ পৰা দিয়া উচিত। যিহেতু মাত্র সীমিতসংখ্যক স্থান হে আছে, নতুন এটা "আপুনি জানেনে" দিবলৈ পুৰণি এটা মচিব লাগিব। তাকে নকৰি, পুৰণিটো তললৈ কপি কৰি ব্রেকেট দি "কমেন্ট আউট" কৰি থ'ব লাগে। লগতে যিহেতু যিকোনো সম্পাদকে এই কামটো কৰিব পৰা হ'ব লাগে। ইতিমধ্যেই যিহেতু "সাঁচ:আজিৰ আপুনি জানেনে" তেনে হয়েই, তাক সলনি কৰিব নালাগে।
  • এতিয়া বাকী ৰাইজে "নিৰ্বাচিত প্রবন্ধ" আৰু "নিৰ্বাচিত চিত্র"ৰ বাবে নিৰ্বাচন আৰু সংৰক্ষণ পদ্ধতি থিৰাং কৰক। প্রয়োজন হ'লে সহজ ইং ৱিকিপিডিয়াৰ সহায় লওক।

প্রভাকৰ শৰ্মা নেওগ (talk) 05:12, 7 আগষ্ট 2012 (UTC)

নিৰ্বাচিত চিত্ৰ-ৰ আৰ্কাইভিঙৰ মোটামোটি ব্যৱস্থা এটা কৰিলোঁ। বেটুপাতৰ নিৰ্বাচিত চিত্রৰ তলত থকা "আৰ্কাইভ" লিংকটোত ক্লিক কৰিলেই বুজিব পাৰিব। ইয়াতকৈ ভালকৈও কৰিব পৰা যায়, কোনোবাই মন কৰিলে কৰিব পাৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 06:56, 7 আগষ্ট 2012 (UTC)


ৱিকিউৎস-ৰ বাবে প্ৰস্তাৱিত দুটা ল'গ'[সম্পাদনা কৰক]

অসমীয়াত ৱিকিউৎস (ৱিকিছোৰ্ছ) মুকলি কৰাৰ বাবে যোজা চলোৱা হৈছে। সেই উপলক্ষে অসমীয়া ৱিকিউৎসৰ বাবে লোগো (ইংৰাজী ৱিকিছোৰ্ছৰ ভিত্তিত) প্ৰস্তুত কৰি ৰাইজৰ বিবেচনাৰ বাবে আগবঢ়োৱা হ'ল।

প্ৰতীক ১ মূল লোগোৰ তলৰ আখৰখিনি আধুনিক আখৰৰ ঠাচত

....

প্ৰতীক ২ মূল লোগোৰ তলৰ আখৰখিনি প্ৰাচীন অসমীয়া আখৰৰ ঠাচত

উদ্দীপতালুকদাৰ (talk) 20:18, 14 আগষ্ট 2012 (UTC)

প্রতীক নিৰ্বাচনৰ বাবে মতামত[সম্পাদনা কৰক]

মতামতৰ লগতে সমান্তৰালভাৱে প্ৰতীক নিৰ্বাচনৰ বাবে ভোট সংগহ কৰাটোৱেই ভাল হ’ব যেন পাইছো| নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছো সেয়ে| সকলোৱে ভোট দিয়ক| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)

প্ৰতীক ১) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
  1. বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:24, 17 আগষ্ট 2012 (UTC)
  2. বিৰাজ কুমাৰ কাকতি (talk) 20:34, 17 আগষ্ট 2012 (UTC)
  3. প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 18 আগষ্ট 2012 (UTC)
  4. অনিমেষ বৰা (talk) 02:43, 18 আগষ্ট 2012 (UTC)
  5. নেকিব আহমেদ 04:35, 18 আগষ্ট 2012 (UTC)
  6. দীপাংকৰ চেতিয়া বাৰ্তা 05:09, 18 আগষ্ট 2012 (UTC)
  7. Manjil Konwar (talk) 09:54, 18 আগষ্ট 2012 (UTC)
  8. — গীতাৰ্থ বৰদলৈ (talk) 14:22, 18 আগষ্ট 2012 (UTC)
প্ৰতীক ২) নিৰ্বাচন কৰিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক
ফলাফল :
৮ জন সদস্যৰ মতামতক সন্মান জনাই প্ৰতীক ১) টোকেই গৃহীত ক’ৰা হ’ল। বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:40, 10 ছেপ্টেম্বৰ 2012 (UTC)

ব্লগ বা ই-আলোচনীৰ পৰা তথ্য সুত্ৰ দিয়াটো বন্ধ কৰিব লাগে[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত কোনো ব্লগ বা নতুন অসমীয়া ই-আলোচনীৰ ওঅৰা তথ্য সুত্ৰ দিয়া কামটো বন্ধ কৰিব লাগে। এই কথাটো মই আগৰে পৰা ভাবি আছিলো যদিও এতিয়া কথাটোৰ গুৰুত্ত উপলব্ধি কৰিছো। উদাহাৰণ স্বৰূপে এই প্ৰবন্ধটোত অসমীয়া ভাষা উন্নতি সাধিনী সভা লব পাৰি। ইয়াত অসমীয়া ভাষা উন্নতি সাধিনী সভাক অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায় বুলি কোৱা হৈছে যদিও এই তথ্যটো ভুল আৰু ইয়াক এটা ব্লগৰ পৰা উদ্ধৃত কৰা হৈছিল। কথাটোৰ গুৰুত্ব উপলব্ধি কৰি সকলো সক্ৰিয় সদস্যকে এই বিষয়ে মতামত দিবলৈ আনুৰোধ জনালো। Jyoti Prakash Nath (talk) 08:58, 29 আগষ্ট 2012 (UTC)

ইংৰাজী বা আনভাষাৰ কাৰিকৰী তথা আন বিশেষ অৰ্থবহ শব্দ বিলাকৰ একক অসমীয়া প্ৰতিশব্দ[সম্পাদনা কৰক]

বহু সময়ত দেখা যায় কিছুমান শব্দই ক্ষেত্ৰভেদে আভিধানিক অৰ্থৰ ওপৰিও এক বিশেষ অৰ্থ বহন কৰে। উদাহৰণ স্বৰূপে Continuous আৰু Continual শব্দ দুটা লব পাৰি। সাধাৰণ অভিধান মতে দুয়ুটাৰে অৰ্থ প্ৰায় একে হলেই প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ হওতে বৈশিষ্টমূলক সূকীয়া অৰ্থ বহন কৰে। সাধাৰণ ভাৱে অসমীয়াত ইয়াৰ প্ৰতিশব্দৰূপে নিৰবিচ্ছিন্ন, একেৰাহে, ক্ৰমাগত, ইত্যাদি হব পাৰে। কিন্তু কাৰিকৰী দিশত Continuous - without break or gap কিন্তু Continual - continuously in small steps or packages ধৰণৰ হয়। যেনে "Continual improvement is the prime objective of QMS" সেইটো Continuous বুলি লিখিলে তাৰ অৰ্থই বেলেগ হৈ যাব। আকৌ কেতিয়াবা Republic আৰু Democracy দুইটা শব্দৰ বাবেই 'গণতন্ত্ৰ' শব্দটি লিখা হয়। যিহেতু ৱিকিত এনেধৰণৰ কথা প্ৰায়ে লিখিব লগা হয়, গতিকে এনে প্ৰতিশব্দ বিলাকৰ বাবে এক ৱিকি নীতি নিৰ্ধাৰণ কৰিব লাগে। মানে যিহেতু এনে কোনো নীতি আগৰপৰা নায়েই ( সাংবিধানিক পৰিভাষাত থাকিবও পাৰে), গতিকে প্ৰতিশব্দবিলাক দ্যৰ্থবোধক নোহোৱাকৈ ৰাখিৰব বাবে চেষ্টা চলাব লাগে। মই ফেচবুকৰ অসমীয়া ৱিকি গোটত এখন সৰু তালিকা ইতিমধ্যে দিছো। ৱিকিপেডিয়ান সকলে চাই মতামত দিলে ভাল পাম।

প্ৰবন্ধৰ প্ৰতিলিপি সম্পৰ্কে নমনীয়তাৰ প্ৰস্তাৱ[সম্পাদনা কৰক]

বহুদিন ধৰি অসমীয়া ৱিকিপিডিয়াত এটা সমস্যাৰ সৃষ্টি হৈ আছে| কিছু সদস্যই অসমীয়া ৱিকিপিডিয়াত অন্য ৱেবছাইটৰ পৰা প্ৰবন্ধ প্ৰতিলিপি কৰি থকা দেখা গৈছে| অসমীযা ৱিকিপিডিয়াৰ বৰ্তমান এক সংকটজনক অৱস্থাৰ মাজেৰেই চলি অহাটোলে চাই নতুন ভাল প্ৰবন্ধ আহিলে মনটো মোৰ ভাল লাগে, কিন্তু যেতিয়া প্ৰতিলিপি কৰা হ’ল বুলি এজন প্ৰশাসক হিচাপে ম‍ই প্ৰবন্ধ বিলোপ কৰিব লগা হয়, তেতিয়া মনটো আৰু বেছি বেয়া লাগে| এই সদস্যজনৰ বাৰ্তা পৄষ্ঠাটো চাওকচোন| তেওঁ দুটামান মোৰ মনৰ কথা কৈছে| কেইদিনমান আগতে ম‍ই ফেচবুকত দুজনমানৰ সৈতে এই সম্পৰ্কে আলোচনা কৰিছিলো| দুজনমানে সমৰ্থন কৰিছিল যদিও পাছত আৰু আলোচনাটো সম্পূৰ্ণ ন’হল| আলোচনাৰ অনুসৰি ই আলোচনী আদিত প্ৰকাশিত প্ৰবন্ধবোৰ এমাহ পাছতে সংৰক্ষিত হিচাপে ঠাই লয়, কেতিয়াবা হেৰায়ো যায়| আমি অসমীয়া ভাষাৰ ৱেবছাইটৰ গৰাকীসকলৰ সৈতে এক বুজাবুজিত মিলিত হয় "অসমীয়া ভাষা আৰু ৱিকিপিডিয়াৰ উন্নতিৰ স্বাৰ্থত" প্ৰবন্ধ প্ৰতিলিপি কৰাৰ অনুমতি লোৱা কথা আছিল| গতিকে ইয়াতে আলোচনাৰ লগতে এক ভোটিং প্ৰক্ৰিয়া আৰম্ভ কৰিলো| ভোটদানত প্ৰবন্ধ আমদানিৰ ক্ষেত্ৰত যদি আন সদস্যসকলে হয়ভৰ দিয়ে তেনে তাৰ পাছত আমি কেইটামান চৰ্তও দিব লাগিব, যাতে সাপো মৰে লাঠীও নাভাগে|

  1. প্ৰবন্ধটো আমদানী কৰাৰ পাছত সজাই পৰাৰ দিয়াৰ দায়িত্বও প্ৰতিলিপি কৰাৰ সদস্যজনে লোৱাৰ দায়িত্ব দিয়া উচিত|
  2. প্ৰবন্ধৰ শেষত প্ৰ্তিলিপি কৰা সংযোগ (URL) "তথ্য সংগ্ৰহ" হিচাপে দিয়া ভাল হ’ব|
  3. আলোচনা পৃষ্ঠাটো প্ৰবন্ধটোৰ লিখকৰ নাম আৰু ক’ত প্ৰ্কাশ হৈছিল, সেয়া স্পষ্টকৈ লিখা উচিত|
  4. ব্যক্তিগত ব্লগ আদিৰ পৰা প্ৰবন্ধ প্ৰতিলিপিৰ ক্ষেত্ৰত অলপ কঠোৰ হোৱা উচিত|
  5. কোনোবাই আপত্তি কৰিলে প্ৰবন্ধটো বিলোপ কৰিবলৈ কুন্ঠাবোধ নকৰি পোণপটীয়াকৈ এই আলোচনাৰ লিংক দি বিলোপ কৰা উচিত|
  6. ৱিকিপিডিয়াৰ সুদিন ঘূৰি আৰম্ভ নোহোৱালৈ এই প্ৰক্ৰিয়া বাহাল ৰখাৰো অনুমতি দিয়া ভাল হ’ব|

এইটো এটা প্ৰস্তাৱহে, ৱিকিপিডিয়াত নিয়মৰ বাহিৰত কিছুমান কাম কৰিব নোৱাৰি, কি উচিত, কি অনুচিত আপোনালোকেই নিৰ্নয় কৰিব, লগতে আৰু মত-অমত আদিও ব্যক্ত কৰে যেন| ফেচবুকটো এই প্ৰস্তাৱটোৰ বিষয়ে আপোনালোকৰ কোনোবা এজনে লিংক দিয়ে যেন| বিষ্ণু শইকীয়া 14:59, 17 নৱেম্বৰ 2012 (UTC)

ভোটিং[সম্পাদনা কৰক]

ভোটত আপোনাৰ স্বয়ংক্ৰিয় স্বাক্ষৰ দিবৰ বাবে #’ৰ পাছত ৪ ডাল "~" (টাইল্ড) চিন দিয়ক

সমৰ্থন
  1. বিষ্ণু শইকীয়া 14:59, 17 নৱেম্বৰ 2012 (UTC)
  2. Jyoti Prakash Nath (talk) 18:35, 17 নৱেম্বৰ 2012 (UTC)
  3. Manjil Konwar (talk) 19:32, 17 নৱেম্বৰ 2012 (UTC)
  4. Niyorporosh (talk) 02:46, 18 নৱেম্বৰ 2012 (UTC)
  5. Ani ttbr (talk) 03:28, 18 নৱেম্বৰ 2012 (UTC)
  6. Nayanjyoti sarma (talk) 05:45, 18 নৱেম্বৰ 2012 (UTC)
  7. Boranitul (talk) 20:44, 18 নৱেম্বৰ 2012 (UTC)
  8. Krish (talk) 14:07, 26 DECEMBER 2012 (UTC)


বিৰোধিতা
  1. উদ্দীপতালুকদাৰ (talk) 12:37, 18 নৱেম্বৰ 2012 (UTC) (বৰ্তমান প্ৰস্তাৱটো যেনেকৈ আগবঢ়োৱা হৈছে, তেনেকৈ মানি লোৱাত অলপ আপত্তি আছে।)
  2. — গীতাৰ্থ বৰদলৈ (talk) 14:58, 18 নৱেম্বৰ 2012 (UTC)
  3. দীপাংকৰ চেতিয়া? 17:09, 18 নৱেম্বৰ 2012 (UTC)
  4. পংকজ জ্যোতি মহন্ত (talk) 02:54, 19 নৱেম্বৰ 2012 (UTC)
  5. ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:00, 20 নৱেম্বৰ 2012 (UTC)
  6. বাবুল বৈশ্য 15:01, 28 নৱেম্বৰ 2012 (UTC)
  7. মাধৱ শইকীয়া >-- ->বাৰ্তা 12:51, 30 নৱেম্বৰ 2012 (UTC)
  8. ভগৎ লাল দত্ত 12:22, 4 ডিচেম্বৰ 2012 (UTC)



আলোচনা[সম্পাদনা কৰক]

  • নোসোধাকৈ প্ৰতিলিপি কৰা আৰু অনুমতি লৈ প্ৰকাশ কৰা দুয়োটা বেলেগ বস্তু। "অসমীয়া লিপিৰ বুৰঞ্জী" প্ৰবন্ধটো মৃণাল দা আৰু সত্যকাম দাৰ অনুমতি লৈহে ইয়াত দিছিলোঁ আৰু সেয়া টোকাত লিখি থৈছোঁ। কপিৰাইট আওকাণ কৰি পোনে পোনে নকল কৰিলে ৱিকিপিডিয়াৰ বদনামহে হ'ব আৰু কিছুমান মানুহ আঁতৰি যাব। ৱেবছাইটবোৰৰ লগত যোগাযোগ কৰি মূল লেখকৰ অনুমতি লোৱাটো অৱশ্যে এটা পথ, তাতো অলপ কেণা আছে। সাৱধান হ'ব লাগিব; পিছত যাতে ওলোটাকৈ নকয়। — গীতাৰ্থ বৰদলৈ (talk) 17:33, 17 নৱেম্বৰ 2012 (UTC)
  • আন এটা লেখাৰপৰা কপি-পেষ্ট কৰি ৱিকিপিডিয়াত যোগ দিয়াৰ কথাটো মই চিধাই সমৰ্থন নকৰোঁ। কাৰণ হিচাপে:
  1. মূল লেখকে ৱিকিপিডিয়াৰ বাবে অনুমতি দিলেও ৱিকিপিডিয়াত দিয়াৰ লগে লগেই আৰু কিছূমান কথা আহি পৰে, সেইখিনি সেই লেখকে মানি ল'ব নে? ধৰি লওঁক, সুন্দৰ প্ৰৱন্ধ এটা এনেকৈ ৱিকিপিডিয়াত দিয়া হ'ল। পাছত সেইখিনিকে আন এজনে এখন-দুখন ছবি দি কিতাপ আকাৰে ছপাই দিলে। ৱিকিপিডিয়াৰ নীতি অনুসসৰি সেইটো কৰিব পাৰি। কিন্তু এতিয়া যদি মূল লেখকে আপত্তি কৰে?
  2. 'অসমীয়া ৱিকিপিডিয়া'ৰ প্ৰৱন্ধ কম, কিন্তু আটাইকেইখন অসমীয়া ই-আলোচনী লগ কৰিও কপি-পেষ্ট কৰি ৱিকিপিডিয়াত দিব পৰা প্ৰৱন্ধ খুব কম ওলাব। দিলেও তাক ৱিকিপিডিয়াৰ বাবে ভালকৈ লিখাৰ পাছতহে দিব লাগিব। এবাৰ হাত ফুৰোৱাৰ লগে লগেই সেইটো আৰু লেখকৰ হৈ নাথাকিল। হত ফুৰাই নকৈ লিখা কামটো ৱিকিপিডিয়াৰ সদস্য এজনে কৰিবই লাগিব। নহ'লে কিছুমান সদস্যই কপি-পেষ্ট কৰি গৈ থাকিব, আৰু কিছূমানে সেইকেইটা ঠিক-ঠাক কৰিবলৈ ৰেফাৰেন্স বিচাৰি ফুৰিব লাগিব, আৰু নোৱাৰা কেইটা তেনেকৈয়ে ৰৈ যাব। ইয়াতকৈ কপি-পেষ্ট কৰাজনে যদি নিজে মূল সমলৰপৰা লেখাটো 'ৰি-ৰাইট' কৰি, ৰেফাৰেন্স আদি দি (ইয়াতে মূল লেখাটো ৰেফাৰেন্স হিচাপে দিব লাগে) নিজা লেখা কৰি দিয়ে, তেন্তে কপি-পেষ্ট কৰাৰ অসুবিধাটো নাথাকেই, লগতে সুন্দৰ ৱিকি-যোগ্য প্ৰৱন্ধ এটাও হয়। সেইখিনি কৰিবলৈ যদি সদস্যজনে এলাহ কৰে, তেন্তে তেখেতে ৱিকিৰ নীতি-আদৰ্শ দুয়োটাই বুজা নাই বুলি ভবাৰ বাহিৰে উপায় নাই। (এইখিনি কোনেও গাত-পাতি নল'ব, মই মাথো কৈছোঁ যে চিধাই কপি-পেষ্ট কৰি যিহেতু ৱিকিৰ যোগ্য প্ৰৱন্ধ এটা সৃষ্টি কৰিব নোৱাৰি, সেয়ে সদস্য এজনে নিজাববীয়াকৈ কথাখিনি ৱিকিৰ যোগ্য কৰি লিখি তাক নিজৰ নামতে লিখক।)
  3. 'অসমীয়া ৱিকিপিডিয়া'ৰ সদ্স্য কম, প্ৰৱন্ধৰ সংখ্যা কম, গতিকে আমি প্ৰতিলিপি লোৱাত বাধ্যবাধকতা কমাই দিব লাগে, সেইটো প্ৰায় আমাৰ হাতত টকা-পইচা নাই, গতিকে আমি চুৰি কৰিলেও দোষ ধৰিব নালাগে এনেকুৱা হ'বগৈ। যদিও ভবা হৈছে যে আমাৰ মানুহে কপি-ৰাইট লৈ সিমান অসুবিধা নিদিয়ে, কিন্তু অনতি পলমে আমাৰ ইয়াতো নেটত লেখা-মেলা কৰা মানুহে কপিৰাইটৰ প্ৰশ্ন তুলিবই তুলিব। এতিয়াই এইবিলাক ঠিক কৰি নগ'লে, আগলৈ অসুবিধাহে হ'ব। (আগতে এবাৰ এনেকৈ তুলি দিয়া প্ৰৱন্ধত মূল লেখকে আপত্তি কৰিছিল, মই তেখেতৰ লগত ব্যক্তিগত ভাৱে যোগাযোগ কৰাৰ পাছতো।)
  4. আমাৰ সদস্যসকল অকণমান desperate হৈ পৰা যেন ভাৱ হয় মোৰ মাজে মাজে। ৱিকিখনৰ প্ৰতি বিশেষ মৰম থকা বাবেই তেনেকুৱা হয় কিজানি। কিন্তু এনেকুৱা অৱস্থাত ছৰ্টকাট যিমান পাৰি এৰাই চলিব লাগিব। কাৰণ এনে ছৰ্টকাটেৰে বেছি লাভ নহয়, কাৰণ কপি-পেষ্ট কৰিবলগীয়া অসমীয়া কনটেন্ট কমেই আছে।
  5. অনুমতি লোৱাটো এষাৰ কথা আছে। এবাৰ প্ৰকাশৰ বাবে অনুমতিৰে হৈ যায়। কিন্তু ৱিকিৰ প্ৰৱন্ধ যিহেতু আনে নি নিজাকৈও ব্যৱহাৰ কৰিব পাৰে, সেয়ে আচলতে অকল অনুমতিৰে হৈ নাযায়। লেখকে লেখা এটা 'ৰাজহুৱা সম্পত্তি' বুলি ঘোযণা কৰাৰ পাছতহে আচলতে সেইটো ব্যৱহাৰ কৰা উচিত। তথাপি, অনুমতি লওঁতে, তেখেতৰ প্ৰৱন্ধটো যে অসমীয়া ৱিকিৰ বাহিৰতো ব্যৱহাৰ হ'ব পাৰে, সেইটো জনাই হৈ অনুমতি লোৱা উচিত।

[[উদ্দীপতালুকদাৰ (talk) 12:57, 18 নৱেম্বৰ 2012 (UTC)]]

  • উদ্দীপ দাৰ মন্তব্যলৈ সম্পূৰ্ণ সমৰ্থন। — গীতাৰ্থ বৰদলৈ (talk) 14:58, 18 নৱেম্বৰ 2012 (UTC)
  • উদ্দীপ দাৰ কথাখিনিক ম‍ইয়ো সমৰ্থন কৰো দীপাংকৰ চেতিয়া? 17:15, 18 নৱেম্বৰ 2012 (UTC)
  • ওপৰৰ দুয়োজন সদস্যৰ কেউটা মন্তব্য ময়ো সম্পূৰ্ণ শুদ্ধ বুলি বিবেচনা কৰোঁ। অৱশ্যে যদি কামটোত আগবঢ়া হয়, তেন্তে মোৰ ফালৰ পৰাও সহযোগিতা আগবঢ়াম। ওপৰৰ লিংকটোত দিয়া অনুসৰি উপৰোক্ত নতুন সদস্যজনৰ বাৰ্তা পৃষ্ঠাটো (আৰু তেখেতে সৃষ্টি কৰা আটাইকেইটা পৃষ্ঠা) চালো। যদিও প্ৰবন্ধৰ সংখ্যা কম তেখেতে কোৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াৰ ইমান হতাশজনক অৱস্থা নিশ্চয় নহয়। পংকজ জ্যোতি মহন্ত (talk) 03:29, 19 নৱেম্বৰ 2012 (UTC)
  • উদ্দীপ তালুকদাৰৰ কথাখিনিৰ সৈতে মই একমত। প্ৰতিলিপিৰ ক্ষেত্ৰত নিয়ম শিথিল কৰিলে কিছুমানে ইয়াৰ ভৰপুৰ লাভ উঠাব পাৰে, যাৰ ফলত অসমীয়া ৱিকিপিডিয়াই ইয়াৰ বৰ্তমান মৰ্যাদা হেৰুৱাবও পাৰে। কিছুমানে ৱিকিপিডিয়াক মাধ্যম হিচাপে লৈ অন্য ভাল লেখকৰ প্ৰবন্ধ অলপমান সলনি কৰি নিজৰ নামত প্ৰকাশ কৰিলেও ৱিকিপিডিয়াই একো বাধা দিব নোৱাৰিব, যিয়ে ৱিকিৰ ভাৱমূৰ্তি মূল লেখকজনৰ দৃষ্টিত অলপ হ'লেও ম্লান কৰিব। অৰ্থাৎ আমি ৰাস্তা ছুটি কৰিবলৈ গৈ খেতিপথাৰ ধ্বংস কৰা যেনহে হব । অৱশ্যে এয়া মোৰ ব্যক্তিগত মতামতহে। ধ্ৰুৱজ্যোতি শৰ্ম্মা (talk) 09:13, 20 নৱেম্বৰ 2012 (UTC)


ওপৰৰ মন্তব্যবোৰ চাই ম‍ই যি বুজিলো, মোৰ প্ৰস্তাৱটোৰ সঠিক অৰ্থ অনুধাৱন কৰা হোৱা নাই| আৰম্ভনিতেই ম‍ই কৈছো "নমনীয়তাৰ প্ৰস্তাৱ" অৰ্থাত পোনে পোনে বিলোপ নকৰি অন্য উপায়সমূহ সন্ধান কৰা উচিত| চিধাই কপি-পেষ্ট কৰাৰ সমৰ্থনৰ বাবে ইয়াত এই প্ৰস্তাৱ দিয়া নাই| যেনে মূল লেখক কোন ? তেখেত ৱিকিৰ লগত জড়িত হয়নে? তেখেতৰ অনুমতি সাপেক্ষে এইটো ইয়াত লিখা হৈছেনে? যদি হৈছে ভাল, নাই হোৱা যদি লব পৰা যায় নেকি ? আনহাতে সাহিত্য ডট অৰ্গৰ দৰে ৰাজহুৱা ৱেবছাইটত সৰহসংখ্যাক ৱিকিপিডিয়ানেই জড়িত আৰু সম্ভৱ প্ৰতিজন লিখককে প্ৰায় সকলোৱে চিনি পায়| তেওঁলোকৰ লগত এই সম্পৰ্কে যোগাযোগ কৰিব পাৰি নেকি? আলোচনা চলি থাকক| ভোট দিয়া সকলোকে সপক্ষে বিপক্ষে মতামত দিব অনুৰোধ জনালো| বিষ্ণু শইকীয়া 16:32, 20 নৱেম্বৰ 2012 (UTC)
"পোনে পোনে বিলোপ নকৰি অন্য উপায়" মানে নিশ্চয় তাত ৰেফাৰেন্স যোগ দিয়াৰ কথাকে কৈছা। সেইখিনি কৰোঁতে প্ৰৱন্ধটো নতুনকৈ লিখিবই লাগিব। কাৰণে ৰেফাৰেন্স খিনি যেনেকৈ পোৱা যাব, তেনেকৈ খাপে খাপে সুমুৱাব পৰা অৱস্থা এটা হৈ নাথাকে। ৰেফাৰেন্সৰ ভিত্তিত লেখাটো অলপ হ'লেও সলনি কৰিব লাগিবই। লগতে লেখাৰ শৈলীৰ অসুবিধাও আছে। বেছিভাগ বাহিৰৰ প্ৰৱন্ধতে লেখাৰ শৈলী সম্পূৰ্ণ বেলেগ। সেইখিনি সলনি কৰিব লাগিবই। দ্বিতীয়তে মূল লেখক যদি ৱিকিৰ লগত জড়িত হয়, তেন্তে কোনো অসুবিধাই নাই। তেখেতক প্ৰৱন্ধটো ৱিকিত দিবলৈ ক'লেই হ'ল। কিন্তু যদি নহয়? তেন্তে অনুমতি কি হিচাপে লোৱা হ'ব? লিখিত অনুমতি ল'লে অসুবিধা নাই। কিন্তু লিখিত অনুমতি ল'বলৈ ন্যায়িক ব্যৱস্থাৰ মাজেৰে যাব লাগিব। অন্যথা ইয়াত যদি প্ৰতিলিপি কৰা সদস্যজনে অনুমতি লোৱা বুলি মিছাকৈ লিখি থয়? (মই বৰ ঋণাত্মক ভাৱে লৈছোঁ, কিন্তু এশটা ভাল কামৰ বাবে আমাক কোনেও প্ৰশংসা নকৰিলেও দুটা নকল প্ৰৱন্ধ দেখিলেই ৰাইজে ৱিকিত 'চব' নকল প্ৰৱন্ধ বুলি কৈ ফুৰিব।) বা এটা সময়ত অনুমতি দিয়াৰ পাছত যদি লেখকে পাছত আপত্তি কৰে? মই ওপৰত কেনেকুৱা অৱস্থাত আপত্তি কৰিব পাৰে লিখিছোঁ। অসমীয়া ই-আলোচনী সমূহৰ তথ্য ভিত্তি কৰি প্ৰৱন্ধ এটা লিখাত মোৰ অকণো আপত্তি নাই। 'পোনে পোনে বিলোপ নকৰি' সেইটো ঠিক কৰিবলৈ সময় দিবই লাগে। কিন্তু নিৰ্দিষ্ট সময়-সীমা পাৰ হৈ যোৱাৰ পাছতো যদি প্ৰৱন্ধটো ৱিকিফাই (সদস্যজনেই হওঁক বা আন সদস্যয়েই হওক) কৰা নহয়, তেন্তে বিলোপ কৰিবই লাগে। কিন্তু এজনে টুপ্‌কৈ কপি-পেষ্ট কৰি আৰামত থাকিল, বাকী কেইজনে সেইটো ঠিক কৰি থাকিলে, প্ৰতিলিপি কৰাজনক উদগনি যোগোৱা হ'ব। আৰু মই মোটামুটি নিশ্চিত, যিকেইজনে কপি-পেষ্ট কৰিব, তেওঁলোকে আৰু সেইটোত হাত নিদিয়ে। এইখিনি কথা মই এনেকৈ ভাবোঁ কাৰণেই প্ৰস্তাৱটোত মান্তি হোৱা নাই। কিন্তু ৱিকিখন যিহেতু গণতান্ত্ৰিক পদ্ধতিৰে চালিত হয়, সেয়ে ভোট যেনেকৈ পৰে, তেনেকৈ কৰিলেই হ'ল। এই ভোটিঙৰ বাবে এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া। আৰু সময়-সীমা উকলি যোৱাৰ পাছত যিফালেই ভোট বেছিকৈ পৰিব, সেইটোৱেই গৃহীত হ'ব। তাত আমিও সহযোগ কৰিম।-উদ্দীপতালুকদাৰ (talk) 10:56, 25 নৱেম্বৰ 2012 (UTC)


"পোনে পোনে বিলোপ নকৰি অন্য উপায়" মানে ম‍ই সৰল অৰ্থত ব্যৱহাৰ কৰিছো| ৰেফাৰেন্সৰ কথা অনা নাই| বুজিছো... প্ৰবন্ধটো নতুনকৈ লিখিব লাগিব কিন্তু মোৰ বোধে নতুনকৈ লিখাতকৈ সেইটো ৱিকিফাই কৰাটো জনাবুজাসকলৰ বাবে অতি সহজ কাম, যদিহে ইচ্ছা কৰে| কিয়নো নতুনসকলৰ বহুতেই ৰেফাৰেন্সত উজুতি খাই, আনকি মোৰ ইমানদিন হোৱাৰ পাছত কেতিয়াবা মোৰো এনে হয়| আচলতে ওপৰত আমি আলোচনা কৰা কথাবোৰ বৰ ওপৰা ওপৰি হৈ আছে, অথচ মুল কথা এইখিনিয়েই| বাকী উদ্দীপদাই ওপৰত লিখাৰ দৰে "পোনে পোনে বিলোপ নকৰি' সেইটো ঠিক কৰিবলৈ সময় দিবই লাগে। কিন্তু নিৰ্দিষ্ট সময়-সীমা পাৰ হৈ যোৱাৰ পাছতো যদি প্ৰৱন্ধটো ৱিকিফাই (সদস্যজনেই হওঁক বা আন সদস্যয়েই হওক) কৰা নহয়, তেন্তে বিলোপ কৰিবই লাগে। কিন্তু এজনে টুপ্‌কৈ কপি-পেষ্ট কৰি আৰামত থাকিল, বাকী কেইজনে সেইটো ঠিক কৰি থাকিলে, প্ৰতিলিপি কৰাজনক উদগনি যোগোৱা হ'ব। আৰু মই মোটামুটি নিশ্চিত, যিকেইজনে কপি-পেষ্ট কৰিব, তেওঁলোকে আৰু সেইটোত হাত নিদিয়ে। এইখিনি কথা মই এনেকৈ ভাবোঁ কাৰণেই প্ৰস্তাৱটোত মান্তি হোৱা নাই।" কথাখিনি ম‍ই সমৰ্থন কৰিছো আৰু আৰম্ভনিতেই ম‍ই লিখা চৰ্তকেইটাৰ ১ নং প‍ইণ্টত সেইটোকে লিখিছো|
বাদবাকী "নকল" কৰাৰ কথা : সেইটো প্ৰকৃততে লেখকৰ অনুমতি লৈহে কৰা উচিত, যদি নকৰে তেনে... আচলতে বহুতো কথা বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে| কোনোবাই যদি বিশ্বাস ভংগ কৰে তেন্তে আগলৈ আমি ব্যৱস্থা লোৱাৰ পথ বহুত আছে|
ভোটৰ শেষ সময় সীমা দিবলৈ অসুবিধা পাইছো, কাৰণ বৰ্তমানলৈ প্ৰায় ৫০-৫০ হৈ আছে আৰু বহুকেইজনে মন্তব্য দিয়াই নাই| আৰু লগতে এই প্ৰস্তাৱটোৰ ক্ষেত্ৰত আমাৰ ৱিকিপিডিয়ানসকলৰ মাজত একো মতভেদ নথকাকৈ কৰাটোহে বিচাৰিছিলো| গতিকে যদি শেষ সময় দিব লগা হয় তেনে ৩১ ডিচেম্বৰ ২০১২ লৈকে দিব বিচাৰো, যাতে সকলোৱে মত দিয়াৰ সুবিধা পায়|
আৰু লগতে আপোনালোকে শ্ৰেণী:ৱিকিপিডিয়া পৰিচৰ্য্যা, বিশেষকৈ শ্ৰেণী:ৱিকিফাই কৰিব লগা প্ৰবন্ধ শ্ৰেণীবোৰ এবাৰ লক্ষ্য কৰিবচোন| আমাৰ ৱিকিপিডিয়াত অতি কম মানসম্পন্ন প্ৰবন্ধ এতিয়াও দেধাৰ আছে| জনাবুজাসকলে অলপ হাত ফুৰালে ভাল হয়| ম‍ই মাজে সময়ে অলপ চকু হাত ফুৰাই থাকো| কিন্তু আনসকলে বৰ বিশেষ এটা মনযোগ দিয়া দেখা নাই| ৱিকিপিডিয়াত এদিনতে যিহেতু এটা ভাল প্ৰবন্ধ গঢ় লৈ নুঠে আৰু সম্পাদনাৰ লগে লগে সেয়া উন্নত হৈ গৈ থাকে গতিকে এই দিশটো আমি আওকান কৰা উচিত নহয়| আজি নাই, কাইলৈ হব‍ই... এইয়া মোৰ দৃঢ় বিশ্বাস| বিষ্ণু শইকীয়া 19:10, 25 নৱেম্বৰ 2012 (UTC)