ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/4

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

Surreptitious support of the Bengali ৰ[সম্পাদনা কৰক]

As-wiki still supports "শ্ৰেণী" and "চিত্ৰ", both with the Bengali "ৰ" (are there others?). I think it is time to stop this. চাইপাও 17:06, 6 জানুৱাৰী 2013 (UTC)

আচলতে কথাটো অন্যধৰনে চাব খুজিলে বাংলা "ৰ"টো কোনোৱে এতিয়ালৈ পোণপটীয়াভাৱে ব্যৱহাৰ কৰা দেখা নাই| কিন্তু "ৰ কাৰ" ডাল উহ্য হৈ থাকি যেনে "প্ৰ" "ক্ৰ" আদিবোৰত বৰ পয়মাল লগায়| সেইবাবে প্ৰায়ে এই সমস্যাটো হয়| বহুতো লোকে অভ্ৰ নাইবা তেনে সঁজুলি ব্যৱহাৰ কৰে যাৰ ফলত এই ৰ কাৰ ডাল লুকাই থাকে| কিন্তু এতিয়া আমি সদস্যসকলক বাধা দিব পাৰিম জানো? সদস্যসকলে যদি ইচ্ছা কৰি নিজৰ কীৱৰ্ড বা কীৱৰ্ডৰ লেআউট সলনি কৰে তেন্তে ই খুব ভাল কথা| কিন্তু মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো, কীৱৰ্ড এবাৰ অভ্যস্ত হ’লে সলনি কৰিব বৰ অসুবিধা| বাৰাহাৰ দাৰি (|) ডাল দীঘল| এইটোৱো আন এক সমস্যা| অন্য ছফ্টৱেৰত অভ্যস্ত হোৱা নাই বাবে ময়ো অসুবিধা পাওঁ| মোৰ বোধে এই সমস্যাটো এৰাই চলিবৰ বাবে আমাক ’Ucodebot ’ৰ নিয়মিত আপডালৰ প্ৰয়োজন| লগতে সন্ধান / সংযোগৰ সুবিধাৰ্থে "প্ৰ" "ক্ৰ" আদিবোৰৰ দৰে পুনৰ্নিৰ্দেশনা এই যোৱাটো ভাল| উদাহৰণস্বৰূপে হেলেনা ব'নহাম কাৰ্টাৰ প্ৰবন্ধটোৰ এটা পুনৰ্নিৰ্দেশ হেলেনা ব'নহাম কাৰ্টাৰত ৰাখি থ’লে ভাল হয়| বিষ্ণু শইকীয়া 18:24, 6 জানুৱাৰী 2013 (UTC)
সদস্যসকলক বাৰে বাৰে শুদ্ধ কী-ব'ৰ্ড ব্যৱহাৰ কৰিবলৈ কোৱা হৈছেই। বাৰাহাৰ পাইপডালে বিশেষ অসুবিধা নকৰে। অসুবিধা কৰে ৰ-ৰ ঠাইত "ৰ", ৎ-ৰ ঠাইত "ত্‌" আদিয়ে। আকৌ এটা অনুৰোধ জনাবলৈ হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 19:46, 6 জানুৱাৰী 2013 (UTC)
Bishnu, I am asking you not to do anything other than to remove the support of the two spellings. I don't see any reason why we should accommodate some laggards. If some people prefer to use outdated keyboards, they are free to do so. We should just stop supporting them. They may yet see light and update. We can, of course, correct that here, in Wikipedia. But what about all the blogs they are polluting? We do have a responsibility. চাইপাও 21:00, 6 জানুৱাৰী 2013 (UTC)
Further, I do not think we need a mixed Bengali-Assamese article to redirect people to the right article. I even have misgivings on the profusion of Arabic, Chinese and Korean redirects. That is what interwiki links are for. I do think there is a case for keeping English-spelled redirects. But the others, they are of no use. I suggest we remove them. And as for mixed-spelling, which you suggest (হেলেনা ব'নহাম কাৰ্টাৰ), I strongly believe there is nothing to be gained by supporting people's bad habits. As for running Ucodebot, it is not entirely automatic, and I need to accept or reject for each page. চাইপাও 21:30, 6 জানুৱাৰী 2013 (UTC)
বাংলা নামৰ পৰা ৰিডিৰেক্ট দিয়াটো সমৰ্থন নকৰোঁ। একেদৰে ভুল ভুল বানানৰ পৰা থকা বহু ৰিডিৰেক্ট ইতিমধ্যে মচি পেলোৱা হৈছে। — গীতাৰ্থ বৰদলৈ (talk) 06:59, 7 জানুৱাৰী 2013 (UTC)
@ Chaipau, আপোনাৰ কথাটোত মোৰ আপত্তি একো নাই| কিন্তু আমি এনে ক্ষেত্ৰত সময়তকৈ বেছি আগবাঢ়ি থকা যেন লাগে| অসমীয়া লিখাৰ এটা ভাল সঁজুলি মই এতিয়াও অনুভৱ কৰো, হ’ব পাৰে বিগত বছৰটোত কেইবাটও নতুন নতুন লিখন সঁজুলি ওলাইছে| কিন্তু প্ৰত্যেকতে কিবা নহয় কিবা ত্ৰুটি পাইছো বাবে সেইবোৰ গ্ৰহণ কৰিব খুজিও বাৰে বাৰে থমকি ৰ’ব লগা হৈছে| মোৰ কথাটো ইয়াতে এৰিছো| আন মোবাইল ব্যৱহাৰকাৰীসকলৰ কথা আমি পাহৰিব নালাগে| তেওঁলোকৰ বাবে এটা ভাল টাইপিং টুল উপলদ্ধ আছেনে? এই অসুবিধাৰ ফলতে আমাৰে মাজৰ দুজনমান সক্ৰিয় সদস্যই বাধ্য হৈ সেইবোৰ টুল ব্যৱহাৰ কৰি নতুন নতুন প্ৰবন্ধ লিখি আহিছে| ইয়াৰ ফলত আনকি বহুকেইটা প্ৰবন্ধৰ শিৰোনামটো "ৰ কাৰ" উহ্য হৈ থাকি বিপাংত পেলাইছে, যিবোৰ সততে আমাৰ চকুত নপৰে| মোৰ মতে বাংলা "ৰ"টোৰ এটা উচিত সমাধান নোহোৱালৈ REDIRECT বোৰ থকা উচিত| যাতে সেইকেইটা প্ৰবন্ধ মোবাইল ব্যৱহাৰকাৰীসকলে বা তেনে টুল ব্যৱহাৰ কৰা সদস্যসকলে বিচাৰি ওলিয়াব পাৰে, সমাধানৰ পাছত সেইবোৰ মচি পেলাব পৰা যায়| এনেধৰণৰ অসুবিধাৰ বাবে মিত্ৰদেৱ মহন্তকে ধৰি অন্য দুটামান প্ৰবন্ধ সৃষ্টি হৈছিল, যিবোৰ পাছ্ত একত্ৰিত কৰা হ’ল বা মচি দিয়া হ’ল| লগতে আৰু এটা কথা, অসমীয়া ৱিকিপিডিয়াত খুব বেছি ১০ জন সক্ৰিয় সদস্য আছে| তাৰে ভিতৰত মই জনাত চন্দন আৰু নয়নে মোবাইলৰ দ্বাৰা লিখি আছে| আমি সমাধান থকা সত্বেও (UCODEBOT) তেওঁলোকক সম্পাদনাৰ পৰা নিৰাশ কৰা উচিতনে? আৰু এটা কথা যিসকলে বাংলা "ৰ" ব্যৱহাৰ কৰি আহিছে, তেওঁলোকৰ সৈতে পোণপটীয়াকৈ যোগাযোগ কৰা হৈছেনে ? আমাৰ এই মুষ্টিমেয় সদস্যকেইজনৰ ভিতৰতে যদি যোগাযোগ কৰা সম্ভৱ হোৱা নাই সেয়া বাৰুকৈয়ে আচৰিত হ’ব লগা কথা|
লগতে UCODEBOT যোগে নিয়মিত পৰিচৰ্যা কৰাত কি অসুবিধা আছে সেইয়াও জানিব বিছাৰিছো| বিষ্ণু শইকীয়া 15:55, 8 জানুৱাৰী 2013 (UTC)
Asking the users and then helping them move to a better keyboard is something we should do. I agree. But we cannot keep supporting these faulty keyboards.
There were a number of things we did try. We developed the Narayam keyboard in public, so all could design and approve it. But I don't think anyone is using it. Have you tried it? We made a number of public appeals (on facebook) over the year.
Ucodebot was tasked to correct the errors already made, an onerous task if done manually. But using it as a pretext to keep using the wrong keyboard is an abuse of Ucodebot. Moreoever, it requires it requires manual supervision. And it is very bad at identifying and correcting the pipes used for dari, and other such error.
চাইপাও 20:15, 8 জানুৱাৰী 2013 (UTC)

Redirects from other languages/scripts[সম্পাদনা কৰক]

I mean, things like this: اسلامی جمہوریہ پاکستان Do we need them? Do we know Arabic, Nasktaliqh, Mandarin, Korean etc well enough to be able to maintain these links? How many languages do we support? I suggest we stop supporting redirects from other languages, including English. Instead we should encourage interwiki links. চাইপাও 11:16, 7 জানুৱাৰী 2013 (UTC)

Some of these redirect links were inserted by User:WikitanvirBot_I. Did the owner of the bot get in touch with one of us? চাইপাও 11:33, 7 জানুৱাৰী 2013 (UTC)

I suggest to keep english redirects as for most people still that is the primary language of search. Also it helps while sharing the link outside wiki. --Shijualex (talk) 11:36, 7 জানুৱাৰী 2013 (UTC)
I actually support keeping the English redirect. My reason is that since there is a problem of standard trasliteration of English names to Assamese, hence people may use different spellings then we have used to name the article here. For, mistakes towards the end of the word is not a big problem, but if the first letter is different, then it will never show. Same is true for various scientific or other such conceptual articles, where knowing the exact Assamese word is difficult many a times, though some people would like to read the article in Assamese to understand properly. Hence, in my opinion English redirection should be there, other redirections are not neded. উদ্দীপতালুকদাৰ (talk) 12:30, 7 জানুৱাৰী 2013 (UTC)


yes, that is true. We might need to transliterate so many words especially when dealing woth science and technology ariticles. Keeping english redirects will also help Assamese during search. My suggestion would be to keep english and Assamese redirects and remove rest of the language redirects.--Shijualex (talk) 13:22, 7 জানুৱাৰী 2013 (UTC)

OK, this sounds good. Let us adopt this as a policy. Redirects, other than in English, will not be maintained or protected. And, of course, all articles will be in Assamese. চাইপাও 13:30, 7 জানুৱাৰী 2013 (UTC)

We've had discussions months ago regarding English redirects (see this page). The WikitanvirBot was run only when we told him to do so. As said in the previous topic of discussion, I don't support redirects other than English. — গীতাৰ্থ বৰদলৈ (talk) 14:19, 7 জানুৱাৰী 2013 (UTC)
ওপৰত এই সংক্ৰান্তত অলপ বহলাই লিখিছো| ইংৰাজী ভাষাৰ REDIRECT ৰ লগতে ওপৰত কোৱাৰ দৰে বাংলা "ৰ" উহ্য প্ৰবন্ধৰো REDIRECT সমৰ্থন কৰো| কাৰণ ওপৰত লিখিছো| অন্য ভাষাৰ REDIRECT বোৰ অপ্ৰয়োজনীয় আৰু সময় সুবিধা পালে সেইবোৰ বিলোপ কৰাটো মই সমৰ্থন কৰো| ভুল বানান বা এনে REDIRECT আদিৰ ক্ষেত্ৰত ইংৰাজী ৱিকিৰ REDIRECT নীতিসমূহ এবাৰ চাই লবলৈ সকলোকে বিনম্ৰভাৱে অনুৰোধ জনালো|বিষ্ণু শইকীয়া 15:55, 8 জানুৱাৰী 2013 (UTC)

While following broken redirects, I came across articles that were deleted because they were very short. I have also deleted many nonsensical articles in the past. Do we have a policy on them? Should we delete articles or let them be for someone to add content. চাইপাও 11:11, 9 জানুৱাৰী 2013 (UTC)

Deployment of new typing tool Universal Language Selector for Assamese[সম্পাদনা কৰক]

Dear all,

You all must have noticed thre new typing tool being deployed for Assamese and your old typing options are gone. This is because of the deployment of the new typing tool Universal Language Selector. As it is a new feature most users might need to know how to enable it. Do you all need a guide for the new wikipedians to learn. I'm making a guide for all the Indic language wikipedians. I'd need your help to translate that to Assamese so we could add them. Please help me translating this for Assamese. --Subha (talk) 06:38, 26 জুন 2013 (UTC)

"ৰ'দালি" টাইপিং লে'আউটৰ সংযোজন[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত Universal language selector-ৰ আগমণৰ লগে লগে ৬ খন ইন্‌-বিল্ট টাইপিং কীব'ৰ্ড উপলব্ধ হৈছে (আগতে ৪ খন আছিল)। ইয়াৰে 'অভ্ৰ' (Avro) কীবৰ্ডখন আঁতৰাই ৰ'দালি (Rodali) কীব'ৰ্ড সংযোগ কৰাৰ প্ৰস্তাৱ দিলোঁ। লগতে ইন্‌স্ক্ৰিপ্ত ২ (Inscript 2) আৰু ফনেটিক (Phonetic) আঁতৰোৱাৰ প্ৰস্তাৱ দিলোঁ। এই প্ৰস্তাৱ গৃহীত হ'লে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত চাৰিখন ইন্‌-বিল্ট কীব'ৰ্ড থাকিব- প্ৰতিৰূপান্তৰণ (লিপ্যন্তৰ), ৰ'দালি, বৰ্ণনা আৰু ইন্‌স্ক্ৰিপ্ট। লিপ্যন্তৰ আৰু ইন্‌স্ক্ৰিপ্ট কীব'ৰ্ডত থকা কিছুমান আসোঁৱাহ আঁতৰাবলৈ পৰৱৰ্তী পৰ্যায়ত প্ৰস্তাৱ দিয়া হ'ব। প্ৰস্তাৱটোত সমৰ্থন জনাবলৈ বা নজনাবলৈ তলৰ "হয়" বা "নহয়" অনুচ্ছেদৰ তলত আপোনাৰ স্বাক্ষৰ কৰক।

হয়[সম্পাদনা কৰক]

  1. — গীতাৰ্থ বৰদলৈ (talk) 15:43, 20 জুলাই 2013 (UTC)
  2. Ani ttbr (talk) 16:17, 20 জুলাই 2013 (UTC)
  3. গুণদীপ চেতিয়া (talk)
  4. দীপাংকৰ চেতিয়া? 16:49, 20 জুলাই 2013 (UTC)
  5. দ্বিজেন মহন্ত (talk) 16:59, 20 জুলাই 2013 (UTC)
  6. 117.198.53.240 17:17, 20 জুলাই 2013 (UTC)

নহয়[সম্পাদনা কৰক]

আলোচনা[সম্পাদনা কৰক]

অনলাইন "চাট" মিটিং[সম্পাদনা কৰক]

ৰাইজ, অনলাইন "চাট" মিটিং এখন পাতোঁ আহক। মোটামোটি এজেণ্ডা এনে ধৰণৰ হওকঃ

  1. ৱিকিৰ অগ্ৰগতিৰ খতিয়ান লোৱা, নতুন সদস্য সকলৰ লগত চিনা পৰিচয় হোৱা, অভিজ্ঞতা বিনিময়, নিমন্ত্ৰিত সকলক ৱিকিপিডিয়ালৈ আনিবলৈ চেষ্টা কৰা আদি।
  2. সদস্যসংখ্যা আৰু প্ৰবন্ধ সংখ্যা বঢ়াবলৈ উপায় চিন্তা কৰা
  3. ব্যস্ততা আৰু সামৰ্থ্য অনুসৰি পুৰণিসকলে অহা ৬ মাহত কেনেকুৱা বা কি কি কামত মনোনিবেশ কৰিব পাৰে তাৰ বুজ লোৱা
  4. নতুন কোনো ইন'ভেটিভ কামৰ বিষয়ে আলোচনা আদি।

....আৰু যোগ দিব পাৰে।

প্ৰথম দিন আৰু সময় ঠিক কৰোঁ আহক। লগতে কাৰোবাৰ এজেণ্ডা বা মিটিংখনৰ ধৰণৰ বিষয়ে কিবা ক'বলগা থাকিলে আলোচনা কৰিব পাৰে।

স্থান[সম্পাদনা কৰক]

— গীতাৰ্থ বৰদলৈ (talk) 07:01, 11 অক্টোবৰ 2013 (UTC)

ভাল। অন্যান্য সদস্যসকলে এবাৰ নিজে ট্ৰায়েল দি চাই কৰিবলৈ টান পাইছে যদি জনাওক। সহায়ৰ বাবে তলত আৰু কেইটামান লিংক দিলোঁ-
প্ৰভাকৰ শৰ্মা নেওগ (talk) 11:41, 11 অক্টোবৰ 2013 (UTC)

তাৰিখ আৰু সময়[সম্পাদনা কৰক]

  • ২০ অক্টোবৰ ২০১২ তাৰিখ, দেওবাৰ বিয়লি 4:০০ বজাত কেনে দেখে? ‌অনুগ্ৰহ কৰি সকলোৱে থাকিম/নাথাকোঁ বা অন্য সময় প্ৰস্তাব কৰিব বিচাৰিলে তলত লিখক। মোক ০9435781896 নম্বৰত ফোন কৰিও জনাব পাৰে। প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:56, 13 অক্টোবৰ 2013 (UTC)
    • থাকিম। প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:56, 13 অক্টোবৰ 2013 (UTC)
    • ৰাতিৰ কোনোবা এটা সময়ত হোৱা হ'লে বেছি সুবিধা হ'লহেঁতেন৷ বিয়লি হ'লেও থাকিম বাৰু৷ Joli (talk) 13:30, 15 অক্টোবৰ 2013 (UTC)
    • ১৯ তাৰিখে ৰাতি/আবেলি হোৱা হ’লে মোৰ সুবিধা হ’লহেতেন, ২০ তাৰিখে ম‍ই কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰাকৈ থাকিম নাই সন্দেহ| দীপাংকৰ চেতিয়া? 04:44, 18 অক্টোবৰ 2013 (UTC)
      • আচলতে আমি সদায়েই অনলাইন আলোচনা কৰিব পাৰোঁ, কিন্তু সকলোৰে একে সময়তে নেটত বহাৰ সময় নাথাকে আৰু লগতে সদায়েই ৱিকিপিডিয়াৰ বাবে আহৰি উলিয়াব পৰা নাযাবও পাৰে। সকলো যিহেতু চাকৰি-বাকৰি কৰা মানুহ, সেয়ে বন্ধৰ দিনতে দিলে সুবিধা হ'ব বুলিয়েই দেওবাৰে চাৰি বজাত দিছিলোঁ। এতিয়াও চেষ্টা কৰি চোৱাঁচোন, কিজানি পৰা যায়েই। প্ৰভাকৰ শৰ্মা নেওগ (talk) 07:50, 18 অক্টোবৰ 2013 (UTC)

আলোচনা[সম্পাদনা কৰক]

  • ধন্যবাদ, এনে এখন মিটিঙৰ অভাব অনুভৱ কৰি আছিলো বহু দিনৰ পৰাই। আপোনালোকৰ পৰা বহুতো নজনা কথা জানিবলৈ আছে। ৰাইজে মতামত আগবঢ়াওঁক সোনকালে----Boranitul (talk) 19:05, 10 অক্টোবৰ 2013 (UTC)
  • ময়ো লগত আছো। দিন এটা ঠিক কৰা হওক।- বাবুল বৈশ্য
  • সমৰ্থন কৰিছোঁ৷ সোনকালে দিন বাৰ ঠিক কৰা যাওক তেন্তে -Joli (talk) 03:55, 11 অক্টোবৰ 2013 (UTC)
  • ৰাতি হ'লেহে সকলোৰে সুবিধা হ'ব নেকি? প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:54, 11 অক্টোবৰ 2013 (UTC)
  • ম‍ই অফলাইন মিটআপৰহে পোষকতা কৰো এই মূহুৰ্তত, অনলাইন আলোচনাৰ পৰা পুৰণি কেইজনৰ কথা বতৰাৰ বাহিৰে বৰ বিশেষ লাভ হ’ব বুলি ম‍ই নাভাবোঁ , আচনিতকৈ নতুন মানুহৰ বেছি প্ৰয়োজন দীপাংকৰ চেতিয়া? 15:10, 11 অক্টোবৰ 2013 (UTC)
  • নতুন মানুহ আনিবৰ বাবে অফলাইন মিটআপ দৰকাৰী৷ কিন্তু এনে আউটৰিচ্চ কাৰ্য্যকলাপৰ বাবেও সঠিক পৰিকল্পনাৰ প্ৰয়োজন৷ আৰু এইবাবেই পুৰণি সদস্যসকলে এবাৰ নিজৰ মাজতে আলোচনা কৰি ভৱিষ্যত পদক্ষেপ ঠিক কৰি লোৱা উচিত৷ যিহেতু সকলো পুৰণি সদস্যসকলৰ বাবে অফলাইন লগ পোৱা বৰ্তমান সম্ভৱ নহয় সেয়ে মই ভাৱো, অনলাইন আলোচনাৰ চেষ্টা এটা কৰি চালে একো ক্ষতি নহয়৷ প্ৰয়োজন সাপেক্ষে প্ৰত্যেক অভিজ্ঞ ৱিকিপিডিয়ানে নিজৰ নিজৰ ঠাইত অফলাইন মিটআপৰ নিশ্চয় আয়োজন কৰিব পাৰে, নহয় জানো? --Joli (talk) 16:16, 11 অক্টোবৰ 2013 (UTC)
আপোনাৰ কথা মানি লৈছো, Joli বা কিন্তু মোৰ কথাটো কোৱাৰ মূল ঊদ্দেশ্য আছিল এনে এখন অনলাইন মিটাপ এখনৰ ফলাফল যাতে আচনি এখন সজাতে শেষ হৈ নাযায়, যোৱা বছৰ আৰম্ভ কৰা প্ৰকল্পবোৰ মানুহৰ অভাৱত তেনেকৈয়েই থাকি গ’ল, অকল সিদ্ধান্ততেই সকলোবোৰ সীমাবদ্ধ থকাৰ দৰে হ’ল (স্বীকাৰ কৰো নিজেও আজিকালি কম সময় দিব পাৰো ৱিকিক|) দীপাংকৰ চেতিয়া? 07:25, 12 অক্টোবৰ 2013 (UTC)
অনেক ক্ষেত্ৰতে আঁচনি কৰি ৰূপায়িত নোহোৱা দেখা যায়, ইয়াৰ অৰ্থ এয়ে নহয় যে পৰিকল্পনা কৰা বন্ধ কৰি দিব লাগিব। তদুপৰি বহুত ক্ষেত্ৰত সামান্য হ'লেও কাম হয়। আনকি কোনো কোনো ক্ষেত্ৰত কোনো আঁচনিৰ ফলত পৰিকল্পিত কামটো নহ'লেও "চাইড এফেক্ট"ৰ দৰে আওপকীয়াকৈ অন্য কামো হয় - যেনে ডাঙৰ মন্ত্ৰী আহিলে চহৰখনৰ ৰাস্তাবোৰ ভাল হোৱা আদি।
আঁচনী সফল নোহোৱাৰ মূল কাৰণ হৈছে অতি অভিলাষী আঁচনী কৰা। আগতে কৰি নোপোৱা কামত প্ৰায়ে এনে হয় - আমাৰ ক্ষেত্ৰত এয়ে হ'ল। সাধনৰ বুজ ল'ব নজনা বা অতিমাত্ৰা উৎসাহত আগ পাচ নুগুণি আঁচনী কৰিলেও এনে হয়। কেতিয়াবা "কৰি চাওঁচোন, কিবা হয়েই কিজানি" বুলিও এনে কৰা হয়। পাচৰবাৰ আঁচনী কৰোঁতে আগৰ আঁচনীবোৰৰ খতিয়ান লৈ আগৰ ভুলবোৰ মেৰামটি কৰি বা দৰকাৰ হ'লে ফলপ্ৰসু নোহোৱা আঁচনীবোৰ দলিয়াই পেলাই আগবাঢ়ি যোৱাটোহে সফল মেনেজমেন্টৰ লক্ষণ। আনকি নতুনবাৰতো এনে হ'ব পাৰে। কিন্তু এইদৰে নেৰানেপেৰাকৈ, লাগি থাকিলেহে শেষত কিছুমান হ'লেও আঁচনীসফল হ'ব। সেয়ে মোৰ মত হৈছে "লগে ৰহো" - ট্ৰাই ট্ৰাই এগেইন!
উদাহৰণ? অসমীয়া ৱিকিপিডিয়া। বিশ্বাস নহয় যদি অঞ্জল, চাইপাও, চিজু, গীতাৰ্থ, বিষ্ণু আদিক সোধাঁ। প্ৰভাকৰ শৰ্মা নেওগ (talk) 10:30, 12 অক্টোবৰ 2013 (UTC)
ঠিক আছে, আপুনি কোৱাৰ দৰে হ’লে ভালেই হ’ব, ম‍ই নিজেও "লগে ৰহো" নীতিত ম‍ইয়ো বিশ্বাসী সেয়েই যেতিয়াৰ পৰা ধৰিছোঁ লাগিয়েই আছো যোৱা কেইবছৰ ধৰি, কিন্তু এই নীতিত বিশ্বাসী মানুহ আৰু লাগে সেয়াহে মোৰ মূল কথা আছিল| ১৯ তাৰিখে কৰিবৰ পৰাৰ উপায় হ’ব নেকি? ২০ তাৰিখে ম‍ই কম্পিউটাৰ ব্যৱহাৰ কৰিব নোৱাৰিম সেই সময়ত| দীপাংকৰ চেতিয়া? 04:38, 18 অক্টোবৰ 2013 (UTC)
ওপৰত উত্তৰ দিছোঁ। প্ৰভাকৰ শৰ্মা নেওগ (talk) 08:02, 18 অক্টোবৰ 2013 (UTC)

ফলাফল[সম্পাদনা কৰক]

নিষ্ফল, ফ্ৰীন'ডত চাটৰূম খুলি ২০ অক্টোবৰ ২০১২ তাৰিখ, দেওবাৰ বিয়লি 4:০০ বজাত এঘন্টাতকৈ বেচি সময় অপেক্ষা কৰিলোঁ, কোনো সদস্য নোলাল।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 08:45, 16 নৱেম্বৰ 2013 (UTC)

Short-term Assignment at CIS-A2K[সম্পাদনা কৰক]

Apologies for not posting in your language. At CIS-A2K we are looking to engage an experienced Wikimedian on a short-term assignment. Please see this notice for more details. All queries may please be sent over e-mail given in the notice.--Visdaviva (talk) 11:00, 28 অক্টোবৰ 2013 (UTC)

অসমীয়া ৱিকিৰ অগ্ৰগতি খৰতকীয়া কৰাৰ বাবে দুটামান প্ৰস্তাৱ[সম্পাদনা কৰক]

এই আলোচনাখিনি ৱিকিপিডিয়া:২০১৩-১৪ চনৰ বাবে ৱিকিপিডিয়াৰ প্ৰচাৰ প্ৰস্তাবসমূহ লৈ স্থানান্তৰিত কৰা হ'ল। অংশগ্ৰহণ কৰিবলৈ উক্ত পৃষ্ঠালৈ যাওক।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 09:35, 19 নৱেম্বৰ 2013 (UTC)

২০১৩-১৪ গুৱাহাটী ৱিকি মীট-আপ (ৱিকি চাহমেল)ৰ প্ৰস্তাব[সম্পাদনা কৰক]

ইয়াত পাব: ৱিকিপিডিয়া:গুৱাহাটী ৱিকি মীট-আপ ৩ (ৱিকি চাহমেল)

২০১৩-১৪ গুৱাহাটী ৱিকি মীট-আপৰ চাহ মেলেই হওক বা ডিব্ৰুগড় ৱিকি মীট আপৰ চাহ মেলেই হওক, দুয়োখনলৈকে আগ্ৰহী, ডিব্ৰুগড় হলেও আপত্তি নাই, এক গুলীত দুই চিকাৰ কৰাৰ মন এটা আছে। মোৰ বাবে মাত্ৰ আগতীয়াকৈ তাৰিখটো জানিলেই হয়।--Boranitul (talk) 18:00, 19 নৱেম্বৰ 2013 (UTC)

ৱিকিপিডিয়া:বেংগালুৰু চাহমেল[সম্পাদনা কৰক]

১ ডিচেম্বৰ (২০১৩) তাৰিখে বেংগালুৰুত চাহমেলৰ প্ৰস্তাৱ ৰখা হৈছে। বিশদ এই পৃষ্ঠাত - ৱিকিপিডিয়া:বেংগালুৰু চাহমেল পাব।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 05:45, 24 নৱেম্বৰ 2013 (UTC)

অনুবাদ প্ৰবন্ধ[সম্পাদনা কৰক]

অনুবাদ প্ৰবন্ধসমূহ বিশেষ ধৰণৰ প্ৰবন্ধ। অনুবাদ প্ৰবন্ধৰ মোখনিত লগাবলৈ "অনুবাদ" সাঁচটোৰ "বিস্তাৰ কৰক" লিংকৰ কথাখিনি সালসলনি কৰিচোঁ। তলৰ বাকচত সাঁচটো দিয়া হৈছে।

{{অনুবাদ}}

যদি কথাখিনিত কিবা সালসলনি কৰিব বিচাৰে তেন্তে ইয়াতে আলোচনা কৰক।

প্ৰভাকৰ শৰ্মা নেওগ (talk) 14:13, 24 নৱেম্বৰ 2013 (UTC)


কিন্তু ইতিমধ্যে কেইবাজনেও লিখি ইমানখিনি কাম কৰি উলিয়াইছে যে পেলাই দিবলৈ বেয়া লাগে। -এইখিনি কথাৰ প্ৰয়োজন আছে জানো! মোৰমতে বিষয়বোৰ দীঘলীয়া হ'লে বা আধাৰুৱাকৈ অনুবাদ কৰা ভাগেই বহুদিন পৰি থাকিলে চমুৱাই সামৰি থোৱাই ভাল৷ সেইটো ওপৰৰ কাৰণসমূহত উল্লেখ কৰা হৈছেই৷ গতিকে তৃতীয় ব্যাখ্যাটো নিদিলেও হ'ব কিজানি৷ বি:দ্ৰ: জনপ্ৰীয়->জনপ্ৰিয় হ'ব লাগে৷ -Joli (talk) 04:11, 25 নৱেম্বৰ 2013 (UTC)

কথাটো মই নভবা নহয়। কিন্তু বহুত ক্ষেত্ৰত চমুৱাই থোৱা নহয়গৈ। এটা কাৰণ হৈছে যে প্ৰবন্ধ এটা খৰা-মুৰা বা আপচু নেদেখাকৈ চমুৱাই থোৱাতো টান কাম। সেয়ে এনে ধৰণৰ প্ৰবন্ধবোৰৰ শেষৰ ফালে কেতিয়াবা ইংৰাজী থাকি যায় বা আধাকটা প্ৰবন্ধ যেন হৈ থাকে। কথাটো বুজাই কৈ থোৱাই ভাল বুলিহে লিখিলোঁ। সেয়ে মই সেই ব্যাখ্যটো থাকিবলৈ দিবলৈকে অনুৰোধ জনালোঁ।
এইখিনিতে এটা গণতান্ত্ৰিক সংকট হ'ল। এতিয়া কথাটো তোমাৰ দাবীৰ বিপৰীতে মোৰ দাবী হ'লগৈ। দুইজনৰে যুক্তি আছে। কিন্তু মই মোৰটো এৰি নিদিলে তুমি বা অনেক সদস্যই মই অলপ পুৰণি বুলিয়েই আপত্তি নকৰে বুলি জানো আৰু ইচ্ছা নাথাকিলেও মোৰটোৱেই মানি লবগৈ। মই তেনে হোৱাতো নিবিচাৰোঁ। সেয়েহে মই তুমি বিচৰা দৰেই তৃতীয় ব্যাখ্যাটো আতৰাই দিলোঁ।
প্ৰভাকৰ শৰ্মা নেওগ (talk) 04:49, 25 নৱেম্বৰ 2013 (UTC)
গণতান্ত্ৰিকভাৱে সিদ্ধান্ত লোৱাৰ স্বাৰ্থতে দাবী এটা নিজৰ সন্মতি নোহোৱাকৈ মানি লোৱাটো আকৌ কেনেকুৱা কথা হ'ল! আৰু হক কথাত আপুনি পুৰণি বুলিয়েই মই আপত্তি নকৰিম বুলিনো কিয় ভাবিলে :) আচলতে মই ব্যখ্যাটোৰ ভাষাটোও বুজাইছিলো৷ আধা অনুবাদ কৰা প্ৰবন্ধ এটা 'পেলাই' দিয়াৰ প্ৰশ্নই নুঠে ৷ যিবোৰ প্ৰবন্ধ চমুৱাই থ'লে আপচু দেখাব যেন লাগে তেনে প্ৰবন্ধ গোটেইটো অনুবাদ কৰাৰ বাহিৰে গত্যন্তৰ নাই৷ এই কথাটো অনুবাদৰ বাবে প্ৰবন্ধ এটা হাতত লোৱাৰ সময়তে চাই ল'ব লাগে বুলি ভাবো৷ Joli (talk) 12:13, 25 নৱেম্বৰ 2013 (UTC)
যিবোৰ প্ৰবন্ধ চমুৱাই থ'লে আপচু দেখাব যেন লাগে তেনে প্ৰবন্ধ গোটেইটো অনুবাদ কৰাৰ বাহিৰে গত্যন্তৰ নাই - মই এই টেগটো নতুন ৰূপত সজোৱাৰ মূল কাৰণ এটা ই ও। যাতে আধালিখা বা আপচুকৈ চমুৱা্‌ই থোৱা প্ৰবন্ধবোৰ বেয়া দেখিলেও পঢ়ুৱৈয়ে সমস্যাটো বুজি পায় তাৰ বাবেই মই শেষৰ মচি পেলোৱা কাৰণটো দিছিলোঁ
টেগটোৰ মূল ক'বলগাটো হ'ল "বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে বা আধৰুৱা তথ্য থাকিব পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল।"
সেয়ে মই টেগটোৰ কথাখিনি আকৌ এবাৰ অলপ বহলাই লিখি তোমাৰ বিবেচনাৰ বাবে আগবঢ়ালোঁ। পছন্দ নহ'লে তুমি নিঃসংকোচে সাঁচ:অনুবাদ/tutorial ইয়াত গৈ তোমাৰ মতে বদলাই দিয়াঁগৈ


প্ৰভাকৰ শৰ্মা নেওগ (talk) 12:42, 25 নৱেম্বৰ 2013 (UTC)

মহাশয় অসমীয়া ৱিকিপিডিয়া আমাৰ বাবে এক বৃহৎ দান । আমিও এই মাধ্যমত কাম কৰাৰ বাবে আগ্ৰহী ।

মোৰ বোধেৰে এতিয়া যেনেকৈ আছে, তেনেকৈ ৰখাত কোনো অসুবিধা নাই। এনেয়ে দীঘল হৈছে যদিও প্ৰৱন্ধটোৰ ওপৰত বিস্তাৰ কৰক-ত ক্লিক কৰিলেহে ওলায় যেতিয়া একো নাই। মোৰ বোধেৰে কথাবিলাক যিমানে পৰিস্কাৰ কৈ বুজাই দিব পাৰি সিমানেই ভাল। লাগে অলপ দীঘলেই হওক।উদ্দীপতালুকদাৰ (talk) 16:29, 26 ডিচেম্বৰ 2013 (UTC)

এটা প্ৰবন্ধৰ অনুবাদ সম্পূৰ্ণ হোৱাৰ পাচতো "অনুবাদ" টেগটো থাকিব লাগেনে নেলাগে? পাচতকেতিয়াবা মূল প্ৰবন্ধটোত সালসলনিও হ'ব পাৰে কিন্তু আমাৰটোত বাকী থাকি যাব পাৰে।. প্ৰভাকৰ শৰ্মা নেওগ (talk) 00:55, 28 ডিচেম্বৰ 2013 (UTC)

অনুবাদ সম্পূৰ্ণ হোৱাৰ পিছত বা এটা দুটা পৰিচ্ছেদ অনুবাদ কৰাৰ পিছত টেগ্‌ লগাই থোৱাটো সমৰ্থন নকৰোঁ। তথ্য-পাতি নবীকৰণ কৰিব লাগিলে 'update' টেগ্‌ এটা আছেই। তাৰোপৰি লগা কথাখিনি নাপালে পঢ়োঁতাই আন ঠাইত চাব‌ই। তেনে প্ৰবন্ধৰ বাবে "সাঁচ:Cleanup-translation" টেগ্‌ এটা আছে। — গীতাৰ্থ বৰদলৈ (talk) 09:45, 28 ডিচেম্বৰ 2013 (UTC)
সম্পূৰ্ণ হোৱাৰ পিছতো টেগটো লগাই থোৱাৰ প্ৰয়োজন আছে বুলি নাভাবো৷জলি বৰা (talk) 10:49, 28 ডিচেম্বৰ 2013 (UTC)

মই এটা সমন্বিত টেগ বিচাৰিছিলোঁ মুখ্যতঃ নেজকটা আৰু খিচিৰি হৈ থকা আৰু ঘঁহা-মজাৰ কাম বাকী থকা অনুবাদ প্ৰবন্ধ বিলাকৰ তেনে অবস্থাৰ কাৰণ অপটু পঢ়ুৱৈক বুজাবৰ কাৰণে, hidden tutorial ব্যবহাৰ কৰি।

অনুবাদ সম্পূৰ্ণ হোৱাৰ পিছত টেগ. উঠালেও. এটা দুটা পৰিচ্ছেদ অনুবাদ কৰাৰ পিছত টেগ লগাই থোৱাটো মই সমৰ্থন কৰো।নহ'লে "এ আধালিখা প্ৰবন্ধৰে ঠগৰামী কৰিছে" বুলি কোৱা ওপৰচকুৱা মানুহৰ আকাল নাই। সেয়ে সত্যটো জ্বল-জ্বল. পট-পটকৈ ওলাই থাকক।

একেটা কাৰ্য্যৰ বাবে বহুত বেলেগ. বেলেগ. টেগ থাকিলে আমাৰ দৰে কম সম্পাদক থকা ৱিকিত খুটি-নাতিবোৰত টেগ মৰা কামটো বাকী থাকি যায় বা মাৰিলেও কামটো প্ৰায়ে নহয়গৈ। গতিকে টেগবোৰ আমি অসৱিকিৰ বাবে "বিস্তাৰ .কৰক" টিউটৰিয়েল সহ যিমান পাৰি একীভুত কৰিব লাগে। প্ৰভাকৰ শৰ্মা নেওগ (talk) 10:56, 28 ডিচেম্বৰ 2013 (UTC)

ওপৰচকুৱাক ইয়াৰ দহগুণ দীঘল জাননী দেখুৱালেও লাভ নাই। ম‌ই বেলেগ বেলেগ টেগকেই সমৰ্থন কৰিম। — গীতাৰ্থ বৰদলৈ (talk) 13:15, 28 ডিচেম্বৰ 2013 (UTC)
প্ৰভাকৰ-দাৰ কথাখিনি মই সমৰ্থন কৰোঁ কিন্তু আমাৰ এটা অসুবিধা যে অসমীয়া ৱিকিত কিবা নহয় কিবা টেগ লগাব নলগীয়া প্ৰৱন্ধ তেনেই কম ওলাব। ৱিকি যিহেতু সলনি হৈ থাকিবই, আৰু নিত্য নতুন কথা যোগ হৈ থাকিবই, সেয়ে এবাৰ অনুবাদ হোৱা প্ৰৱন্ধ এটাত আকৌ 'অনুবাদ' টেগ নলগালেও হ'ব। কাৰণ অনুবাদ কৰিলেও অসমীয়া প্ৰৱন্ধটো ৰেফাৰেন্স আদিৰে স্বয়ংসম্পূৰ্ণ প্ৰৱন্ধ হৈ পৰে, সেইটোক চিধাই ইংৰাজীৰ লগত মিলাই নাচালেও চলে। ভুল-ভ্ৰান্তি থাকিবই পাৰে, কিন্তু সেইটো অনুবাদ নকৰা প্ৰৱন্ধৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য। আৰু এটা অসুবিধা হোৱাৰ সম্ভাৱনা আছে, এবাৰ অনুবাদ বুলি টেগ এটা লগাই থোৱাৰ পাছত পাছৰ নতুন সম্পাদকে 'নিজাকৈ কিবা সম্পাদনা কৰিব পাৰিনে' বুলি ভয় খোৱাৰ সম্ভাৱনা এটা আছে। মানে তাত কিবা যোগ দিব লাগিলে, মূলত থাকিবই লাগিব বুলি ধাৰণা এটা আহি যাব পাৰে। অনুবাদ সম্পূৰ্ণ নোহোৱালৈ টেগ-টো গুচাব নালাগে। লাগিলে যিমান দিনেই হওক। কেতিয়াবা অনুবাদ প্ৰৱন্ধত কিছুমান অসুবিধাৰ কাৰণে ১০০% অনুবাদ কৰা নহয়, কিছুমান দীৰ্ঘসূত্ৰী ডিটেইল এৰি যোৱা যায়। (মই সেইটো মাজে মাজে কৰোঁ।) অ' আৰু এটা কথা, বৰ্তমানৰ অনুবাদ টেগ-টোৰ আৰম্ভণিৰ 'এইটো' শব্দটোৰ এ-টোৰ পাছত হসন্ত এডাল এনেয়ে ওলাই আছে (এ্‌ইটো)। সেইডাল গুচাই দিলে ভাল হয়।উদ্দীপতালুকদাৰ (talk) 17:45, 28 ডিচেম্বৰ 2013 (UTC)
এ-ৰ হলন্তটো আঁতৰালোঁ। ....তাত কিবা যোগ দিব লাগিলে, মূলত থাকিবই লাগিব বুলি ধাৰণা এটা আহি যাব পাৰে।... এই বিষয়ে কি কৰি বুজোৱা যায় যে মূলত নথকা কিন্তু সম্পাদকজনে জনা কথাও উপযুক্ত তথ্য সহকাৰে "অনুবাদ" প্ৰবন্ধটো যোগ দিব পাৰি? বিস্তাৰিত টিউটৰিয়েলখিনিৰ ক'ৰবাতে (যেনে প্ৰথম পইন্টটোৰ লগতে/পাছতে) দিব পাৰি নেকি? অৱশ্যে তেতিয়া টিউটৰিয়েলটো দুই লাইন দীঘল হ'ব। প্ৰভাকৰ শৰ্মা নেওগ (talk) 02:01, 29 ডিচেম্বৰ 2013 (UTC)