ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

“মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
 জীৱনৰ আদিম পুৱাত
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
 জীৱনৰ শেষ সন্ধিয়াত”

 ~নলিনীবালা দেৱী

 অবুজন হৈ থকা কালতে মাতিবলৈ শিকা প্ৰথম শব্দ “মা”, হাতত ধৰি থিয়দঙা দিবলৈ শিকোৱা হাতখন “দেউতা”ৰ, কেঁচুৱাকালৰ সেই অতি বিশেষ মধুৰ ক্ষণটিত তেতিয়া কি অনুভৱ কৰিছিলোঁ মনত নপৰে, নপৰাটোৱেই স্বাভাৱিক। কিন্তু মনত আছে আইতাৰ সাধু শুনি শুনি পাৰ কৰা শৈশৱৰ কোনো এক ক্ষণতে শিক্ষকতা বৃত্তিত জড়িত দেউতাই আনি দিয়া এখন কিতাপৰ কথা। বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি নৌহওঁতেই দেউতাই আনি দিয়া কিতাপখন আছিল অ, আ, ক, খ থকা চিত্ৰ সম্বলিত কিতাপ। এদিন ৰাতিপুৱা বাৰাণ্ডাত কিতাপখনৰ স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ থকা পৃষ্ঠা দুটা মেলি লৈ বহি গ'লো। হাতত কাঠপেঞ্চিল আৰু দেউতাই দিস্তা কাগজেৰে চিলাই দিয়া এখন বহী। হাতৰ পেঞ্চিলেৰে বৰ্ণমালাৰ বৰ্ণবোৰৰ ওপৰত এটা এটাকৈ ঘঁহাই তাক অনুসৰণ কৰি বহীখনত লিখি গ'লোঁ। গোটেইখিনি লিখি হোৱাৰ পিছত বাৰীত কাম কৰি থকা দেউতাক চিঞৰি মাতি দেখুৱালোঁ। কোৰখন চোতালতে থৈ দেউতাই বহীখন হাতত লৈ উৎসুকভৰা চাৱনিৰে চাবলৈ ধৰিলে। তেনেতে মা-ও ভিতৰৰ পৰা আহি মোৰ কাণ্ড দেখি অবাক। কিতাপখনত অঁকাৰ বাবে তেতিয়াই কোনো গালি নিদি কিন্তু মা-দেউতা দুয়োয়ে “ভাল হৈছে, আৰু ভাল হ'ব লাগিব” জাতীয় কথাৰে উৎসাহ দি হাঁহি হাঁহি নিজ নিজ কামত লাগিলগৈ। নিজাকৈ কৰা কিবা এটা কামে মা (ৰুণুমাই বড়া) আৰু দেউতা (অনন্ত বড়া)ৰ মুখলৈ অনা সেই উজ্জ্বলতাখিনি মোৰ এতিয়াও মনত আছে যিয়ে নেকি কি মোৰ কোমল অন্তৰ অজানা আনন্দেৰে পুলকিত কৰিছিল। সেই আনন্দতে “ভাষা” কি সেয়া নিশিকা, নুবুজাকৈয়ে অসমীয়া বৰ্ণমালাৰ লগত বান্ধ খাই পৰিছিলোঁ এক আবেগত। নক'লেও হ'ব সেই আবেগেই হৈছে আমাৰ প্ৰত্যেকৰে অন্তৰত নিজ মাতৃভাষাৰ প্ৰতি থকা দুৰ্বাৰ টান যি প্ৰতিজন লোকৰে অন্তৰত থাকেই মাথোঁ কেৱে প্ৰকাশ কৰে কেৱে নকৰে।

 ২০১৯ বৰ্ষৰে জানুৱাৰী মাহৰ শেষৰ ফালে সামাজিক প্ৰচাৰ মাধ্যমত ভ্ৰাতৃপ্ৰতীম মৃদুল কুমাৰ শৰ্মা (“লাচিত কী বৰ্ড”ৰ স্ৰষ্টা) আৰু ডা° গীতাৰ্থ বৰদলৈ (“হেলথ্ গাইড”ৰ লেখক) দাদাৰ ৱালত পাইছিলো ৱিকিউৎসৰ কৰ্মশালা সম্পৰ্কীয় এটা পষ্ট, যিটো সময়ত ৱিকিউৎস খাই নে পিন্ধে একোৱেই নাজানো। কৰ্মশালাখনিত সেয়ে যিকোনো উপায়েৰে হ'লেও অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিলোঁ। ইতিমধ্যে পিতৃসম শান্তনু কৌশিক বৰুৱাৰ “অসমৰ ঐতিহ্য” গ্ৰন্থখনিৰ যোগেদি এবছৰ পূৰ্বে গীতাৰ্থ দাদাক চিনি পোৱাৰ সৌভাগ্য হৈছিল। কাজেই পষ্টটো পঢ়ি লৈ যেতিয়া “অসমীয়া ভাষাৰ ডিজিটেলাইজেচনৰ জৰিয়তে উত্তৰোত্তৰ”ৰ বিষয়ক বুলি জানিলোঁ, গীতাৰ্থ দাদাৰ পৰা প্ৰাৰম্ভিক বিষয়বস্তুখিনি জানি লৈ একাউণ্ট খুলিলোঁৱেই। সেইয়াই আছিল অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ লগত মোৰ প্ৰথম চিনাকি।

 চিনাকি হৈয়ে একপ্ৰকাৰ গাত তত্ নাই। ম'বাইলত নতুন কাম কৰাৰ, শিকাৰ “জৌচ”টো বেছি বুলি বন্ধুমহলত মোৰ নাম এটা আছেই, তাতে “মাতৃভাষা অসমীয়া”ক লৈ যেতিয়া আৰু কথাই নাই। পিছে সেইটো সময়ত ম'বাইলত ‘ডেক্সটপ’ মোড কৰি ল'ব জনা নাছিলোঁ। ফলত যিটো উৎসাহত বেলুন ফুলাদি ফুলি কাম আৰম্ভ কৰিছিলোঁ, তিনিটামান পৃষ্ঠা কৰাৰ পিছতে ম'বাইলৰ স্ক্ৰীণখন তল-ওপৰ কৰি জুপি থকাত এলাহ লাগি সেই “জৌচ”টো দমি গ'ল। মাজতে আকৌ গুপ্তশব্দ পাহৰি নতুন একাউণ্ট খুলিব লগা হ'ল। তেনেকৈয়ে যেনে তেনে দৈনিক পঢ়া-শুনাৰ মাজতে এমাহমানৰ ভিতৰত মোৰ দ্বাৰা মুঠেই ঊনৈশ নে বিশ পৃষ্ঠামানহে মুদ্ৰণ সংশোধনৰ কাম কৰা সম্ভৱ হ'ল। ইফালে সেই সময়খিনি আছিল ইটো সিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰো সময়। গতিকে সময় মিলাব নজনা মইজনীক এলাহেও যোগ দি ৱিকিউৎসৰ কামক এলাগী কৰোঁৱাই সিমানতে সেই সময়ৰ ৱিকিযাত্ৰা স্থগিত কৰালে। চাওঁতে চাওঁতে অসমীয়া ৱিকিউৎসৰ প্ৰথমখন কৰ্মশালাৰ সময় আহি পালেহি। মনে বিচাৰিলেও পৰীক্ষাৰ চাপত ওলাই যোৱাটো সমীচীন নহ'ব বুলি ভাবি লৈ তাত যোগদান নকৰাৰে সিদ্ধান্ত লওঁ লওঁ। কিন্তু সময়ে কাৰ বাবে কি ঠিক কৰি থৈছে কোনে জানে। তেনে এক সময়তে গীতাৰ্থ দাদাই যোগদানৰ বাবে মনত পেলাই দিয়া বাৰ্তাটোৱে মোৰ সমগ্ৰ সিদ্ধান্তক সলনি কৰি দিলে। ক'ব নোৱাৰাকৈয়ে চিধাই অংশগ্ৰহণ কৰাৰ নিশ্চিতিত চহী কৰি দিলোঁ। সেই তাৎক্ষণিক সিদ্ধান্তৰ বাবে আজি মই নিজেই নিজক ধন্যবাদ দিওঁ। ১১ আৰু ১২ মে'ত গুৱাহাটীৰ পল্টনবজাৰস্থিত হোটেল ৰেইনছ ইনত অনুষ্ঠিত দুদিনীয়া সেই কৰ্মশালাখনি মোৰ জীৱনৰে এক টাৰ্ণিং পইণ্ট বুলিলেও বঢ়াই কোৱা নহ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ ১৪ জন ৱিকিপিডিয়ানৰ সৈতে একেলগে ৱিকিউৎসৰ কাম শিকি, কৰি সেই দুমাহৰ আগতে উৎসাহ হেৰুৱাই স্থগিত হোৱা মোৰ ৱিকিযাত্ৰাক পুনৰ গতি দিবলৈ অন্তৰৰ পৰা দায়বদ্ধ হৈ পৰিছিলোঁ। সেই দায়বদ্ধতাৰ আপাহতে আজি এই মুহূৰ্ত্তত লিখিব পাৰিছোঁ “ৱিকিপিডিয়ানৰ মনৰ কথা”।

 এইখিনিতে কৰ্মশালাখনিৰ কথা অলপ নক'লে ৱিকিপিডিয়ানৰ মনৰ কথা আধৰুৱা হৈ ৰ'ব যদিওবা এই বিষয়ে অনুভৱ প্ৰকাশ কৰি শেষ কৰিব পৰাৰ ক্ষমতা মোৰ নাই। সঁচা অৰ্থত সেই কৰ্মশালাখনি বহুত দিশৰ পৰা মোৰ বাবে স্মৰণীয় হৈ ৰ'ব। ইটো সিটোৰ লগতে বৃত্তিগত ব্যস্ততাৰ পিছতো অসমীয়া ভাষাটোৰ লগত অহৰ্নিশে লাগি থকা গীতাৰ্থ দাদাৰ লগতে বিষ্ণু দা, নিতুল দা, বাবুল দা, অনিমেষ দাহঁতৰ কৰ্মোদ্যম, সাংসাৰিক ব্যস্ততা তথা শাৰিৰীক অসুস্থতাকো নেওচি যোৰহাটৰ পৰা আহি উপস্থিত হোৱা প্ৰাণজ্যোতি বাৰ মনোবল, গীতাৰ্থ কৌশিক দা, নিৰঞ্জন, বিদ্যুত, নয়ন, অজয় সকলোৰে কৰ্মস্পৃহা, একো নাজানো নাজানো কৈ কথা তাজনীনৰ জ্ঞানৰ বিশাল ভাণ্ডাৰ, কথাই প্ৰতি মাননিৰ কথা কৈ হহুঁৱাই থকা ভাস্কৰৰ ৱিকিউৎসত একেবাৰে সোমাই যোৱাৰ উদাহৰণ, অন্য এজন অগ্ৰজ ৱিকিপিডিয়ান ঈশানদাৰ ঘপাঘপ কাৰিকৰী জ্ঞান আয়ত্ত কৰিব পৰা কৌশল এই সকলোবোৰ মোৰ দৰে ন শিকাৰুৰ বাবে অনুপ্ৰেৰণাৰ উৎস আছিল। প্ৰশিক্ষকদ্বয় শ্ৰদ্ধাৰ জয়ন্ত নাথ আৰু টিটো দত্তৰ বন্ধুত্বসুলভ শিক্ষণ প্ৰণালীয়ে দুগুণ উৎসাহ যোগাইছিল। সেই দুটা দিনত বিশ্বৰ প্ৰেক্ষাপটত অসমীয়া ভাষাৰ অৱস্থান, সদস্যৰ পৰিসংখ্যাৰ পৰা আৰম্ভ কৰি কমন্সত কিতাপ আপল'ড কৰালৈকে, ৱিকিউৎসত পৃষ্ঠা অ' চি আৰ, মুদ্ৰণ সংশোধন, বৈধকৰণ কৰাৰে পৰা সম্পূৰ্ণ হোৱা কিতাপ এখন ট্ৰান্সক্লুছন কৰা পৰ্যন্ত আদি ভালেখিনি কাৰিকৰী কাম আমাক শিকোৱা হৈছিল। উল্লেখযোগ্য যে সেই দুদিনতে মুঠ তিনিখন কিতাপৰ কাম সম্পূৰ্ণ কৰা হৈছিল। মুঠৰ ওপৰত অসমীয়া ৱিকিউৎসৰ প্ৰথমখন কৰ্মশালা প্ৰকৃতাৰ্থত সফল হৈছিল। কৰ্মশালাৰ অভিজ্ঞতাৰ কথা কৈ থাকিলে শেষ নহ'ব গতিকে ইমানতে সামৰিছোঁ।

 এই ছেগতে জন্মলগ্নৰে পৰা বৰ্তমান সময়লৈকে নানান উত্থান-পতনৰ মাজেৰে অসমীয়া ৱিকিপিডিয়া আৰু অসমীয়া ৱিকিউৎসক বৰ্তমান পৰ্যায়লৈকে আগবঢ়াই লৈ অনা প্ৰশাসকগোষ্ঠীৰ লগতে প্ৰতিজন ৱিকিপিডিয়ানলৈ অন্তৰভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইসকলৰ কাৰণেই আজি ভাষাক লৈ দপদপাই থাকিব পৰাকৈ এনে এখন ক্ষেত্ৰ পাইছোঁ। বিশেষকৈ এই ক্ষেত্ৰখন চিনাকি কৰাই দিয়া বৰ্তমান ৱিকিপিডিয়াৰ প্ৰশাসক ডা° গীতাৰ্থ বৰদলৈ দাদাৰ ওচৰত মই বিশেষভাৱে কৃতজ্ঞ। উল্লেখযোগ্য যে কৰ্মশালাখনিৰ কেইদিনমান পিছত ‘ডেক্সটপ মোড’ কৰাটো বন্ধু অজয়ৰ পৰা শিকাৰ পিছতহে মোৰ সম্পাদনা গতি ত্বৰাণিত হৈছিল। জুলাইৰ বন্ধত অনবৰতে ৱিকিউৎসতে লাগি থাকি এক প্ৰকাৰ নিচাৰ দৰে হৈ পৰাৰ পিছত “অসমীয়া ৱিকিপিডিয়া”তো কিবা এটা আৰম্ভ কৰোঁ বুলি মনস্থ কৰিলোঁ অগ্ৰজ ৱিকিপিডিয়ান ঈশানদাৰ সাহসত। অনুবাদেৰেই আৰম্ভ কৰিছিলোঁ যদিও ইংৰাজীত অত্যাধিক দুৰ্বল হোৱাৰ হেতুকে সেইয়া আধৰুৱা হৈ ৰ'ল‌। শেহতীয়াকৈ ভাইটি চাণক্য আৰু প্ৰিয়াংকুশৰ পৰাও ৱিকিপিডিয়াৰ অলপ কাৰিকৰী দিশ শিকিলোঁ। যিকোনো অসুবিধাতে বিচৰা মাত্ৰকে পোৱা সহায়ৰ এই হাতসমূহক ধন্যবাদ জনাবলৈ ভাষা নাই মোৰ।

 প্ৰসংগক্ৰমে উল্লেখ কৰোঁ যে মই এতিয়াও “অসমীয়া ৱিকিপিডিয়া” মহাসাগৰৰ মাত্ৰ এটোপাল পানী পান কৰা ন-শিকাৰুহে। বহুতখিনি শিকিবলৈকে আছে যি পৰ্যাপ্ত সময় মিলাব নজনাৰ বাবে শিকিম শিকিম কৈ থূপ খাই আছে। এই লৈ নিজৰ ওপৰতে কিছু আক্ষেপ ৰৈ যায়। কিয়নো ২০১৪ চনত প্ৰথম ফে'চবুক, ইণ্টাৰনেট ব্যৱহাৰ শিকি সেইবছৰেই শেহলৈ অসমীয়া টাইপিং শিকিবলৈ লোৱাৰ পৰা কৰ্মশালাৰ আগমুহূৰ্তলৈকে প্ৰায় পাঁচবছৰ সময় এটা ভাল কাম কৰাৰ পৰা বঞ্চিত হৈ ৰ'লোঁ। সজাগতাৰ অভাৱতে ৱিকিৰ জগতখনৰ একোকে নাজানিলোঁ সেই সময়ছোৱাত যি সময়ত আজৰি সময়ৰ অভাৱ নাছিল, দায়িত্বৰ হেঁচাবোৰ কম আছিল আৰু ৱিকিপিডিয়াক দিব পৰা সময়, সুবিধা, সমল আদিৰ অভাৱ নাছিল। তথাপিতো ‘আশাবাদী’ জীৱ। শেহতীয়াকৈ হ'লেও এই ক্ষেত্ৰত চকু মুকলি হোৱাটোৱেই ‘নাই মোমাইতকৈ কণা মোমায়ে ভাল’ৰ দৰে সন্তুষ্টি লভোঁ। বৰ্তমান সময়ত পূৰ্বতকৈ সজাগতা বৃদ্ধিৰ চেষ্টা চলাই থকা হৈছে যদিও ঠায়ে ঠায়ে কৰ্মশালাৰ অতীব্ৰ প্ৰয়োজন মই অনুভৱ কৰোঁ কিয়নো মুষ্টিমেয় সদস্যকেইজনে সকলোকে আঁতি-গুৰি মাৰি শিকাই বুজাই আগবঢ়াই নিব পৰাটো অতি দুৰূহ কাম। নিজ অভিজ্ঞতাৰ পৰা কৈছোঁ বহুকেইজন আগ্ৰহীক লগ পাইছোঁ যদিও পৰ্যাপ্ত ধৰণেৰে সেইসকলক শিকাই বুজাই লৈ যোৱাত কোনোবাখিনিত ব্যৰ্থ হৈ পৰিছোঁ। নিজৰ ক্ষেত্ৰতে যিদৰে কৰ্মশালাখনিয়েহে গতি আনি দিছিল, সেই অভিজ্ঞতাই কয় কৰ্মশালাৰ গুৰুত্ব সাম্প্ৰতিক সময়ত অপৰিসীম।

 যোৱা চাৰি-পাঁচমাহে অনুভৱ কৰিছোঁ জলী ৰুমী বায়ে কোৱাৰ দৰে “ৱিকি আসক্তি”, যিয়ে নেকি মনলৈ আহিব পৰা সকলো ঋণাত্মক চিন্তাক দূৰতে বিদূৰ কৰি এক জীৱনমুখী চিন্তাধাৰাৰ উৎকৰ্ষ সাধনত অন্যতম ভূমিকা লৈছে। আজিকালি ম'বাইলটো হাতত ল'লেই ফে'চবুক কিম্বা হোৱাটছআপ পাহৰি ৱিকিউৎসৰ পৃষ্ঠাটোহে প্ৰথমেই খোলা যায়। এই ৱিকি আসক্তিক এৰুৱাবলৈ কোনো অজুহাত বিচাৰি নাপাওঁচোন। ৱিকিজগতে কি দিছে সেইয়া ইয়াত একান্তমনে জড়িতসকলেহে অনুভৱ কৰিব পাৰে। সেই অনুভৱক ভাষাৰে প্ৰকাশ কৰি বুজাব পৰা নাযায়। হতাশাৰ সময়তো আশাৰ কাম কৰা, দুখৰ সময়তো সন্তুষ্টিৰ অৱকাশ আনিব পৰা, আনন্দৰ সময়তো সংযমতা আনিব পৰা এখন অন্যতম ক্ষেত্ৰ হৈছে ৱিকিজগত, বিশেষকৈ ৱিকিউৎস। ই এনে এক মহৌষধ, যি কেৱল আপোনাকেই উপশম নকৰে বৰঞ্চ সেইয়া হৈ পৰে মাতৃভাষাৰ হকে এক বৃহৎ বৰঙণি। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱেই নিজ নিজ ধৰণেৰে আনন্দ, সন্তুষ্টি বিচাৰি ল'ব পৰা এখন ক্ষেত্ৰ হৈছে ৱিকিজগত য'ত জড়িত হ'বলৈ বয়সৰ নাই কোনো সীমাবদ্ধতা, নাই কোনো বৰ্ণ বৈষম্যবাদ, নাই কোনো সদস্যভৰ্তিৰ সীমাসংখ্যা কিম্বা সময়সীমা। মই নিশ্চিত যে কিহৰ তাড়নাত অত্যন্ত ব্যস্তভৰা, কষ্টভৰা দিনতো ৱিকিপিডিয়া বা ৱিকিউৎসত এবাৰ চকু ফুৰাবলৈ শক্তি আৰু সময় বিচাৰি পোৱা যায় সেইয়া মোৰ লগতে সক্ৰিয় ৱিকিপিডিয়ানসকলেও পদে পদে অনুভৱ কৰে। এনে সময়তে মনটোৱে আওঁৰাই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কালজয়ী কবিতা-

“আহি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ'ম
সকলো আছিল সকলো আছে
নুবুজোঁ নলওঁ গম।
… … …
বাজক দবা বাজক শংখ
বাজক মৃদংগ খোল
অসম আকৌ উন্নতিৰ পথত

জয় আই অসম বোল”

 এনে অনুভৱেৰে আবৃত হৈ মনে মনে নেদেখাজনলৈ প্ৰাৰ্থনা জনাওঁ যে এনেদৰে সেৱা কৰি যাব পৰা মনটো, স্পৃহাখিনি, উদ্যমখিনিক যেন আমৃত্যু জীয়াই ৰাখি কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰি যাব পাৰোঁ। সেই কৰ্মোদ্যমৰ লেখ যেন উৰ্দ্ধগামী হওঁক।

 এনে সময়তে নিজকে ঠাণ্ডা দিনত গেৰেজত সোমাই থকা দুচকীয়া বাহন এখনৰ লগত তুলনা কৰিব পাৰি। যিদৰে বহুতদিন নচলোৱাকৈ থকা বাহনখন চলাবৰ বাবে অলপ সময় ৰ'দত ৰাখি ষ্টাৰ্ট দি ল'বলগা হয়, তাৰ পিছতহে গতি লাভ কৰি সি চলি থাকে, তেনেদৰে ইতিমধ্যে একাউণ্টধাৰীসকলেও দৈনিক নোৱাৰিলেও সপ্তাহে, পষেকে দুই এক পৃষ্ঠাৰ কাম কৰিবলৈ দহ মিনিট সময় উলিয়াই ল'লে ৱিকিযাত্ৰাৰ গাড়ীখনক বাৰে বাৰে ষ্টাৰ্ট দিয়াৰ প্ৰয়োজন নাথাকে। প্ৰথমে এক ব্যায়াম হিচাপে ভাবি কৰি গ'লে এই কাম সময়ত অভ্যাসত পৰিণত হৈ যায় আৰু সময়ৰ বাবে দুনাই চিন্তা কৰাৰ প্ৰয়োজন নহয়। তাৰ উদাহৰণ মই নিজে। প্ৰথমে সময়ৰ বাবে চিন্তা কৰা মইজনীয়ে দুটা পিৰিয়ডৰ মাজৰ সময়খিনি, গাড়ীত উঠিবলৈ ৰৈ থকা সময়খিনি, সভা সমিতিৰ বিৰতিৰ সময়খিনি, ডাক্তৰৰ চেম্বাৰ আদিত অপেক্ষা কৰি থকা সময়খিনি ইত্যাদি নানান কামৰ ফাঁকে ফাঁকে ম'বাইলটো উলিয়াই ৱিকিউৎসত লাগি যোৱাটো একপ্ৰকাৰ অভ্যাসেই হৈ পৰিছে আৰু সেয়ে নাপাহৰিলে ম'বাইলৰ চাৰ্জাৰডালো লগত লৈয়ে ফুৰা হয় আজিকালি।

 সদৌ শেষত ভাষা সাহিত্য, শিক্ষা সংস্কৃতি, উদ্ভাৱনী ক্ষেত্ৰ আদি বিভিন্ন দিশত অক্লান্ত পৰিশ্ৰমেৰে অৱদান আগঢ়াই থকা মহান ব্যক্তিসকলক বাদ দি অসমীয়া ভাষাটোৰ প্ৰতি অগাধ মৰম কঢ়িয়াই ফুৰা প্ৰতিজন অসম প্ৰেমী, বিশেষকৈ যুৱ প্ৰজন্মলৈ আকুল আহ্বান যে ৰাজনীতিৰ মেৰপাক, সস্তীয়া জনপ্ৰিয়তা, প্ৰতিবাদী সমদল আদিৰ বিপ্লৱৰ সময় উকলি এতিয়া কথাৰে নহৈ কামৰ সময় সমাগত। চিন্তাবোৰ, আৱেগবোৰ, অনুভূতিবোৰক সঠিক দিশত বোৱাই কেৱল সামাজিক প্ৰচাৰ মাধ্যম, বাতৰি কাকত আদিতে সীমাবদ্ধ নাৰাখি হাতে-কামে আগবাঢ়িবৰ হ'ল। বৰ্তমান এই বিশ্বায়নৰ যুগত অসমীয়া ৱিকিউৎস তথা ৱিকিপিডিয়া হৈছে বৰ্তমান অসমীয়া জাতিৰ, পৃথিৱীত স্থিতি, ক্ষমতা তথা শক্তি-সামৰ্থ প্ৰদৰ্শন কৰাৰ অন্যতম মঞ্চ যিখন মঞ্চত যিকোনো লোকেই নিজৰ বলিষ্ঠ অভিনয়েৰে নাম ৰাখি যাব পাৰে একমাত্ৰ “দৃঢ় ইচ্ছা”ৰ বলত। খোজটো দিবলৈ ভৰিটো আগবঢ়োৱা মাত্ৰকে সকলো ৱিকিপিডিয়ান আপোনাক সহায় কৰিবলৈ প্ৰতি নিয়ত সাজু, আগ্ৰহী তথা দায়বদ্ধ।যি মাতৃভূমিৰ বায়ু, পানী গ্ৰহণ কৰি ডাঙৰ দীঘল হৈ যি জাতিৰ নামেৰে আমি নিজক চিনাকি দিব পাৰিছো, সেই জাতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ নিজ মাতৃভাষাৰ প্ৰতি আমি অলপমানো দায়িত্ব নাই জানো আৰু সেই দায়িত্বক অনুধাৱন কৰিব পৰাকৈ আমি জানো শিক্ষিত নহয়? যদি হয় কি চিন্তা কৰি আছে, বিলম্বৰ প্ৰয়োজন নাই। আহক, অসমীয়া ৱিকিজগতৰ এই অভিনৱ, অৰ্থপূৰ্ণ যাত্ৰাৰ বিশ্বস্ত সংগী হৈ আমি সহযোগিতাৰে চিৰ চেনেহী মাতৃভাষা অসমীয়াৰ গৌৰৱ আৰু সুষমা বৃদ্ধিৰ অংশীদাৰ হোৱাৰ সুখানুভূতিৰে জীৱন ধন্য কৰোঁ।

“আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে' নাকত আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক,
দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসত
হেৰা পাওঁ মোৰ আইক।
মই মোক মোৰ সন্তানৰ কাৰণে
ক'ত থৈ যাম?

ক'ত? ”

~ নিৰ্মলপ্ৰভা বৰদলৈৰ এই তেজোদীপ্ত কবিতাৰ পংক্তিৰে সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি “অসমীয়া ৱিকিজগত”ৰ উত্তৰোত্তৰ কামনা কৰি অপৈণত লেখাটি সামৰিলোঁ।

অনামিকা(চুমু) বড়া (talk) 07  07, 30 September 2019 (ইউ.টি.চি.)