সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৫/মুখবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলোকচিত্ৰ শিল্পী- ডাঃ গীতাৰ্থ বৰদলৈ

  ২০২৫ বৰ্ষৰ ১৯ ছেপ্তেম্বৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰে। অগণন অনুৰাগীক শোকৰ সাগৰত পেলোৱা এই ঘটনাই অসমীয়া ৱিকিমিডিয়া সমাজকো মৰ্মান্তিক আঘাত দিয়ে। ৱিকিপত্ৰিকাৰ এই সংখ্যাৰ জৰিয়তে আমি অসমীয়া ৱিকিমিডিয়া সমাজে শোকসন্তপ্ত পৰিয়াললৈ আনুষ্ঠানিকভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে জুবিন গাৰ্গৰ বৰ্ধিত পৰিয়াল অৰ্থাৎ সমূহ জুবিনপ্ৰেমীৰ দুখৰ সমভাগী হৈছোঁ। এই সময় যন্ত্ৰণাময়! এই খবৰ অসহনীয়! আমি প্ৰাৰ্থনা কৰিছোঁ যাতে শীঘ্ৰেই ৰহস্যৰ কলীয়া ডাৱৰ আঁতৰি পোহৰ হওক সত্যৰ বাট।

 এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী হোৱাৰ উপৰি জুবিন গাৰ্গ সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, কবি আৰু সমাজকৰ্মী। তেওঁ আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰি থৈ গ'ল। অসমীয়া ভাষাক গীতৰ জৰিয়তে জনপ্ৰিয় কৰি তোলা জুবিন গাৰ্গে প্ৰায় ৪০টা ভাষাত গীত বাণীবদ্ধ কৰি গৈছে। প্ৰায় ৩৮০০০ গীতত কণ্ঠদান কৰা জুবিন গাৰ্গে বহুকেইবিধ বাদ্যযন্ত্ৰও বজাব জানিছিল।

 অসামান্য প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গ স্বভাৱতে শিশুসুলভ আৰু আনৰ দুখত দুখী হৈ মন খুলি সহায় কৰা এজন ব্যক্তি। সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলে সেয়ে অতিকৈ ভাল পায় তেওঁক। আকস্মিকভাৱে অহা দুঃখবৰটোত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ গৈ অন্তিম যাত্ৰাত লোকে লোকাৰণ্য কৰি তোলে। কেৱল গুৱাহাটীতে নহৈ জিলাই জিলাই অনুৰাগীসকলৰ মৌন সমদল পৰিলক্ষিত হয়। প্ৰান্তে প্ৰান্তে প্ৰাৰ্থনা হৈ নিনাদিত হয় মায়াবিনী ৰাতিৰ বুকুত। সেইদিন ধৰি চিত্ৰ, দেৱাল-অংকন, কাৰ্টুন, গীত, দৃশ্য-শ্ৰব্য আদি অনেক মাধ্যমেৰে অনুৰাগীসকলে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকাৰ সমান্তৰালকৈ অসমীয়া ৱিকিমিডিয়া সমাজেও নীৰৱে তেওঁ আৰু তেওঁৰ সৃষ্টিক যুগমীয়া কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

শেষত ৱিকিপত্ৰিকাৰ এই সংখ্যা জুবিন গাৰ্গলৈ উছৰ্গা কৰি তেওঁৰ ভাষাতেই গাওঁ আহক -