ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 দিনটোৰ সময়বোৰ কোনো কাম নকৰাকৈ পাৰ হোৱাটো মোৰ বাবে অসহ্যকৰ। বিদ্যালয় আৰু ঘৰৰ কামৰ উপৰি আন কিবাকিবি কামত নিজক ব্যস্ত ৰাখিলেও, মই কৰা কোনো এটা কামতে সন্তুষ্ট নাছিলোঁ। তাৰপিছত, ক’ভিদ অতিমাৰীৰ ভৰপক সময়ত যেতিয়া সকলো গৃহবন্দী হৈ থাকিবলগীয়া হৈছিল, তেতিয়া দিনটোৰ কৰিবলগীয়া কামখিনি কৰাৰ পিছৰ সময়খিনি অসহনীয় হৈ পৰিছিল, আৰু তেতিয়াই মোৰ ভাতৃসম মৃদুল কুমাৰ শৰ্মাৰ পৰামৰ্শমতে ৱিকিপিডিয়াত এটা একাউণ্ট খুলিলোঁ। ইয়াত একাউণ্ট খোলাৰ কথাটো মনলৈ আহিয়েই আছিল, কেৱল ক্ষেত্ৰখনৰ বিষয়ে ভালদৰে জনা নাছিলোঁ বাবে আগবঢ়া হোৱা নাছিল। একাউণ্ট খোলাৰ পিছত মই ৱিকিউৎসত কাম কৰিবলৈ ল’লোঁ। প্ৰাথমিক জ্ঞানখিনি Any desk এপৰ জৰিয়তে মৃদুলে শিকাই দিলে, আৰু তাৰপিছত ধীৰে ধীৰে প্ৰৱেশ কৰিলোঁ ৱিকিৰ জগতখনত। আগতে মোৰ আজৰি সময়খিনি ৱিকিউৎসৰ বাবে উছৰ্গা কৰিছিলোঁ আৰু এতিয়া ৱিকিপিডিয়াৰ বাবে মোৰ আজৰি সময় নাই। ই মোৰ মনে বিচাৰি থকা আৰু এতিয়া সকলোতকৈ বেছি তৃপ্তিদায়ক কাম। সম্প্ৰতি ৱিকিপিডিয়া, ৱিকিউৎস আৰু ৱিকিউদ্ধৃতিত পাৰ্যমানে সময় দিবলৈ চেষ্টা কৰিছোঁ।

 প্ৰাৰম্ভিক কালত বহুদিনলৈ মই ৱিকিউৎসতে কাম কৰিলোঁ। নাজানিছিলোঁ একোৱেই। ইণ্টাৰনেটৰ বিভিন্ন সঁজুলি আৰু কম্পিউটাৰৰ জ্ঞান একেবাৰে সীমাৱদ্ধ আছিল। কিন্তু আমাৰ ৱাট্চআপ গোটটোৰ জৰিয়তে প্ৰবীণ সদস্য সকলোৱে আগুৱাই যোৱাত সহায় কৰিলে। ইয়াত ’প্ৰবীণ’ শব্দই বয়োজ্যেষ্ঠজনক নুবুজায়, যিয়ে আগৰে পৰা এই ক্ষেত্ৰখনৰ লগত জড়িত, সিয়েই প্ৰবীণ।

 বহুতে ৱিকিপিডিয়াৰ বিষয়ে জানে, কিন্তু ৱিকিউৎসৰ বিষয়ে জ্ঞাত নহয়। ৱিকিপিডিয়াত নিৰ্ভৰযোগ্য তথ্যক ভিত্তি কৰি নানা বিষয়ত প্ৰবন্ধ লিখা হয়। ৱিকিউৎসত কপিৰাইট উকলা কিতাপ-পত্ৰ, বিভিন্ন নথি, আৰু স্বইচ্ছাৰে দান দিয়া কিতাপৰ মুদ্ৰণ সংশোধন কৰি text format-অত সংৰক্ষণ কৰা হয়। ইয়াৰ বাবে কিছুমান ’বিশেষ কৌশল’ প্ৰয়োগ কৰা হয়। কৌশলসমূহ জ্যেষ্ঠ ৱিকিপিডিয়ানে অনলাইন বা অফলাইন কৰ্মশালাৰ জৰিয়তে সময়ে সময়ে শিকাই দিয়ে, অথবা কিবা জানিবলগীয়া থাকিলে গোটত সমস্যাটোৰ কথা উল্লেখ কৰিলে, প্ৰায় লগে লগেই কোনোবা নহয় কোনোবা এগৰাকীয়ে সমাধানৰ পথ দেখুৱাই দিয়ে। এই ক্ষেত্ৰত সকলোৱেই নতুন সদস্যৰ ক্ষেত্ৰত অধিক তৎপৰ।

 ৱিকিউৎসত যি কিতাপৰ মুদ্ৰণ সংশোধন কৰা হয়, সেইকিতাপ ছপাৰূপৰ হুবহু নকল কৰা হয়, অৰ্থাৎ ছপা কিতাপখনত যদি কিবা ভুলো থাকে, ৱিকিউৎসৰ স্বেচ্ছাসেৱীয়ে সেয়া শুধৰাব নোৱাৰে। ৱিকিউৎস এক পুথিভঁৰাল। ছপাৰূপৰ কিতাপবোৰ ইয়াত নিৰ্ভয়ে সংৰক্ষণ কৰিব পাৰি। মোৰ ২০১০ চনত প্ৰকাশ পোৱা “একুৰি এটা গল্প’’ নামৰ সংকলনখন ৱিকিউৎসত সংৰক্ষণ কৰি ৰাখিছোঁ। ৱিকিউৎসত কাম কৰি মই ভাল পাওঁ। ইয়াত মুদ্ৰণ সংশোধনৰ কৰি যাওঁতে বহু পুৰণি কিতাপৰ বিষয়ে, যিবোৰ আমি কেতিয়াও পঢ়া নাই, তাৰ বিষয়ে জনা নাই; তেনে বহু মূল্যবান কিতাপৰ বিষয়ে জানিব পাৰি, পঢ়িব পাৰি।

 ইণ্টাৰনেটত অসমীয়া ভাষাৰ শক্তিশালী স্থিতি হোৱা মানে কি নিশ্চয় কাকো বুজাব নালাগে। ৱিকিউৎসৰ এমুঠিমান সদস্যই সদায়েই ইয়াৰ ভঁৰাল টনকিয়াল কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। পাৰিলে, আপুনিও হাত উজান দিয়ক। কপিৰাইট উকলা কিতাপ যদি আছে তাৰ সন্ধান দিয়ক। নাইবা, আপুনি নিজে লিখা কিতাপ ৱিকিউৎসলৈ আগবঢ়াওক। অনাগত ভৱিষ্যতলৈ আপোনাৰ কিতাপ সংৰক্ষিত হৈ থাকিব। ৱিকিউৎস বা ৱিকিপিডিয়াত কাম কৰিবলৈ ভাষা বিশেষজ্ঞ হ’ব নালাগে। সকলোৱে অৰ্থাৎ যিকোনো বয়সৰ, যিকোনো শিক্ষাগত অৰ্হতাৰ লোকে ইয়াত কাম কৰিব পাৰে। এটাই মাত্ৰ প্ৰয়োজন, আগ্ৰহ। ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰিলে কোনো পাৰিশ্ৰমিক নাপায়। অৱশ্যে ইয়াত কৰা কামসমূহ অৰ্থাৎ সম্পাদনাসমূহ কোন সদস্যই কিমান আৰু কেতিয়া কৰে, সেই সকলো সংৰক্ষিত হৈ থাকে। যিকোনো পৃষ্ঠাৰ ইতিহাস চালেই সেয়া গম পোৱা যায়।

 ৱিকিউৎসৰ দৰে ৱিকিউদ্ধৃতি নামে আন এটা প্ৰকল্পৰ কাম কৰি থকা হৈছে, য’ত থাকিব পৃথিৱীৰ বিখ্যাত লোকৰ স্মৰণীয় উক্তি, অসমীয়া ফকৰা যোজনা, সাঁথৰ, জতুৱা ঠাচ-খণ্ডবাক্য, শ্লোগান, ডাকৰ বচন আৰু অসমৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ উল্লেখযোগ্য বাক্যসমূহ। আশাকৰোঁ, এই প্ৰকল্পও অতি শীঘ্ৰে ৰাইজৰ মাজলৈ যাব পাৰিব।

 ইয়াৰ মাজতে, ৱিকিবন্ধুসকলৰ প্ৰেৰণাত ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ ল’লোঁ। প্ৰথম প্ৰবন্ধটো আছিল, “অচিন মোমাইদেউ’’ৰ জীৱনৰ বিষয়ে লিখা। নিৰন্তৰ অসমীয়া ভাষাৰ সেৱাৰ্থে কাম কৰা আমাৰ স্বেচ্ছাসেৱকসকলে দহহাজাৰৰ ওপৰত অসমীয়া প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিছে। এইখিনিতে সদায় এটা অসুবিধা অনুভৱ কৰোঁ। সেইটো হ’ল, তথ্যৰ অভাৱ। ৱিকিপিডিয়াত প্ৰবন্ধ লিখোঁতে, পূৰ্বে প্ৰকাশিত (অনলাইন-অফলাইন) তথ্যৰ ওপৰত ভিত্তি কৰি আৰু তাৰ বিতং উল্লেখ কৰিহে লিখিব পাৰি। অসমীয়া ভাষাত কিছুমান বিষয়ৰ তথ্যৰ বৰ অভাৱ। যোৱা ইং ১১ আৰু ১২ জুন, ২০২২ তাৰিখে গুৱাহাটীৰ হোটেল গ্ৰেণ্ডৱৰত হোৱা কৰ্মশালাত আমাৰ প্ৰশিক্ষক জয়ন্ত নাথ চাৰে যেতিয়া কৈছিল, “অসমীয়া ৱিকিপিডিয়াত দহহাজাৰৰ বেছি প্ৰবন্ধ আছে, কিন্তু অসম সম্বন্ধে বহু কম।” তেতিয়া মনতে সংকল্প লৈছিলোঁ, ৱিকিপিডিয়াত মই কেৱল অসমৰ মানুহ, অসমৰ সংস্কৃতিৰ বিষয়েই লিখিম। কিন্তু, লিখিবলৈ লৈ যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হৈছিল। কাৰণ, অসমৰ জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিৰ বিষয়ে লিখিবলৈ তথ্যৰ বৰ অভাৱ। এনেকুৱা নহয় যে, “মই জানো, গতিকে লিখিম”। ৱিকিপিডিয়াত “ক’ৰপৰা জানিলোঁ” তাৰ উল্লেখ অৱশ্যেই লাগে। তথাপিও, বহু পুৰণি কাকত আলোচনী আদি খুঁচৰি যি পাৰোঁ, মোৰ প্ৰিয় বিষয় “আমাৰ ভাষা সংস্কৃতি”ৰ বিষয়ে লিখি আছোঁ, লিখি যাম। ৱিকিপিডিয়াতো প্ৰবন্ধ লিখোঁতে কোনে লিখিলে তাৰ উল্লেখ নাথাকে আৰু একেটা প্ৰবন্ধকে সদস্যসকলে উপযুক্ত তথ্যৰ আধাৰত বাৰে বাৰে সম্পাদনা কৰিব পাৰে। কোনো মতবাদৰ অনুগামী নহৈ সম্পূৰ্ণ নিৰপেক্ষতাৰে প্ৰবন্ধসমূহ লিখাটো বিশেষ লক্ষণীয় কথা। অসমীয়া ৱিকিপিডিয়াৰ সদস্যসংখ্যা হেজাৰতকৈও বেছি। কিন্তু ইয়াত সক্ৰিয় হৈ থকা সদস্যসংখ্যা আঙুলিমূৰত লেখিব পৰা। বহুতে, উৎসাহত একাউণ্ট খোলে, কিন্তু কোনো অদৃশ্য কাৰণত কিছুদিনৰ পিছতেই নিষ্ক্ৰিয় হৈ যায়। ২০০২ চনৰ পৰা যিসকল শ্ৰদ্ধেয় ব্যক্তিৰ সুদূৰপ্ৰসাৰী চিন্তাৰ ফলত অসমীয়া ৱিকিপিডিয়াৰ জন্ম হৈছিল, সেইসকললৈ শ্ৰদ্ধা জনাই, তেখেতসকলে আঙুলিয়াই দিয়া বাটেৰে অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে আগলৈয়ো একেদৰেই কাম কৰি যাবলৈ সংকল্পবব্ধ; কেৱল বিচাৰোঁ সকলোৰে সহযোগিতা আৰু সক্ৰিয়তা।

 অসমীয়া ৱিকিপিডিয়া সদস্য আৰু তথ্যৰে সমৃদ্ধিশালী হওক, সেই কামনাৰে, সকলোলৈ নমস্কাৰ জনালোঁ।


Pranamikaadhikary (বাৰ্তা) 04:37, 31 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]