সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০২৫/ৱিকিমিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০১২ বৰ্ষৰ আগষ্ট মাহত অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে বন্ধু এজনৰ পৰা শুনি এটা একাউণ্ট খুলিছিলোঁ। যদিও সেই সময়ত ৱিকিমিডিয়াত কেনেকৈ কি কৰিব লাগে, সেই বিষয়ে একো নজনাৰ বাবে সিমানতে ৰৈ গৈছিলোঁ।

যোৱাবছৰ এদিন ফেচবুকৰ পোষ্ট এটাত ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ বিষয়ে পঢ়ি সেই প্ৰকল্পটোত যোগদান কৰিলোঁ। সম্পূৰ্ণ ১২বছৰ পাছত অৰ্থাৎ ২০২৪ চনৰ ছেপ্তেম্বৰ মাহৰ শেষৰ সপ্তাহত এই প্ৰকল্পৰ যোগেদি পুনৰ ৱিকিপিডিয়াৰ সৈতে জড়িত হোৱাৰ সুযোগ পালোঁ। এই তিনিমহীয়া প্ৰকল্পটোত সন্মানীয় মেণ্টৰ প্ৰণামিকা অধিকাৰী বাইদেউৰ তত্ত্বাৱধানত ৱিকিপিডিয়াত কেনেকৈ সম্পাদনা কৰে, প্ৰবন্ধ এটা লিখিলে কেনেকৈ লিখিব লাগে শিকাৰ লগতে ৱিকিউৎস আৰু ৱিকিউদ্ধৃতিৰ বিষয়েও কিছু পৰিমাণে শিকিলোঁ। বৰ্তমানেও মই শিকি আছোঁ আৰু শিকিবলৈ বহু বাকী আছে।

এই বৰ্ষৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা “প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন’’ত উপস্থিত থাকোঁ। এই সন্মিলনত অসমীয়া ৱিকিমিডিয়া সমাজৰ মেণ্টৰশ্বিপ কাৰ্যসূচীৰ আনুষ্ঠানিক সামৰণিৰ লগতে “বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান-২০২৪’’ বঁ‌টা প্ৰদান কৰা হয়। এই সন্মিলনত অসমীয়া ৱিকিমিডিয়াৰ ন-পুৰণি সদস্যসকলৰ লগত চিনাকি হৈ ভাল লাগিল। সদস্য সকলৰ শিকাৰ আৰু শিকোৱাৰ আগ্ৰহ দেখি বৰ ভাল লাগিছিল।

জুলাই মাহৰ ২৬ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা “গ্ৰন্থযাত্ৰা প্ৰকল্প’’ আৰু “অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি - ২০২৫’’ শীৰ্ষক দুটি অনুষ্ঠানতো উপস্থিত থাকোঁ। ইয়াৰে “গ্ৰন্থযাত্ৰা প্ৰকল্প’’ত অসমীয়া ৱিকিউৎসলৈ ইউনিক’ডত সংৰক্ষণৰ অৰ্থে গ্ৰন্থ আগবঢ়োৱা অসমৰ কেইবাগৰাকী লেখক-লেখিকাক সম্বৰ্ধনা জনোৱা হয় আৰু লগতে অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি নামৰ নতুন প্ৰকল্প এটাৰ শুভাৰম্ভ কৰা হয়।

অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰতিজন সদস্যৰ আন্তৰিকতাৰ বাবে বহু কথা শিকাত সহজ হৈ পৰিছে। বিশেষকৈ মোৰ মেণ্টৰগৰাকীৰ মোৰ প্ৰতি থকা তেওঁৰ বিশ্বাসৰ বাবে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাহস কৰিছিলোঁ। আশা কৰোঁ, ভৱিষ্যতেও আপোনালোকৰ সহযোগত অসমীয়া ভাষা আৰু অসমীয়া ৱিকিৰ জয়যাত্ৰাত অলপ হ’লেও বৰঙণি যোগাব পাৰোঁ তাৰে কামনা কৰিলোঁ। শুভকামনাৰে- দিম্পল দাস (বাৰ্তা) 14:27, 31 July 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]