যোৱা ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখৰ পৰা ১৬ তাৰিখলৈ ইণ্ডোনেছিয়াৰ বালি প্ৰদেশৰ ডেনপাছাৰৰ “প্ৰাইম প্লাজা হোটেল’’ত তিনিদিনীয়াকৈ ৱিকিউৎসৰ “ৱিকিউৎস কনফাৰেন্স বালি, ২০২৫’’ অনুষ্ঠিত হৈছিল। সেই কনফাৰেন্সলৈ অসমীয়া ৱিকিউৎসৰ আন এগৰাকী সক্ৰিয় সদস্যৰ লগতে মোকো নিৰ্বাচিত কৰাত ৱিকিমিডিয়াৰ যোগেৰে দ্বিতীয়বাৰ বিদেশ ভ্ৰমণৰ সুযোগ পাইছিলোঁ। ভাৰতীয় কলা-সংস্কৃতি, আচাৰ-ব্যৱহাৰৰ সৈতে যথেষ্ট মিল থকা আৰু প্ৰকৃতিৰ ৰম্যভূমি বালিৰ প্ৰতি আগৰে পৰাই মনত আকৰ্ষণ জাগি আছিল।
১২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা নতুন দিল্লী আৰু তাৰপৰা আঠঘণ্টা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে গৈ ১৩ তাৰিখে পুৱা ইণ্ডোনেছিয়াৰ সময়মতে পুৱা ৮ বাজি ১০ মিনিট (ভাৰতীয় সময়তকৈ প্ৰায় আঢ়ৈ ঘণ্টা আগবঢ়া)ত বালিৰ চেনুৰ বীচ্চৰ কাষতে থকা নুৰাহ ৰাই ইণ্টাৰনেচনেল বিমান বন্দৰ (Ngurah Rai International Airport) ত অৱতৰণ কৰিছিলোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বালিৰ মনোমোহা সৌন্দৰ্য বিমান অৱতৰণৰ সময়তেই নীলা পানীৰ মাজে মাজে ক্ষুদ্ৰ ক্ষুদ্ৰ দ্বীপ, সৰু-বৰ পাহাৰ খিৰিকীৰে প্ৰত্যক্ষ কৰি শিহৰিত হৈছিলোঁ।
ৱিকিমিডিয়াৰ যিকোনো কাৰ্যসূচী যথেষ্ট সাৱধানতাৰে অনুষ্ঠিত কৰা হয়। প্ৰতিগৰাকী স্বেচ্ছাসেৱকক বিশেষধৰণে মনোযোগ দি সকলো অসুবিধা আঁতৰ কৰি কাৰ্যসূচী উপভোগ্য কৰি তোলাই আয়োজকৰ প্ৰধান লক্ষ্য। ইয়াতো ব্যতিক্ৰম নেদেখিলোঁ। বিমান বন্দৰৰ পৰাই আয়োজকে দিয়া নিৰ্দেশনা অনুসৰি বালিৰ সম্ভ্ৰান্ত টেক্সীসেৱা “ব্লু বাৰ্ড’’ৰ গাড়ীৰে প্ৰাইম প্লাজা হোটেল পালোঁগৈ। বাটত এঠাইত ভাৰতীয় মুদ্ৰা সলাই ইণ্ডোনেছিয়ান “ৰুপিয়াহ’’ কিছু লৈ ল’লোঁ।
১৪ তাৰিখে পুৱা চাৰে-ছয় বজাৰ পৰা (মন কৰিব যে, সময়সূচী ইণ্ডোনেছিয়াৰ সময়মতেই উল্লেখ কৰা হৈছে) কাৰ্যসূচী আৰম্ভ হৈছিল। পুৱাৰ আহাৰৰ পিছত নাম পঞ্জীয়ন আৰু তাৰপিছত আদৰণি পৰ্বৰে কনফাৰেন্সৰ শুভাৰম্ভ হৈছিল। যথাৰীতি, এটা মিনিটৰো ইফাল-সিফাল নোহোৱাকৈ তিনিওদিনৰ কাৰ্যসূচী সম্পন্ন হৈছিল। আয়োজকসকলৰ আত্মীয়তা আছিল প্ৰশংসনীয়।
কনফাৰেন্সৰ মূল বিষয় আছিল, “Transform & preserve Heritage Digitally’’; ইয়াত সন্নিৱিষ্ট বিষয়সমূহৰ ভিতৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছিল, ৱিকিউৎসক কেনেকৈ সাধাৰণ মানুহৰ বেছি ওচৰ চপাই নিব পাৰি আৰু ইয়াৰ মাধ্যমেৰে আমাৰ প্ৰাচীন লিখিত সমলসমূহক কিদৰে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰা। প্ৰাচীন পাণ্ডুলিপিৰে ঠাহ খাই থকা ইণ্ডোনেছিয়াৰ লিখিত সমলক “দা ষ্টেট অফ ইণ্ডোনেছিয়ান মেনুস্ক্ৰিপ্ত’’ নামেৰে এটা কাৰ্যসূচীৰে মেনুস্ক্ৰীপ্ত সংৰক্ষণৰ ক্ষেত্ৰত পোৱা প্ৰত্যাহ্বান আৰু সুযোগ সম্পৰ্কে আলোচনা কৰা হৈছিল। অসমতো “সৰাপাতৰ সৌৰভ’’ নামেৰে এটা মেনুস্ক্ৰীপ্ত ডিজিটাইজেছনৰ কাৰ্যসূচী এই বছৰৰ পৰাই আৰম্ভণি কৰা হৈছে। পৃথিৱীৰ দেশে দেশে থকা প্ৰাচীন লিখিত সমল কালৰ গতিত অৱক্ষয়ৰ গৰাহত পৰিছে। সুশৃংখলিত পৰিকল্পনাৰে এই সমলসমূহৰ ডিজিটাইজেছন কৰিব পাৰিলে, অন্ততঃ তাৰ সাহিত্যিক ঐতিহ্যক সংৰক্ষণ কৰিব পৰা যাব। ই এক সুদূৰপ্ৰসাৰী পৰিকল্পনা। আমিও আশাবাদী, অসমৰো বিশাল সাঁচিপতীয়া অথবা কাকতত লিখা প্ৰাচীন সাহিত্যিক সমলক ৱিকিউৎসৰ মাজেৰেই সমগ্ৰ বিশ্বৰ চকুত তুলি ধৰিব পাৰিম। তাৰবাবে অৱশ্যেই লাগিব এই কাৰ্যৰ সৈতে যুক্ত হ’ব খোজা অধিক স্বেচ্ছাসেৱক।
নতুন চিন্তাধাৰাৰে ৱিকিউৎসক অধিক গতি দিয়াৰ চিন্তা কৰা হৈছে। ই বৰ্তমানৰ দৰেই থাকিব নে, ৱিকিউৎস “Hub’’ কৰা হ’ব? অধিক কাৰ্যক্ষম কৰিবলৈ ৱিকিউৎসক হাবলৈ সলনি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে আৰু আশা কৰা হৈছে, এনে হ’লে ৱিকিউৎসৰ কাম অধিক ক্ষিপ্ৰ হৈ পৰিব। আনহাতে, ডিজিটেল যুগৰ আন আন এপসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ ৱিকিউৎসৰো ৰীডাৰচ এপ আৰু অডিঅ’ এপৰ বিষয়ে আলোচনা কৰা হৈছে। পশ্চিম বংগৰ ৱিকিমিডিয়ান বোধিসত্বই আন আন সদস্যৰ সহযোগত ইতিমধ্যেই তেনে এটা এপ তৈয়াৰ কৰাত ব্ৰতী হৈছে। তদুপৰি আছিল, বিভিন্ন কাৰিকৰী উপস্থাপন, সিদ্ধান্ত গ্ৰহণৰ কৌশল আৰু প্ৰত্যাহ্বান, শিক্ষানুষ্ঠান আৰু পুথিভঁৰালক জড়িত কৰাৰ বিভিন্ন দিশৰ আলোকপাত আদি বিষয়।
কনফাৰেন্সৰ উপৰি আমি বালিৰ সাংস্কৃতিক ক্ষেত্ৰখন চোৱাৰো সুযোগ পাইছিলোঁ। আয়োজক সমিতিয়ে বালিৰ বিখ্যাত বৰোং নৃত্য স্বচ্ছক্ষে উপভোগ কৰাৰ সুবিধা দিছিল। লক্ষ্য কৰিছিলোঁ, অসমৰ ভাওনা পৰিৱেশন শৈলীৰ লগত বৰোং নৃত্য পৰিৱেশন শৈলীও একেই। সূত্ৰধাৰৰ দৰে এগৰাকীয়ে নৃত্যৰ কাহিনী উপস্থাপন কৰি আটাইকেইটা নৃত্য ক্ৰমাগতভাৱে পৰিৱেশন কৰায়। তদুপৰি, কনফাৰেন্সৰ শেষ দিনা সন্ধিয়া সাংস্কৃতিক সন্ধিয়াতো বালিৰ নৃত্য-গীত চোৱাৰ সুযোগ পাইছিলোঁ।
ব্যক্তিগত: কনফাৰেন্সৰ পিছত নিজা খৰছত অতিৰিক্ত দুদিন থাকি এদিন Monument of Balinese people's struggle নামৰ ঐতিহাসিক সংগ্ৰহালয়, Upside Down World নামৰ ওলোটা মিউজিয়াম, GWK (Garuda Wisnu Kencana) নামে বিশাল সাংস্কৃতিক উদ্যান আদি বিভিন্ন ঠাই চোৱাৰ লগতে বালিৰ আন এক বিখ্যাত নৃত্য কাছাক্ নৃত্য চোৱাৰ সৌভাগ্য হৈছিল। নীল সাগৰৰ ঢৌৱে খুন্দিয়াই থকা থিয় পাহাৰৰ ওপৰত অৱস্থিত উলুৱাটু মন্দিৰত কাছাক্ নৃত্য উপভোগ কৰিছিলোঁ। বিদেশৰ মাটিত ১৭ ফেব্ৰুৱাৰীৰ দিনটো মোক সংগ দিছিল কানাড়া ৱিকিমিডিয়াৰ এগৰাকী সক্ৰিয় সদস্য সন্তোষ নটাগ’ৰে। ১৮ ফেব্ৰুৱাৰীত “মই এক যাযাবৰ’’ মনোভাৱেৰে অকলে অকলে কোটা বীচ্চৰ সমীপৰ বজাৰ, সৰু সৰু গলি আদিত ঘূৰি ফুৰি পাৰ কৰিছিলোঁ। এপাকত টাংগা গাড়ীতো উঠিলোঁ, মই পোৱা আটাইতকৈ সৰু নোট এহেজাৰ টকাত যিমান দূৰলৈ নিয়ে নিয়ক বুলি। পাঁচশ মিটাৰমান ঘূৰাই টকা এহেজাৰ লৈ টাংগাৱালা বিদায়। ভাষা নুবুজাকৈয়ো মানুহৰ সৈতে নিৰ্দোষ ধেমালিৰে ভাৱৰ আদান-প্ৰদান কৰিব পাৰি, ডাব বেপাৰী, সৰু সৰু দোকানী, ঘোঁৰা গাড়ীৰ চালকৰ সৈতে ভাৱ বিনিময় কৰি আহ্লাদিত হৈছিলোঁ। সকলোতকৈ বেছি আমোদ পাইছিলোঁ, লাখপতি ’ফিল’ অহাৰ কথাটোত। ইণ্ডোনেছিয়াত ৰুপিয়াহৰ মূল্য ভাৰতীয় টকাতকৈ বহু কম। তাৰ এক লাখ টকা আমাৰ পাঁচশ টকাৰ সমপৰ্যায়ৰ। এখন ফলৰ দোকানলৈ গ;লোঁ। ঘূৰি-পকি তাৰে স্থানীয় ফল এবিধ খাবলৈ মন গ’ল। দাম সুধিলোঁ। পেকেটে প্ৰতি আঢ়ৈ লাখ। মোৰ হাতত আছে ডেৰ লাখমান টকা। তাৰে একলাখ টকা পিছদিনা বিমান বন্দৰলৈ যাবলৈ গাড়ী ভাড়া হিচাপে ৰাখি বাকীখিনি খৰছ কৰিব পাৰিম। মই তাৰে দহহেজাৰ টকীয়া চাৰিখনমান দেখুৱাই সুধিলোঁ, ইয়াৰে যিখিনি পাওঁ সেইখিনি দিয়ক। তেওঁ ওঁঠ বিকটাই দিলে। অৰ্থাৎ সিমান টকাত তেওঁ পেকেট নোখোলে। এৰা, য’ত লাখটকীয়া ব্যৱসায় চলে তাত হাজাৰটকাৰ কি সকাম?
ঘূৰি ফুৰি মোৰ হেঁপাহ নপলায়। এইবাৰো অতৃপ্ত মন লৈ পিছদিনা, ১৯ ফেব্ৰুৱাৰীত নিজ দেশলৈ উভতি আহিলোঁ।
-Pranamikaadhikary (বাৰ্তা) 17:38, 1 April 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
- ইণ্ডোনেছিয়াত আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ। অসমীয়া মোৰ মাতৃভাষা নহ’লেও লিখাৰ কথা বহুখিনি বুজি পাইছিলোঁ৷ আশা কৰো এদিন ময়ো তেওঁৰ দৰে "লাখপতি ফিল"ৰ সুযোগ পাম (কোনো উপায় নথকাৰ বাবে গুগল ট্ৰেন্সলেটৰ ব্যৱহাৰ কৰি মন্তব্যটো অনুবাদ কৰিলোঁ)। Mehedi Abedin (বাৰ্তা) 00:21, 25 April 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]