ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২২/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 ইণ্টাৰনেটত অসমীয়া ভাষা বুলিলে প্ৰথমেই মনলৈ আহে ৱিকিপিডিয়াৰ কথা। বৰ্তমানলৈ প্ৰায় ৯ হেজাৰতকৈ অধিক প্ৰবন্ধ সম্ভাৰেৰে অসমীয়া ৱিকিপিডিয়াই ইণ্টাৰনেট জগতত অসমীয়া ভাষা বিস্তাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ২০১৪ চনৰ পৰা মই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ আছোঁ। প্ৰথমতে দুই এটা সৰু সুৰা প্ৰবন্ধ লিখিছিলোঁ। কাৰিকৰী কথাবোৰ ভালকৈ জনা নাছিলোঁ যদিও পিছলৈ লাহে লাহে বিভিন্ন সাঁচ, সজ্জাবোৰ সম্পাদনা আৰু সৃষ্টি কৰিবলৈ শিকিলোঁ। এনেদৰেই শিকি শিকি এটা সময়ত জটিল সাঁচ তথা সঁজুলিসমূহ সম্পাদনা কৰিবলৈও শিকিলোঁ আৰু পৰৱৰ্তী সময়ত কেইবাজনো সক্ৰিয় ৱিকিমিডিয়ানৰ সহযোগত অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ বাবে নিজাকৈ কেইটামান সঁজুলি সৃষ্টি কৰিবলৈও সক্ষম হ'লোঁ।

 সক্ৰিয় সদস্যৰ সংখ্যা কম হ’লেও অসমীয়া ৱিকিপিডিয়া দৰ্শন কৰা লোকৰ সংখ্যা কিন্তু কম নহয়, প্ৰতিদিনে প্ৰায় ১৩ হেজাৰ ব্যক্তিয়ে অসমীয়া ৱিকিপিডিয়াৰ প্ৰায় ৩৭ হাজাৰৰো অধিকবাৰ পৃষ্ঠা দৰ্শন কৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া ৱিকিপিডিয়াই প্ৰতিদিনে বহুলোকক অলপ হ’লেও উপকৃত কৰি আহিছে। এয়া আমাৰ বাবে এক বৃহৎ সফলতা আৰু এয়া কেৱল এজন বা দুজন ব্যক্তিৰ বাবে হৈ উঠা নাই, এয়া হৈ উঠিছে প্ৰতিজন সক্ৰিয় তথা কম সক্ৰিয় সম্পাদকৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত। অসমীয়া ৱিকিপিডিয়া তথা ৱিকিউৎসৰ মাধ্যমেদি অসমীয়া ভাষা তথা তথ্যৰ জগতখনলৈ যি সামান্য অৱদান আগবঢ়াব পাৰিছোঁ তাক লৈ মই নিজকে গৰ্বিত অনুভৱ কৰোঁ। অসমীয়া ৱিকিপিডিয়াৰ এই গৌৰৱ যাত্ৰা যাতে কোনোদিনে স্থবিৰ হৈ নপৰে তাৰে কামনাৰে ...

“বাজক দবা বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি পথত
জয় আই অসম বোল।”