৭. ৱিকি লাভছ বাৰ্ডছ – অসম চেপ্তাৰ: ৱিকি লাভছ বাৰ্ডছ ইণ্ডিয়া ২০২৫ অভিযানৰ অধীনত ৱিকি লাভছ বাৰ্ডছ – অসম চেপ্তাৰ নামৰ এক আঞ্চলিক ফটোগ্ৰাফী আৰু নথিকৰণ পদক্ষেপ গ্ৰহণ কৰা হয়৷ এই অভিযানৰ অংশ হিচাপে ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ এটা ফটো-ৱাক আৰু ৱিকিপিডিয়াৰ প্ৰবন্ধত ফটো সংযোগৰ কাম কৰা হয়৷
কৰ্মশালা
বিগত বৰ্ষটোত অসমীয়া ৱিকিমিডিয়া সমাজৰদ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰা হয়। এই কৰ্মশালা সমূহৰ যোগেদি অসমীয়া ৱিকিমিডিয়া প্ৰকল্প সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ লগতে বহু নতুন স্বেচ্ছাসেৱকৰ আগমন হোৱা দেখা যায়।
১. নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত ৱিকিমিডিয়া কৰ্মশালা: ২০২৫ বৰ্ষৰ ১৮ জানুৱাৰীত নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত এই কৰ্মশালাখন অনুষ্ঠিত হয়। কৰ্মশালাখনিৰ আঁত ধৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱাই। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমীয়া ৱিকিমিডিয়াৰ এজন সক্ৰিয় কৰ্মী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অতিথি অধ্যাপক তথা ৱিকিমিডিয়ান ভাস্কৰ ভূঞা।
২. চেলিব্ৰেট ৱুমেন অঙ্কীয়কৰণ আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, ২০২৫: আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৫ চনৰ ৮ মাৰ্চত “চেলিব্ৰেট ৱুমেন অঙ্কীয়কৰণ আৰু অসমীয়া ৱিকিউৎস কৰ্মশালা, ২০২৫” শীৰ্ষক এখন আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰা হয়।
৫. সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা: ২০২৫ চনৰ ৩ ডিচেম্বৰত যোৰহাটৰ মেলেঙত সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰীয়ে অংশগ্ৰহণ কৰে।
৬. ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষ্যে অসমীয়া ৱিকিপিডিয়া কৰ্মশালা: ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫ উপলক্ষ্যে বঙাইগাঁও জিলাৰ চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁওত ২০২৫ চনৰ ১৩ ডিচেম্বৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে ৱিকিমিডিয়ান কন্দৰ্পজিৎ কল্লোল উপস্থিত থাকে।
সম্পাদনা মেলা আৰু প্ৰতিযোগিতা
২০২৫ বৰ্ষত অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহত সমল বৃদ্ধি তথা নতুন স্বেচ্ছাসেৱকৰ অন্তৰ্ভুক্তিৰ বাবে বহুকেইখন সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
১. ইণ্ডিক ৰাইটিং চিষ্টেম কেম্পেইন, ২০২৫: দক্ষিণ এছিয়াৰ লেখন ব্যৱস্থাৰ সংৰক্ষণ আৰু নথিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ৱিকিপ্ৰজেক্ট ৰাইটিং চিষ্টেমৰ অংশ হিচাপে ২০২৫ চনৰ ২৩ জানুৱাৰীৰপৰা ২৯ ফেব্ৰুৱাৰীলৈ এখনি সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
২. নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৫: ৱিকিপিডিয়াত সাংস্কৃতিক বৈচিত্ৰ্য আৰু লৈংগিক সমতাৰ বাৰ্ষিক উদ্যাপন। এয়া হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি, লোকগাথা আৰু মহিলা বিষয়ক সমল বৃদ্ধিৰ উদ্দেশ্যে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰপৰা ৩১ মাৰ্চলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৩. ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম: ৱিকি লাভছ্ ফ'ক্ল'ৰ হৈছে ৱিকিমিডিয়া প্ৰকল্পৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক বৈচিত্ৰ্যক উপভোগ আৰু উদযাপনৰ বাবে আয়োজিত এক আন্তৰ্জাতিক ফটোগ্ৰাফিক প্ৰতিযোগিতা। এই আন্তৰ্জাতিক প্ৰতিযোগিতা খনৰে দেশীয় সংস্কৰণৰ ভাগ হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজে স্থানীয় ভাষাৰ ৱিকি প্ৰকল্পৰ বাবে ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ ৱিকি লাভছ্ ফ'ক্ল'ৰ ২০২৫, অসম অনুষ্ঠিত কৰা হয়।
৪. ৱিকিউদ্ধৃতি সংযোগ মেলা ২০২৫: ২০২৫ চনৰ ১৮ এপ্ৰিলৰপৰা ২৪ এপ্ৰিললৈ অসমীয়া ৱিকিউদ্ধৃতিত এখন অনলাইন ৱিকিউদ্ধৃতি সংযোগ মেলা অনুষ্ঠিত কৰা হয়।
৫. অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলা ২০২৫: ২০১৫ চনৰ ১৬ মে’ৰপৰা ৩০ মে’লৈ অসমীয়া ৱিকিপিডিয়া পোখালি বিস্তাৰ সম্পাদনা মেলাৰ যোগেদি অসমীয়া ৱিকিপিডিয়াৰ অসম্পূৰ্ণ প্ৰবন্ধসমূহ বিস্তাৰ কৰাৰ বাবে এখনি সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৬. মহাত্মা গান্ধী এডিটাথন, ২০২৫: গান্ধী জয়ন্তী উপলক্ষ্যে ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰৰ ৩০ তাৰিখৰপৰা ২ অক্টোবৰলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
৭. অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫: ২০২৫ চনৰ ৫ নৱেম্বৰৰপৰা ১৪ নৱেম্বৰলৈ অসমীয়া ৱিকিপিডিয়া, নেপালী ৱিকিপিডিয়া আৰু বাংলা ৱিকিপিডিয়া (বাংলাদেশ)ৰ উমৈহতীয়া উদ্যোগত ইং ২০২৫ চনৰ ৫নৱেম্বৰৰপৰা ১৪ নৱেম্বৰলৈ ১০ দিনজোৰা “অসমীয়া-নেপালী-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৫”ৰ আয়োজন কৰা হয়।
৮. ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫: ৱিকিপিডিয়া এছীয় সম্প্ৰদায়সমূহৰ মাজত সদ্ভাৱ বৃদ্ধিৰ লক্ষ্যৰে ২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ এই সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়।
বিগত বছৰটোত সদস্য বাবুল বৈশ্যই ৱিকিউৎসত সৰ্বাধিক মুদ্ৰণ সংশোধনকাৰী হিচাপে অভিলেখ সৃষ্টি কৰে।
উল্লেখনীয় কাম
চন্দন চিৰিং ফুকন ন্যাসৰ তৰফৰপৰা ২০২৫ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা ৱিকি সন্মিলনত ২০২৫ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা বাবুল বৈশ্যক প্ৰদান কৰা হয়।
২০২৫ বৰ্ষৰ ২৫ ডিচেম্বৰত গুৱাহাটীৰ IRIS হোটেলত অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
২০২৫ চনৰ ৩ ডিচেম্বৰত যোৰহাটৰ মেলেঙত সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ অধীনত ২০২৫ চনৰ ২৫ নৱেম্বৰৰপৰা ২০ ডিচেম্বৰলৈ এখন ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে অসমীয়া সংস্কৃতি বিষয়ক মুঠ ৬০৩খন ফটো ৱিকিমিডিয়া কমন্সত সন্নিৱিষ্ট হয়।
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫ উপলক্ষ্য্যে বঙাইগাঁও জিলাৰ চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁওত ২০২৫ চনৰ ১৩ ডিচেম্বৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়।
২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে ১২ গৰাকী সদস্যই মুঠ ৫৬০টা প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰে।
অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ২১,০১৬ টালৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৭৮২ খনলৈ বৃদ্ধি পালে।
অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১২৪২ টালৈ বৃদ্ধি পালে।
নিৰ্বাচিত উদ্ধৃতি
কবি অনুভৱ তুলসী, যাক আমি বিগত বৰ্ষত বহুজনৰ লগতে হেৰুৱালোঁ।
“
অসমীয়া ভাষাৰ ওপৰত ইউৰোপ নেলাগে ভাৰতীয় মূল ভূখণ্ডৰ সাংস্কৃতিক প্ৰভুত্বৰ, দমনৰ প্ৰয়াস পৰিকল্পতভাবে চলি আহিছে যুগ যুগ ধৰি। সেই দমন ওফৰাই দিবলৈ আমি কবিসকলে চিন্তা কৰিব পাৰোঁ। কবিতাৰ মাজেৰেই সেই পথ আমি উলিয়াব লাগিব।
”
—অনুভৱ তুলসী
“
মানুহ হিচাপে দায়িত্বশীল হ’লেহে কবিসত্ত্বালৈ সেই গুণ যাব– মই কবি আৰু মানুহ– দুয়ো সত্ত্বাৰ মাজত স্ব-বিৰোধ পছন্দ নকৰোঁ