সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৬/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • চন্দন চিৰিং ফুকন ন্যাসৰ তৰফৰপৰা ২০২৫ চনৰ ২৫ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা ৱিকি সন্মিলনত ২০২৫ বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া ৱিকিমিডিয়ান বঁটা বাবুল বৈশ্যক প্ৰদান কৰা হয়।
  • ২০২৫ বৰ্ষৰ ২৫ ডিচেম্বৰত গুৱাহাটীৰ IRIS হোটেলত অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
  • ২০২৫ চনৰ ৩ ডিচেম্বৰত যোৰহাটৰ মেলেঙত সামাজিক প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলক ৱিকিউদ্ধৃতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
  • অসমীয়া সংস্কৃতিৰ প্ৰেমত ৱিকি প্ৰকল্পৰ অধীনত ২০২৫ চনৰ ২৫ নৱেম্বৰৰপৰা ২০ ডিচেম্বৰলৈ এখন ফটোগ্ৰাফী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে অসমীয়া সংস্কৃতি বিষয়ক মুঠ ৬০৩খন ফটো ৱিকিমিডিয়া কমন্সত সন্নিৱিষ্ট হয়।
প্ৰথম স্থান
চিত্ৰ শিল্পী: গৌতম ডেকা
দ্বিতীয় স্থান
চিত্ৰ শিল্পী: নয়ন জ্যোতি নাথ
তৃতীয় স্থান
চিত্ৰ শিল্পী: গৌতম ডেকা
চতুৰ্থ স্থান
চিত্ৰ শিল্পী: দিব্য দত্ত
পঞ্চম স্থান
চিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা
  1. প্ৰথম সৰ্বাধিক আপলোড : পাপৰি বৰা
  2. দ্বিতীয় সৰ্বাধিক আপলোড : কুমুদ ঘোষ
  • ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৫ উপলক্ষ্য্যে বঙাইগাঁও জিলাৰ চিলাৰায় জাতীয় বিদ্যালয়, মূলাগাঁওত ২০২৫ চনৰ ১৩ ডিচেম্বৰত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়।
  • ২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰলৈ ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাৰ মাধ্যমেৰে ১২ গৰাকী সদস্যই মুঠ ৫৬০টা প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰে।
  • ২০২৫ চনৰ ১৩ আৰু ১৪ ডিচেম্বৰত অনুষ্ঠিত ইণ্ডিক অৰেল কালচাৰৰ দিল্লী অধিৱেশনত অসমীয়া ৱিকিৰ ফালৰপৰা সদস্য বিকাশ দিহিঙীয়া আৰু নয়ন জ্যোতি নাথে অংশগ্ৰহণ কৰে।
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ২১,০১৬ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলভ্য গ্ৰন্থৰ সংখ্যা ৭৮২ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ১২৪২ টালৈ বৃদ্ধি পালে।