ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

প্ৰভাকৰ শৰ্মা নেওগ: ২০০৭ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। তেওঁ কৰ্মসূত্ৰে অসমৰ শিলচৰস্থিত জাতীয় প্ৰাদ্যোগিক সংস্থানত কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৭,১০৮ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৯০। অসমীয়া ৱিকিপিডিয়াৰ লগতে ইংৰাজী ৱিকিপিডিয়া, ৱিকি কমন্স, ৱিকিউৎস, ৱিকিডে'টা আদি প্ৰায় কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে সৰ্বমুঠ ৮,১৫২ টা সম্পাদনা কৰিছে। লগতে অসমীয়া ৱিকিপিডিয়া আৰু কমন্সত বৰ্তমানলৈকে মুঠ ৪০ খন চিত্ৰ আপল’ড কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক তেওঁৰ অৱদানৰ বাবে “অক্লান্ত কৰ্মী পদক”, “The Working Wikipedian's Barnstar”, “Golden Barnstar”, “The Teamwork Barnstar” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰা হ'ল।