ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২১/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

দিব্য দত্ত: ২০১৪ চনৰ পৰা ৱিকিপিডিয়াৰ লগত জড়িত এগৰাকী প্ৰবীণ আৰু পাৰদৰ্শী ৱিকিপিডিয়ান। তেখেত ৱিকিপিডিয়াৰ এগৰাকী ইণ্টাৰফেচ প্ৰশাসক। ৱিকিমিডিয়ানগৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ৯,৫৯৬টা আৰু অসমীয়া ৱিকিউৎসত তেওঁ ৮,১৩২টা সম্পাদনাৰে উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ইয়াৰোপৰি তেখেতে ৱিকিপিডিয়াত ৫৩৬টা প্ৰবন্ধ সংযোজন কৰিছে। অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎসকে ধৰি ৱিকিপত্ৰিকা আদিত বিভিন্ন সাঁচৰ উদ্ভাৱন-সংযোজন ঘটাই দিব্য দত্তই এক অনন্য মাত্ৰা প্ৰদান কৰিছে। তেখেতৰ বহুমূলীয়া অৱদান আৰু প্ৰশাসনিক তথা কাৰিকৰী সহযোগিতাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেখেতক “জীৱবিজ্ঞানৰ ভোটাতৰা পদক”, “ফুলকোঁ‌ৱৰ পদক”, “বিশিষ্ট লেখক পদক”, “অক্লান্ত কৰ্মী পদক”, “এই মাহৰ ৱিকিপিডিয়ান”, “অনুপ্ৰাণিত ৱিকিপিডিয়ান”, “অমূল্য অৱদান পদক", "দ্য ভিন্সি বঁ‌টা", "কাৰিকৰী বিশেষজ্ঞ পদক", "পঞ্চশতক তাৰকা পদক", "ফটোগ্ৰাফাৰ পদক", "নিকাকৰণ পদক" আদিৰে সন্মানিত কৰিছে। ৱিকিৰ নিয়মীয়া দায়িত্ব পালনৰ মাজতো তেখেতে বিভিন্ন সম্পাদনা-মেলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। "The Asian Month Barnstar", "টাইগাৰ প্ৰবন্ধকাৰ পদক", "ৱিকি লাভছ ৱমেন পদক", "Wiki Loves Women South Asia Barnstar" আদি সন্মান তাৰেই পৰিচায়ক। অসমীয়া ৱিকিৰ ঊনবিংশ বৰ্ষপূৰ্তিৰ শুভক্ষণত বহুমুখী ৱিকিমিডিয়ানগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ! ~অসমীয়া ৱিকিপিডিয়া সমাজ।