ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ| জুন | ২০২৩ | ষষ্ঠ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ৱিকিসন্মিলনী ভাৰত ২০২৩ ৰ অভিজ্ঞতা

চলিত বৰ্ষৰ ২৮-৩০ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত হোৱা ‘ৱিকিসন্মিলনী ভাৰত’ত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা সদায়েই মোৰ বাবে স্মৰণীয় আৰু সতেজ হৈ থাকিব। কেৱল ভাৰতৰে নহয়, আমাৰ প্ৰতিৱেশী কেইবাখনো ৰাষ্ট্ৰকে ধৰি দূৰ-সুদূৰৰ ইজৰাইল, জাৰ্মানীৰো ৱিকিমিডিয়ান আৰু ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰতিনিধিবৰ্গই উক্ত সন্মিলনীত অংশ লৈ সৌষ্ঠৱ বঢ়াইছিল। সন্মিলনীৰ দুটামান অভিজ্ঞতা আৰু দিশ চমুকৈ তলত উল্লেখ কৰিলোঁ।

১. স্বেচ্ছাসেৱকসকলে প্ৰদান কৰা প্ৰেজেণ্টেছন: স্বেচ্ছাসেৱকসকলে নিজ ভাষাৰ ৱিকিমিডিয়াৰ মঞ্চত কৰি থকা মৌলিক পদক্ষেপসমূহৰ বিষয়ে প্ৰেজেণ্টেচন দিছিল। আনহাতে দক্ষিণ ভাৰতীয় মূলৰ নতুন প্ৰজন্মৰ কেইগৰাকীমান ৱিকিমিডিয়ানে স্বেচ্ছাই বিকশিত কৰা কিছুমান ভাষাভিত্তিক ডিজিটেল আহিলা দেখুৱাইছিল। তেওঁলোকৰ স্বেচ্ছামূলক অৱদানৰ আৰ্হি দেখি ভাৱ হৈছিল-এয়াই দৰাচলতে প্ৰকৃত জাতীয়তাবাদ। আনন্দৰ কথা, অসমীয়া ভাষাৰ তিনিগৰাকী সদস্য যথাক্ৰমে ভাস্কৰ ভূঞা, ৰুমী বৰা আৰু নয়ন জ্যোতি নাথেও এই গৌৰৱময় মঞ্চখনত প্ৰেজেণ্টেচন দিয়াৰ সুযোগ লাভ কৰে। তাতকৈও আনন্দৰ কথা, কেৱল অসমীয়া ভাষাহে তিনিটাকৈ প্ৰেজেণ্টেচনৰ বাবে নিৰ্বাচিত হৈছিল। উপস্থাপনশৈলীত ইংৰাজী অথবা হিন্দী ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক নাছিল। আগ্ৰহীসকলে মাতৃভাষাতো প্ৰেজেণ্টেচন দিব পাৰিছিল। প্ৰয়োজনসাপেক্ষে তেওঁলোকৰ প্ৰেজেণ্টেচন ইংৰাজী অথবা হিন্দীলৈ অনুবাদ কৰি দিয়া হৈছিল। এইসকলক কোৱা হৈছিল ‘ট্ৰেন্সলেছন বাডি’। অৱশ্যে আমাৰ শ্লাইডসমূহ ইংৰাজী আৰু অসমীয়া-দুয়োটা ভাষাতে প্ৰস্তুত কৰা হৈছিল বাবে বুজিবলৈ অসুবিধাজনক হোৱা নাছিল। সন্মিলনীৰ কিছুমান কাৰ্যসূচী অধিক আমোদজনক আৰু আন্তঃসংযোগকাৰী কৰিবলৈ উপস্থিত অংশগ্ৰহণকাৰীসকলৰ হতুৱাই নিৰ্দিষ্ট প্ৰশ্নটোত ঠাইতে ভোট বা মত দিয়াৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত আমি চৰ্চিত বিষয়টো সম্পৰ্কে উপস্থিতসকলৰ অনুভৱ কি-সেয়া সেইমুহূৰ্ততে জানিব পাৰিছিলোঁ।

২. লোকনৃত্য: সন্মিলনীৰ প্ৰথম দিনা টেলেংগানাৰ স্থানীয় লোকশিল্পীসকলৰ দ্বাৰা পৰিৱেশিত লোকনৃত্য ‘অগ্গু কথা’ আৰু ‘পেৰিনি শিৱতাণ্ডৱম’-এ মোক বাৰুকৈয়ে অভিভূত কৰিছিল। শিল্পীসকলৰ এনে স্বতঃস্ফূৰ্ত আৰু সুসমন্বিত পৰিৱেশনে প্ৰেক্ষাগৃহৰ সমস্ত পৰিৱেশত যেন এক অবিস্মৰণীয় প্ৰাণৰহে সঞ্চাৰ কৰিছিল! প্ৰায় বিলুপ্তপ্ৰায় অৱস্থাৰ পৰা নৃত্য দুটাৰ শৈলী উদ্ধাৰ কৰি পুনৰ তাক জনমানসত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে বুলি জানিবলৈ পাই বৰ আনন্দিত হৈছিলোঁ।

৩. মৰমৰ গামোচা: তৃতীয়টো অভিজ্ঞতা জড়িত হৈ আছে শেহতীয়াকৈ জি.আই. টেগ লাভ কৰা আমাৰ মৰমৰ গামোচাখনৰ লগত। প্ৰথমদিনাৰ আলোচনাচক্ৰ এখনৰ অন্তত চাহ-বিৰতিৰ সময়ত মোৰ ডিঙিত গামোচাখন দেখি ৱিকিমিডিয়া ফাউণ্ডেছনৰ ‘আঞ্চলিক অংশীদাৰিত্ব’ৰ সঞ্চালক বৰ্হে ভ’ৰ্গাছ আগবাঢ়ি আহে আৰু গামোচাখনৰ ইতিবৃত্ত জানিবলৈ বিচাৰে। কলম্বিয়াত জন্মলাভ কৰা ভ’ৰ্গেছ ডাঙৰীয়াৰ আন্তৰিকতাপূৰ্ণ উৎসাহৰ প্ৰতি সঁহাৰি জনাই ময়ো‌ গামোচাখনৰ বিষয়ে দুআষাৰ থিয়ৈ থিয়ৈ ক’লোঁ। অসমীয়া ৱিকিমিডিয়াৰ দুগৰাকী সদস্যা ৰুমী বৰা আৰু প্ৰণামিকা অধিকাৰী বাইদেৱে দুখনমান হাতেবোৱা গামোচা লগত অতিৰিক্তকৈ লৈ গৈছিল। তাৰে এখন গামোচা অন্তিমদিনা আহিবৰ পৰত ভ’ৰ্গেছ ডাঙৰীয়াক উপহাৰস্বৰূপে পিন্ধাই দিয়া হ’ল। সেইমুহূৰ্তত তেওঁৰ প্ৰতিক্ৰিয়া আছিল চাবলগীয়া। সৰু ল’ৰা এটাৰ দৰে তেওঁ স্ফূৰ্তিৱান হৈ উঠিছিল। অনাকাংক্ষিত এই উপহাৰটি পাই তেওঁ আমাক বহুবাৰ ধন্যবাদ জনালে আৰু গোটেই দিনটো গামোচাখন পিন্ধি থাকিল। ফাউণ্ডেচনৰ ‘নেতৃত্ব শিক্ষণ আৰু মূল্যায়ন বিষয়া’ জেছিকা ষ্টিফেনছন, উপ-মুখ্য কাৰ্যবাহী বিষয়া লিজা চেইটজ-গ্ৰুৱেলকো আমাৰ ফালৰ পৰা গামোচা পিন্ধোৱা হৈছিল। তেওঁলোকেও সমধিক আনন্দ প্ৰকাশ কৰে। দেশ-বিদেশৰ পৰা অহা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰতিনিধিবৰ্গৰ পৰা লাভ কৰা উষ্ণতম সঁহাৰি আছিল আমাৰ বাবে পৰম প্ৰাপ্তি। -----ঈশান জ্যোতি বৰা (বাৰ্তা) 16:06, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসন্মিলন, হায়দৰাবাদলৈ গৈ হোৱা অনুভৱ

এইবছৰ এপ্ৰিল মাহৰ শেষৰ তিনিটা দিনত হায়দৰাবাদত অনুষ্ঠিত হোৱা ৱিকি কনফাৰেন্সলৈ নিৰ্বাচিত হোৱাৰ মুহূৰ্তটোৰ পৰাই মন উগুল-থুগুল হৈ আছিল; কাৰণ, ইয়াৰ আগতে মই অসমৰ বাহিৰৰ মানুহৰ সৈতে কোনো সভাত যোগ দিয়া নাছিলোঁ। ৱিকিমিডিয়াত কাম কৰি পোৱা আত্মতৃপ্তিৰ লগতে ই মোৰ বাবে আছিল এক ওপৰঞ্চি সুখৰ সময়। কনফাৰেন্সলৈ গৈ পোৱা অভিজ্ঞতাসমূহ: (১) সকলোৰে মাতৃভাষাৰ প্ৰতি উৎসৰ্গীত মনোভাৱ আৰু বিশেষকৈ মৃতপ্ৰায় ডটেলী, অংগীকা আৰু কাশ্মীৰী ভাষাৰ ৱিকিপিডিয়াৰ জৰিয়তে প্ৰসাৰ কৰা কাৰ্যই মোক অভিভূত কৰিছিল। (২) নতুন নতুন প্ৰযুক্তিৰ প্ৰয়োগেৰে ৱিকিমিডিয়াৰ প্ৰকল্পসমূহক অধিক উন্নত আৰু গ্ৰহণযোগ্য কৰাৰ বাবে বিভিন্ন কৌশলৰ প্ৰশিক্ষণ দিয়া। (৩) সকলো বয়সৰ, সকলো লোকৰ মাজত মুকলিমূৰীয়া ভাৱ বিনিময়। (৪) সন্মিলনৰ আয়োজকে আহ্বান জনোৱামতে, অসমীয়া ৱিকিসম্প্ৰদায়েও Sweet Dish বুলি নিয়া পিঠা আৰু লাৰুৰ প্ৰতি বিভিন্নজনে খাবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখি আৰু তিল পিঠা তৈয়াৰ কৰাৰ কৌশল জানিবলৈয়ো আগ্ৰহ কৰা দেখি ভাল লাগিছিল।

কনফাৰেন্সৰ বহুত ভাল লগাৰ মাজতে এটা কথাই অলপ অশান্তি দিছিল যে, প্ৰশিক্ষণবোৰ যথেষ্ট ওপৰাউপৰি হোৱা যেন লাগিছিল। দুটা কনফাৰেন্স হলত সমান্তৰালভাবে দুটা প্ৰশিক্ষণ চলাত সহজে বোধগম্য হ’ব পৰা কিছুমান বিষয় আন এটাত মনোযোগ দি থাকোঁতে পাৰ হৈ গৈছিল। এইখিনিতে সংকোচ নকৰি উল্লেখ কৰিবই লাগিব যে, প্ৰশিক্ষণৰ সকলো বিষয় মোৰ সম্পূৰ্ণ বোধগম্য নহৈ মাত্ৰ মনত তাৰ ধাৰণাহে সুমুৱাব পাৰিছিলোঁ। অৱশ্যে, অসমীয়া ৱিকিৰ বাবে যে কৰিবলগীয়া বহু কাম আছে আৰু তাৰ অংশীদাৰ ময়ো হ’ব লাগিব; সেই সম্বন্ধে নিশ্চিত হৈছিলোঁ, কাৰণ, অসমীয়া ভাষাত যিমান পাৰোঁ সিমান সমল বৃদ্ধি কৰি আমাৰ ভাষাটোক যাউতিযুগীয়া কৰিবই লাগিব। Pranamikaadhikary (বাৰ্তা) 15:43, 29 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিসন্মিলনী ভাৰত ২০২৩ ৰ অনুভৱ

প্ৰথমতেই মই ৱিকি পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ, হাইদৰাবাদৰ কনফাৰেন্সত যোগদান কৰাৰ সুযোগ পোৱাৰ বাবে। মোৰ বাবে সপোনৰো অগোচৰ আছিল এনেধৰণৰ এখন কনফাৰেন্সত অংশ গ্ৰহণ কৰাতো। সদলবলে যোগদান কৰিবলৈ যোৱাৰো আছিল এটা নতুন মাদকতা। অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ৱিকিউৎসৰ দহ বছৰৰ যাত্ৰাৰ বিষয়ে কবগৈ লাগিব বাবে অলপ হলেও মনত ভয় ভাব এটাই অগা-দেৱা কৰিছিল। কিন্তু জলিৰ লগতে আমাৰ দলটোৰ সকলোৰে সহযোগত প্ৰেজেণ্টেছন দিয়াটো সহজ হৈ পৰিছিল। বিভিন্ন ৱিকিপিডিয়াৰ কেইবাজনো সদস্যই মাতৃভাষাতে মোৰ বিষয় বস্তু উপস্থাপন কৰাৰ বাবে খুবেই ভাল পাইছিল।

আমাৰ কৰিবলগা কাম যে বহুত আছে সেয়া বিভিন্ন ৱিকিপিডিয়ান সকলৰ কামৰ অগ্ৰগতি দেখি গম পাইছিলোঁ। নিজৰ মাতৃভাষাক ডিজিটেল ৰূপ দিয়াৰ বাবে বিভিন্ন বয়সৰ ৱিকিপিডিয়ান সকলৰ আশাশুধীয়া প্ৰচেষ্টা দেখি অভিভূত হৈছিলোঁ। মালায়ালাম ৱিকিৰ মীনাক্ষী নন্দিনীয়ে যেতিয়া "ৱিকি চেলিব্ৰেট এৱাৰ্ড" গ্ৰহণ কৰিছিল, আৰু মঞ্চত ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছিল, সেই মুহূৰ্তটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁ ২০১৭ চনৰ নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে ৮,৭৯৬ প্ৰবন্ধ লিখি সকলোকে মোহিত কৰি পেলাইছে। তেওঁৰ আদৰ্শৰে ময়ো অনুপ্ৰাণিত। কনফাৰেন্সত ভাৰতৰ বিভিন্ন ভাষাৰ প্ৰতিনিধিসকলৰ লগতে প্ৰতিৱেশী কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ যোগদান, আৰু তেওঁলোকৰ উন্নত মানৰ প্ৰযুক্তিৰে ৱিকি প্ৰকল্প সমূহক আগুৱাই নিয়াৰ প্ৰশিক্ষণ বিলাকে আমাক যথেষ্ট উপকৃত কৰিব। Rumi Borah~aswiki (বাৰ্তা) 06:19, 31 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
সংঘৰ্ষৰ সূত্ৰপাত হোৱা মণিপুৰৰ চুড়াচান্দপুৰ জিলা।

মণিপুৰ সংঘৰ্ষ ২০২৩ হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ। ইম্ফল উপত্যকাত বসবাস কৰা মেইতেই জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠভাবে হিন্দু ধৰ্মাৱলম্বী আৰু কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি আৰু জ'সকল মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। এই সংঘৰ্ষৰ ফলত কমেও ৭০ গৰাকী ব্যক্তি নিহত আৰু কমেও ২৪০ গৰাকী ব্যক্তি আহত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল। সংঘৰ্ষৰ পিছত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰায় ১০,০০০ সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মণিপুৰত মোতায়ন কৰা হয়। ৰাজ্যখনত ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয়। উত্তপ্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সৈন্যক "চৰম ক্ষেত্ৰত" সান্ধ্য আইন বলবৎ কৰিবলৈ "শ্বুট অন চাইট"ৰ নিৰ্দেশ দিয়া হৈছিল। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ মালিৰ নাৰীৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১৭০

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎এণ্টন চেকভ
  2. টমাছ হাৰ্ডি
  3. আৰ্থাৰ কোনান ডয়েল

অন্যান্য

  1. ‎সুমেৰ
  2. গম্ভীৰা
  3. মৰিছাছ
  4. আলকাপ
  5. নাছি গৰেং
  6. বাংলাদেশ ৰাষ্ট্ৰীয় ফুটবল দল
  7. ছিডনী
  8. বিশ্ব উচ্চ ৰক্তচাপ দিৱস
  9. চট্টগ্ৰাম
  10. সাৰ্বজনীন সুগমতা সজাগতা দিৱস
  11. ভাইকিংছ
  12. ফাইলষ্টৰ্চ
  13. নিক্স বনাম হেডেন
  14. পেপচি ফলৰ ৰসৰ প্লাৱন
  15. ফুঁকা
  16. ইয়াংগুন অঞ্চল
  17. ৰাষ্ট্ৰীয় হস্তমৈথুন দিৱস
  18. ম'ষ্ট ৱাণ্টেড ইৰাকী তাচপাত
  19. ম্যানমাৰৰ প্ৰশাসনিক বিভাগ
  20. ৰাখাইন ৰাজ্য
  21. ছিট্টৱে জিলা
  22. কিয়াউকপিউ জিলা
  23. থাণ্ডৱে জিলা
  24. মাউংদাও জিলা
  25. ম্যানমাৰৰ জিলাসমূহ
  26. ম্ৰাউক-উ জিলা
  27. ম্যানমাৰৰ টাউনশ্বিপসমূহ
  28. বিশ্ব কাছ দিৱস
  29. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
  30. ক্ষ্মেৰ সাম্ৰাজ্য
  31. আফগানিস্তান ক্ৰিকেট বʼৰ্ড
  32. পশতু ভাষা
  33. ক্ষ্মেৰ ভাষা
  34. বিটিএছ
  35. ‎বাডুইসকল
  36. কায়াহ ৰাজ্য
  37. বাগো অঞ্চল
  38. আয়েয়াৰৱাডী অঞ্চল
  39. কায়িন ৰাজ্য
  40. মেগৱে অঞ্চল
  41. ম্যানমাৰ মান সময়
  42. গ্ৰী.মা.স.+০৬:৩০
  43. বিশ্ব শৌচাগাৰ দিৱস
  44. জাপানী ভাষা
  45. চাফ চেম্পিয়নশ্বিপ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. সোণম কাপুৰ
  2. ৰিতেশ দেশমুখ
  3. দেবত্তমা সাহা
  4. ব্ৰজনাথ ৰথ
  5. বিপিন চন্দ্ৰ পাল
  6. সঞ্জয় দত্ত
  7. ‎বৈভৱী মাৰ্চেণ্ট

পৌৰাণিক ভাৰতীয় আখ্যান

  1. ‎মণিভদ্ৰ
  2. জলন্ধৰ
  3. নন্দক
  4. ‎কৌমোদকী
  5. পাঞ্চজন্য
  6. অলকা
  7. মণিদ্বীপ
  8. কল্কি
  9. ‎ময়ুৰী (দুৰ্যোধনৰ পত্নী)
  10. পদ্ম (বিষ্ণু)
  11. অনন্ত (হিন্দু ধৰ্ম)
  12. হলাহল

অন্যান্য

  1. শিল্পৰমম
  2. ‎জয় দৌল
  3. সাতবাহন ৰাজবংশ
  4. মালৱাই গিদ্ধা
  5. পাল সাম্ৰাজ্য
  6. পল্লৱ ৰাজবংশ
  7. ধামাল
  8. চোল ৰাজবংশ
  9. সৎসংগ
  10. পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
  11. চাৰমিনাৰ
  12. পাণ্ড্য ৰাজবংশ
  13. দ্য কেৰালা ষ্ট’ৰী
  14. ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
  15. শ্বেহজাদা (চলচ্চিত্ৰ)
  16. সত্যপ্ৰেম কি কথা (চলচ্চিত্ৰ)
  17. কবীৰবড়
  18. বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (ভাৰত)
  19. ভাৰতীয় জাতীয় ফুটবল দল
  20. ওপ্পানা
  21. পখালা
  22. ‎ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
  23. মণিপুৰ সংঘৰ্ষ ২০২৩
  24. ‎প'চমপল্লী শাৰী
  25. ৰাষ্ট্ৰীয় ডেংগু দিৱস
  26. ছাংগে জলপ্ৰপাত
  27. দিল্লী ফটোগ্ৰাফী মহোৎসৱ
  28. ত্ৰিপুৰা কুইন আনাৰস
  29. জীৱিত শিপাৰ দলং
  30. উৎসৱ প্লাছ
  31. শ্ৰী কান্তিৰাভা ষ্টেডিয়াম
  32. ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা
  33. নগা চাদৰ
  34. এলিফেন্ট জলপ্ৰপাত

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. ‎হিৰণ্য ডেকা
  2. মুক্তি প্ৰসাদ গগৈ
  3. সীমান্ত শেখৰ
  4. চিন্ময় বাৰ্মা
  5. ‎মিহিৰজ্যোতি বৰুৱা
  6. ধীৰু ভূঞা
  7. জুলী বৰুৱা
  8. নেকিবুজ জামান
  9. হৃদয় হাজৰিকা
  10. মিনিমি
  11. তিলোত্তমা মিশ্ৰ

গ্ৰন্থ বিষয়ক

  1. স্যমন্তক হৰণ
  2. কামিনীকান্তৰ চৰিত্ৰ
  3. নাং-ফা
  4. ৰজনীগন্ধাৰ চকুলো
  5. তাৰ পৰা উভতি আহিছোঁ আমি য'ত নাছিলোঁ
  6. বানান কৰি পঢ়া লুইতৰ পানী
  7. সাগৰ দেখিছা (কবিতা সংকলন)
  8. পাত্‌কাইৰ সিপাৰে ন বছৰ
  9. অসম অভিধান (গ্ৰন্থ)
  10. ‎অসম কোষ (গ্ৰন্থ)
  11. ‎সহস্ৰাব্দৰ বিশ্ব (গ্ৰন্থ)
  12. ‎অসমৰ ঐতিহ্য (গ্ৰন্থ)

চলচ্চিত্ৰ বিষয়ক

  1. ‎দ্য গৱৰ্ণমেণ্ট ছাৰ্ভেণ্ট (২০২৩ চলচ্চিত্ৰ)
  2. ধুনীয়া তিৰোতাবোৰ
  3. যখিনী (চুটি ছবি)

ঠাই বিষয়ক

  1. ‎বিৰিণাশায়েক গাঁ‌ও
  2. ফুলবাৰী
  3. খাদৈচুক গাঁও
  4. ‎শৰাগুৰি চাপৰি

অন্যান্য

  1. অসমত ইছলাম ধৰ্ম
  2. ইলোৰা বিজ্ঞান মঞ্চ
  3. জয়সাগৰ পুখুৰী
  4. ঘনশ্যাম দৌল
  5. ৰত্নপীঠ বাৰ্তা
  6. পৰুৱা (ভূত)
  7. বটা
  8. মাইহাং
  9. টাই আহোম যুৱ পৰিষদ, অসম
  10. আগান
  11. দক্ষিণ শালমাৰা বিধানসভা সমষ্টি
  12. লাই লুং খাম
  13. মাধুৰী আঁহতৰ তলৰ বিহু

সানমিহলি

  1. গেদগেদী মাছ
  2. বৰালি মাছ
  3. সত্য
  4. দমকল
  5. জেঠুৱা কপৌ
  6. কুঁ‌ৱা
  7. লিহিৰি কপৌ
  8. বাঁহ কপৌ
  9. কঠিন
  10. ভণ্ডামি
  11. পৰিবহণ
  12. ডেনড্ৰ'বিয়াম ফিমব্ৰিয়েটাম
  13. এৰিডেছ অ'ড'ৰাটা
  14. এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ
  15. গেষ্ট্ৰ'চিলাছ একুটিফ'লিয়াছ
  16. ‎চুলি
  17. পেৰিষ্টাইলাছ কনষ্ট্ৰিক্টাছ
  18. কেলান্থে অ'ডোৰা
  19. জলপ্ৰপাত
  20. ‎ডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰ
  21. ছনেট
  22. ৰঙা ঢেকীয়া
  23. সৰ্বপ্ৰাণবাদ
  24. ‎লিপষ্টিক
  25. অব্যয় পদ
  26. সমাস
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ বৰপেটাত সৰিয়হ খেতিৰ সিপাৰে সূৰ্য্যাস্ত
চিত্ৰ শিল্পী: ঈশাণী নাথ
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
চন্দন চিৰিং ফুকন
পোখালি উদ্ধাৰকাৰী পদক
জলী ৰুমী বৰা
কৰ্মশালাৰ সোণালী পদক
দিব্য দত্ত, নয়ন জ্যোতি নাথ, প্ৰণামিকা অধিকাৰী, ৰুমী বৰা







বিশেষ অভিলেখ
মে’-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক

  • মে' মাহৰ ৭ তাৰিখে অসমীয়া ৱিকিপিডিয়াৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়।

  • মে' মাহৰ ১৩ তাৰিখে ঢকুৱাখনাৰ সেউজ নগৰত অসমীয়া ৱিকিমিডিয়াৰ প্ৰথমটো মহিলা কেম্প অনুষ্ঠিত হয়।

  • মে' মাহত ৱিকিউৎসত সম্পূৰ্ণ হৈ উঠা গ্ৰন্থ মুক্তাৱলী (লেখক: চন্দ্ৰধৰ বৰুৱা, ১৯৫৭)।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(পৃথিৱীত চতুৰতকৈও চতুৰ লোক থাকে। সেয়েহে নিজকে বুধিয়ক বুলি ভাবি আগ-পাছ নুগুনি আনৰ কথাৰ জালত ভৰি থ'লে বিপদ হ'ব পাৰে। সেয়েহে আগতীয়াকৈ কোনো পদক্ষেপৰ পৰা হ'ব পৰা পৰিস্থিতিৰ বিষয়ে অনুমান কৰি তাৰ সমাধানৰ ব্যৱস্থাৰ বিষয়েও আগতীয়াকৈ চিন্তা কৰা উচিত।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ১৪৩ - - ৪৪
ঈশান জ্যোতি বৰা ৩৯ ৩৩ ১৬ - -
কুলধৰ ৰাভা - ১০ ৮৬ ২৪ ৫১
খিলঞ্জীত ১১২ - - - -
গীতাৰ্থ বৰদলৈ ২৯ ৭৯ - ১৫৭ -
চন্দন চিৰিং ফুকন ৬২২ ২৬২ ২০২ ২৬ ১৪২
জলী ৰুমী বৰা ১৪০ ৯৯ ১০৩ - -
জ্যোতি চিৰিং - ২২৯ - - -
দিব্য দত্ত ৪১৪ ২০ ১৬ - ২৫
১০ দীপকজ্যোতি মহন্ত ৯৬ - - -
১১ নবীন বুঢ়াগোহাঁই ৬৩ - - -
১২ নয়ন জ্যোতি নাথ ২১৭ ৩৫ ২৯ ১৯
১৩ প্ৰণামিকা অধিকাৰী ৮৭ ৪৪৯ ১১১ - -
১৪ প্ৰাণজ্যোতি নাথ ২৪ ৪৫৬ -
১৫ বাবুল বৈশ্য ১৮৭ - - - ২৯৮
১৬ মৃদুল কুমাৰ শৰ্মা - ১০৪ - -
১৭ ৰুমী বৰা ৪৪৬ -
১৮ সৌৰভ সাহা ৭৪৩ ২৮ - ৬০
১৯ হানিফ আলী ২৪ ৩৭ -


মাহটোত ৱিকিপিডিয়া, ৱিকিউৎস অথবা ৱিকিউদ্ধৃতিত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অনামিকা(চুমু) বড়া, চন্দ্ৰিমা ৰাভা, চাণক্য কুমাৰ দাস, নিৰ্মালি বৰমুদৈ, পল্লৱী দত্ত বৰুৱা, বিকাশ দিহিঙ্গীয়া, ভাস্কৰজ্যোতি ভূঞা, মো. সাদমান সাকিব, মৌচুমী ছেত্ৰী, ৰণোজ বৰুৱা, ৰাজদ্বীপ ৰাজবংশী, হিমাঙ্গী দাস, হিমাদ্ৰী হাজৰিকা বৰুৱা, AssameseGyan, Axomiya deka, Kashyap Assam, Nokib Sarkar, The Piash, TaDrian58

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।