উল্লেখ্য যে, ৱিকিমিডিয়া ইউজাৰ গোটসমূহ সৰল আৰু নমনীয়তাৰ উদ্দেশ্যৰে গঠিত একোটা গোট, যিসমূহক অধিক আনুষ্ঠানিকতাৰে সৃষ্ট অধ্যায় আৰু বিষয়ভিত্তিক সংস্থাসমূহৰ বিকল্প হিচাপে গণ্য কৰা হয়। ৱিকিমিডিয়া আন্দোলনত ব্যৱহাৰকাৰী গোটসমূহক সমান গুৰুত্বৰ ভূমিকা পালন কৰা গোট হিচাপে অত্যধিক মূল্য দিয়া হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বৰ জনগণক বিনামূলীয়া অনুজ্ঞাপত্ৰৰ অধীনত বা ৰাজহুৱা ডমেইনত শিক্ষামূলক বিষয়বস্তু সংগ্ৰহ আৰু বিকশিত কৰিবলৈ শক্তিশালী তথা নিয়োজিত কৰা, আৰু ইয়াক ফলপ্ৰসূভাৱে বিশ্বব্যাপী প্ৰচাৰ কৰা। সংযোগ সমিতিৰ পৰা স্বীকৃতি লাভ কৰিলে এটা গোটে ৱিকিমিডিয়া ট্ৰেডমাৰ্ক ব্যৱহাৰৰ বাবে আৱেদন কৰিব পাৰে আৰু কিছুমান অতিৰিক্ত অনুদান লাভ কৰিবলৈকো সক্ষম হয়; অৱশ্যে, সাধাৰণ ব্যৱহাৰকাৰী গোটসমূহে কৰা বা কৰিব পৰা কোনো কাম কৰিবলৈ স্বীকৃতিৰ প্ৰয়োজন নাই, ই হৈছে সংযুক্ত সুবিধাসমূহ আৰু কিছুমান প্ৰয়োজনীয়তাৰ সৈতে এটা বৈকল্পিক অতিৰিক্ত পদক্ষেপ।
অৱশ্যে ২০২৩ বৰ্ষৰ আগভাগলৈকে অসমীয়া ৱিকিসমাজ এই সম্পৰ্কত একেবাৰেই নীৰৱ আৰু একপ্ৰকাৰৰ অজ্ঞ হৈ আছিল বুলিয়ে ক'ব পাৰি। বিভিন্নসময়ত অলেখ কামেৰে আগবঢ়া এই গোটটোৱে নিজে কৰা কামখিনিৰ সৰহভাগেই সংগঠিত ৰূপত দেখুৱাব পৰাকৈ নথিভুক্তকৰণ কৰা নাছিল, যাৰ বাবে অন্যান্য ভাৰতীয় ৱিকি গোটসমূহৰ তুলনাত বহুক্ষেত্ৰত মূলৰ পৰা বিচ্ছিন্ন হৈ থকা দি থাকিব লগাত পৰিছিল। এই বিষয়টো প্ৰথমেই দৃষ্টিগোচৰ হয় ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ। এইসম্পৰ্কত তেওঁ গোটৰ অন্যান্য সদস্যৰ সৈতে আলোচনা কৰিলেও সকলোৰে পৰা বৰ এটা বিশেষ গুৰুত্ব লাভ কৰা নাছিল, তথাপি তেওঁ এই কামত আগবঢ়াৰ মানসেৰে ২০২৩ চনৰ ৬ ছেপ্তেম্বৰ তাৰিখে মেটাৱিকিত অসমীয়া ৱিকি সমাজৰ হৈ ইউজাৰ গোটৰ এটা পৃষ্ঠা সৃষ্টি কৰিলে। প্ৰাথমিক কাম-কাজৰ আলোচনাবোৰ অনানুষ্ঠানিকভাৱেই দুই এজন সদস্যৰ মাজতে চলি থাকিল। কিছুদিনৰ পিছতে মোৰ জৰিয়তেই ইউজাৰ গোটৰ বাবে আৱেদন কৰা হ'ল। কিন্তু সেইসময়ত ৱিকিমিডিয়া ফাউণ্ডেচনৰ এই সম্পৰ্কীয় নীতি-নিৰ্দেশনা আদিৰ কিছু সালসলনি হোৱাৰ বাবে আৰু আৱেদনৰ উপযুক্ত সময় নোহোৱা বাবেই এই আৱেদন বিফল প্ৰতিপন্ন হ'ল। অৱশ্যে উৰ্দ্ধতন কৰ্তৃপক্ষৰ পৰা মেইলযোগে আৱেদনৰ তাৰিখ আৰু নীতি সম্পৰ্কে জনোৱাত আমি দ্বিতীয় বাৰৰ বাবে আৱেদন জনাবলৈ সকলো দিশেৰেই সাজু হ'লোঁ। এই সময়তে সকলোকে কন্দুৱাই চন্দনে আমাৰ মাজৰপৰা চিৰদিনৰ বাবে মেলানি মাগিলে। এই শোকে কোনোবাখিনিত মোক আৰু অধিক স্থিতপ্ৰজ্ঞ কৰি তুলিলে। চন্দনে আগবঢ়োৱা কামটোক সফল কৰিমেই বুলি আকোৰগোজ হৈ এইবাৰ আমি ৬ জনীয়া দল এটাই প্ৰয়োজনীয় সকলোবোৰ কাম নিজৰ সুবিধা অনুসৰি আগুৱাই নি থাকিলোঁ। যোগাযোগ আৰু আৱেদনৰ কাম-কাজসমূহত যদিওবা মই আগভাগ ল'লোঁ তথাপি গোটৰ মান্যতা প্ৰাপ্তিত সেয়াই যথেষ্ট নাছিল। আমাৰ ৬ জনীয়া দলটোৰ বাদে আন দুই-এক সদস্যয়ো এইক্ষেত্ৰত হাত উজান দিয়াতহে এয়া সম্ভৱ হৈ উঠিল। এইখিনিতে বিশেষভাৱে নাম ল'ব লাগিব জলিবা, গীতাৰ্থদা, দিব্যদা, চাণক্য, অজয়, জোনালীবা আৰু প্ৰণামিকাবাৰ। এইকেইজন সদস্যৰ সহযোগত আমি ইউজাৰ গোটৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ কৰিবলৈ সক্ষম হ'লোঁ। ২৬ ফেব্ৰুৱাৰীৰ দিনা ফাউণ্ডেচনৰ AffCom ইউজাৰ গ্ৰুপৰ সদস্যৰ সৈতে এক সাক্ষাৎকাৰত মোৰ লগতে জলিবা আৰু গীতাৰ্থদাই অংশগ্ৰহণ কৰে। সকলোবোৰ চৰ্ত পূৰণৰ পিছত কৰ্তৃপক্ষৰ ভোটৰ আধাৰত অৱশেষত ১০ মে', ২০২৫ তাৰিখৰ দিনা আমি এবছৰৰ বাবে পৰীক্ষামূলকভাৱে ইউজাৰ গোটৰ মান্যতা লাভ কৰিবলৈ সক্ষম হ'লোঁ। এই খিনিতে মুখ্য সমন্বয়ক হিচাপে সহায়-সহযোগ আগবঢ়োৱা ৱিকিমিডিয়া ফাউণ্ডেচনৰ কৰ্মী ৰামজি মুলিয়াৱানলৈকো বিশেষ কৃতজ্ঞতা।
এই স্বীকৃতিয়ে ভৱিষ্যতে এক সুসংগঠিত গোট হিচাপে কাম কৰি যাবলৈ আমাক আৰু অধিক শক্তিশালী কৰি তোলাৰ লগতে চন্দনে বুকুতে লৈ যোৱা সপোনটোৰ পূৰ্ণতাই আমাৰ সকলোকে নিশ্চয়কৈ আহ্লাদিত কৰিছে। -Nayan j Nath (বাৰ্তা) 19:09, 31 May 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
সন্ত্ৰাসবাদ ইয়াৰ বহল অৰ্থত, ৰাজনৈতিক বা মতাদৰ্শগত লক্ষ্যত উপনীত হ’বলৈ অযুদ্ধকাৰীৰ বিৰুদ্ধে হিংসাৰ ব্যৱহাৰক বুজা যায়। এই শব্দটো মূলতঃ শান্তিৰ সময়ত বা অযুদ্ধৰ বিৰুদ্ধে যুদ্ধৰ প্ৰেক্ষাপটত সংঘটিত ইচ্ছাকৃত হিংসাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সন্ত্ৰাসবাদৰ বিভিন্ন ভিন্ন সংজ্ঞা আছে, ইয়াৰ বিষয়ে কোনো সৰ্বজনীন সহমত নাই। সন্ত্ৰাসবাদৰ বিভিন্ন সংজ্ঞাই ইয়াৰ অনিয়ম, ভয় জগাই তোলাৰ লক্ষ্য আৰু ইয়াৰ তাৎক্ষণিক ভুক্তভোগীৰ বাহিৰত ইয়াৰ ব্যাপক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
পূৰ্বৰ সময়ৰ পৰা বিকশিত হোৱা আধুনিক সন্ত্ৰাসবাদে ৰাজনৈতিক লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন কৌশল ব্যৱহাৰ কৰে, প্ৰায়ে সিদ্ধান্ত গ্ৰহণকাৰীসকলক প্ৰভাৱিত কৰাৰ বাবে ভয়ক কৌশলগত আহিলা হিচাপে ব্যৱহাৰ কৰে। পৰিবহণ কেন্দ্ৰ, বিমানবন্দৰ, শ্বপিং চেণ্টাৰ, পৰ্যটনস্থলী, আৰু নৈশজীৱনৰ স্থান আদি ঘন জনবসতিপূৰ্ণ ৰাজহুৱা অঞ্চলসমূহক লক্ষ্য কৰি সন্ত্ৰাসবাদীসকলে ব্যাপক নিৰাপত্তাহীনতা সৃষ্টি কৰাৰ লক্ষ্য লৈছে, মানসিক হেতালি খেলাৰ জৰিয়তে নীতি পৰিৱৰ্তনৰ বাবে প্ৰেৰণা যোগাইছে, আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰত আস্থাক ক্ষতিগ্ৰস্ত কৰিছে। ইয়াত বিতংকৈ পঢ়ক...
যোৱামাহৰ ভাল প্ৰবন্ধ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ, ২০২৫ৰ বিষয়ে ইয়াত পঢ়ক...