সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ডিচেম্বৰ-২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
চতুৰ্দশ বৰ্ষ | ডিচেম্বৰ | ২০২৫ | দ্বাদশ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
Wikiconference NYC 2025

উত্তৰ আমেৰিকাৰ ২০২৫ৰ ৱিকিঅধিবেশন আৰু মোৰ অভিজ্ঞতা-২

১৬ অক্টোবৰ ২০২৫

অধিৱেশনৰ দ্বিতীয় দিনা পুৱা আমি হোটেলৰ পৰা ২০ মিনিটমান খোজকাঢ়ি ‘চিভিক হল’, য'ত সকলো গোট খাব সেই ঠাইখিনি পালোঁগৈ। ৰেজিষ্ট্ৰেচন হোৱাৰ পাছত আমি সকলোৱে এটা হ'লত প্ৰায় তিনিশ মান মানুহ বহিলোঁ। মই আৰু জোনালী দ্বিতীয় লাইনতে ষ্টেজৰ ওচৰতে বহিলোঁ। প্ৰথমে নিউয়ৰ্ক ৱিকিমিডিয়াৰ এক্সিকিউটিভ দাইৰেক্টৰ পেকিটা ৰূডাৰে (Pacita Rudder)দিনটোৰ আৰম্ভণিতে কেইষাৰমান কোৱাৰ পাছত, ৱিকি ফাউণ্ডেশ্যনৰ চি ই ও মেৰিয়ানা ইচকান্দাৰে (Maryana Iskander) তেওঁৰ বক্তব্য আৰম্ভ কৰিলে। এওঁ কথা কৈ থাকোঁতেই হঠাৎ এজন মানুহ আমাৰ কাষৰে গৈ ষ্টেজৰ ওপৰত উঠিল। মানুহজনৰ পিঠিত আছিল এখন ৰংবিৰঙী পতাকা আৰু হাতত এটা বন্দুক। তেওঁ নিজকে পেড’ফিলিয়া (Pedophilia) বুলি চিনাকী দি তাতেই আত্মহত্যা কৰিব বুলি সকলোকে ভাবুকি দিলে। মই কথাৰ গম ধৰিব পৰালৈকে অসংখ্য লোক ইতিমধ্যে হলটোৰ পৰা ওলাই গৈছিল। ময়ো আনক দেখি ততাতৈয়াকৈ বস্তু বাহিনী এৰি বাহিৰলৈ ওলাই গলোঁ। হঠাৎ দেখিলোঁ যে এজন সাহসী স্বেচ্ছাসেৱকে এই বন্দুকধাৰী লোকজনক গবা মাৰি ধৰি বন্দুকটো ল'বলৈ যত্ন কৰিছে। মই আৰু কিছু লোক কাষৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ এটা বিল্ডিঙত সোমালোঁগৈ আৰু কিছুমান লোক বিল্ডিঙৰ সন্মুখৰ পথটোৰ আনফালে থিয় হ'লগৈ। অলপ সময়ৰ পাছত পুলিচ আহি সেই মানুহজনক ধৰি লৈ গ'ল। এই ঘটনাৰ বাবে এই দিনটোত হ'ব লগীয়া সকলো অনুষ্ঠান বাতিল কৰিলে। মই প্ৰথমবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হোৱা বাবে মনটোত অত্যন্ত দুখ পালোঁ আৰু গোটেই দিনটো মনৰ খেলিমেলি লাগিল। ৱিকিমিডিয়াৰ শিশু শোষণ আৰু নিৰ্যাতনৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি আছে, যিটো এই বন্দুকধাৰী লোকজনে বিৰোধীতা কৰিবলৈ অধিবেশনলৈ অহাঅ’ (Ohio) ৰ পৰা আহিছিল।

ইয়াৰ পাছৰ দিনাটো ১৮ অক্টোবৰত, ৰাতিপুৱা একে ধৰণেৰেই সকলোবোৰ আৰম্ভ হ'ল। কিন্তু এইদিনা সুৰক্ষা ব্যৱস্থা বেছি কটকটীয়া কৰিলে। আমি একেদৰেই প্ৰথম মহলাৰ হলটোত সকলো গোট খালো। আজিৰ কিন’ট স্পিকাৰ জন হ'ল ক্ৰেগ নিউমাৰ্ক(Craig Newmark)। তেওঁ হৈছে দ্যা ক্ৰেগলিষ্টৰ চেয়াৰমেন আৰু এজন বিলিয়নাৰ। নৰ্থ আমেৰিকাৰ ৱিকিমিডিয়া ফাউণ্ডেশ্যনলৈ তেখেতে বহুতো ধন দান কৰিছে। ইমান সহজ সৰল মানুহজনৰ কথা শুনি বৰ ভাল লাগিল। তেখেত প্ৰকৃতি আৰু জীৱ-জন্তু প্ৰেমীও। তেখেতে ক'লে মানুহে জানিব লাগে ইনাফ ইজ এনাফ, মানে মানুহৰ আৱশ্যকতাৰ কেতিয়া শেষ হয় তাক জনাটো দৰকাৰী। তেওঁ কোৱা এইষাৰ কথা মোৰ শুনি বৰ ভাল লাগিল।

ইয়াৰ পাছত মই এটা প্ৰশিক্ষণ ৰূমলৈ গ'লোঁ। তাতেই ৱিকিমিডিয়ানৰ মাজত হোৱা মতানৈক্য কেনেকৈ কম কৰিব পাৰি তাৰ বৰ্ণনা কৰিলে। আজিকালি ই এটা বহুত চৰ্চিত বিষয়। কেইবাজনো স্বেচ্ছাসেৱকে একেলগে কাম কৰিলে এনে মতানৈক্য উদ্ভৱ হোৱাটো স্বাভাৱিক। ইয়াৰ পাছত মই ৱিকিৰ ভাষা আৰু ইয়াৰ জন্মৰ প্ৰতিটো ষ্টেজৰ বিষয়ে ক'লে কেলিফৰ্ণিয়াৰ সৃষ্টি চেথীয়ে। ভাষাবোৰ কিদৰে এটা ইনকুবেটৰত থাকি গঢ় লৈ লাহে লাহে প্ৰচলিত হয় তাক আমাক বুজালে। বহুতো ভাষা ইনকুবেটৰতে মৃত্যু হৈ নোহোৱা হয়। গতিকে ৱিকিমিডিয়াই কিদৰে ভাষা ৰক্ষা কৰি আহিছে, সেই বিষয়ে ক'লে।

ইয়াৰ পাছত ৱিকিৰ মহিলাসকলৰ এখন সভা হৈছিল। তাত উপস্থিত থাকি সকলোবোৰ মহিলা কোন কোন চহৰ বা দেশৰ পৰা আহিছে আৰু কিহৰ বাবে ৱিকিমিডিয়াৰ স্বেচ্ছাসেৱী হ'ল তাক আমি সকলোৱে নিজৰ নিজৰ পৰিচয় দি বৰ্ণনা কৰিলোঁ। মই কানাডা নিৱাসী অসমীয়া ভাষাৰ ৱিকিপিডিয়াৰ পৰা অহা বুলি কলত সকলোৱে মোৰ নামৰ টেগ্ টোৰ লগত ‘অসমীয়া ৱিকি’ বুলি লিখাটো ওচৰৰ পৰা চাই এই ভাষাৰ ৱিকিৰ লগত আৰু কিমান মানুহে কাম কৰে কোন দেশ, কোন ৰাজ্য ইত্যাদিবোৰ শুধিবলৈ ধৰিলে। এনেইয়ো অসমৰ কথা আৰু অসমীয়া ৱিকিৰ বিষয়ে কবলৈ ভালেই পাওঁ বাবে সুযোগ এৰি নিদিলোঁ। সকলোয়ে শুনি অতি আনন্দ পালে। পাছত মেপ খনত তেওঁলোকক দেখুওৱাই দিলোঁ। আমাৰ মাজৰ আটাইতকৈ বয়সীয়াল গৰাকীৰ বয়স ৮০ বা তাৰ উৰ্ধত। তেওঁ নিজে সৰুৰে পৰাই ফিগাৰ স্কেটিং(Figure skating) কৰে বাবে ২০০৬ চনৰ পৰা ৱিকিপিডিয়াত ফিগাৰ স্কেটিঙৰ বিষয়ে প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছিল।

আমি বিভিন্ন স্বেচ্ছাসেৱকৰ পৰা জানিব পাৰিলোঁ যে তেওঁলোকে যি বিষয়ৰ ওপৰত আগ্ৰহী সেইটো বিষয়ৰ ওপৰত লিখে। কোনোবাই যদি খেল ভাল পায়, তেওঁ খেলৰ ওপৰত লিখে, কোনোবাজনে আকৌ পৃথিৱীৰ হিন্দু মন্দিৰবোৰৰ ওপৰত লিখিছে, কোনোবাজনে ভিডিঅ' গেমৰ ওপৰত লিখে ইত্যাদি বিভিন্ন স্বেচ্ছাসেৱী লগ পালোঁ। এজন ১৮ বছৰীয়া যুৱকক লগ পাই শুধিলো তেওঁ কেনেকৈ আৰু কেতিয়া পৰা ৱিকিপিডিয়াত প্ৰবন্ধ লিখে। মোক আচৰিত কৰি তেওঁ ক'লে যে তেওঁ ৮ বছৰ বয়সৰ পৰা ৱিকিপিডিয়াত পৃথিৱীত হোৱা ফুটবল (soccer ) খেলবোৰৰ ওপৰত প্ৰবন্ধ সৃষ্টি কৰিছে। দেউতাকে প্ৰথমে তেওঁৰ একাউণ্ট খুলি দিছিল যদিও শিক্ষকৰ পৰাহে প্ৰেৰণা পাই ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিলে। মোৰ শুনি অত্যন্ত ভাল লাগিল কিয়নো আমাৰ অসমীয়া অনলাইন বিদ্যালয় পি জি আই বিদ্যালয়তো আমি ৮-৯ বছৰীয়া ছাত্ৰ ছাত্ৰীক ৱিকিউৎসত কিদৰে সম্পাদনা কৰিব লাগে ইয়াক শিকাইছিলোঁ। নিউয়ৰ্কৰ ৱিকিপিডিয়ান সকলে প্ৰায়েই লাইব্ৰেৰীৰ পৰা খবৰ কাগজ আৰু কিতাপ সংগ্ৰহ কৰি একগোট হৈ একেলগে প্ৰবন্ধ লিখে।

একেদিনাই এটা কোঠাত কানাডাৰ পৰা যোৱা স্বেচ্ছাসেৱক সকলৰ এখন সভা আছিল। সেই সভাত মাত্ৰ কেইজনমানহে উপস্থিত আছিল। এই বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কানাডাৰ পৰা অহা বস্তুৰ ওপৰত লগোৱা কৰৰ নীতিৰ বিৰোধিতা কৰি কানাডাৰ পৰা আনুস্থানিক ভাৱে কাকো পঠিওৱা নাছিল। বৃত্তি পাই অহাৰ ভিতৰত দেশখনৰ মাত্ৰ আমি তিনি গৰাকীহে আছিলোঁ। কেইজনমান নিজৰ খৰচেৰে আহিছে বুলি জানিব পাৰিলোঁ। এই সভাখন ২০২৬ ত এডমণ্টনত হ'ব লগীয়া ৱিকি সন্মিলনৰ বাবে সভা আছিল। ২০২৬ ৰ উত্তৰ আমেৰিকাৰ ৱিকি সন্মিলনখন কানাডাৰ এডমণ্টনত হ'ব বুলি জানি অত্যন্ত সুখী হলোঁ, যিহেতু এডমণ্টন আমাৰ ৰাজ্যৰ এখন চহৰ আৰু ই আমাৰ চহৰৰ পৰা মাত্ৰ ৩১৭ কি: মি: দূৰত্বত অৱস্থিত। আমি সভাখনত নিজৰ নিজৰ পৰিচয় ডাঙি ধৰিলোঁ আৰু অহা বছৰ ছেপ্টেম্বৰ মাহত ২৪ তাৰিখে আমি সকলোৱে আহিম বুলি কথা দি সভাৰ অন্ত পেলালোঁ।

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

জ্যোতিৰাও ফুলে, জ্যোতিবা ফুলে নামেৰেও পৰিচিত। জ্যোতিৰাও ফুলে মহাৰাষ্ট্ৰৰ এজন ভাৰতীয় সমাজ কৰ্মী, ব্যৱসায়ী, জাতি বিৰোধী সমাজ সংস্কাৰক আৰু লেখক আছিল।

তেওঁৰ প্ৰধান কাম আছিল অস্পৃশ্যতা আৰু জাতি ব্যৱস্থা নিৰ্মূল কৰা, লগতে নাৰী আৰু নিপীড়িত জাতিসমূহক শিক্ষা দিয়াৰ প্ৰচেষ্টাকে ধৰি তেওঁ বহু ক্ষেত্ৰ সামৰি লৈছিল। তেওঁ আৰু তেওঁৰ পত্নী সাবিত্ৰীবাই ফুলে ভাৰতৰ নাৰী শিক্ষাৰ পথ-প্ৰদৰ্শক আছিল। ১৮৪৮ চনত ফুলে পুনেৰ তাতত্যসাহেব ভিদেৰ বাসগৃহ বা ভিদেৱাড়াত ছোৱালীৰ বাবে প্ৰথম বিদ্যালয় আৰম্ভ কৰে। তেওঁ অনুগামীসকলৰ সৈতে নিম্নবৰ্ণৰ সম অধিকাৰ বিচাৰি সত্যশোধক সমাজ (Society of Truth Seekers) গঠন কৰে। নিপীড়িত শ্ৰেণীৰ উত্থানৰ বাবে কাম কৰা এই সংগঠনটোত সকলো ধৰ্ম-বৰ্ণৰ লোকে যোগদান কৰিব পাৰিছিল।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)ৰ বিষয়ে ইয়াত পঢ়ক...
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
এগৰাকী জনজাতীয় মহিলাই ধানৰ ডাঙৰি বান্ধি মূৰত তুলি কঢ়িয়াই নিয়াৰ দৃশ্য।
চিত্ৰ শিল্পী: ঈশান জ্যোতি বৰা
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
বাবুল বৈশ্য,
প্ৰণামিকা অধিকাৰী
তিনি শতাধিক প্ৰবন্ধ পদক
দিম্পল দাস
এডিটাথনৰ তেজীঘোঁৰা
নৰুনা বৰুৱা,
কন্দৰ্পজিৎ কল্লোল,
দিম্পল দাস,
কুমুদ ঘোষ,
প্ৰণামিকা অধিকাৰী







বিশেষ অভিলেখ
নৱেম্বৰ-২০২৫ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
  • সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান দিম্পল দাসে ৱিকিপিডিয়াত ৩০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰি অভিলেখ গঢ়ে।
উল্লেখনীয় কাম সম্পাদনা কৰক
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
নৱেম্বৰ-২০২৫ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৬৪৭

  1. মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট
  2. খাইবাৰ পাছ
  3. শ্বিলং চেৰী ব্লছম ফেষ্টিভেল
  4. আদি ভাষা
  5. গালো ভাষা
  6. প্ৰমথনাথ বিশী
  7. বনবাণী (কাব্যগ্ৰন্থ)
  8. বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)
  9. ভাৰতৰ ক্ৰিকেট দল (মহিলা)
  10. ৰাধা যাদৱ
  11. অমিতা শৰ্মা
  12. সপ্তমী গৌড়া
  13. গৌহেৰ চুলতানা
  14. শ্যামা দে
  15. জয়া শৰ্মা
  16. সুলক্ষণা নাইক
  17. শ্ৰাৱন্তি নাইডু
  18. আবৰ পাহাৰ
  19. ডফলা পাহাৰ
  20. পৰ্বতীয়া মিৰি
  21. বৈশাখী মেলা
  22. তুৰা, মেঘালয়
  23. এহচাছ চান্না
  24. শান্থা ৰঙ্গস্বামী
  25. নেপালত ইছলাম ধৰ্ম
  26. মৌচুমী আলিফা
  27. দীপ্তি শৰ্মা
  28. কিছামা ঐতিহ্যমণ্ডিত গাওঁ
  29. হেমলতা কালা
  30. বঙালী নাম
  31. ৰবীন্দ্ৰ জয়ন্তী
  32. গণনাট্য
  33. উধৌলি
  34. চমচম
  35. গৌড়ীয় নৃত্য
  36. ভদ্ৰবাহু
  37. থাৰু ভাষা
  38. উভৌলি
  39. কাক তিহাৰ
  40. তমু লোছাৰ
  41. গ্যাল্বো লোছাৰ
  42. নেপালৰ সংকৃতি
  43. ৰাষ্ট্ৰীয় ধান দিৱস
  44. নালাপানীৰ যুদ্ধ
  45. মুন্ধুম
  46. সোনাম লোছাৰ
  47. কিনেমা
  48. শবৰ
  49. বাংলাদেশৰ জাতীয় প্ৰতীকসমূহ
  50. কুমাৰিল ভট্ট
  51. গুন্দ্ৰুক
  52. ভাৰ্নিক্স কেছিঅ'ছা
  53. ৰাজবংশী
  54. মাৰমা
  55. বাংলা শব্দভাণ্ডাৰ
  56. মুক্তাগাছাৰ মণ্ডা
  57. বাংলাদেশী
  58. নেপালী চাহ
  59. ধিঁডো
  60. পৰিচয় (গ্ৰন্থ)
  61. ঘাটু গান
  62. ছোইলা
  63. ইন্দ্ৰায়ণী যাত্ৰা
  64. সন্দেশ
  65. বুধানীলকণ্ঠ মন্দিৰ
  66. খুৱালুং
  67. বৰ্ষা উৎসৱ
  68. পাতুৰি
  69. ছাউথ ছিটি
  70. দেউদা নৃত্য
  71. মাঝী জাতি
  72. ন্বাৰন
  73. বৰ্ষ উৎসৱ
  74. আখড়াই গান
  75. চিংকী (নেপালী ব্যঞ্জন)
  76. মাৰে গান
  77. গুগল লেন্স
  78. সেকুৱা
  79. ৰামচৰণ ভৰালী
  80. বঙালী হিন্দু বিবাহ
  81. গণতন্ত্ৰ দিৱস (নেপাল)
  82. মগৰ জাতি
  83. ঈদৰ নামাজ
  84. আন্তঃৰাষ্ট্ৰীয় চিকিৎসা পদাৰ্থবিদ্যা দিৱস
  85. বালিছ মিষ্টি
  86. দনুৱাৰ জাতি
  87. ভূমি নাচ
  88. ধীৰা চলিহা হাজৰিকা
  89. ক্বাঁটি
  90. নেপালৰ জাতিসমূহ
  91. গাত হালধি সনা
  92. জব্বাৰৰ বলীখেল
  93. মক্কাৰ বলী খেল
  94. লাঠি খেল
  95. চাঁদ ৰাত
  96. দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী
  97. ওলাইচণ্ডী
  98. মচৌৰা
  99. হাতিমা পুতুল
  100. বাংলাদেশৰ মূৰ্তি আৰু ভাস্কৰ্য
  101. নেপাল মণ্ডল
  102. থামি জাতি
  103. ঘোঁড়ে যাত্ৰা
  104. কাটলেট
  105. চুকৌনী
  106. নেপালত হিন্দুধৰ্ম
  107. ৰত্যৌলী
  108. ৰাজেশ ভূঞা
  109. চট্টেশৰী মন্দিৰ
  110. য়োমাৰী
  111. নজৰুল জয়ন্তী
  112. মধু পূৰ্ণিমা
  113. ৰাজপুণ্যাহ
  114. বাংলাদেশত সুৰা
  115. ফাল্গুনন্দ
  116. ভাটিয়লী
  117. বাংলাদেশৰ সংগীত
  118. পূৰ্বৰ লভ্যাংশৰ তাৰিখ
  119. শ্বাক্ৰেইন
  120. বাংলাদেশৰ ভাষা আন্দোলন দিৱস
  121. নজৰুল গীতি
  122. জগন্নাথ হল
  123. বাংলাদেশৰ শিল্পকলা
  124. বাংলাদেশত বৌদ্ধ ধৰ্ম
  125. ভাৰতত হালাল প্ৰমাণপত্ৰ
  126. ছিষ্টাৰ
  127. স্বয়ম্ভুনাথ
  128. মগৰ ভাষা
  129. পাহান চাৰ্হে
  130. নেপালী টুপী (ঢাকা টুপী)
  131. জন বাহা দ্যাঃ যাত্ৰা
  132. নেপালৰ উৎসৱসমূহৰ তালিকা
  133. নেৱাৰ স্থাপত্য
  134. চ্যাব্ৰুং
  135. নেৱাৰ শিল্পকলা
  136. নেপালৰ নৃত্য
  137. পৌভা
  138. অষ্টিম্কি (চিত্ৰকলা)
  139. ৰাণা থাৰু
  140. ২০২৫-দিল্লী কাৰ বিস্ফোৰণ
  141. আশুৰা
  142. গোৰ্খা ৰাজ্য
  143. নেৱাৰ সংগীত
  144. ইন্দ্ৰ যাত্ৰা
  145. হনুমান ঢোকা
  146. বাঘচাল
  147. নেপালৰ স্থাপত্য
  148. ৰানীমহল
  149. পাল্পা দৰবাৰ
  150. জিম্বু
  151. নেপালত ক্ৰিকেট
  152. নেপালৰ ক্ৰীড়া
  153. মহাগুৰু ফাল্গুনন্দ
  154. অয়লা (পানীয়)
  155. জুলাই গণ অভ্যুত্থান দিৱস (বাংলাদেশ)
  156. ৰাজশ্বাহী ৰেচম
  157. তন্ত্ৰ
  158. ৰত্ন শিল্পৰীতি
  159. খুকুৰী (গোৰ্খা)
  160. চাল শিল্পশৈলী
  161. নেপাল সম্বৎ
  162. বাংলা উপভাষা
  163. সুকুটি
  164. টংবা
  165. ফ্লেছ (উপন্যাস)
  166. কিৰাট মুন্ধুম
  167. ডোকো
  168. ছাকেলা নৃত্য
  169. থাপাথলী দৰবাৰ
  170. কিৰাত জাতি
  171. ডাফা সংগীত
  172. ধিময়
  173. ৰাটো মচ্ছিন্দ্ৰনাথ যাত্ৰা
  174. লাভ ফৰ্মছ (উপন্যাস)
  175. দোহোৰী
  176. লাংগলবন্দ
  177. নেপালৰ জাতীয় প্ৰতীক
  178. চন্দ্ৰনাথ মন্দিৰ
  179. সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়
  180. মনকামনা মন্দিৰ
  181. পঞ্চৈবাজা
  182. নৌমতি বাজা
  183. বাংলাদেশৰ স্থাপত্য
  184. আহচান মঞ্জিল
  185. চুচাটা চুৱাংশ্ৰী
  186. এঞ্জেলিয়া অং
  187. মানবজমিন (উপন্যাস)
  188. জেন গ্ৰীণ
  189. ঝাং জিলিন
  190. মেগান ইয়ং
  191. জ্যোতিৰাও ফুলে
  192. প্ৰিয়ংকা যোশিকাৱা
  193. কাজি
  194. ইকুমি য়োছিমাটছু
  195. ডেলিলা হাটুৱেল
  196. নিশলদা
  197. হেলমাণ্ড নদী
  198. লৌজেইন আল-হাথলৌল
  199. ভাৰতৰ প্ৰাণীজগত
  200. মাঘ মেলা
  201. ভখা
  202. নৱ বিহাৰ
  203. ধিক্ৰি
  204. ঢাকানে
  205. শ্বেমাই
  206. হাফু
  207. ৰুখছানা মিডিয়া
  208. আইচ টুডে
  209. আদিত্য বিৰলা
  210. ইন্তান পাৰামাদিথা
  211. হাছনা বেগম
  212. চুফিয়া খাতুন (লেখিকা)
  213. তাহিৰ কুৰেছি
  214. টান্দুৰ নান
  215. সেঁজুতি সাহা
  216. নিয়ান লি
  217. ৰাজেন্দ্ৰ সিং
  218. উল্লেখযোগ্য হাফু ব্যক্তিৰ তালিকা
  219. ছিগিৰিয়া
  220. কান্তনগৰ মন্দিৰ
  221. ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰ( এন আই চি)
  222. নাজমা ছাদিক
  223. খুৰমান গাচিমোভা
  224. হৰ গোবিন্দ খোৰানা
  225. কল্লন পক্কুডান
  226. তপোবন
  227. কুৱেইট টাৱাৰ
  228. চেলা চৈত্য
  229. দক্ষিণা স্তুপ
  230. ৰত্ন প্ৰসাদ
  231. লংকাৰাম’
  232. কিৰিবাথ বিহাৰ
  233. জেতবনৰাম’ স্তুপ
  234. ফিডান গাচিমোভা
  235. শ্ৰীজাত
  236. গাহৰিৰ খুৰাৰ ৰেচিপি
  237. নৰেন্দ্ৰনাথ মিত্ৰ
  238. বিক্ৰম চন্দ্ৰা
  239. কৰ্ণ শাক্য
  240. ইদিয়াপ্পাম
  241. নু নু য়ি
  242. কৃষণ চন্দৰ
  243. গৌতম আদানী
  244. পো ক্যা
  245. আয়ে আয়ে উইন
  246. কবীৰ চৌধুৰী
  247. লেইলা চুদোৰী
  248. মাকচুদান
  249. জহিৰ ৰাইহান
  250. আজিম প্ৰেমজী
  251. লক্ষ্মী মিত্তল
  252. গোলাম মোস্তফা
  253. শীতকালৰ তিনিজন বন্ধু
  254. ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা
  255. সাৰলা দাস
  256. ডংজি উৎসৱ
  257. ওড়িয়া কবিৰ তালিকা
  258. গোপিচান্দ পৰমানন্দ হিন্দুজা
  259. আফগান শিল্প
  260. ডবা
  261. নাকা বিহাৰ
  262. শ্ৰীআংগুলিমাল মহাস্তুপ
  263. আংগুলিমাল
  264. কুন্তলা কুমাৰী সাবত
  265. পালজোৰ জিগমে দৰ্জী
  266. জাপানী লোককথা
  267. অক্ৰুৰ
  268. দেৱী থাণ্ট চিন
  269. চৈয়দা ৰিজৱানা হাছান
  270. দ্য টেলিগ্ৰাফ
  271. সুলক্ষণা দেৱী
  272. কালিন্দী চৰণ পাণিগ্ৰাহী
  273. কল্পনা কুমাৰী দেৱী
  274. সপ্তপদী
  275. হিন্দুস্তান টাইমছ
  276. আইয়ানাৰ
  277. ইণ্ডিয়ান এক্মপ্ৰেছ
  278. থেৰাগাথা
  279. দ্য গুড আৰ্থ
  280. ধম্মপাল
  281. গন্ধবংশ
  282. বদৰা তিত্থ বিহাৰ
  283. মজ্জিম নিকায়
  284. অৱদান গ্ৰন্থ
  285. উইডজি থুকুল
  286. কল্প সূত্ৰ
  287. ভানোৱাৰাণী
  288. অসমৰ উৎপত্তি
  289. প্ৰজেক্ট টাইগাৰ
  290. হাউৱে অউ
  291. অভিজিৎ ৰাভা
  292. সীতা আম্মান মন্দিৰ
  293. লিজা হান্না
  294. ধ্ৰুৱজ্যোতি ঘোষ
  295. জিন্তনা কায়েৱকাও
  296. শ্ৰী লংকাৰ ধৰ্ম
  297. ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
  298. হেমেন্দ্ৰ সিং পানৱাৰ
  299. মিলিন্দপান্হা
  300. শ্ৰী বিক্ৰম ৰাজসিংহ
  301. খুদ্দাকা নিকায়
  302. নুন চায় (কাশ্মীৰৰ চাহ)
  303. নিদ্দেছ
  304. অপাদান গ্ৰন্থ
  305. বুদ্ধবংশ
  306. সামুদ্ৰিক সংগ্ৰহালয় (ইণ্ডোনেছিয়া)
  307. সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি
  308. চৰিয়াপিটক
  309. এহতেশাম
  310. সুলোচনা মানন্ধৰ ধিতাল
  311. চেন ঝেয়ুয়ান
  312. গৰুডা বিষ্ণু কাঞ্চন প্ৰতিমূৰ্তি
  313. কাশ্মীৰ কি কলি
  314. যৈন হক
  315. এণ্ড্ৰু কিশোৰ
  316. চম্বল নদী
  317. ছাবিনা ইয়াছমিন
  318. পূৰ্ব বংগৰ শৰণাৰ্থী
  319. মেৰু পৰ্বত
  320. গৰুড় বিষ্ণু কাঞ্চন সাংস্কৃতিক উদ্যান
  321. ইৰানত ক্ৰীয়া
  322. বাই গুৱাং
  323. ছং কাং
  324. ৰোমুলাছ হুইটেকাৰ
  325. পৰিবেশ সুৰক্ষা আইন,১৯৮৬
  326. জাপানী কাপোৰ
  327. গংগেশ উপাধ্যায়
  328. নব্য-ন্যায়
  329. মীনাক্ষী চৌধুৰী
  330. ৰঘুনাথ শিৰোমণি
  331. বাসুদেৱ সাৰ্বভৌম
  332. চীনৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ
  333. এণ্টিছাৰ আল-হাম্মাদি
  334. শ্বলাকা পৰীক্ষা
  335. বাৰিছ নৃত্য
  336. পক্ষধৰ মিশ্ৰ
  337. ভৈৰৱ সিংহ
  338. ৱাটাদাগে
  339. নামগ্যাল লামো
  340. প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
  341. চীনৰ চাহ
  342. লংকা বন্দৰনায়কে
  343. বালি সাহিত্য
  344. থুপৰামায়া
  345. কাশ্মিৰী হিন্দুৰ নিৰ্বাসন
  346. যোৰহাট (বিধানসভা সমষ্টি)
  347. কাজাখাস্তানৰ পৰ্যটন
  348. মালয়েছিয়ান সাহিত্য
  349. নেপাললৈ প্ৰব্ৰজন
  350. নেপালী মানুহ
  351. জং কুক
  352. ৰুৱানৱেলিছায়া
  353. মালয় লোককথা
  354. নেপালত ধৰ্ম
  355. চাঁওতালি সাহিত্য
  356. কবীন্দ্ৰ তীৰ্থ
  357. শ্ৰীপদৰাজ
  358. মত্তনচেৰী প্ৰসাদ
  359. নৰহৰি তীৰ্থ
  360. শ্ৰীকুৰ্মম্
  361. শাবাব মুস্তাফা
  362. মাধৱ তীৰ্থ
  363. হজৰত নিজামুদ্দিন দৰগাহ
  364. টীয়ক (বিধানসভা সমষ্টি)
  365. তিতাবৰ (বিধানসভা সমষ্টি)
  366. ওম প্ৰকাশ আগৰৱালা
  367. পদ্মনাভ তীৰ্থ
  368. নৃপেন্দ্ৰ নাৰায়ন
  369. চণ্ডী প্ৰসাদ ভাট
  370. ফতেহ সিং ৰাথোৰ
  371. মাইক পাণ্ডে
  372. কংকনা বেনাৰ্জী
  373. ইন্দিৰা দেৱী (কোচবিহাৰৰ মহাৰাণী)
  374. চি কে জানু
  375. বেছবৰমাক
  376. হৰিণী অমৰাছুৰীয়া
  377. গুগল ডক্স
  378. মৰিয়নী (বিধানসভা সমষ্টি)
  379. জগদ্দিপেন্দ্ৰ নাৰায়ন
  380. কিম জি-ৱন
  381. মিহিৰভোজ
  382. ৰাজেন্দ্ৰ নাৰায়ণ
  383. সুভাষ দত্ত
  384. আলেকজেণ্ডাৰ কানিংহাম
  385. শিৱসাগৰ (বিধানসভা সমষ্টি)
  386. দাস সাহিত্য
  387. মহিপতি দাস
  388. জগন্নাথ দাসৰু
  389. গংগাৰ অৱতৰণ
  390. ভাৰতত ধৰ্ম
  391. পঞ্চৰথ
  392. কনক দাস
  393. জিতেন্দ্ৰ নাৰায়ণ
  394. লোনিয়া
  395. গুণভদ্ৰ
  396. শুভাংগী আত্ৰে
  397. ইজাৰ
  398. আগাল
  399. চীনা নুডলছ
  400. মাখন চাহ
  401. দ্ৰৌপদী ৰথ
  402. বাংলাদেশত যৌনতা
  403. ৰতিৰহস্য
  404. নাদম
  405. অৰ্জুন ৰথ
  406. গুগল ফটোছ
  407. এক্স ভিডিঅ'চ (চলচ্চিত্ৰ)
  408. বেন জিঅ’ক–ডিচিয়ান জলপ্ৰপাত
  409. অভিলাষা (অভিনেত্ৰী)
  410. বক্মাৰ যুদ্ধ
  411. ৰাধাৰমণ দত্ত
  412. লে হোৱাং দিয়েপ থাও
  413. ৰয়িং
  414. বাৎসায়ন
  415. চেলা সুৰংগ
  416. ধৰ্মৰাজ ৰথ
  417. ৰালেংনাও খাথিং
  418. জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ, বাংলাদেশ
  419. বৰোবুদুৰ মন্দিৰ চৌহদ
  420. পাৱন মন্দিৰ
  421. ভীম ৰথ
  422. মেন্দুট
  423. গুণধৰ্ম
  424. গদাধৰ পণ্ডিত
  425. নকুল সহদেৱ ৰথ
  426. এছিয়ান ৰন্ধনশৈলী
  427. সুন্দৰো
  428. দক্ষিণ এছিয়া
  429. ছাম্বিং
  430. এছিয়ান সাহিত্য
  431. ভাৰতত চিকিৎসা পৰ্যটন
  432. খাজুৰাহো স্মাৰকসমূহ
  433. মেৰবাবু
  434. মেৰাপি
  435. বক্সা দুৰ্গ
  436. মৎস্য ৰাজ্য
  437. ভূটানত শিক্ষা
  438. হস্তিনাপুৰ
  439. জৗলৌ: দ্য ছীড
  440. উত্তৰাপথ
  441. ঘণ্টাই মন্দিৰ
  442. ৱাইল্ড ছ'ৱানচ
  443. কেয়ং ইমাছ
  444. ছাং থং
  445. ৱেৱে গম্বেল
  446. মক্তাব
  447. বড়ো জনগোষ্ঠীৰ উপাধিসমূহ
  448. Shatapatha Brahmana
  449. পাঞ্চাল
  450. স্বাধীনতা পুৰস্কাৰ
  451. পঞ্চানন বৰ্মা
  452. ৰজা ইগুয়ানা
  453. দিল্লী দৰবাৰ
  454. ছুয়াংগী
  455. ৰেচেল খং
  456. গুনুং উঁকিৰ
  457. গুনুং উঁকিৰ মন্দিৰ
  458. নাং মাই
  459. সঞ্জয়
  460. মে ইয়ানাং
  461. বাল্মিক থাপাৰ
  462. পাকিস্তান দিৱস
  463. ৰজা ছান্না
  464. গৰিমা শইকীয়া গাৰ্গ
  465. একলব্য শৰ্মা
  466. সংসহত শিশু বিকাশ সেৱা
  467. তৰুলতা কুটুম
  468. ভাৰত চৰকাৰ আইন,১৯১৯
  469. এম চি ৰাজহ
  470. শ্ৰেয়া ধনন্তৰি
  471. শুভ্ৰা গুপ্তা
  472. ফণীশ্বৰনাথ ৰেণু
  473. কৃষ্ণ কৃপালানী
  474. ক্ৰু কাই কাউ
  475. বাণভট্ট
  476. ক্ৰহাং
  477. মুল্কৰাজ আনন্দ
  478. গুৰুডংমাৰ হ্ৰদ
  479. বচপন বচাও আন্দোলন
  480. কুমুদ কলিতা
  481. সুমিত্ৰানন্দন পন্ত
  482. মণিকংকনা দত্ত
  483. অৰুণিমা শৰ্মা
  484. শ্বামিন মান্নান
  485. জিম অংকন ডেকা
  486. ডিউ দ্বীপ
  487. প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আইন ১৯০৪
  488. ৰত্ন পাল
  489. গো পাল
  490. হৰ্ষ পাল
  491. মণিভাই দেশাই
  492. দুৰ্জয়
  493. ৰাজ্য পাল
  494. নাৰায়ণ পাল
  495. শৃংখল
  496. জকিন আৰপুথাম
  497. মাখনমণি মংছাবা
  498. হৰ্ষ ভোগলে
  499. চি দি দেশমুখ
  500. ৰামনাথ গোৱেঙ্কা
  501. ৰোহিনী পেথিয়াগোডা
  502. অনামিকা (কবি)
  503. হোপ দ্বীপ
  504. কুম্বৰজুৱা
  505. আৰ কে চনমুখম চেট্টি
  506. ভূতনী দ্বীপ
  507. ভাাৰতীয় পশু কল্যাণ ব'ৰ্ড
  508. কান্ব বংশ
  509. বাসুদেৱ কান্ব
  510. দেৱভুতি
  511. প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ
  512. অমাত্য
  513. হৰ্ষচৰিত
  514. ভগভদ্ৰ
  515. বিজয় মহান্তি
  516. সুকন্যা দত্ত
  517. নেমাই ঘোষ
  518. দেৱকীনন্দন খত্ৰী
  519. পʼষ্ট মেলʼন
  520. যোগেশ দত্ত
  521. বিদৰ্ভ ৰাজ্য
  522. ৰাজলক্ষ্মী পাৰ্থসাৰথি
  523. ৰুক্মবীৰ
  524. ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ
  525. ইপ্সিতা পতি
  526. বিপাশা (বাংলা চলচ্চিত্ৰ)
  527. ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য
  528. অংকিতা ভকত
  529. অজিত কুমাৰ বেনাৰ্জী
  530. মাধৱ চন্দ্ৰ দাশ
  531. প্ৰিয়া ডেভিদৰ
  532. ভাৰতত জৈন ধৰ্ম
  533. কাৰাকোৰাম ঘাইপথ
  534. পাকিস্তানৰ ধান উৎপাদন
  535. ভাৰতত ইছলাম ধৰ্ম
  536. নিধি আগৰৱাল
  537. ক্ৰান্তি শ্বাহ
  538. শ্ৰাবণী বাসু
  539. বাংলাদেশৰ মৰাপাট উদ্যোগ
  540. সুমনা ৰয়
  541. আলি ছাদিকিন
  542. ছানী সিং
  543. তেহেলকা
  544. চিটাৰম নদী
  545. জৰাসন্ধ
  546. চকমক
  547. মুচুকুণ্ড
  548. অম্বৰীশ
  549. হ য ব ৰ ল
  550. কেভিন লিলিয়ানা
  551. গন্ধমাদন পৰ্বত
  552. কালযৱন
  553. মগধৰ সহদেৱ
  554. বৃহদ্ৰথ
  555. ৯২.৭ বিগ এফএম
  556. ভাৰতত ৰেডিঅ'
  557. পাকিস্তানৰ বৈদেশিক সেৱা
  558. ৰেডিঅ' মিৰ্চি
  559. বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (নেপাল)
  560. নেপালৰ কৃষি
  561. ভূটানৰ কৃষি
  562. বিবিধ ভাৰতী
  563. ডিডি নিউজ
  564. বিবিচি বাংলা
  565. মুনকেক
  566. যমদূত
  567. কালিয়
  568. আকাশবাণী ডিব্ৰুগড়
  569. মিছুৱা
  570. ডেগেই
  571. বুৰোটু
  572. বুলু (ফিজিৰ কিংবদন্তি
  573. মুৰিমুৰিয়া
  574. কেশৰী
  575. কচ
  576. ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচ
  577. ৰেডিঅ' নেপাল
  578. মাহমৰা (বিধানসভা সমষ্টি)
  579. নেপাল ১
  580. আহমেদনগৰ দূৰ্গ
  581. জিঅ' টিভি
  582. কৰ্ণালা দুৰ্গ
  583. পাৰাণ্ডা দুৰ্গ
  584. ডিডি নেচনেল
  585. ৰাজপাল সিং যাদৱ
  586. ভি এছ বিজয়ন
  587. মহেন্দ্ৰনাথ ৰয়
  588. উৰিষ্যাৰ সামুদ্ৰিক ইতিহাস
  589. বিধু বিনোদ চোপ্ৰা
  590. পশ্চিম প্ৰদেশ, শ্ৰীলংকা
  591. নৰকন্দা
  592. লেছাৰ চুণ্ডা দ্বীপপুঞ্জ
  593. মুনিজাই জাহাংগীৰ
  594. পুষ্পা ভাৰতী
  595. ৰাজিয়া ভাট্টি
  596. বেলা ভাটিয়া
  597. ৰেহাম খান
  598. ডিডি বাংলা
  599. শ্বৰীব হাছমী
  600. জয়দীপ আহলাৱত
  601. টাটা ইয়ং
  602. সমীক্ষণ
  603. কোমোডো দ্বীপ
  604. সুশৰ্মা
  605. কৃপাচাৰ্য
  606. চুলাৱেছি
  607. গাণ্ডীৱ
  608. হুদূপৰা থান
  609. লম্বক
  610. শাৰংগ
  611. পিনাক
  612. দেৱৰত জনক
  613. মিথি (পৌৰাণিক ৰজা)
  614. আশা ভাট
  615. কৃতবৰ্মা
  616. আজৰা কুৰেশ্বী
  617. তছনীম জেহৰা হুছেইন
  618. ৰিতু কুমাৰ
  619. ফাৰজানা আসলাম
  620. ফাতিমা মুজিব বিলকীছ
  621. শ্ৰীনিধি শেট্টী
  622. বিজয় বাৰ্মা
  623. কালান্তক
  624. পৰশু
  625. ত্ৰিশূল
  626. অনুৰাগ কাশ্যপ
  627. বল্লম
  628. সুৰপদ্ম
  629. নিকোবৰ দ্বীপপুঞ্জ
  630. বলৱন্ত গাৰ্গী
  631. ডমিনিকান ৰিপাব্লিক
  632. গুৱান্‌ইন
  633. যমুনা শৰণ সিং
  634. শ্বীবা চাদ্ধা
  635. মোহন ৰাকেশ
  636. অনন্তনাৰায়ণন ৰমন
  637. আলাউদ্দিন আল আজাদ
  638. লীতুল গগৈ
  639. বজ্ৰাংগ
  640. স্নেহা উল্লাল
  641. তাৰকাসুৰ
  642. স্বৰাজবীৰ সিং
  643. কালনেমি
  644. আদিত্য নাৰায়ণ পুৰোহিত
  645. উগ্ৰসেন
  646. চৈয়দ মাহবুব এ খোদা
  647. ছিৰপুৰ মহাসমুন্দ
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
চাণক্য কুমাৰ দাস ২৮৯ ১৭৭
বাবুল বৈশ্য ২৮ ১৯৫৭ ৩৯ ৩১৩
দিপাংকৰ দাস ৩২৮ ১২০
ঈশান জ্যোতি বৰা ২১৫ ১১৭ ৯০ ২৫
প্ৰাণজ্যোতি নাথ ৬১ ৪৬৩ ৩০৪
জ্যোতি চিৰিং ৪৭ ৪৫ ১২
কন্দৰ্পজিৎ কল্লোল ২৭৬৮ ২৯৭
নয়ন জ্যোতি নাথ ৮৬ ৩৯১ ৪৬
প্ৰণামিকা অধিকাৰী ১৫১৫ ২২৭ ১৫ ১৮৯
১০ কুমুদ ঘোষ ১২১১ ৩০ ১১ ৫৭
১১ দিম্পল দাস ৯৫১ ৫৯
১২ নৰুনা বৰুৱা ৩২৩১ ৪০৩
১৩ পৱন বৰ্মন ৩২৩
১৪ হানিফ আলী ১৬৮ ১০৮ ৫৭
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।