ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০২ চনৰ ২ জুনতে মুকলি হোৱা অসমীয়া ৱিকিপিডিয়াত ২০১৭ চনৰ শেষৰ পিনে এটা একাউণ্ট খুলিছিলোঁ যদিও সেইসময়ত কেনেকৈ ক’ত সম্পাদনা কৰিব লাগে বিশেষ একো জনা নাছিলোঁ৷ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰাহে মই ইয়াত হঠাৎ জড়িত হওঁ৷ এদিন বিকালী মহাবিদ্যালয় নামৰ প্ৰবন্ধটো গুগলত সন্ধান কৰোঁতে ইংৰাজী ৱিকিপিডিয়াতহে পাইছিলোঁ, অসমীয়া ৱিকিপিডিয়াত পোৱা নাছিলোঁ আৰু তাকে মই প্ৰথমবাৰৰ বাবে ভুলেশুদ্ধই সাঁচ ব্যৱহাৰ কৰি অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ প্ৰকাশ কৰাৰ পাছত নিজৰ লেখাটো দেখি অজ্ঞাতে ভুল থাকিলেও বিৰাট আনন্দ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই ইয়াত যৎপৰোনাস্তি সক্ৰিয়ভাৱে কাম কৰি আছোঁ৷ প্ৰথমাৱস্থাত সম্পাদনা কৰোঁতে কিছুমান জটিলতাই দেখা দিছিল যদিও এতিয়া সক্ৰিয় অভিজ্ঞ ৱিকিপিডিয়ান সকলৰ পৰা আৰু ৱিকিপিডিয়াৰ কৰ্মশালাবোৰত অংশগ্ৰহণ কৰি বহুখিনি কথা শিকিব পাৰিছোঁ৷

যেতিয়া মই ৱিকিপিডিয়াত নতুনকৈ সম্পাদনা, তথ্যসূত্ৰ সংযোগ তথা প্ৰবন্ধ সৃষ্টি কৰিবলৈ লৈছিলোঁ, তেতিয়া সহায়ৰ বাবে নয়নজ্যোতি দা, দিব্য দা, অজয় দা এইসকল আগবাঢ়ি আহিছিল৷ ৱিকিপিডিয়া তেতিয়া মোৰ বাবে ইমানেই আমোদজনক আছিল যে ৱিকিপিডিয়াত সময় দিবলৈ ফে’চবুক, হোৱাটচ্‌এপ আদি চোৱাই নাছিলোঁ৷ সেয়ে তেওঁলোকৰ সহায়-বাৰ্তাকো চোৱা হোৱা নাছিল। হয়তো ইয়াৰ বাবেই মই ৱিকিপিডিয়াত কিছু জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল! অৱশ্যে পিছলৈ বাবুল দাই মোক প্ৰুভ ইটৰ লগতে বহুখিনি কামত সহায় কৰিছে৷ পৃষ্ঠা এটা সৃষ্টি বা অনুবাদ কৰা, তথ্যসূত্ৰ যোগ কৰাকে আদি কৰি প্ৰবন্ধসমূহ সম্পাদনা কৰা কামবোৰ কিমান যে তৃপ্তিকৰ সেইয়া কেৱল ৱিকিপিডিয়ানসকলেহে অনুভৱ কৰিব পাৰিব৷

ডিজিটেল মাধ্যমেৰে আমাৰ মাতৃভাষা অসমীয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাত ৱিকিপিডিয়া এক উপযুক্ত মঞ্চ বুলি ভাবোঁ। আশা কৰোঁ অনাগত সময়ত অসমীয়া ৱিকিজগতত সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি হৈ থাকিব৷ শেষত ৱিকিপিডিয়াৰ দৰে সুস্থ-সবল মুকলি মঞ্চ এখনৰ লগত পৰিচয় কৰাই দিয়াৰ বাবে ফে’চবুকৰ অসমীয়াত কথা বতৰা গোটক ধন্যবাদ জনাই ৱিকিপিডিয়ানৰ মনৰ কথা ইমানতে সামৰিলোঁ৷ ধন্যবাদ৷

কুলধৰ ৰাভা(আলোচনা) 15:32, 30 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]