উত্তৰ আমেৰিকাৰ ২০২৫ৰ ৱিকিঅধিৱেশন আৰু মোৰ অভিজ্ঞতা
যোৱা ১৬-১৯ অক্টোবৰলৈকে নিউয়ৰ্ক চহৰত অনুষ্ঠিত হোৱা উত্তৰ আমেৰিকাৰ ৱিকিঅধিৱেশন ২০২৫ ত অংশ গ্ৰহণ কৰাৰ বাবে বৃত্তি লাভ কৰি মই কানাডা ৰ কেলগেৰী চহৰৰপৰা ১৫ অক্টোবৰত নিউয়ৰ্কলৈ বুলি উৰা মাৰিলোঁ। এইটো আছিল মোৰ জীৱনৰ অসমীয়া ৱিকিৰপৰা স্বেচ্ছাসেৱক হিচাপে প্ৰথম ভ্ৰমণ। মনত বহুতো প্ৰশ্ন আৰু উৎকণ্ঠাৰে মোৰ যাত্ৰা আৰম্ভ হ'ল। আৰু এটা ভাল লাগিবলগীয়া কথা আছিল যে, ডালাছ চহৰৰপৰাও আমাৰ লগতে ৱিকিত কাম কৰা জোনালী বৰুৱা পাংগিং নামৰ আন এগৰাকী ৱিকিমিডিয়ানেও ইয়াত যোগদান কৰিব। অধিৱেশনৰ প্ৰথম দিনটো আছিল সাংস্কৃতিক ভ্ৰমণ(Cultural crawl)ৰ দিন। মই তালৈ যোৱাৰ আগতেই কি কি বিশেষ স্থান চাম তাক থিৰাং কৰি পঞ্জীয়ন কৰি থৈছিলোঁ। ১৬ অক্টোবৰৰ দিনা ৰাতিপুৱা আমাক থোৱা মানহাট্টান ৰ হায়াট প্লেচ চেলচী হোটেলতে ৰাতিপুৱাৰ আহাৰ কৰি সকলোবোৰ একেলগে ওলাই গ’লোঁ৷ প্ৰথমে আমি মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট (The MET) নামৰ সংগ্ৰহালয়লৈ মাটিৰ তলেৰে যোৱা ৰেলেৰে গৈ পালোঁগৈ। এই সংগ্ৰহালয়টো ১৯০,০০০ মিটাৰ বৰ্গফুটৰে পৃথিৱীৰ ভিতৰত এটা সৰ্ববৃহৎ সংগ্ৰহালয় বুলি জনা যায়। ইয়াত সৰ্বমুঠ পাঁচটা স্তৰ আছে। ৰাতিপুৱা ১০ বজাত সেইখিনি গৈ পাই দেখিলোঁ তাত ইতিমধ্যে বহুতো লোকে সময়ৰ আগতেই আহি লাইনত থিয় হৈ আছে। এই সংগ্ৰহালত আফ্ৰিকা,এছিয়া,আমেৰিকা, ওচেনিয়া,ইউৰোপ মহাদেশৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনৰ লগতে মদাৰ্ণ আৰ্টও প্ৰদৰ্শন কৰা হৈছে। অক্টোবৰ মাহটো ইজিপ্তৰ কলা-সংস্কৃতিক প্ৰাধান্য দিয়া হৈছিল। ইজিপ্তৰ মামী, ট’ম্ব, ফাৰ’অবোৰৰ কফিন, কাপোৰ, অলংকাৰ, অস্ত্ৰ, পিৰামিড্ আৰু পিৰামিডৰ ভিতৰতখন চাওঁতে তিনি ঘণ্টা সময় কেনেদৰে পাৰ হৈ কেনেকৈ এক বাজিল গমেই নাপালোঁ।
ইয়াৰ পাছত সময় দি থোৱা ধৰণে বাছ এখনেৰে ১:৩০ বজাত নিউয়ৰ্ক ৰাজহুৱা পুথিভঁৰাল (ষ্টিফেন এ শ্বৱাৰ্জমেন বিল্ডিং) গৈ পালোঁ৷ এই বৃহৎ পুথিভঁৰালটো দীঘলে ১২০মিটাৰ আৰু পুতলে ৮২ মিটাৰ। এই বৃহৎ ভৱনটোত সৰ্বমুঠ সাতটা মহলা আছে। মাটিৰ ওপৰত পাঁচটা আৰু তললৈ দুটা মহলা তৈয়াৰ কৰা হৈছে। ইয়াত ৫ কোটিৰো অধিক সামগ্ৰীৰ লগতে, ১কোটি কিতাপ আৰু পাণ্ডুলিপি, ফটো আৰু মানচিত্ৰ আছে। আমাৰ পাঁচজনীয়া গ্ৰুপটোক পুথিভঁৰালৰ এজন গধুৰ দায়িত্বশীল কৰ্মচাৰীয়ে এখন গেটৰে তললৈ যোৱা এলিভেটৰ এটাত মাটিৰ তললৈ প্ৰথম মহলালৈ লৈ গ'ল। ইয়ালৈ সাধাৰণ লোক সোমাবলৈ দিয়া নহয়। প্ৰথম মহলাত আছিল গৱেষণাৰ বাবে থোৱা নতুন পুৰণি অনেক কিতাপ আৰু গৱেষণাৰ পত্ৰিকা। এই মহলাত ফটো লোৱা নিষেধ আছিল। ইয়াত থকা সকলোবোৰ কিতাপ কিদৰে সংৰক্ষণ কৰিছে দেখিলে আচৰিত লাগে।
ইয়াৰ পাছত আমি একেবাৰে তলৰ মহলালৈ গলোঁ। ইয়াত কিছুমান পৃথিৱীৰ প্ৰথম খবৰ কাগজকে আদি কৰি ‘নিউ টেষ্টামেণ্ট’, গোটেনবাৰ্গ বাইবেলৰ দৰে অতি পুৰণি ধৰ্মগ্ৰন্থ সমূহো অতি সযতনে সংৰক্ষণ কৰা হৈছে। ইয়াতে পৃথিৱীৰ অতি পুৰণি বুৰঞ্জীৰ কিতাপ সমূহো আছে। আৰৱদেশ, চীনদেশ, ইউৰোপীয় দেশসমূহৰ লগতে ভাৰত বুৰঞ্জীৰ কিতাপসমূহো ইয়াত ৰখা হৈছে। ইয়াৰ উপৰি বিভিন্ন ভাষাৰ পুৰণি পুথিসমূহো ইয়াত আছে। এই মহলাত ফটো তুলাত বাধা নাই বাবে মই কেইবাখনো ফটো ল’লোঁ। মাটিৰ তলৰ এই দুয়োটা মহলাত থকা হলবোৰত কোনো খিৰিকীও নাই আৰু শীত-তাপ নিয়ন্ত্ৰিতও নহয়। মাত্ৰ ভিতৰখন সেমেকা নহ'বৰ বাবে বা আৰ্দ্ৰতা কম কৰিবলৈ ডিহিউমিডিফায়াৰ ব্যৱহাৰ কৰে। কিয়নো মাটিৰ তলত বাবে সদায়ে ঠাণ্ডা আৰু আন্ধাৰ। কিতাপবোৰ ভালে ৰখাৰ এই পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে খৰচো কম। ইয়াত কিতাপ থোৱা চেল্ফবোৰ চুইছেৰে ইফাল-সিফাল কৰিব পাৰি। ডাঙৰ ডাঙৰ চেল্ফবোৰৰ মাজত কোনো ফাঁক নথকাকৈ থোৱা হয়। যদি কিতাপ ল'ব লাগে তেতিয়া চুইচ দি মানুহ যাব পৰাকৈ জেগা উলিয়াই কিতাপবোৰ এটা বাস্কেটত থোৱা হয়। সেই বাস্কেটটো অট’মেটিক ওলমি এটা ৰাস্তাৰে নিজে নিজে ওপৰলৈ কোঠা এটালৈ যায়গৈ। এনেদৰে কিতাপসমূহ লৈ যোৱা দেখি মই বৰ আমোদ পালোঁ। আৰু বহুতো কথাই বৰ্ণনা কৰিবলগীয়া আছে। আগলৈ নিশ্চয় লিখিম।
-গীতাশ্ৰী গগৈ আপ্তে (বাৰ্তা ) 04:43, 1 November 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]
বিশৃঙ্খলাৰ মাজত সৃষ্টিশীলতা
ৱিকিমিডিয়া প্লেটফৰ্মটো হৈছে সৃষ্টিৰ এটা নিস্তব্ধ ইঞ্জিন। অৱদানকাৰীসকলে পৰ্দাৰ আঁৰত নিজৰ গতিৰে অহৰহ জ্ঞানৰ ভঁৰাল গঢ়াত অৰিহণা যোগায়। ৰাজহুৱা মঞ্চবোৰত দেখা নাযায় তেওঁলোকক। বেছিভাগ সময় কেৱল সৃষ্টিবোৰৰ শেহতীয়া ফিডবোৰ ব্যৱহাৰকাৰীৰ ছদ্মনামেৰেহে প্ৰকাশ পাই গৈ থাকে। তেওঁলোক বেতনবিহীন, কিন্তু আত্মপ্ৰেৰিত। পৃথিৱীখন কোলাহলপূৰ্ণ বা বিশৃঙ্খল হ’লেও তেওঁলোক যেন অটল। ৱিকিমিডিয়াত যোৱা পাঁচ বছৰ ধৰি অৰিহণা যোগাই শিকিছোঁ বহুখিনি কথা। তলত এক অভিজ্ঞতাৰ কথা লিখিছো, যʼৰপৰা জীৱনৰ প্ৰতি দৃষ্টিভংগীত এক বিশেষ প্ৰভাৱ পৰিছিলে।
দৃষ্টিভংগী সলনি কৰা এটা ৰাতিপুৱা
যোৱা দুসপ্তাহ আগতে আন এগৰাকী অসমীয়া ৱিকিমিডিয়ান গীতাশ্ৰী গগৈ আৰু মই নিউয়ৰ্ক চহৰৰ ইউনিয়ন হলত ৱিকি কনফাৰেন্স নৰ্থ আমেৰিকা (১৭–১৯ অক্টোবৰ, ২০২৫)ত অংশ লৈছিলোঁ। কৃতজ্ঞতাৰে কʼব খোজোঁ যে, সম্পূৰ্ণ ভ্ৰমণৰ অনুদান আমাক দিয়া হৈছিল। প্ৰেক্ষাগৃহৰ দ্বিতীয় শাৰীত আসনত আমি বহিছিলোঁ। যেতিয়া একেটা প্ৰকল্পত কাম কৰা অনলাইন স্বেচ্ছাসেৱকসকলে অৱশেষত ইজনে সিজনক ব্যক্তিগতভাৱে দেখা পায়, সকলোৰে উত্তেজনাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। উদ্বোধনী বক্তৃতা আৰম্ভ হ’ল। কেইমিনিটমানৰ ভিতৰতে এজন ওখ শ্বেতকায় যুৱক হাতত এটা বন্দুক লৈ মঞ্চত উঠি আহিল। বন্দুকটো আকাশলৈ টোঁৱাই সি চিঞৰি উঠিল। নিমিষতে উপস্থিত থকা দুজন ৱিকিমিডিয়ান ৰিচাৰ্ড আৰু লিহ-ত্ৰ নিজৰ জীৱন বিপন্ন কৰি বন্দুকধাৰীজনক ধৰি তেওঁৰ হাতৰপৰা বন্দুকটো লৈ তেওঁক মাটিত বগৰাই দিয়ে। আমি বাকীবোৰে মজিয়াত বগাই, দৌৰি, চিৰিৰে নামি বাহিৰ ওলাই ৰাস্তা পালোঁহি। পিছফালে কেৱল শুনিলোঁ “ওলাই যাওক’’, “ওলাই যাওক” শব্দ। বাহিৰত ফুটপাথত কোনোবাই কন্দা, কোনোবাই বন্ধুৰ কান্ধত হুমুনিয়াহ কাঢ়ি থকা, কোনোবাই প্ৰাৰ্থনা কৰা আদিৰ কৰুণ দৃশ্য। ডেৰঘণ্টামানৰ পিছত আৰক্ষীয়ে বন্দুকধাৰী যুৱকজনক হাতকেৰেয়া লগাই লৈ যোৱা দেখি সকলোৱে শান্তিৰ নিশ্বাস পেলালোঁ। এই ঘটনা প্ৰৱাহ আৰু দৃশ্যবোৰ দেখি ভাব হৈছিল যেন ৱিকি-কনফাৰেন্স নৰ্থ আমেৰিকাৰ ইয়াতেই আধ্যা পৰিল। কিন্তু পিছৰখিনিয়ে মোক বেলেগ এটা শিক্ষাহে দিলে।
প্ৰায় সকলো উপস্থিত লোক ঘূৰি আহিল পাছদিনা। আয়োজকসকলে গোট খালে, পুনৰ পৰৱৰ্তী সংশোধিত কাৰ্যসূচী স্থিৰ কৰিলে। তেওঁলোকক দেখি আমিও যেন সাহস পালোঁ। আগদিনাৰ বক্তাগৰাকী আৰু আমাৰ জীৱন ৰক্ষা কৰা ৱিকিমিডিয়ান দুজনে পাছদিনা পুনৰ কামবোৰ আগুৱাই নিয়াত কৰ্তব্যত ৰত হʼল। বক্তাগৰাকীৰ ভাষণত কোনো নাটকীয়তা আৰু অভিযোগ নাছিল—মাত্ৰ আমি কিয় তাত গোট খাইছিলোঁ সেই কথাই সোঁৱৰাই দিছিল। তেওঁলোকৰ প্ৰেৰণা আৰু নিষ্ঠা দেখি আমাৰ কামৰ প্ৰেৰণা যেন দুগুণ বৃদ্ধি পাইছিল। মোৰ মনত এটাই ভাবৰ উদয় হৈছিল- ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে আমি নতুন আপডেট দেখি থাকোঁ। নিজৰ জীৱনৰ আতংক, ক্ষতি আৰু বিশৃংখলতাৰ মাজতো কিছুমান সাধাৰণ মানুহে (বেছিভাগেই বিষয়বোৰৰ প্ৰকৃত বিশেষজ্ঞ নহয়) অবিৰত কাম অব্যাহত ৰাখিছে। জীৱনৰ বিশৃংখলতাই তেওঁলোকৰ কামৰ অন্ত পেলোৱা নাই- বিশৃংখলতাই যেন নতুন দৃষ্টিভংগীহে দিছে।
কফি একাপ খাই মই এগৰাকী অৱদানকাৰীৰ লগত কথা পাতোঁতে কʼলে, তেওঁ হেনো কেৱল ফিগাৰ স্কেটিঙৰ বিষয়ে লিখে। আন এজনে সমগ্ৰ ভাৰতবৰ্ষৰ মঠ-মন্দিৰৰ কথাহে নথিভুক্ত কৰে। ১০ বছৰ বয়সৰপৰা সম্পাদনা আৰম্ভ কৰা তৃতীয়জনে বছৰ বছৰ ধৰি পৃথিৱীৰ বিভিন্ন ঠাইৰ ফুটবল খেলৰ ফলাফলবোৰ ধাৰাবাহিকভাৱে ৱিকিত লিখি আহিছে। প্ৰথম দৃষ্টিত এইবোৰ সিঁচৰতি হৈ থকা প্ৰচেষ্টা যেন লাগে। কিন্তু এনেবোৰ আগ্ৰহৰ বৈচিত্ৰ্যই ৱিকিপিডিয়াৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। সকলোৱে একে সময়তে একেটা বিষয়ক খেদি ফুৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে বহু বাগিছা চোৱা-চিতা কৰা বহু তত্ত্বাৱধায়ক আছে আৰু সেই বাগিছাবোৰ সংযোগ হৈ ৱিকিৰ দৰে সুন্দৰ এক উদ্যান গঢ় লৈছে।
বিশৃংখলাৰ মাজত সমন্বয়
আমি প্ৰায়ে ৱিকিপিডিয়াক “যিকোনো ব্যক্তিয়ে সম্পাদনা কৰিব পাৰে” বুলি বৰ্ণনা কৰোঁ, যিটো সঁচা; কিন্তু সম্পূৰ্ণ সঁচা নহয়। “যিকোনো ব্যক্তিয়ে সম্পাদনা কৰিব পাৰে” কেৱল এই কাৰণেই যে, সকলোৱে কিছুমান বিশেষ পদ্ধতিত আৰু নীতি-নিয়ম মানি চলিবলৈ সন্মত হয়। উৎসৰ উদ্ধৃতি দিয়া, মতানৈক্যৰ বিষয়ে আলোচনা কৰা, ভঙা-ছিঙা কাৰ্য্যক (vandalism) তীব্ৰতৰ নকৰাকৈ ঘূৰাই অনা, সিদ্ধান্তসমূহৰ নথিভুক্ত কৰা, যাতে নতুনকৈ অহাসকলে সেইবোৰ অনুসৰণ কৰিব পাৰে-এই সকলোবোৰে নিৰ্দিষ্ট পদ্ধতিৰে কৰা হয়। সেইদিনা ৰাতিপুৱা নিউয়ৰ্কত মই বাস্তৱ জীৱনত সেই একেবোৰ নীতিয়ে দেখিলোঁ। দ্ৰুত কাৰ্য্য, স্বচ্ছ যোগাযোগ, আয়োজকসকলে তথ্যসমূহ তেওঁলোকৰ হাতত থকাৰ দৰেই উত্থাপন কৰা আৰু জল্পনা-কল্পনা এৰাই চলা; এবাৰ নিৰাপদ হৈ আকৌ সকলো মিছনলৈ উভতি অহা; সন্মিলনত পুনৰ মনোনিৱেশ কৰা - সঁচাকৈয়ে এক প্ৰেৰণাদায়ক অভিজ্ঞতা!
সন্মিলনে মোক কি শিকালে
সৃষ্টিশীলতা ব্যক্তিগত পছন্দ আৰু সিদ্ধান্ত। আমি সৃষ্টি কৰোঁ কেৱল নিখুঁত পৰিস্থিতিতেই নহয়, বৰঞ্চ পৰিস্থিতিত খুঁত থাকিলে প্ৰত্যাহ্বান হিচাপে লৈ অধিক সফলহে হৈ পৰোঁ।
বৈচিত্ৰ্য এটা অভ্যন্তৰীণ সজ্জা বা ইণ্টেৰিওৰ ডেকোৰেশ্যন নহয়। ফিগাৰ স্কেটিং সম্পাদক, মন্দিৰৰ ইতিহাসবিদ, ফুটবলৰ স্ক’ৰকীপাৰ—এওলোকে একেলগে মিলি এখন বিশ্বকোষ নিৰ্মাণ কৰে - যি এজন বিশেষজ্ঞই অকলে কৰি উলিয়াব নোৱাৰে।
নিয়ম-নীতিয়ে বিশৃংখলতাক সৃষ্টিৰ ৰূপ দিয়ে। সেয়েই হৈছে সৃষ্টিশীলতাৰ মূল-মন্ত্ৰ। আতংকৰ পাছদিনাও মানুহবোৰ ঘূৰি আহি কামত মনোনিৱেশ কৰাৰ এই অভিজ্ঞতাই মোক শিকাই থৈ গʼল ৱিকিপিডিয়ালৈ অৰিহণা যোগোৱাসকলৰ একাগ্ৰতা কি।
এটা বিনম্ৰ আমন্ত্ৰণ
আপুনি যদি কেতিয়াবা সম্পাদনাৰ বুটাম টিপিবলৈ গৈ থমকি ৰৈ ভাবিছে যে, আপোনাৰ অৱদান যথেষ্ট নহয় বা একেবাৰে সৰু, তেন্তে এনেকে ভাবক- যত্নৰে কৰা অগণন সৰু সৰু কামৰপৰাই দীৰ্ঘস্থায়ী সৃষ্টিবোৰ গঢ় লৈ উঠে। এটা উদ্ধৃতি যোগ কৰক। এটা বাক্য ঠিক কৰক। আপোনাৰ প্ৰিয় বিষয়ৰ ওপৰত সৰুকৈ হʼলেও এটা প্ৰবন্ধ আৰম্ভ কৰক। এটা ৱিকি-প্ৰকল্পত যোগদান কৰক আৰু সেই উদ্যান-পালকসকলৰ সৈতে সাক্ষাৎ কৰক, যিসকলে আপোনাৰ দৰে একেই বিষয়ত আগ্ৰহী। পৃথিৱীখন বৰ কোলাহলপূৰ্ণ, অসংগঠিত আৰু কেতিয়াবা অতি নাটকীয়। কিন্তু এই কোলাহলৰ মাজতেই ৱিকিমিডিয়াৰদ্বাৰা আমি নতুন জ্ঞানৰ এক সুন্দৰ উদ্যান গঢ়ি তুলিব পাৰোঁ। বিশৃঙ্খলতাৰ মাজত সৃষ্টিশীলতাই সুন্দৰ সৃষ্টিবোৰৰ সূচনা কৰিব পাৰে।
-JonaliB (বাৰ্তা ) 04:46, 1 November 2025 (ইউ.টি.চি.) [ উত্তৰ দিয়ক ]