সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২৫/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰৈ ৰৈ বিনালে হৈছে ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ২০২৫ চনৰ ভাৰতীয় অসমীয়া সংগীতময় ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীভাগ লিখিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখন 'ঝিল ক্ৰিয়েচনছ' আৰু 'আই ক্ৰিয়েচনছ'ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ইয়াত জুবিন গাৰ্গ, মৌচুমী আলিফা, জয় কাশ্যপ, আচুৰ্য বৰপাত্ৰ আদি অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিছে। এয়া জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে কৰা অন্তিমখন চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ নামটো জুবিন গাৰ্গৰ ১৯৯৮ চনত মুক্তিপ্ৰাপ্ত ‘শব্দ’ এলবামৰ “ৰৈ ৰৈ বিনালে” শীৰ্ষক গীতটিৰ পৰা অনুপ্ৰাণিত। চলচ্চিত্ৰখন ২০২৫ চনৰ ৩১ অক্টোবৰত ভাৰতত দেশজুৰি মুক্তিলাভ কৰিব।

চলচ্চিত্ৰখন এজন অন্ধ শিল্পীৰ ওপৰত আধাৰিত এক সংগীতময় প্ৰেম কাহিনী হিচাপে বৰ্ণনা কৰা হৈছে, য'ত অন্ধ শিল্পীৰ চৰিত্ৰত জুবিন গাৰ্গে অভিনয় কৰিছে।ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ নৱপত্ৰিকাৰ বিষয়ে ইয়াত পঢ়ক...