ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্য সম্ভাৰৰ জগতখনত ৱিকিপিডিয়া এটা অতি চিনাকি নাম। বিশ্বৰ প্ৰায় সকলো ভাষাতেই উপলব্ধ এই অনলাইন তথ্য সম্ভাৰৰ ব্যৱহাৰ জ্ঞাতে−অজ্ঞাতে প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে। ময়ো প্ৰথমতে অজানিতে এই জগতখনত ভৰি দিছিলোঁ। যেতিয়া প্ৰথম ম’বাইলত অসমীয়া লিখিবলৈ শিকিলোঁ, এতিয়াও মনত আছে, প্ৰথমেই গুগলত শংকৰদেৱ লিখি সন্ধান কৰিছিলোঁ আৰু আচৰিত হৈছিলোঁ! শংকৰদেৱৰ বিষয়ে সকলো সমলেই উপলব্ধ। তাতেই কীৰ্ত্তনখনো পালো! সেইবোৰ চাই থাকোতেই কেনেবাকৈ সম্পাদনা বুটামত টিপি দিলোঁ, হয়তো কেইটামান আখৰ মোহাৰ খাই গ’ল। ভয় খাই একেৰাহে বেক বুটাম টিপিলোঁ কেইবাবাৰো! পিছত সম্পাদনা বুটাম নিটিপা হলোঁ। তাৰ বহু দিনৰ পিছতহে ৱিকিপিডিয়াৰ প্ৰকৃত পৰিচয় পালোঁ, একাউণ্ট সৃষ্টি কৰিলোঁ, ফটো আপলোড কৰিলোঁ, সম্পাদনা কৰিলোঁ, আৰু বৰ্তমান নিজেই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত হৈ পৰিলোঁ। ৱিকিউৎসৰ সৈতেও জড়িত হলোঁ। ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ বৰ সহজ, নিজে জনা কথাটো লিখি গলেই হ’ল। যদি মই লিখা তথ্যৰ কিবা বিসংগতি আছে, আন এজনে তাক শুধৰাই দিব নাইবা নতুন তথ্য যোগ কৰিব, মুঠতে লিখিলেই হ’ল! ময়ো প্ৰথমতে ৱিকিপিডিয়াত লিখিবলৈ সংকোচ কৰিছিলোঁ। লাহে লাহে ৱিকিপিডিয়া সমাজৰ সৈতে জড়িত হোৱাৰ পিছত সাহস বাঢ়িলে। বাংলা নাইবা ইংৰাজীৰ পৰা মই বিভিন্ন প্ৰবন্ধ অনুবাদ কৰিবলৈ ধৰিলোঁ। বহুকেইজন প্ৰবীন ৱিকিমিডিয়ান, বিশেষকৈ গীতাৰ্থ বৰদলৈৰ সহায়ত কাৰিকৰী কথাবোৰো কিছু শিকিলোঁ। এতিয়াও শিকি আছোঁ! শেহতীয়া সালসলনিত নতুন একাউণ্ট সৃষ্টিৰ জাননী পালে বহুত ভাল লাগে! কিন্তু দেখা যায় প্ৰায়বিলাক একাউণ্ট কেৱল সৃষ্টিহে কৰা হয়, একাউণ্টসমূহৰ পৰা বিশেষ বৰঙণি আগবঢ়োৱা দেখা নাযায়। পূৰ্বৰ তুলনাত বৰ্তমান অসমীয়া ৱিকিপিডিয়া যথেষ্ট সমৃদ্ধিশালী হৈছে। যদিও এই গতি অতি মন্থৰ, তথাপি আশা কৰিছোঁ অনাগত দিনত এই গতি ক্ষীপ্ৰতৰ হওক! শেষত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয় আই অসম।। − দিব্য দত্ত (বাৰ্তা) 16:02, 23 January 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]