ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

‌প্ৰথমবাৰৰ বাবে ৱিকিপত্ৰিকাত নিজৰ মনৰ কথা লিখিবলৈ ওলাইছোঁ৷ ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিপত্ৰিকা আদি শব্দ আজি অলপ দিনৰ আগলৈকে মোৰ বাবে এক কৌতূহলৰ বিষয় হৈ আছিল৷ নাম শুনিছিলোঁ যদিও ৱিকিউৎসৰ লগত পৰিচয় হোৱা নাছিল৷ বুজি পোৱা নাছিলোঁ, ৱিকিউৎসতনো কি কৰিব লাগে৷ ২০২০ চনৰ জুলাই মাহৰ কোনোবা এটা দিনত মোৰ ফেচবুক বন্ধু শ্ৰী মৃদুল কুমাৰ শৰ্মা দাই ৱিকিউৎস সন্দৰ্ভত ফেচবুকত এটা আপডেট দিছিল৷ তেওঁ ৱিকিউৎসত কাম কৰাৰ বাবে স্বেচ্ছাসেৱী বিচাৰিছিল৷ তেওঁৰ আপডেটটো পঢ়ি মই বুজি উঠিছিলোঁ যে অসমীয়া ভাষাটোৰ ওপৰতেই ইয়াত কাম হয়৷ পুৰণি অসমীয়া গ্ৰন্থসমূহৰ সংৰক্ষণ কৰা হয়৷ মোৰ তেতিয়াই ৱিকিউৎসত কাম কৰিবলৈ আগ্ৰহ জন্মিল, যিহেতু মোৰ আগৰ পৰাই আইৰ মুখৰ ভাষাটোৰ প্ৰতি দুৰ্বলতা আছে৷ অসমীয়া ভাষাটোক বিশ্বদৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তিলমানো যদি বৰঙনি যোগাব পাৰোঁ নিজকে ধন্য মানিম৷ লগে লগেই মৃদুলদাক যোগাযোগ কৰিলোঁ৷ তেওঁ মোক ৱিকিউৎসত একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি তাত কাম কৰালৈকে সকলোখিনি কেনেকৈ কৰিব লাগে বুজাই দিলে৷ কম্পিউটাৰৰ আনুষ্ঠানিক শিক্ষা অলপ আছিল বাৰু৷ গতিকে লেপটপত কাম কৰোঁতে অসুবিধা নাপালোঁ৷ লেপটপত অসমীয়া টাইপিং মৃদুলদায়েই মোক শিকাই দিলে ফোনতেই৷ ইমান ব্যস্ততাৰ মাজতো তেওঁ যে মোক ইমানখিনি শিকাই দিলে তাৰ বাবে তেওঁক অশেষ ধন্যবাদ৷ ৱিকিউৎসত প্ৰথমে মুদ্ৰণ সংশোধনৰ কামেই কৰিলোঁ৷ মুদ্ৰণ সংশোধনত বিভিন্ন সাঁচ ব্যৱহাৰ কৰা হয়৷ সেই সাঁচসমূহ ক’ত কেনেদৰে ব্যৱহাৰ কৰে সেইখিনি মোক গীতাৰ্থ বৰদলৈ, দিব্য দত্ত, কুলধৰ, ঈশান, ভাস্কৰ, নয়ন, অজয় আদি আৰু ৱিকিৰ আন আন সদস্যসকলে দেখুৱাই দিলে৷ তেওঁলোকৰ ওচৰতো মই চিৰকৃতজ্ঞ৷ আশা কৰাতকৈও বেছি সহায় সহযোগ পালোঁ সকলোৰে পৰা৷ খুবেই ভাল লাগিছে ৱিকিউৎসত কাম কৰি৷ অসমীয়া ভাষাটোৰ বাবে অন্তত কিবা এটা হ’লেও কৰাৰ সুযোগ পাইছোঁ৷ স্বেচ্ছাসেৱীসকলক উৎসাহিত কৰাৰ উদেশ্যে ৱিকিউৎসত মাজে মাজে কিছুমান প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় আৰু বিজয়ী সকলক পুৰস্কৃতও কৰা হয়৷ ৱিকিপিডিয়ানসকলৰ কাম শিকাত যাতে সুবিধা হয় তাৰ বাবে মাজে মাজে অনলাইন ৱেবিনাৰ কিছুমানো অনুষ্ঠিত কৰা হয়৷ ৱিকিউৎসত কাম কৰি নিজেও যথেষ্ট উপকৃত হৈছোঁ৷ কাম কৰাৰ লগতে বহু পুৰণি কিতাপ ইয়াত পঢ়িবলৈ পাইছোঁ৷ আশা কৰোঁ এই ই-বুকসমূহ পঢ়ি নৱপ্ৰজন্ম যথেষ্ট উপকৃত হ’ব তথা মূল্যৱান অসমীয়া গ্ৰন্থসমূহো চিৰকালৰ বাবে সংৰক্ষিত হৈ ৰ’ব৷ ২০২০ চনটোত অতিমাৰী ন’ভেল ক’ৰোনাই আমাৰ মাজৰ পৰা বহু বিশিষ্ট ব্যক্তিক কাঢ়ি লৈ গ’ল৷ চিনাকি-অচিনাকি বহুজনক হেৰুৱালোঁ৷ কিন্তু কলীয়া ডাৱৰৰ মাজতো সূৰুযৰ এধানিমান কিৰণ আহি ধৰাত পৰাৰ দৰে ইমানবোৰ বেয়াৰ মাজতো কিছু ভাল সংযোগ ঘটিল মোৰ জীৱনত৷ কিছু সংখ্যক গুণীজ্ঞানী ব্যক্তিৰ লগত পৰিচয় ঘটিল৷ তেওঁলোকৰ উন্নতমানৰ চিন্তাচৰ্চা, কথা-বতৰা দেখি আপ্লুত হ’লোঁ৷ তেওঁলোকৰ লগত সাহিত্য আৰু অসমীয়া ভাষাৰ চৰ্চা কৰি বহু নজনা কথা জানিলোঁ, বহু উপকৃত হ’লোঁ৷ কোনোবাই মোক সুধিছিল তোমাৰ এইবোৰ কাম কৰি কি লাভ হ’ব! মই কৈছিলোঁ সকলোতে জানো লাভ লোকচান বিচৰা উচিত? আমি যে এডোখৰ ধুনীয়া ঠাইত ফুৰিবলৈ যাওঁ, মনে বিচৰা এটি গীত শুনো; সেইবোৰত জানো কিবা লাভ-লোকচান বিচাৰোঁ! সেইবোৰত পাওঁ কিছু মানসিক প্ৰশান্তি৷ তেনেদৰে ৱিকিউৎসত কাম কৰিও মানসিক সন্তুষ্টি আৰু প্ৰশান্তি লাভ কৰোঁ৷ ৱিকিউৎসত কাম কৰি কিমান ভাল লাগে সেই কথা এজন ৱিকিপিডিয়ানেহে ভালদৰে উপলব্ধি কৰিব পাৰে৷ সদৌ শেষত মোৰ মৰমৰ ভাষাটোৰ উত্তৰোত্তৰ কামনা কৰি মোৰ মনৰ কথা ইয়াতেই সামৰিলোঁ৷ চিৰ চেনেহী মোৰ ভাষা জননী৷ নমস্কাৰ৷ ‌ ‌Pallabi Dutta.Baruah (talk) 16:20, 31 January 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]