'ৱিকিপিডিয়ানৰ মনৰ কথা' শিতানত আমাৰ যি যৎকিঞ্চিৎ ব্যক্ত কৰাৰ সৌভাগ্য ঘটিছে সেই আপাহতে প্ৰথমেই শ্ৰদ্ধা সহিতে কৃতজ্ঞতা যাচিছোঁ সেইসকললৈ, যিসকলৰ অকুণ্ঠ প্ৰচেষ্টাত অসমীয়া ৱিকিপিডিয়াই জন্মলাভ কৰি লক্ষ্যাভিমুখে পূৰ্ণোদ্যমে অগ্ৰসৰ হ'বলৈ সক্ষম হৈছে। আইৰ মুখৰ ভাষাটোৰ বাবে নীৰৱে, নিমাতে অহোপুৰুষাৰ্থ কৰা এদল সেনানীৰ শাৰীৰ শেষৰ স্থানত নিজকে থিয় দিয়াব পাৰিলেও 'জীৱন-জীৱন বৰ অনুপম' বুলি স্বগতোক্তি কৰি প্ৰশান্তি লভিম।
বীজ
স্নাতক বৰ্ষৰ ছাত্ৰী হৈ থকা অৱস্থাত শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে সহপাঠী আৰু শিক্ষাগুৰু সমন্বিতে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যোৱাৰ সুযোগ মিলিছিল ২০২৪ চনৰ ৫ মাৰ্চ তাৰিখে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° সুবাসনা মহন্ত চৌধুৰী বাইদেৱে কথা প্ৰসংগত উনুকিয়াইছিল এইদৰে, "সকলোৱে যে বিশ্ববিদ্যালয়লৈ আহি উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব, তেনেওতো নহয়। ভাষাটোৰ বাবে আমাৰ বহুত কৰিবলগীয়া আছে। যিমানে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি হ’ব সিমানে ভাষাটোৰ স্বীকৃতি বাঢ়িব।" সেই প্ৰসংগৰে তেখেতে আমাৰ মহাবিদ্যালয়ত ৱিকিমিডিয়াৰ কৰ্মশালা আয়োজনৰ প্ৰস্তাৱ দিছিল আৰু আমাৰ বিভাগীয় শিক্ষাগুৰুসকলক সেই সম্পৰ্কে অৱগত কৰিছিল।
অঙ্কুৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এদিনীয়া ভ্ৰমণসূচীত ৰোপিত বীজ অংকুৰিত হৈছিল ২০২৪ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে। ড° সুবাসনা মহন্ত চৌধুৰী বাইদেউৰ সেই প্ৰস্তাৱ হাতে-কামে সফল ৰূপায়িত কৰিবলৈ সক্ষম হ’ল ৱিমেনজ্ কলেজ, তিনিচুকীয়া ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত মহাবিদ্যালয়ৰ অসমীয়া বিভাগে। ৫ আৰু ৬ এপ্ৰিল তাৰিখে দুদিনীয়াকৈ আয়োজন কৰা ৱিকিমিডিয়া কৰ্মশালাখনৰ বাবে ছাত্ৰীৰ উৎসুকতা বঢ়াই তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু ড° কৰৱী বৰুৱা গগৈ বাইদেৱে জনাইছিল, আমাৰ প্ৰশিক্ষক হিচাপে আহিবলগীয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক শ্ৰীভাস্কৰ ভূঞা ছাৰৰ কথা। নিৰ্দিষ্ট দিনত ড° সুবাসনা মহন্ত চৌধুৰী বাইদেৱে মুখ্য বক্তাৰ আসনৰ পৰা জ্ঞানমূলক আৰু প্ৰেৰণাদায়ক বক্তব্যৰে কৰ্মশালাৰ শুভাৰম্ভণি ঘটাই সমল ব্যক্তি অৰ্থাৎ ভাস্কৰ ভূঞা ছাৰক দুদিনীয়া দায়িত্বশীল কৰ্মৰ ভাৰ অৰ্পণ কৰিছিল। ক্ৰমশঃ সেই বীজ অংকুৰণৰ গৰিমাৰে চহকী হৈছিল সক্ৰিয় ৱিকিমিডিয়ান ভাস্কৰ ভূঞা ছাৰে যোগান ধৰা সাৰ-পানীৰ বলত। দুদিনীয়া কৰ্মশালাৰ অন্তত কি শিকিলোঁ সেয়া জুখি চাবলৈও ৱিকিমিডিয়াৰ আও-ভাও বুজাত সময় লাগিল। হঠাৎ এদিন 'ৱিকিউদ্ধৃতি' প্ৰকল্পটো খুঁচৰি চাই থাকোঁতে চমৎকৃত হৈ ভাৱিছিলোঁ, কিতাপ পঢ়িলে পছন্দৰ শাৰীকেইটা টুকি থোৱা অভ্যাসটোৱে অন্ততঃ ইয়াত কামত দিব। স্থিৰ কৰিছিলোঁ যে, স্নাতক চূড়ান্ত পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে ভুলে-শুদ্ধই লাগিম।
মুকুল
প্ৰথমে কৰ্মশালাৰ শিকণৰূপে আৰু নিজা উৎসুকতাৰে দুই এটা সম্পাদনা 'ৱিকিপিডিয়া' আৰু 'ৱিকিউদ্ধৃতি'ত কৰিছিলোঁ যদিও সন্তুষ্টিৰে কৰিবলৈ সক্ষম হ’লো 'চন্দন চিৰিং ফুকন সোঁৱৰণী ৱিকিউদ্ধৃতি সম্পাদনা মেলা’ৰ মজিয়াত। তেখেতক জানিবলৈ নাপালোঁ, তেখেতৰ পৰা শিকিবলৈ নাপালোঁ; সেই সম্পাদনা মেলাত অংশগ্ৰহণেৰে তেখেতৰ প্ৰতি যেন শ্ৰদ্ধাহে নিবেদিলোঁ, মোৰ তেনে লাগে। আনহাতে, প্ৰথম প্ৰয়াসৰ ফলাফলৰূপে 'ৱিকিউদ্ধৃতি সংযোগ মেলা পদক’ লাভ কৰি উৎফুল্ল হ’বৰে কথা। একেই উদ্যমেৰে সক্ৰিয় ৱিকিমিডিয়ান অনামিকা বড়া বাৰ সহায়ত ’ৱিকিউৎস’ৰ কামো হেনাহুঁচাকৈ কৰিলোঁ। তাৰ পাছত ক্ৰমে ৱিকিমিডিয়ান ৰুমী বৰা জেঠাইৰ চেনেহ মিশ্ৰিত শিকণৰ বলত ৱিকিউৎসৰ মোহত ডুব যাওঁ আৰু সম্পাদনাৰ সংখ্যা কিঞ্চিৎ বৃদ্ধি কৰিবলৈ সক্ষম হওঁ। ২০২৪ চনৰ অক্টোবৰ মাহৰ পৰা তিনিমহীয়া ’ৱিকি-মেণ্টৰশ্বিপ প্ৰকল্প’ৰ মেণ্টি হিচাপে অংশ লোৱাৰ পাছত শিকাৰ ইচ্ছাক গতি দিয়াৰ সৌভাগ্য হয় মেণ্টৰ দিব্য দত্ত ছাৰৰ তত্ত্বাৱধানত। তিনিমাহ নহওঁতেই ৱিকিউৎসত প্ৰায় চাৰিখন কিতাপৰ মুদ্ৰণ সংশোধন কৰিব পৰাকৈ পোৱা তেখেতৰ সহযোগিতাৰ ভৰত অনাগত দিনতো যথাসাধ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হ’ম বুলি বিশ্বাস জন্মিছে। ৱিকিপিডিয়াত সম্পাদনাৰ মৰসাহ কৰিব পৰা নাই যদিও আগন্তুক বছৰটোত এই কাম সম্ভৱ কৰি তোলাৰ বাবে ইচ্ছা পুহিছোঁ। মেণ্টৰশ্বিপ প্ৰকল্প সমাপ্ত হোৱাৰ পাছতো শিকিবলৈ ৰৈ যোৱাখিনি শিকি, বৰঙণি যোগাবলৈ পালেহে 'মেণ্টি' আভূষণ সাৰ্থক হ’ব বুলি ভাবিম। প্ৰশিক্ষক শ্ৰীভাস্কৰ ভূঞা ছাৰ, এই পৃথিৱীখনলৈ অহাৰ বাট মুকলি কৰাওঁতা শ্ৰদ্ধাৰ শিক্ষাগুৰু ড° কৰৱী বৰুৱা গগৈ বাইদেউ, উৎসাহ যোগোৱা অনিন্দিতা গগৈ বৰুৱা বাইদেউক দিয়া কথা অনুসৰি আৰু ভাষাটোৰ বাবে নীৰৱে কৰিব পৰা কামৰ অংশীদাৰিত্বত জীৱন ধন্য বুলি অনুভৱ কৰি ৱিকিমিডিয়াৰ প্ৰকল্পসমূহলৈ সাধ্যনুসাৰে বৰঙণি আগবঢ়োৱাৰ দৃঢ় সংকল্পৰে “মনৰ কথা’’ৰ মজিয়াত প্ৰতিজ্ঞাবদ্ধ হ’লোঁ। ২০২৪ চনৰ মাজখিনিতহে সদস্যভুক্ত হৈ “বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান’’ বঁটাৰ বাবে মনোনীত ৬জন অগ্ৰজ সক্ৰিয় সদস্যৰ ভিতৰত নিজকো দেখি প্ৰেৰণাময় জলত স্নান কৰি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াবলৈ মন বান্ধিলোঁ। কনিষ্ঠ সদস্য হিচাপে ৱিকিমিডিয়া সমাজৰ সহায়, দিহা-পৰামৰ্শ আৰু আদৰভৰা দাবী আমাৰ একান্তই কাম্য। অসমীয়া ৱিকিমিডিয়াৰ অক্লান্ত কৰ্মীসকললৈ অলেখ শুভেচ্ছা।
পুলি
অসমীয়া ভাষাক জগত সভালৈ নিবলৈ কৰা অক্লান্ত সেনানীৰ অহোপুৰুষাৰ্থৰ বলত এই পুলি এদিন বটবৃক্ষ হ’ব। অসমী আইৰ ঘুণীয়া দেহা ফলৰ উপকাৰিতাৰে নিৰোগী কৰিব, গন্ধময় বাতাবৰণ ফুলৰ আমোলমোলেৰে সুবাসিত হ’ব আৰু বটবৃক্ষৰ ছাঁত আশ্ৰয় লৈ আটায়ে শুনিব-
"গোদাবৰী নৈৰে পাৰৰে পৰা
অসমী আইলৈ যাঁচো প্ৰণাম।"
Himashree Borah (বাৰ্তা )