প্ৰাচীন ক্ৰেট দ্বীপৰ ৰজা মিনোচে নিজৰ দ্বীপখন ৰক্ষা কৰিবলৈ এক অদ্ভুত সৃষ্টিৰ সহায় লৈছিল। ই মানুহো নাছিল, জন্তুও নাছিল: ই আছিল টালোছ, এক বিশাল তামৰ দানৱ। মানৱ সৃষ্ট এই দানৱৰ এটাই কাম আছিল, দ্বীপখন চক্ৰাকাৰে ঘূৰা আৰু আক্ৰমণকাৰীক প্ৰৱেশ কৰিব নিদিয়া। টালোছ আছিল চিৰ আজ্ঞাকাৰী। ইচ্ছা বা অনিচ্ছাৰে নহয়। অৱজ্ঞাৰ ক্ষমতাই নাছিল টালোছৰ। টালোছৰ গাত মানুহৰ তেজ নহয়, দেৱতাৰ "ইখ" বৈছিল। এই ইখ এক নাড়ীৰে গোটেই শৰীৰত প্ৰৱাহমান। মাথো এই ইখ ভৰাবলৈহে টালোছে মানুহক ওচৰলৈ আহিব দিছিল। এই ইখ খালী কৰিয়েই অৱশেষত শত্ৰুৱে টালোছক মুহূৰ্ততে ধাৰাশায়ী কৰি তুলিলে। এই মুহূৰ্তই আছিল ক্ৰেট দ্বীপৰ বিনাশ।
মানৱ সৃষ্ট প্ৰযুক্তিৰ কিছু বিশেষ গুণাগুণ এই প্ৰাচীন গ্ৰীক কিংবদন্তিত লুকায় আছে। এক প্ৰকাৰে চাবলৈ গ'লে, ৱিকিপিডিয়াও এক টালোছ। ই প্ৰযুক্তিৰেই ফল, তথ্য প্ৰযুক্তিৰ যুগৰ এক সজুলি। নিশ্চয়েই, ৱিকিপিডিয়াৰ গুণ: ক্ষণতে, চিৰ পৰিৱৰ্তনশীল তথ্য আৰু হাজাৰ হাজাৰ মানুহে একে সময়তে সম্পাদনা কৰাৰ ক্ষমতা, ৱিকিপিডিয়াৰ তথ্য সংগ্ৰহৰ এক পাৰ্শ্বিক গুণ নহয়, বৰঞ্চ কেন্দ্ৰীয় মাধ্যম। ই সদায় অসম্পূৰ্ণ, কিন্তু সদায় সংশোধনক্ষম। ই ইণ্টাৰনেটৰ আগত, কোনো ছপা বিশ্বকোষত সম্ভৱেই নাছিল। ইয়েই ৱিকিপিডিয়াৰ অনন্য শক্তি হৈ পৰিছিল।
সময়ৰ সৈতে ৱিকিপিডিয়াৰ কেন্দ্ৰীয় গুণৰ উপৰিও বহুতো নিয়ম, সজুলি, সহায়ক আদিৰ প্ৰয়োজন আৰু বিকাশ ঘটিছে। শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াতো সক্ৰিয়তা ভালেমান বৃদ্ধি পাইছে। নতুন সম্পাদক, নিত্য নতুন প্ৰবন্ধ, নতুন আলোচনা। ই উৎসাহজনক। কিন্তু এই বিস্তাৰ আৰু গতিৰ লগতে বৃদ্ধি পাইছে জটিলতা: মান নিৰ্ণয় কৰা, দ্বন্দ্ব দূৰ কৰা, শ্ৰেণী বিভাজন কৰা আদি আগতকৈ বহু গুণে কষ্টকৰ হৈ পৰিছে। এই সমস্যাৰ সমাধানো প্ৰযুক্তিয়ে প্ৰদান কৰিব পাৰে।
কিছু সময়ৰ আগতে মই তৈয়াৰ কৰিবলৈ চেষ্টা কৰা এটি বটৰ আলম লৈ এই লেখ লিখিছোঁ। অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা তীব্ৰ গতিৰে বৃদ্ধি পাব ধৰিছে, কিন্তু ইতিমধ্যে সৃষ্ট প্ৰবন্ধৰ সংশোধন অপেক্ষাৰত হৈ থাকি যায়। কেইবাদশক পুৰণা জি ডি পি, মৃত নেতাৰ শ্বাস এতিয়াও প্ৰবন্ধত বিদ্যমান হৈ থাকে। মোৰ নিজৰেই এনে অনেক প্ৰবন্ধ আছে, কিন্তু পুৰণি প্ৰবন্ধ ঠিক কৰাৰ ঠাইত নতুন প্ৰবন্ধ লিখাৰ হেঁপাহ বাদ দিব নোৱাৰোঁ। তাতোকৈ চিন্তাদায়ক কথা যে এনে কি কি প্ৰবন্ধ কেতিয়াৰ পৰা সংশোধনৰ অপেক্ষাত ৰৈ আছে, সেই কথা জনাটো কঠিন। মানৱ সম্পাদকে এনে প্ৰবন্ধ বিচাৰি ফুৰা কঠিন। এনে পৰিস্থিতিতেই বটসমূহ কামত আহে। এই "সাময়িক সংশোধন" বটে শ্ৰেণী, ব্যৱহৃত শব্দ আদি ব্যৱহাৰ কৰি সাময়িক সংশোধনৰ প্ৰয়োজন থকা প্ৰবন্ধ চিনাক্ত কৰাৰ চেষ্টা কৰে, যাতে এবছৰতকৈ অধিক সময় পৰ্যবেক্ষিত নোহোৱা প্ৰবন্ধসমূহ পুনঃ সম্পাদকৰ দৃষ্টিগোচৰ হয় আৰু কোনোবাই নতুন তথ্য প্ৰদান কৰিব পাৰে।
উপৰ্যুক্ত পৰামৰ্শ কেইটামান উদাহৰণহে মাথো। পিচে এই কথা নিশ্চিত যে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহ অধিক জনপ্ৰিয় হোৱা আৰু জটিলতা বৃদ্ধি পোৱাৰ লগে লগে স্বয়ংক্ৰীয়কৰণ কেৱল সুবিধা নহয়, প্ৰয়োজন হৈ পৰিব। বিকাশৰ গতি দেখি অনুমান যে এই অৱস্থা সুদূৰ ভৱিষ্যতত নহয়, আগন্তুক কেইবছৰমানতে দেখা যাব। সেয়ে অসমীয়া ৱিকিমিডিয়াক বিশেষ কিছু বটৰ নহয়, বৰঞ্চ স্বয়ংক্ৰীয়কৰণৰ এক বহল দৰ্শন আৰু ব্যৱস্থাৰ প্ৰয়োজন। এই দৰ্শন নিশ্চয়েই গোটেই সমাজে মিলি মেলি গঢ়ি তুলিব লাগিব।
এই প্ৰশ্ন পিচে কেৱল প্ৰযুক্তি বা পৰিচালনাৰ নহয়। ই ৱিকিমিডিয়াৰ বাবে এক অস্তিত্ববাদী প্ৰশ্নই বুলিব পাৰি। ইয়াৰ কাৰণ দুটা। প্ৰথমতে, বটৰ মাধ্যমেৰে কৰা স্বয়ংক্ৰীয়কৰণ সৰল, বদ্ধ প্ৰকাৰৰ হ'লেও বিশ্ব বৰ্তমানে তাতোকৈ বহু শক্তিশালী স্বয়ংক্ৰীয়কৰণ পদ্ধতিৰ সন্মুখীন হৈছে: কৃত্ৰিম বুদ্ধিমত্তা। ই কেৱল অসমীয়া ৱিকিমিডিয়াৰ বাবেই নহয়, বৈশ্বিক ৱিকিমিডিয়া সমাজৰ বাবে এক ভাবিবলগীয়া বিষয়। মানুহে ৱিকিপিডিয়াৰ ছাইটসমূহলৈ যোৱাৰ সংখ্যা যোৱা তিনি বছৰত ১৫% হ্ৰাস পাইছে। আন হাতে, বিভিন্ন বটৰ ৱিকিপিডিয়া আগমন দিনক দিনে বৃদ্ধি পাইছে, প্ৰায় ট্ৰেইনিঙৰ বাবে। এনে অৱস্থাত, পোণপটীয়াকৈ AI ছাটবটৰ পৰাই উত্তৰ লভিব পাৰি, AI বটে লক্ষ লক্ষ কিতাপ গিলি পলকতে তথ্য উৎপাদন কৰা দেখি, অনেকে প্ৰশ্ন কৰিছে, "AIৰ যুগত, মানৱ সৃষ্ট, মানৱ সম্পাদিত ৱিকিপিডিয়াৰ প্ৰাসংগিকতা আছে নে?" ৱিকিমিডিয়া আন্দোলনে এই প্ৰশ্ন আওকাণ কৰিব নোৱাৰে। বৈশ্বিক ৱিকিমিডিয়া সম্প্ৰদায়ে বহু সময় আৰু আলোচনাৰ পাছতহে এক অস্থায়ী উত্তৰ দিব পাৰিছে, নিজৰ AI মেনিফেষ্টোৰ ৰূপত। এই মেনিফেষ্টোত মানৱ সম্পাদকক কেন্দ্ৰত ৰখা হৈছে। আভ্যন্তৰীণভাৱে ই আদৰ্শগত হ'লেও, ই ৱিকিপিডিয়াক বাহ্যিক হেঁচাৰ পৰা ৰক্ষা কৰিব নে? দ্বিতীয়তে, ৱিকিপিডিয়াৰ কেন্দ্ৰীয় ব্যৱস্থাই হ'ল মানুহে কৰা সংশোধন আৰু বিকেন্দ্ৰিত আৰ্হি। ব্যক্তিগত, পুঁজিবাদী প্ৰতিষ্ঠানে, যাৰ উদ্দেশ্য ধন লাভ, বৰ্তি থাকিবলৈ মানৱক ত্যাগি পূৰ্ণতঃ স্বয়ংক্ৰীয়তা আকোৱালি ল'ব পাৰে। ৱিকিপিডিয়াই নিজকে সম্পূৰ্ণৰূপে ধ্বংস নকৰাকৈ তেনে কৰিব নোৱাৰে: স্বেচ্ছাসেৱী মানৱ সম্পাদক নাথাকিলে ৱিকিপিডিয়া ৱিকিপিডিয়াই হৈ নাথাকিব। এনে অৱস্থাত, "ৱিকিপিডিয়া বৰ্তি থাকিব নে?"
এই দুই প্ৰশ্নৰ উত্তৰেই অসমীয়া ৱিকিমিডিয়া, আৰু বৈশ্বিক ৱিকিমিডিয়া, উভয়ৰে স্বয়ংক্ৰীয়কৰণৰ নীতিক নিৰ্ধাৰিত কৰিব, লগতে নিৰ্ধাৰিত কৰিব ৱিকিমিডিয়াৰ অস্তিত্ব আৰু প্ৰাসংগিকতা। উপৰ্যুক্ত সৰল বট আৰু AIৰ মাজত নিশ্চয়েই আকাশ-পাতালৰ পাৰ্থক্য। পিচে এই লেখ এক বহল, অতিকৈ সংবেদনশীল বিষয়ৰ আলোচনাৰ সুযোগ হিচাপেহে লৈছোঁ। তুলনা হাস্যাস্পদ হ'লেও, বৰ্তমানে ব্যৱহৃত বটৰ ভূমিকাই, মই ভাবোঁ, বহল স্বয়ংক্ৰীয়কৰণৰ প্ৰশ্নৰো উত্তৰ দিয়াত সহায় কৰিব।
এই প্ৰশ্নৰ উত্তৰ আতাইতকৈ স্পষ্ট ৰূপত দিবলৈ, মই ভাবোঁ, প্ৰথমে প্ৰশ্ন কৰিব লাগিব: ৱিকিপিডিয়া আৰম্ভণিৰে পৰাই কি আছিল, আৰু কি নাছিল? ই AI থাকোতেই বা নাথাকোতেই, কি আছিল আৰু কি নাছিল? ইয়াৰ উত্তৰেই আমাৰ সমস্যাৰো উত্তৰ। লেখৰ আৰম্ভণিতে কৈছিলোঁ যে ৱিকিপিডিয়াও হয়টো এক প্ৰকাৰৰ টালোছ। এক প্ৰযুক্তি যাৰ এটাই উদ্দেশ্য, যাৰ কোনো ইচ্ছা বা অনিচ্ছা নাই। তথ্য প্ৰযুক্তিৰ যুগৰ এক টালোছ। এক দিশৰ পৰা সত্য হ'লেও পিচে, এক গুৰুত্বপূৰ্ণ দিশৰ পৰা ই ভুল। কেনেকৈ?
ৱিকিপিডিয়া সেই শব্দেৰে গঠিত শাৰী শাৰী তথ্য নহয় যি আমি ছাইটটো খুলি পঢ়োঁ। ই সেই প্ৰযুক্তিও নহয় যিয়ে সেই ছাইট লাইভ কৰি ৰাখে। ই তাতোকৈ সূক্ষ্ম, কিন্তু মৌলিক। নহ'লে ইয়াৰ আৰু অনেক ব্যক্তিগত ৱেবছাইটৰ মাজত কোনো পাৰ্থক্য নাথাকিব। ৱিকিপিডিয়া বাৰ্তালাপৰ এক অনুষ্ঠানহে। লক্ষ লক্ষ মানুহ, যি জীৱনৰ ভিন ভিন স্তৰত, ভিন ভিন ক্ষেত্ৰত, দেশে বিদেশে বিয়পি আছে। যাৰ ভিন ভিন অভিজ্ঞতা, ভিন ভিন জ্ঞান, ভিন ভিন মতাদৰ্শ আছে। এই সকলোৱে সময় আৰু স্থানৰ পাৰে লিখে, শুনে, তৰ্ক কৰে, ভুল কৰে, ভুল শুদ্ধ কৰে, আৰু লাহে লাহে এক সহভাজিত তথ্যৰ প্ৰকাশত উপনীত হয়। "মুক্ত জ্ঞান" এক প্ৰযুক্তিগত নিৰ্দেশ নহয়, ই এক ৰাজনৈতিক আদৰ্শ। এক মানৱ আদৰ্শ। যি অৱদান, তৰ্ক, সংশোধন হয়, সেয়াও অৱশেষত উপনীত জ্ঞানৰ সমানেই মুক্ত। এই পাৰদৰ্শিতা আৰু "প্ৰক্ৰিয়াৰ" প্ৰতি নিষ্ঠাই ৱিকিপিডিয়াক পৃথক কৰে। এই গণনান্ত্ৰিক প্ৰক্ৰিয়া "গণ"ৰ অবিহনে সম্ভৱ নহয়। এই প্ৰক্ৰিয়াই ৱিকিমিডিয়া।