ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৬/নিৰ্বাচিত উদ্ধৃতি
অৱয়ব

| “ | অসমত কিমানবোৰ বিশ্ববিদ্যালয় আছে- নেটত বিচাৰিও মই এটা শুদ্ধ উত্তৰ বিচাৰি উলিয়াব নোৱাৰিলোঁ। ইতিমধ্যে অসম চৰকাৰে সাত/আঠখন কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰিছে। সামগ্ৰিকভাৱে বিচাৰ কৰিলে এইটো একপ্ৰকাৰ ইতিবাচক কাৰ্য। কিন্তু কানাডাৰ পৰা ঘূৰি আহি গম পালোঁ যে বিশ্ববিদ্যালয় হিচাপে কাৰ্যকৰী হ’বলৈ প্ৰয়োজনীয় কমিটিবোৰ গঠিত হোৱা নাই। এই দিশত যথেষ্ট ক্ষিপ্ৰতাৰে আগবঢ়া উচিত আছিল। | ” |
| — কুলেন্দু পাঠক | ||
| “ | নতুন শিক্ষানীতিয়ে (পূৰ্বৰ কোঠাৰী কমিছনেও) দেশৰ মুঠ আয়ৰ শতকৰা ছভাগ শিক্ষাৰ ক্ষেত্ৰত বিনিয়োগ কৰাটো বিচাৰিছিল। এই আশা অতীতত পূৰণ হোৱা নাছিল আৰু (বৰ্তমানৰ অশান্ত বিশ্ব পৰিৱেশত) অদূৰ ভৱিষ্যতত পূৰণ হোৱাৰ সম্ভাৱনা অতি ক্ষীণ। গতিকে, অসমৰ দৰে ৰাজ্যত বিশ্ববিদ্যালয়বোৰ চলিবলৈ প্ৰয়োজনীয় ধন আহিব ক’ৰ পৰা? | ” |
| — কুলেন্দু পাঠক। | ||