সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২৬/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰদীপ বৰুৱা অসম,ভাৰতৰ এগৰাকী লেখক, সাংবাদিক, পষেকীয়া আলোচনী প্ৰান্তিকৰ সম্পাদক। চাৰি দশকৰো অধিক সময় তেওঁ অসমৰ ভাষা-সাহিত্য আৰু সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। প্ৰদীপ বৰুৱা অসমৰ সিংহপুৰুষ আৰু দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰতিষ্থাপক ৰাধাগোবিন্দ বৰুৱাৰ তৃতীয় আৰু কনিষ্ঠ পুত্ৰ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ পিতৃয়ে প্ৰতিষ্ঠা কৰা ইংৰাজী কাকতখনত যোগদান কৰে। সংগীতৰ প্ৰতিও বিশেষ অনুৰাগ থকা বৰুৱাই ১৯৬৪ চনত কেইগৰাকীমান বন্ধু-সতীৰ্থৰ লগ লাগি 'মধুচয়নিকা' নামৰ সাংস্কৃতিক দল গঠন কৰিছিল।

১৯৮১ চনৰ ১ ডিচেম্বৰত পষেকীয়া আলোচনী প্ৰান্তিক ৰ জন্ম দিয়া বৰুৱাই ১৯৯৭ চনৰপৰা আমৃত্যু পৰ্যন্ত আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰান্তিকৰ প্ৰতিষ্থাপক সম্পাদক আছিল ড° ভবেন্দ্ৰ নাথ শইকীয়া। অসমীয়া প্ৰতিদিন গোষ্ঠীৰ সাদিন সাহিত্য-সাংবাদিকতা বঁটা, কমল কুমাৰী বঁটাকে ধৰি একাধিক উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি তেওঁ লাভ কৰিছে। ‘স্বগতোক্তি’ হৈছে ২০১৮ চনত প্ৰকাশ পোৱা তেখেতৰ আত্মজীৱনী। ইয়াত বিতংকৈ পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ অসমীয়া চীনাৰ বিষয়ে ইয়াত পঢ়ক...