ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়ানৰ মনৰ কথা

সমূহ ৱিকিপিডিয়ান আৰু পঢ়ুৱৈলৈ নমস্কাৰ জনাইছোঁ ।

ৱিকিপিডিয়াৰ কথা ওলালেই প্ৰথমে অসমীয়া ৱিকিপিডিয়াৰ বিকাশ আৰু ভৱিষ্যৎসম্পৰ্কীয় চিন্তা মনলৈ আহে । সুখৰ কথা যে, অসমীয়া ৱিকিপিডিয়াৰ ইতিহাসত সাম্প্ৰতিক সময়খিনি তুলনামূলকভাৱে যথেষ্ট দ্ৰুত বিকাশৰ সময় । অৱশ্যে উন্নত ভাষাসমূহৰ তলত আমি এতিয়াও দুখলগাকৈ পিছপৰি আছোঁ । যৎসামান্য অৱদানেৰে হ'লেও এজন অসমীয়া ৱিকিপিডিয়ান হিচাপে এতিয়া দুআষাৰ কথা ক'ম বুলি ভাবিছোঁ, যিখিনি চিন্তা ৱিকিপিডিয়াৰ লগত জড়িত নোহোৱালৈ মনলৈ নাহে ।

প্ৰায়ভাগ অভিজ্ঞ ৱিকিপিডিয়ানেই "ৱিকিআসক্তি"ৰ কথা কয়, যাৰ বাবে তেওঁলোকে ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাৰ পিছত আত্মসন্তুষ্টি লাভৰ পৰিৱৰ্তে অধিক অৱদান আগবঢ়াবলৈ আগ্ৰহীহে হয় । তেওঁলোকক ইন্টাৰনেটত উপলব্ধ ভাষাটোৰ সীমিত সমলে চিন্তাগ্ৰস্ত কৰি ৰাখে আৰু ফলস্বৰূপে পূৰ্বতকৈও অধিক দায়িত্বশীল কৰি তোলে । আগতে এইবোৰ অনুভৱ মোৰ বাবে অচিনাকি আছিল যদিও এতিয়া নিজে ৱিকিপিডিয়াৰ লগত জড়িত হোৱাৰ পিছত ময়ো সেই সচেতনতা আৰু দায়িত্ববোধ অনুভৱ কৰিছোঁ ।

কিন্তু পৰিতাপৰ বিষয় এয়ে যে অসমীয়া ৱিকিপিডিয়া মাত্ৰ আঙুলিৰ মূৰত লিখিব পৰা কেইজনমান সদস্যৰ অৱদানেৰেহে সামান্য বিকাশ হ'ব ধৰিছে । অসমীয়া শিক্ষিত সমাজখনৰ অধিকাংশই মাতৃভাষাটোত এখন ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰা নাই । সেইবাবেই প্ৰায় ১৫ নিযুত লোকে কোৱা এটা ভাষাৰ ৱিকিপিডিয়াৰ সক্ৰিয় অৱদানকাৰী এতিয়াও মাত্ৰ ১৫ জনৰ আশে-পাশে !

এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে - প্ৰথমে ইন্টাৰনেটত উপলব্ধ অসমীয়া তথ্যভাণ্ডাৰৰ বিষয়ে অধিকসংখ্যক লোকৰ সজাগতা আহিব লাগিব । সেই সজাগতাইহে সকলোৰে মাজত অনুভৱ আনিব যে ইন্টাৰনেটত তেওঁলোকৰ ভাষাটোৰ সমল এতিয়াও যথেষ্ট কম হৈ আছে আৰু পাৰিলে নিজেও কিবা এটা কৰিব লাগে । কিন্তু হোৱাটছ্ এপ, ফেচবুকৰ জগততে সীমাৱদ্ধ অধিকাংশ অসমীয়াৰ এতিয়াও সেই চিন্তাটো মনলৈ অহাই নাই । নিজৰ শ্ৰেণীকোঠাতো দেখোঁ যে হাতে হাতে স্মাৰ্টফোন এটা থকা সহপাঠীসকলৰ প্ৰায় কোনো এজনেও এবাৰ অসমীয়া ভাষাত গুগল চাৰ্ছ্ কৰাৰ কথা ভাবি চোৱা নাই । সেইবাবে এইটো সম্ভাৱনাও তেওঁলোকৰ মূৰত খেলোৱা নাই যে এদিন ইন্টাৰনেটত অসমীয়াতে সকলো তথ্য পোৱাৰ সপোন দেখাটো কোনো অলীক কল্পনা নহয় । লাগে মাথো সকলোৰে কিছু সদিচ্ছা আৰু সহায়-সহযোগিতা । প্ৰত্যেকৰেই নিজা নিজা প্ৰিয় ক্ষেত্ৰ, প্ৰিয় বিষয় আছে । কোনোবাই ফুটবল চাই ভাল পায়, তেওঁ কেইজনমান উল্লেখযোগ্য বা নিজৰ প্ৰিয় ফুটবলাৰৰ ওপৰতে নতুন প্ৰৱন্ধ আৰম্ভ কৰিব পাৰে । কোনোবাই ভ্ৰমণ কৰি ভাল পায়, তেওঁ কেইখনমান নিজে দৰ্শন কৰা ঠাইৰ ওপৰতে প্ৰৱন্ধ আৰম্ভ কৰিব পাৰে । এইকেইটা মাত্ৰ সৰু উদাহৰণহে ।

এটা মন কৰিবলগীয়া কথা হ'ল- অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈ পঞ্জীয়নভুক্ত হোৱা মুঠ সদস্য সংখ্যা ২২ হাজাৰৰো অধিক । কিন্তু প্ৰৱন্ধসংখ্যা এতিয়াও পাঁচ হাজাৰৰ ঘৰতে আছে । অৰ্থাৎ যিসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছু পৰিমাণে হ'লেও জানিব পাৰিছে আৰু ইতিমধ্যে সদস্যভুক্ত হৈছেও, তেওঁলোকৰো অধিকাংশই কোনো অৱদান যোগোৱা নাই । কিবা শংকা-সংকোচৰ বাবেই এখেতসকলে সদস্যভুক্ত হৈয়ো লিখিবলৈ আগ নাবাঢ়িলে নে কি, সেইটো নিশ্চিত হ'ব নোৱাৰিলোঁ । যদি তেনে কোনো সদস্যই এইখিনি কথা পঢ়ি আছে, তেওঁলোকক মাত্ৰ এটা কথাই ক'ম যে ৱিকিপিডিয়াত লিখাটো একো টান কাম নহয় । লিখাৰ নীতি-নিৰ্দেশনাসমূহ ৱিকিপিডিয়াত ইতিমধ্যে উল্লেখ থকাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ টুইটাৰ আৰু ফেচবুকৰ পৃষ্ঠাৰেও নিজৰ সংকোচ, অসুবিধাখিনিৰ কথা জনাব পাৰে । যদি প্ৰতিজন সদস্যই মাত্ৰ পাঁচটাকৈয়ো নতুন প্ৰৱন্ধ আৰম্ভ কৰিলেহেঁতেন, অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধই আজি লাখৰ ঘৰ চুলেহেঁতেন ! অথচ ছ'চিয়েল মিডিয়াত যোৱা দিনকেইটাতে ভাৰত-পাকিস্তানৰ উত্তেজনা বা যুদ্ধৰ আশংকাক লৈ ৰায়দান দিয়া মানুহৰ অভাৱ নাই । এনেধৰণৰ সাময়িক উত্তেজনাকেন্দ্ৰিক অনৰ্থক বাদানুবাদ কৰি থকাতকৈ ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাটোহে নিজৰ আৰু ভাষাটোৰ বাবে অধিক মংগলজনক ।

মোৰ এই মনৰ অনুভৱখিনিত কোনো নতুন কথা নাই । ৱিকিপিডিয়াৰ সক্ৰিয় সদস্যখিনিয়ে ইতিমধ্যে দোহাৰি অহা কথাখিনিৰেই পুনৰাবৃত্তি মাথোন । মুঠতে অসমীয়া ৱিকিপিডিয়াত অধিক হাৰত নতুন প্ৰৱন্ধ সৃষ্টি হ'ব লাগে, ইন্টাৰনেটত অসমীয়া সমল বৃদ্ধি পাব লাগে; সেয়াই আটাইৰে কাম্য । শেষত অসমীয়া ৱিকিপিডিয়াৰ নতুন সদস্যসকল আৰু সদস্যভুক্ত হৈয়ো এতিয়ালৈ প্ৰৱন্ধ লিখিবলৈ আৰম্ভ নকৰা সেইসকললৈ মোৰ এটাই অনুৰোধ- নিজৰ পছন্দৰ বিষয় বাছি লৈ আপোনালোকে অন্ততঃ পাঁচটা নতুন প্ৰৱন্ধ আৰম্ভ কৰক । ৱিকিপেডিয়াৰ সক্ৰিয় সদস্যসকলে আপোনাক সহায়-সহযোগ আগবঢ়াবলৈ প্ৰতি মুহূৰ্ততে সাজু । মোৰ বিশ্বাস- ভৱিষ্যতে আপুনিও এই দায়িত্ববোধৰ অংশীদাৰ হ'ব আৰু এদিন মোৰ এই অনুভৱখিনি আপোনাৰো মনৰ কথা হ'ব । - Priyankush Deka (বাৰ্তা), ২ মাৰ্চ, ২০১৯ (ইউ.টি.চি.)