ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ CIS-A2k আৰু Gurden City University ৰ সহযোগত যোৱা ১ আৰ ২ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে বাঙ্গালোৰোস্থিত Gurden City University ৰ চেমিনাৰ কক্ষত “She Leads Bootcamp 2025” অনুষ্ঠিত হয়। অঙ্গিকা,অসমীয়া, বাংলা, তেলেগু, হিন্দী, তামিল, তুলু ভাষাকে ধৰি ভাৰতৰ বহুকেইটা ৱিকি-প্ৰকল্পৰ স্বেচ্ছাসেৱক, প্ৰতিনিধি, CIS-A2kৰ বিষয় ববিয়া, Gurden City University ৰ প্ৰবক্তা, J N U ৰ অভিজ্ঞ অধ্যাপিকা, কম্পিউটাৰ অভিযন্তা, গৱেষক আৰু প্ৰযুক্তিবিদ এই সন্মিলনত উপস্থিত থাকে। কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰযুক্তি সন্মিলনখনিত উপস্থিত থাকিবলৈ, আমি অসমীয়া ৱিকিমিডিয়া সমাজৰ দুগৰাকী স্বেচ্ছাসেৱক ৰুমী বৰা আৰু জ্যোতি চিৰিং (অহা-যোৱাৰ সম্পূৰ্ণ জলপানি সহ) ৩১ জানুৱাৰীৰ পুৱাই যাত্ৰা কৰি ৰাতি ৯বজাত গন্তব্য স্থান পাওঁ গৈ। ।দুদিনীয়া Bootcamp ত বহুতো গঠনমূলক বিষয় যেনে, আইডিয়েশন আৰু প্ৰয়োজন মূল্যায়ন প্ৰক্ৰিয়া, যেনে, দলীয়ভাৱে নতুন আইডিয়াৰ সৃষ্টি কৰা, সমস্যা চিনাক্ত কৰি সৃষ্টিশীল সমাধান উলিওৱা, ডিজিটেল সুৰক্ষা আৰু স্থিতিস্থাপকতা, তথ্য বিশৃঙ্খলা বুজি মোকাবিলা কৰা, ডিজিটেল সুৰক্ষা আৰু স্থিতিস্থাপকতা ৰ ওপৰত কৰ্মশালা, ৰাজহুৱা ভাষণ – কৌশল আৰু অনুশীলন ,গৱেষণাৰ নাৰীবাদী পদ্ধতি আদিৰ ওপৰত বিশদ আলোচনা হয়। সকলো বিষয় আয়ত্ব কৰিব নোৱাৰিলেও, আলোচনাৰ কিছুমান বিষয় বস্তুৱে ৱিকিমেডিয়াত স্বেচ্ছামূলকভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব।
Jyoti Chiring (বাৰ্তা) 12:56, 2 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বাংগালোৰত অনুষ্ঠিত হোৱা She Leads bootcamp লৈ গৈ ভাল লাগিল। আয়োজক সকলে মহিলাসকলক আগুৱাই নিয়াৰ বাবে সকলো দিশ সামৰি প্ৰেজেন্টেশ্যন বিলাক প্ৰস্তুত কৰিছিল। এটা প্ৰকল্প আৰম্ভ কৰোঁতে কেনেধৰণে নেতৃত্বলৈ আগবাঢ়িব লাগে, কি কি কথাত গুৰুত্ব আৰোপ কৰিব লাগে, ৰাজহুৱা বক্তব্য কেনেকৈ দিব লাগে ইত্যাদি। আনহাতে আমি কেনেকৈ অনলাইন সুৰক্ষিত হৈ থাকিব পাৰোঁ সেই বিষয়েও আলোচনা হৈছিল। Bootcamp ত লগ পোৱা কেইবাগৰাকী সদস্যাই বিভিন্ন প্ৰকল্পত কাম কৰি আছে, যিবিলাক আমাৰ ৱিকিতো কৰা প্ৰয়োজন বুলি ভাবো। যেনেদৰে যক্ষিতা নামৰ এগৰাকী সদস্যাই Indic Oral Culture ওপৰত বহুতো কাম কৰি আছে। আনহাতে অমৰিট চুফিয়ে (অংগিকা ৱিকিৰ) লোকসংগীতৰ প্ৰকল্প এটাত কাম কৰিছে। তাৰোপৰি শকুন্তলা মাৰাণ্ডীয়ে জৈৱবৈচিত্ৰ্যৰ এটা প্ৰকল্পত জড়িত হৈ আছে। এইসকল সদস্যাৰ কৰ্মোদ্যমে আমাকো যথেষ্ট উৎসাহ যোগাইছে।
থকা-খোৱাৰ সু-ব্যৱস্থা আছিল। এই কেম্পত ভাল জেকেট এটা উপহাৰ হিচাপে পালো, লগতে Garden City University পৰা এটা বেগ আৰু নোটবুক এখনো পালো। আমি দুয়ো গৰাকীয়ে যাত্ৰাটো সুন্দৰকৈ উপভোগ কৰিলো।
Rumi Borah~aswiki (বাৰ্তা) 13:37, 2 March 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]