ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে'-২০২৫/ভাল প্ৰবন্ধ

২০২৫ চনৰ ২২ এপ্ৰিলত ভাৰত প্ৰশাসিত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামৰ সমীপৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীৰ আক্ৰমণত কমেও ২৮জন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হয়। জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিলৰ পিছত সংঘটিত হোৱা সবাতোকৈ মাৰাত্মক আক্ৰমণ হিচাপে বিবেচিত এই ঘটনাৰ উদ্দেশ্য কাশ্মীৰ উপত্যকাৰ জনগাঁথনিগত পৰিৱৰ্তনক প্ৰতিহত কৰা বুলি জানিব পৰা গৈছে।
সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-টাইবাৰ এটা শাখা ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে।
১৯৮৯ চনত জম্মু-কাশ্মীৰত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল। শেহতীয়া বছৰবোৰত হিংসাত্মক পৰিস্থিতি হ্ৰাস পাইছে। ২০১৯ চনত ভাৰতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰি ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰে। জম্মু-কাশ্মীৰ আৰু লাডাখ। এই পদক্ষেপে স্থানীয় কৰ্তৃপক্ষক পূৰ্বতে যোগ্যতা অৰ্জন নকৰা লোকসকলক ডমিচাইলৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষমতা প্ৰদান কৰিছিল, যাৰ ফলত তেওঁলোকে বিবাদিত ভূখণ্ডত মাটি ক্ৰয় আৰু চাকৰি লাভ কৰাৰ সুবিধা লাভ কৰিছিল। ১০ এপ্ৰিলত ৰাজহ মন্ত্ৰীয়ে প্ৰকাশ কৰে যে যোৱা দুবছৰত নতুন নিয়মৰ অধীনত ৮৩,০০০ লোকক ডমিচাইলৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। ফৰ্বছৰ মতে কাশ্মীৰ হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক সামৰিককৃত অঞ্চলটোৰ সীমিত স্বায়ত্তশাসন বাতিলৰ পাছত ভাৰতে অঞ্চলটোত ব্যাপক দমন অভিযান আৰম্ভ কৰে। ইয়াৰ ফলত চলি থকা কাশ্মীৰ বিবাদৰ মাজতে পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটে। ইয়াত বিতংকৈ পঢ়ক...
যোৱামাহৰ ভাল প্ৰবন্ধ এমিলি গ্ৰীণ বালচৰ বিষয়ে ইয়াত পঢ়ক...