সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫

ৱিকিপিডিয়া এছিয়ান মাহ হৈছে ৱিকিপিডিয়া এছীয় সম্প্ৰদায়সমূহৰ মাজত সদ্ভাৱ বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা এখনি সম্পাদনা মেলা। ২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা ডিচেম্বৰ মাহৰ ১৫ তাৰিখলৈকে অসমীয়া ভাষা ৱিকিপিডিয়াত অনুষ্ঠিত এই সম্পাদনা মেলাৰ উদ্দেশ্য হৈছে এছিয়াৰ যিকিনো এখন দেশৰ বিবিধ বিষয় সম্পৰ্কে লিখা প্ৰৱন্ধৰ গুণগত মান আৰু সংখ্যা বৃদ্ধি কৰা।

ৱিকিপিডিয়াৰ এছীয় সম্প্ৰদায়সমূহৰ মাজত বন্ধুত্বৰ প্ৰতীক হিচাপে মাপকাঠী পূৰণ কৰা কমেও ৪টা প্ৰবন্ধ সৃষ্টি কৰা প্ৰতিজন অংশগ্ৰহণকাৰীয়ে ৱিকিপিডিয়া এছিয়ান মাহৰ ব্যৱহাৰকাৰী গোটৰ পৰা বিশেষভাৱে ডিজাইন কৰা বাৰ্ণষ্টাৰ লাভ কৰিব।

এই মেলাৰ শ্ৰেষ্ঠ অৱদানকাৰীজনক ৱিকিপিডিয়া এছিয়ান মাহ সোণালী বঁটা, ২০২৫ প্ৰদান কৰা হ'ব। এই বঁটা দুজনক দিয়া হ'ব। বঁটাৰ বাবে দ্বিতীয়জন শ্ৰেষ্ঠ অৱদানকাৰী ৰূপে নিৰ্বাচিত হ'বলৈ দ্বিতীয়গৰাকী অৱদানকাৰীয়েও ৩০টাকৈ অধিক গ্ৰহণযোগ্য প্ৰৱন্ধ লিখিব লাগিব।

সময়সীমা: ১৫ নৱেম্বৰৰপৰা ১৫ ডিচেম্বৰ

বিষয়

এই প্ৰতিযোগিতাৰ বাবে ২০২৫ বৰ্ষত নিৰ্ধাৰণ কৰা বিষয়সমূহ হ’ল;

১) ৰাজনীতি, ইতিহাস আৰু সাংস্কৃতিক ক্ষেত্ৰত মহিলা (পশ্চিম এছিয়া) উদাহৰণ:Loujain al-Hathloul, Shulamit Aloni

২) যাযাবৰী আৰু স্থানীয় খাদ্য (Nomadic and Regional Cuisine, চেণ্ট্ৰেল এছিয়া) উদাহৰণ:Beshbarmak

৩) উৎসৱ, অনুষ্ঠান আৰু মৌখিক ঐতিহ্য (দক্ষিণ এছিয়া) উদাহৰণ:দেৱালী

৪) সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী (পূৱ আৰু দক্ষিণপূৱ এছিয়া) উদাহৰণ:Angelia Ong

৫) চিল্ক ৰ’ডৰ কাষৰ ঐতিহাসিক কীৰ্তিচিহ্ন আৰু সাংস্কৃতিক ঐতিহ্য (এছিয়া) উদাহৰণ:Suyab

ইয়াৰ উপৰিও প্ৰতিযোগীসকলে এছিয়া বিষয়ক অন্যান্য বিষয়ৰ প্ৰৱন্ধ লিখিব পাৰিব।


পটভূমি

২০১৫ চনত প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ প্ৰতি বছৰে প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু বৈচিত্ৰ্যময় তথা সম্প্ৰসাৰিত সদস্যৰ অংশগ্ৰহণ দেখা গৈছে।

অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিতাখনৰ বিগত ২০১৫, ২০১৬, ২০২১, ২০২৩ আৰু ২০২৪ চনৰ সংস্কৰণৰ পাছত ২০২৫ চনত পুনৰ ৱিকিপিডিয়া এছিয়ান মাহ এডিটাথন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

নিয়মাৱলী

সংক্ষেপে: ২০২৫ চনৰ নৱেম্বৰ মাহত এছিয়া বিষয়ক (ব্যক্তি, স্থান, সংস্কৃতি আদি) প্ৰৱন্ধত কমেও ৩,০০০ বাইট আৰু ৩০০টা শব্দ থকা, তথ্য উৎসৰ সৈতে নতুন প্ৰবন্ধ সৃষ্টি কৰক।

  • প্ৰবন্ধটো এছিয়াৰ যিকোনো এখন দেশৰ যিকোনো বিষয়ৰ ওপৰত হ'ব লাগিব।
  • প্ৰবন্ধটো অংশগ্ৰহণকাৰীৰ দ্বাৰা ১৫ নৱেম্বৰ ২০২৫-ৰ পৰা ১৫ ডিচেম্বৰ ২০২৫-ৰ মাজত নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব। সম্প্ৰসাৰিত কৰা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।
  • প্ৰবন্ধটোত কমেও ৩,০০০ বাইট আৰু ৩০০টা শব্দ থাকিব লাগিব (তথ্যপেৰা, সাঁচ আদি বাদ দি)।
  • প্ৰবন্ধটো তথ্যপূৰ্ণ হ'ব লাগিব। প্ৰবন্ধটোত কোনো গুৰুত্বপূৰ্ণ সমস্যা থাকিব নালাগিব (যেনে: কপিৰাইট উলংঘন, উল্লেখযোগ্যতাৰ প্ৰশ্ন, বিজ্ঞাপনধৰ্মীতা আদি)।
  • প্ৰবন্ধটোৱে অসমীয়া ৱিকিপিডিয়াত নিৰ্ধাৰিত উল্লেখযোগ্যতাৰ মানদণ্ডসমূহ পূৰণ কৰিব লাগিব।
  • প্ৰবন্ধটো ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ সহকাৰে সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধটো এছিয়া বিষয়ক কেৱল এখন তালিকাও হ’ব পাৰিব।
  • প্ৰবন্ধটো সম্পূৰ্ণৰূপে যান্ত্ৰিকভাৱে অনূদিত হ’ব নালাগিব। যান্ত্ৰিকভাৱে অনুবাদ কৰাৰ পাছত অনুলিপি-সম্পাদনা কৰা প্ৰয়োজনীয়।
  • প্ৰবন্ধটো প্ৰতিযোগিতাৰ উদ্দেশ্যে তৈয়াৰ কৰা ফাউনটেইন সঁজুলিৰ বিশেষ লিংকত জমা দিব লাগিব।
  • প্ৰতিটো ভাষাৰ ৱিকিপিডিয়াৰ বিচাৰকে নিৰ্ধাৰণ কৰিব যে কোনো এক প্ৰবন্ধ সেই ভাষাৰ ৱিকিপিডিয়াৰ প্ৰতিযোগিতাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয়।
  • এজন বিচাৰকৰ দ্বাৰা দাখিল কৰা প্ৰবন্ধবোৰ আনজন বিচাৰকৰ দ্বাৰা পৰীক্ষা কৰা প্ৰয়োজন।

যদি আপুনি প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰিব বিচাৰে, তেন্তে সংশ্লিষ্ট ইংৰাজী প্ৰবন্ধলৈ গৈ বাঁওকাষৰ পাৰ্শ্বদণ্ডৰ 'Languages' শিতানত ‘অসমীয়া’ সন্ধান কৰক। যদি তাত অসমীয়া ভাষা তালিকাভুক্ত কৰা আছে, তেন্তে বুজিব যে প্ৰবন্ধটো ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা হৈছে।

পুৰস্কাৰ

  • প্ৰথম পুৰস্কাৰ: ৩০০০ টকা
  • দ্বিতীয় পুৰস্কাৰ: ২০০০ টকা
  • তৃতীয় পুৰস্কাৰ: ১০০০ টকা
  • বিচাৰকৰ মাননি: ১০০০ টকা (প্ৰতিগৰাকীক)

পুৰস্কাৰসমূহ এইবছৰ এমাজন গিফ্‌ট ভাউচাৰৰ সলনি অন্য ৰূপত প্ৰদান কৰা হ'ব। অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব। প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীগৰাকীয়ে ২০২৬ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগা উচ্চতৰ অসমীয়া ৱিকিউৎস আৱাসিক কৰ্মশালাত যোগদানৰ সুবিধা লাভ কৰিব আৰু সেই অনুষ্ঠানত তেওঁলোকক আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব।

অংশগ্ৰহণ

অংশগ্ৰহণ কৰক

প্ৰবন্ধ জমা কৰক

প্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।

সৃষ্টি কৰা প্ৰবন্ধসমূহ

এই এডিটাথনত সৃষ্টি কৰা প্ৰবন্ধসমূহ ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫ নামৰ শ্ৰেণীত তালিকাভুক্ত কৰা হৈছে।

আয়োজক

কাৰিকৰী সহায়

সমন্বয়ক

বিচাৰক

এই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে:

প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ গোলকীয় প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে।